ফটাঢোল

কে কে কে বৰুৱা বাইদেউ – অনুৰূপ মহন্ত

আমাৰ দেশত ধোদৰ অভাৱ নাই। এই অসম মুলুকতো বোলে ধোদৰ উৎপত্তি বহু পুৰণি। তাহানি স্বৰ্গদেউসকলৰ দিনতে হেনো ধোদৰ পয়োভৰ আছিল, এতিয়া আৰু ন’হবনে! তেতিয়া দেখাক দেখিও পিছে বহু ধোদ বাঢ়িছিল। পিছে নকল আৰু আচল ধোদ স্বৰ্গদেৱে তদন্ত কৰাই একেদিনাই চিনাক্ত কৰাইছিল, আজিকালিৰ দৰে বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন আহিবৰ বাবে মাহৰ পাছত মাহ বা বছৰ ৰ’ব লগা নহৈছিল। যি শিবিৰত সমস্ত ধোদক ৰাজ আতিথ্য দি ৰখা হৈছিল, সেই শিবিৰত জুই লগাই দিছিল। জুইৰ তাপত নকল ধোদবিলাকে এনেকৈ দৌৰি পলাইছিল যে, ওচেইন ব’ল্টেও পাত্তা নাপালেহেঁতেন। সমস্ত ধোদ পলোৱাৰ পাছত যি দুজন থাকি গৈছিল সেই দুজনক পি-পু (পিঠি পুৰিছে) আৰু উ-শু (উলটি শু) বুলিয়ে সকলোৱে মনত ৰাখিলে। সেই ঘটনাৰ পাছত তেওঁলোকক স্বৰ্গদেৱে ধোদ ৰত্ন বা ধোদ শিৰোমণি উপাধি দিছিল নেকি সেয়া গম পোৱা নগ’ল পিছে। কিন্তু তেওঁলোকেই যে অসমত সংক্ষিপ্তকৰণৰ বাটকটীয়া সেইটো খাটাং।

বৰ্তমান সময়ততো ধোদৰ প্ৰকোপ তেতিয়াতকৈ হাজাৰ গুণে বাঢ়িল। এতিয়াতো সংক্ষিপ্তকৰণৰ জ্ঞান নাথাকিলে য’তে ত’তে লাজ পাব লগা অৱস্থা হ’ব আপোনাৰ। উদাহৰণ স্বৰূপে আপুনি যদি আগতে কলেজত পঢ়া ল’ৰা ছোৱালীক সোধে কি কি বিষয় লৈছা, সিহঁতে লাহে লাহে ক’ব ইক’নমিক্স, ষ্টেটিছটিক্স, মেথেমেটিক্স। কিন্তু এতিয়া যদি সোধে, ক’ব ইকো, ষ্টেটছ, মেটছ। যদি আপুনি বিষয়ৰ সংক্ষিপ্ত ৰূপ নাজানে, ভেবা লাগি চাই ৰোৱাৰ বাদে উপায় নাই। সকলোতে সংক্ষিপ্ত ৰূপেই ব্যৱহাৰ হয়। বাতৰি কাকতৰপৰা নিউজ চেনেললৈকে সকলোতে মাত্ৰ সংক্ষিপ্ত ৰূপ। বহু সময়ত মানুহে মূৰ ঘমাব লগা হয় এইবোৰৰ বাবে। চ’চিয়েল মিডিয়া ফেচবুকৰো সংক্ষিপ্ত ৰূপ এফ বি বুলিহে বহুল প্ৰচাৰিত হ’ল।

বাৰু যা হওক, এতিয়া আহিছোঁ আমি কাহিনীৰ মূল নায়িকা কে কে কে বৰুৱা বাইদেউৰ কথালৈ। সভাই সমিতিয়ে আগ ভাগ লৈ ফুৰা বাইদেউৰ সংক্ষিপ্ত নামটোৰ পূৰ্ণ ৰূপ মই বহুদিন পাছতহে উদ্ভাৱন কৰিব পৰিছিলো। বাইদেউৰ নাম আচলতে কুসুম কুঞ্জ কলিতা বৰুৱা। নামটো সম্পূৰ্ণকৈ ক’বলৈ গলে বহুত দীঘল হৈ পৰে বাবেই এই সংক্ষিপ্ত ৰূপ। কলিতাটো নিলিখিলেও হয় যদিও পৈতৃক সম্পত্তিটোনো তেওঁ কিয় এৰি দিব! বাইদেউৰ সমাজখনৰ লগতে ঘৰখনৰ ওপৰতো বৰ প্ৰভাৱ। ঘৰৰ সকলো তেওঁৰ মতে চলিবলৈ বাধ্য। বিশৃংখলতা তেওঁ একেবাৰে সহ্য নকৰে। ঘৰৰ প্ৰতিটো বস্তু নিজৰ ঠাইত থাকিব লাগিব। বজাৰ কৰি অনাৰ পাছত সকলো বস্তু নির্দিষ্ট লেবেল লগোৱা টিনৰ টেমাত থ’ব লাগিব। এইবিলাক কাম কিন্তু বাইদেউৱে নিজে নকৰে। ঘৰৰ বাহিৰত থাকিলে সভা সমিতি আৰু ঘৰত থাকিলে এফ বিত ব্যস্ত থাকিব লাগে কাৰণে তেওঁৰ হাতত সময়ৰ বৰ অভাৱ। গতিকে কাম কৰা ছোৱালী বা বৰুৱাদাই নিজে কৰিব লাগিব। বাইদেৱে মাত্ৰ তদাৰকহে কৰিব। এইদৰে নাম লিখা বিভিন্ন টেমাত ভৰোৱা বস্তু পিছে অলপ দিনহে নিজৰ ঠাইত থাকে। অলপ দিনৰ পাছতে চেনীৰ টেমাত চাহপাত, নিমখৰ টেমাত হালধি আৰু মচুৰ দাইলৰ টেমাত মগু ডাইল ওলায়। টেমা খোলাজনেও মনতে অংক কৰিব লগা হয়, চেনিৰ টেমাত যদি চাহপাত আছে, মচুৰ দাইলৰ টেমাত কি থাকিব! আৰু যদি অংক কৰিব নাজানে, তেন্তে “অল’ গুটি তল’ গুটি” কৰাৰ বাদে উপায় নাই। পিছে “সেইখন হাতে পাই” বুলি ওলালেও কেতিয়াবা আচল বস্তুটো সেই মতে নোলায়। মুঠতে লাগে গণ্ডগোল এখন।

বিয়াৰ পাছতে বৰুৱা বৰুৱানী গৈছিল চিৰিয়াখানা চাবলৈ। তাতো বৰুৱানী বাইদেৱে হুলস্থুল লগালে। ইমান বিশৃংখল চিৰিয়াখানাখন! তেওঁৰ মতে গাত আঁক বাঁক থকা জন্তুবোৰ এফালে থ’ব লাগে, সেইদৰে নেজ চুটি, দীঘল চাইও জন্তুবোৰ এফালে ৰাখিব লাগে। এইবোৰ এনেদৰে বিশৃংখলকৈ ৰাখিলে চাবলৈ একেবাৰে বেয়া ইত্যাদি ইত্যাদি। চিৰিয়াখানা কৰ্তৃপক্ষৰ মানুহ কাকো নাপাই তেওঁ বৰুৱাদাকে জাৰিলে। বৰুৱাদাই ইমান বুজালে বোলে সেইবোৰ বিশৃংখলকৈ ৰখাত তেখেতৰ কোনো হাত নাই, তথাপি কিন্তু কামত নিদিলে।
কে কে কে বৰুৱা বাইদেউ বিখ্যাত সঘনাই ভাড়াঘৰ সলনি কৰাৰ বাবে। কিন্তু সেই বুলিও বাইদেউৰ যোগ্য ভাড়া ঘৰ হ’বলৈ কিছুমান অৰ্হতা থকাৰো দৰকাৰ। যেনে ঘৰটো টাউনৰপৰা আৰু তেওঁৰ মাকৰ ঘৰৰপৰাও বেছি দূৰত হ’ব নোৱাৰিব, ৰাস্তা পদূলি ভাল হ’ব লাগিব ইত্যাদি ইত্যাদি। পিছে তেওঁক দুই তিনি মাহতকৈ বেছি একেটা ভাড়া ঘৰত থকা কোনেও দেখা নাই। কেতিয়াও কোনোটো ঘৰতেই তেওঁ সন্তুষ্ট নহয়। কেতিয়াবা যদি কোনোবাটো ঘৰত পানীত আইৰণ আছে বুলি সলনি কৰে, কোনোবাটো সলনি কৰে কাষৰ আন ভাড়াতীয়াবোৰ লেতেৰা বুলি। বেচেৰা বৰুৱাদায়ো ঘৰ সলাই সলাই অভ্যস্ত হৈ পৰিছে। কিন্তু বৰুৱাদা বিপাঙত পৰে ট্ৰাকত বস্তু উঠাওঁতেহে। তাতো বাইদেউৰ খেছ খেছনি। চোফাটোৰ কাষত ডাঙৰ টেবুলখন কিয় ৰাখিছে, কৰ্ণাৰ টেবুলখনহে ৰাখিব লাগে ইত্যাদি ইত্যাদি। বৰুৱাদাই মনতে ভাবে, “হেৰৌ ট্ৰাকতহে উঠাইছো, ড্ৰয়িং ৰুমত সজোৱা নাই নহয়!” কিন্তু মুখ ফুটাই একো নকয়। মিছাতে কদো বাঁহত কোনে জুই দিব! এইদৰেই দিন বাগৰি গৈ থাকে আৰু বৰুৱা বৰুৱানীয়েও ঘৰ সলাই গৈ থাকে।

বহুদিনৰ পাছত আজি বৰুৱাদাক হঠাতে লগ পালো। সোধো নোসোধোকৈ সুধিয়ে পেলালো, আজি কালি টাউনৰ কোন অঞ্চলত থাকে বুলি। বৰুৱাদাই ক’লে বোলে তেওঁলোক আজি দুবছৰে একেটা ঘৰতে আছে। মই আচৰিত মানিলো। সুধিলো বোলো বৰুৱানী বাইদেৱে কেনেকৈ সহ্য কৰিছে। বৰুৱাদাই বোলে, “কি ক’ব আৰু, দুবছৰ আগতে পত্নীকেই সলাই পেলালো! এতিয়া দুবছৰে একেটা ঘৰতে নতুন গৰাকীৰ সৈতে আছোঁ।”

বৰুৱাদা গ’লগৈ। মোৰ আক’ বৰুৱানী বাইদেউৰ কথা ভাবি অকণমান দুখো লাগিল। তেওঁ ঘৰহে সলাইছিল, মানুহজনে তেওঁকে সলাই বেলেগ এগৰাকীক আনিলে, এই ভাবি। কে কে কে বৰুৱা বাইদেউ বা এতিয়া ক’ত কেনেদৰে আছে!

☆★☆★☆

Leave a Reply

Your email address will not be published.