ফটাঢোল

কেৰকণ দাইটিৰ পাত্রী বিচাৰ – সৌৰজ্যোতি শৰ্মা

আমাৰ কেৰকণ দাইটিৰ বিয়াৰ চিন্তা চর্চা চলি থকা সময়ৰ কথা। কেইবাঘৰতাে পাত্রী বিচাৰি গৈছে, পিচে কিবা নহয় কিবা এটা কথাই বাধাৰ সৃষ্টি কৰি আছে। দুই এঘৰ মিতিৰক পাত্ৰীৰ খা-খবৰ কৰিবলৈ কৈ থৈছে। এনেতে পুৰণা মিতিৰ এঘৰৰ পৰা খবৰ আহিল বােলে ‘ডবকা’ত ভাল ছােৱালী এজনী আছে। দিন-বাৰ চাই কোনােবা দিনা খােজা-বঢ়া কৰিবলৈ যােৱাহে কথা। মিতিৰাে কম নহয়, এইবাৰ হেষ্ট-নেষ্ট কিবা এটা কৰিহে এৰিব। হয় ৰঙামাটি, নহয় গুৱাহাটী। ঠিক হ’ল, অহা সপ্তাহত গুৰুবাৰটোত ভাল যােগ এটা আছে। সেইদিনাই শুভ মূহুর্তত মিতিৰৰ লগত দাইটি পাত্রীৰ ঘৰলৈ যােৱাৰ সিদ্ধান্ত হ’ল। নির্দিষ্ট সময়ত দাইটিয়ে মিতিৰৰ লগত যাত্রা কৰিলে। পাত্রীৰ ঘৰত কথা বতৰা পতাৰ অন্তত দাইটিৰাে পাত্রী পছন্দ হ’ল। পাত্রীৰ তথা গৃহস্থৰ ফালৰ পৰাও আগ্রহ দেখা গ’ল। লুচি ভাজিৰ লগত ৰিং পাপৰ কেইটামান আৰু সিজোৱা কণী এটাকৈ দি দাইটিহঁতক আপ্যায়ন কৰা হ’ল। পাত্রী
গৰাকীয়ে লাজ লাজ চাৱনি এটাৰে দাইটিহঁতৰ আগত খাদ্য সম্ভাৰ যতনাই দিলেহি। আমাৰ দাইটিৰ আকৌ সিজোৱা কণী বৰ প্রিয়। মনে মনে বৰ ভাল পালে তেওঁ। প্রিয় খাদ্যবিধ সমুখত দেখি ভাবিলে, কণীটো শেষতে খাব; তেতিয়া বহুসময়লৈ জিভাত প্রিয় খাদ্যবিধৰ সােৱাদটো থাকি যাব। সেয়ে প্ৰথমতেই তেওঁ মােকোৰা মােকোৰে লুচি ভাজিখিনি আৰু ৰিং পাপৰখিনি খাই ল’লে। ভমকাফুলীয়া কোৱাৰ্টাৰ ডিছখনত শেষত ৰ’লগৈ সিজোৱা কণীটো। ইতিমধ্যে ছােৱালীয়ে মুহুদিৰ বাবে তামােল আনিবলৈ ওলাই গৈছিল। দাইটিয়ে লৰালৰিকৈ চামুচখনেৰে সিজোৱা কণীটো অকণমান ভাঙি খাবলৈ লওঁতেই ঘটিল নহয় অঘটনটো। ষ্টীলৰ চামুচ আৰু ডিছৰ সংঘৰ্ষত তিষ্ঠি থাকিব নােৱাৰি পিছল সিজোৱা কণীটোৱে মূৰ পােলােকা দি ডিছখনৰ পৰা গােটে গােটে ওলাই লৰ মাৰিলে কোঠাটোৰ একাষে থকা আলহী আহিলে শুবলৈ দিয়া পালেংখনৰ তললৈ। দাইটিৰ মিতিৰে ফুচফুচাই বােলে -বান্ধ, কণীটো পালেংখনৰ তলত পৰি থাকিলে কথাটো বেয়া হ’ব। কাইলৈ ঘৰ সাৰােঁতে কণীটো যেতিয়া গৃহস্থৰ চকুত পৰিব, তেতিয়া তেওঁলােকে আমাৰ প্রতি অসন্তুষ্ট হৈ ভাবিব বােলে, “নােখােৱা, তাতে কোনাে কথা নাই, কিন্তু এনেকৈ পেলাই অপচয় কৰিব লাগে কিয়! নাখাওঁ বুলি ক’লেইটো হ’লহেঁতেন! আগে ভাগে আঁতৰ কৰি থ’লে অইন খােৱা মানুহ আছে নহয়!” তেওঁলােকে বেয়া পােৱা সুৰুঙা নৰখাই ভাল। গতিকে বান্ধ এটা কাম কৰা, ছােৱালীয়ে তামােল কাটি লৈ নাহােতেই সাউৎকৈ কণীটো বিছনাৰ তলৰ পৰা বুটলি আনি গিলাছটোৰ পানীখিনিত ধুই লটপকৈ গিলি থােৱা। আমাৰ দাইটিয়েও বুদ্ধিটো ভাল পালে।
খাবলৈ নাপাওঁতেই মুখৰ আগৰ পৰা সৰি পৰা কণীটোৰ কথা ভাবি দাইটিৰ বেয়া লগা মনটো ফৰকাল হ’ল। মিতিৰৰ বুধিমতে দাইটি পালেঙৰ তলৰ পৰা কণীটো উঠাই আনিবলৈ পেট পেলাই পৰিল। এনেতে ইমান সময়ে লােড শ্বেডিং হৈ থকাৰ পিছত হঠাত কাৰেণ্ট অহাত দাইটিহঁতৰ মূৰৰ ওপৰত থকা চিলিং ফেনখন হুৰহুৰাই চলিবলৈ ধৰাত ঘটিল আৰু এটা অঘটন। মিতিৰৰ প্লেটৰ পৰা ৰিং পাপৰ কেইটুকুৰা টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি কৰ্ফাল খাই দৌৰিব ধৰিলে। মিতিৰে অইন উপায় নেদেখি ভুঁইতলি মাটিত মাছ খেপিয়াই ধৰাৰ দৰে ৰিং পাপৰ খেপিয়াই ধৰাত লাগি গ’ল। ইপিনে ছােৱালীয়ে তামােল কাটি লৈ দাইটিহঁতক বহিবলৈ দিয়া কোঠালিত আহি হাজিৰ। দাইটি আৰু মিতিৰ এটাইয়াে তর্কিবই নােৱাৰিলে। ছােৱালী হতভম্ব! আমাৰ দাইটিক দেখা নাপাই ক’লৈ গ’ল বুলি ইফালে সিফালে চাই দেখে দাইটিৰ ভৰি দুখনৰ কলাফুলৰ তলৰ অংশখিনি পালেঙৰ তলৰ পৰা বাহিৰলৈ ওলাই আছে। আৰু মিতিৰে সেমেনা সেমেনিকৈ বেঙাৰ দৰে তলমূৰ কৰিছে। ছােৱালীয়েও লাজ পাই বঁটাৰ তামােল সেইভাজেই থৈ তলমূৰকৈ ওলাই গ’ল। দাইটিতে বেছি দেৰি নকৰি কোনােমতে অধােবদনে গৃহস্থক মাত দি ওলাই আহিল। পিছত গম পােৱা গ’ল, এইবাৰাে বােলে দাইটিৰ বিয়াখন কেনচেল। পালেঙৰ তলত দাইটিক পেট পেলাই পৰি থকা দেখি পাত্ৰীয়ে দাইটিক অহৌবলিয়া বুলি ভাবিলে চাগে।

**

(বি:দ্র:- কিছুবছৰ আগতে শুনিবলৈ পােৱা এটা গাজাৰ আলমত এই ৰসাল কাহিনীভাগ লিখি উলিওৱা হ’ল। ৰাইজে আদৰি ল’লে কৃতাৰ্থ হ’ম। কাহিনী, চৰিত্ৰ আৰু সহান কাল্পনিক। শ. শি. নি., টংলাৰ প্ৰাক্তন আচার্য্য বিশ্বজ্যোতি শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।– সৌৰজ্যোতি শৰ্মা।)

☆★☆★☆

4 Comments

  • Barnali Kalit

    ভাল লিখিছে। পঢ়ি হাহি ৰখাব পৰা নাই।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    জমনি দেই।

    Reply
  • কমলা দাস

    ভাল লাগিল😂😂

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    নিশা এটা বাজিবলৈ আৰু চাৰি মিনিট ! মই শুবলৈ এৰি হাঁহি আছোঁ ৷

    Reply

Leave a Reply

Your email address will not be published.