ফটাঢোল

কৌতুকৰ পেৰা

বাৰ্গেইন (বিজয় মহন্ত)

মণিষাই তাইৰ স্কুটিখন ঠেলি ঠেলি পেট্ৰ’ল ডিপোলৈ সোমাই গ’ল।

: দাদা পেট্ৰলৰ লিটাৰ কিমান?

: ৭২.৫০ টকা

: চাওক দাদা আগৰ ডিপুত মোক ৬০ টকাত দিছিল৷ কিন্তু মই অপোনালোকৰ ৰেগুলাৰ গ্ৰাহক৷ সেয়ে তাত ন’লৈ ইয়াত লব আহিছো৷ ৫৫ টকাত দিবনে নাই কওক?

: বাইদেউ আপুনি ঠেলি ঠেলি ঘৰৰ পৰা অহাৰ দৰে ঘূৰি যাওক৷ গৰমত মাথাটো নাখাব!!!

******

বিহু (উৎপল কলিতা)

এই যোৱা বিহুত আমাৰ উজনিৰ বৰাক পালোঁ৷ বৰ ভাল ল’ৰা দেই! উজনিৰ ল’ৰা, চাকৰিসুত্ৰে তেজপুৰত থাকে। কথা-বতৰা পাতি বৰ ভাল লাগে। কথাই কথাই সুধিলোঁ –

মই: বৰা, বিহু কেনে গল?

বৰা: ভাল গ’ল দিয়ক দাদা।

মই: কি কি খালে? এইবাৰ বহুত দিনৰ মূৰত ঘৰ গ’ল নহয়।

বৰা: উৱা, কি সোধেহে! বিহুত কি খাম আও; চিআ, দৈ আউ গু৷

মই: কৃষ্ণ, গু, কিহৰ গু?

বৰা: আইজ্জৌ, মানুহ মায়ি দিব দেই, কুহিঁয়াঅ গু আকৌ!

মই: অহ, কুহিঁয়াৰৰ৷ উফ ৰক্ষা! আৰু কি আছিল?

বৰা: আউ লাউ আছিল।

মই: লাও! ! ! ! চিৰা-দৈৰ লগত আকৌ কি লাও খায়?

বৰা: উফ, নায়িকল লাউ, তিলঅ’ লাউ আকৌ৷ আপোনালোকৱ ইয়াতো খাই দেখোন!

মই আৰু নুসুধিলো একো। বিহুৰ নিমন্ত্ৰণ দিলোঁ নিজৰ ঘৰলৈ।

*******

চিনাজোক (মল্লিকা শৰ্মা বৰদলৈ)

কালি মই পাচলি বজাৰ কৰি থাকোঁতে আমাৰে এগৰাকী বায়ে বজাৰ কৰিব গৈছিল, এফালৰ পৰা পাচলিবোৰ দাম-দৰ কৰি আছে। এবাৰত

বাই: অই পাইন এপ্পলৰ কিমান?

বেপাৰী নিমাত।

বাই: হেৰৌ মুখেৰে নামাত যে? পাইন এপ্পলৰ কিলো কিমান?

বেপাৰী তেতিয়াও চুপ, বেচেৰাই চকুৰে পিটপিটাই থাকিও পাইন এপ্পল কোনটো বিচাৰি পোৱা নাই৷

বাই: অই মুৰ্খ, এইটো এইটো।

বেপাৰী: অ’ বাইদেউ লেতেকুক পাইন এপ্পল বোলে বুলি মইনো কেনেকৈ জানিম?

কথা শুনি মোৰ নাকেদি হাঁহি ওলাই গ’ল, মুখখন টেপা মাৰি ধৰিছিলো না ..৷ বাইদেৱে লাজ পাই গ’ল নেকি অলপ।

: ইচ হ’ব হ’ব বেছি হিৰ’গিৰী নেচেলাবি৷ কিলো কিমান ক’।

বেপাৰী: ৮০ টকা বাইদেউ…

বাই: কাক বুৰ্বক বনাব আহিছ হা..? কাক?

মই অমুকৰ পৰা পাচলি কিনো, তমুকৰ পৰা পাচলি কিনো, ভহুকৰ পৰা পাচলি কিনো…মুঠতে তেওঁ মঙ্গল গ্ৰহৰ পৰাহে পাচলি কিনিব বাকী যেন লাগিল।

বেপাৰী: হ’ব আপোনাক কিমান লাগে?

বাই: অলপ, বেছি নালাগে৷

বেপাৰী: এক পোৱা ২০ টকা কৰি নিয়ক..৷

বাই: (সন্তুষ্টিৰ হাঁহি মাৰি) গালি দিলেহে লাইনত আহ’….আগতেই দিয়া হ’লে ইমান নবকিলোৱেই হয় নহয়।

তাৰ পিছত বায়ে মোৰ ফালে চাই V চিহ্ন দেখুৱাই স্কুটিত উঠিল৷ যাওঁতে “ দিল’ কা চুটাৰ হে মেৰা স্কুটাৰ দিলো কা চুটাৰ, আ আ“ বুলিও গাই গ’ল৷ আইঔ মই জেব্ৰা ফেন হৈ গ’লো।

শপত খালো, ডাঙৰ হ’লে মই তেওঁৰ দৰেই হ’ম৷

******

দিল মে লাড্ডু ফুটা (পাৰ্থ প্ৰতীম গায়ন)

সেইদিনা মোৰ এডমিচনৰ দিন, দেতাৰ লগত আহি হলত বহিছোঁ, ছয় নম্বৰ শাৰীত। চাৰি নম্বৰ শাৰীত…ধুনীয়া ছোৱালী এজনী। পিৰিক-পাৰাক চাই আছোঁ। এবাৰ চকুৱে চকুৱে পৰাত তাই মিচিকিয়া এডাল দিলে, লগে লগে দিল গাৰ্ডেন গাৰ্ডেন হৈ গ’ল, মনতে ভাবিলো এই চাৰিবছৰত তাইক নিজৰ কৰি লম। একেলগে চিচিদি, উমানন্দ…মনটো ৰোমাণ্টিক হৈ উঠিল৷ হঠাৎ দেতাৰ হেচুকনিত সাৰ পোৱা যেন হ’ল।

: ব’ল পোণা, তোৰ নাম মাতিছে।

এক্সট্ৰা গহীনডাল দি এডমিচন লবলৈ উঠি গলোঁ। মোৰ পিছতেই মাতিলে “চয়নিকা গগৈ”, নামি আহিব লওঁতেই দেখিলো, ধুনীয়া ছোৱালীজনী আহি আছে, আকৌ এডাল মিচিকিয়া, তাৰমানে ‘হসী তু ফছি’! ৰোমাণ্টিক কলি এটা গুনগুনাই নামি আহিলোঁ। এয়া কি, দেতাই দেখোন ছোৱালীজনীৰ দেউতাকক সাৱটি ধৰিলে৷ হে ভগৱান, আজি একেদিনাই ইমান কৃপা, মনতে ভাবিলো, সব ঠিকে থাকে গ’লে ক’লেজৰ পিছত চাকৰি লৈ বাংগালোৰৰ ফালে ছেটেল হ’ম৷

: পোণা, পোণা…এইপিনে আহ।

দেতাৰ মাতত আকৌ সপোনপুৰীৰ পৰা উভতি আহিলো।

: এয়া তোৰ গগৈ খুৰাৰ ছোৱালী চুমি, তোৰ লগত একেলগে এডমিচন লৈছে, দুয়ো একেলগে ভাই-ভনীৰ নিচিনাকৈ মিলি থাকিবি।

অ’ শেষ, দেতাই বিনা মেঘেডাল পেলাই দিলে, নতুন ভনীক মাতষাৰ লগাই ওলাই আহিলো৷ বাটত দেতাৰ মৰম সনা মাত

: কি হ’ল, কলেজখন ভাল নালাগিল নেকি?

মোৰ গহীন উত্তৰ

: কলেজখন ভালেই, তই খালি সব ছোৱালীক মোৰ ভনী বনাই নথবি।

******

ৰং নাম্বাৰ (কৃষ্টি কেন)

আজি পুৱাই-পুৱাই এটা ফোন আহি টোপনি ভাঙি দিলে। ছয়বজাৰ পৰা চাৰিবাৰ মান একেই কথা৷

ফোনৰ সিটো পাৰৰ জন:- হেল্লৌ, মোৰ গাড়ীখান ভাল কৰি দিবো না নাই হে?

মই:- হেল্ল’, মই গাড়ী ভাল কৰা মানুহ নহয়…আপোনাৰ ভুল হৈছে…ৰঙ নম্বৰ লাগিছে, ভালকৈ চাই ফোন কৰক।

ফোনৰ সিটো পাৰৰ জন:- কুনি? কি কৈ এ! মোৰ ক্যা ভুল লাগবো…আপ্নি মিছা কথা ক’ছি৷ মই চাই মাইচ্ছু নম্বৰ।

মই ফোন টো দিচকানেক্ট কৰাৰ পিছত আকৌ ফোন কৰিছে।

:- অ’ বাইদৌ…আপ্নাকে ক গেছি…আপ্নাৰ মানুহটুই এটু নম্বৰ দিছিল সেইকাৰ্ণে তেওঁৰ বুলি ভাবছিলো। আপ্নি আপ্নাৰ মানুহটুক কক্ বোলে বলেনে গাড়ী গেৰেজত লৈ ৰখি আছে, আপ্নাক যাবা দিছি।

মই বোলো মোৰ বিয়াই হোৱা নাই পঢ়ি আছো।

বলেন ডাঙৰীয়াই নেৰে

:- ভাং চাং খাইচি নাকিহে আপ্নাৰ গিৰেৰেই…এটু নম্বৰ দিছি৷

মই নহয় বুলিছো বলেন ডাঙৰীয়াই নেৰেহে নেৰে৷

তেওঁৰ মতে মোৰ মানুহজনক মই পঠিয়াই দিব লাগে। এনেকে হ’লে মোৰ মানুহ জনে কি উন্নতি কৰিব?

মই বোলো অ’ ঈশ্বৰ পুৱাই-পুৱাই কামুৰিছেনো কেলেই! আপুনি নম্বৰ টো চাই ফোন কৰকহে৷ সেইবুলি কাটি থলো।

অলপ সময় পিছত বেলেগ এটা নম্বৰে আকৌ কল কৰিছে।

:- হেল্লৌ, মই বলেন…গাড়ীখান লৈ ৰখি আছো….

মই:- অ’ আপুনি? হেৰি নহয় এটা কাম কৰক আপুনি ক’ত আছে নো? মানে আমাৰ কোনটো গেৰেজত আছে?

বলেন ডাঙৰীয়া:- কি কোত আছু? চ’ক বজাৰৰ গেৰেজৰ আগত আছো।

মই:- হয় নেকি? মানে মোৰ ভুল হৈছিল আপোনাক চিনি পোৱা নাছিলো। ৰাতি এওঁ হাফ এটা আনিছিল সেইটোৰ নিচা ফটাই নাই। এওঁক সুধিলো তেতিয়াহে ক’লে..মই অলপ এলেহুৱাই দিয়ক। এওঁয়েই সব কাম কৰেটো…এতিয়া ঘৰৰ বন কৰাই লৈ এখেতক পঠিয়াই দিছো দিয়ক৷ পিছে এওঁ ক’ৰ্টৰ আগৰ গেৰেজটোলৈ হে গৈছে, আপুনি গাড়ীখন তালৈকে লৈ যাওক।

সেইবুলি নম্বৰ দুইটা ব্লেকলিষ্টেড কৰিহে শান্তি…ক’ব নোৱাৰো এতিয়া বলেন দাই ক’ত বা ক’ৰ্টৰ আগৰ গেৰেজ বিচাৰি ফুৰিছেগৈ..!

******

প্ৰফাইল ফটো (বৰ্ণালী ফুকন)

প্ৰফাইল ফটোখন বদলোৱাৰ পৰা আমাৰ প্ৰণিতালৈ দেশ-বিদেশৰ বহু প্ৰান্তৰ পৰা ৰিকুৱেষ্ট আহি আছে।

নীতা:- ও বৰ্ণালী, মোলৈ দেখোন আমাৰ দেশৰ ক’লা -হালধিয়া সোপাৰ পৰা আৰম্ভ কৰি, বহুত ধুনীয়া ধুনীয়া চাহাবেও ৰিকুৱেষ্ট পঠাইছে।

মই:- তুমি চাই চাই চিনাকি বোৰক এচেপ্ট কৰা, বাকীবোৰক চাফা কৰি দিয়া।

নীতা:- হিন্দী কোৱা দুটামানৰ ৰিকুৱেষ্ট এচেপ্ট কৰিছো আৰু এটা বগা চাহাবৰো কৰিলো জানা৷

প্ৰমাদ গণি মই সুধিলো কিবা কথা পাতিছা নেকি বুলি।

নীতা:-ওম পাতিছোতো, ৰবা স্ক্ৰীণ ছট্ দি আছো। ইমান ভাল জানা অসমত আহি মোক লগ কৰিব বোলে…মোক কেৱল একাউণ্ট নাম্বাৰটোহে খুজিছে৷ পইছা নাই খোজা জানা৷ আৰু এংলো অসমীয়া লিখিছো যে সি বুজি পাইছে জানা৷

স্ক্ৰীণ ছট্ দেখালে বায়ে।

জন ব্ৰাউন:- হাই, ছুইটি!

নীতা:- আই এম নীতা বৰাহে কিবা….ছুইটি নহয় দেই ধেইৎ!

জন ব্ৰাউন:- ইউ আৰ লুকিং কিউত বেবী।

নীতা:- ধেইৎ…আই এম বেবী নেকি ….আই এম গ্ৰউন বেবীহে কিবা…

আৰু চাবলৈ ধৈৰ্য্য নহ’ল…নীতাক কোনোবাই বচা ঐ…নহ’লে বগা চাহাবে চাফাই কৰিব!

******

ওফাইডাং (উৎপলা কৌৰ)

কাকতিদা যে, এই যে বৈদ্য ওফাইডাং মৰা কথা কোৱা মানুহটো। তেওঁৰ এই স্বভাৱটোৰ কাৰণে বৌহঁতে বিৰাট লাজ পায়৷ এদিন অভিজিতদা কাকতিদাৰ ঘৰলৈ অহাৰ কথা৷ বৌয়ে গম পাই ক’লে বোলো আজি যদি ওফাইডাং মাৰে নহয়…চাব কিন্তু, আলহীৰ আগতে দিম একদম!

দাদাই বোলে “হ’ব দিয়াহে! কিনো ভয় খুৱাই থাকা? আজি নহ’লে তুমিয়েই কথা পাতিবা, মই চাহ বনাম।”

বৌ:- কি যে কয় নহয়! মতা মানুহটো হৈ পাকঘৰত সোমাই থাকিলে অভিজিতে কি ভাবিব?

অকণমান ভাবি বৌয়ে আকৌ ক’লে:- “এটা কাম কৰিম নহ’লে, আপুনি কথা পাতিলে যদি কিবা কথাত ওফাইডাং মৰা যেন পাওঁ, মই গলহেকাৰি মাৰি দিম, আপুনি বুজি ল’ব আৰু সেইমতে কথা অলপ তলত ক’ব৷”

কাকতিদা:- বাহ, বৰ বুদ্ধিমতী দেই ডাৰ্লিং তুমি!

অভিজিতদা আহিল ওলাল। বৌয়ে পানী এগিলাচ দি পাকঘৰ সোমাল৷

কাকতিদাই আৰম্ভ কৰিলে

:- আমি সৰু থাকোতে এইবোৰ বিল্ডিং নাছিল আজাৰাত। গোটেইখন পিতনি আছিল একেবাৰে৷ ইপাৰ-সিপাৰ নমনা৷

:- উহু হু..হু (পাকঘৰৰ পৰা)

কাকতিদা:- মানে ভালকে চালে ধৰিব পাৰি আৰু! আমি সেইবোৰ পিতনিতে বৰশী মাৰি মাছ ধৰি ডাঙৰ হোৱা৷ আজিকালিতো মাছেই নাই৷ এবাৰ নহয়, মোৰ বৰশীত ২০কেজি ওজনৰ মাগুৰ এটা লাগিল নহয়৷

:- উহু হু..হু

:- মানে সিমান নহয় আৰু ১২ কেজিমান হ’ব৷ টানিবলৈ পৰা নাই মই, মাছটো ইমান তজবজীয়া, আকৌ লগৰ তিনিটাক মাতি…

:- উহু হু..হু

:- মানে অকলেই ওচৰলৈ গৈ চোঁচৰাই আনিলোঁ৷ তাৰ শুংডাল একেবাৰে একমিটাৰমান হ’ব৷

:- উহু হু..হু.ম

:- নাই মানে আঠকেজিৰ মাগুৰৰ শুং দীঘল হ’বই দিয়াচোন।

:- উহু হু..হু

:- হেহ! ধৰি আনি চাওঁ সেইটো পানীত থকাৰ কাৰণেহে ইমান গধুৰ যেন লাগিছিল৷ আচলতে পাঁচ কেজি মান হে হ’ব!

:- উহু হু..হু

:- তাৰ পাছত সেইটো ঘৰলৈ নিবলৈ আকৌ দেউতাক মাতি পঠাব লগা হ’ল। তিনিকেজিৰ মাছটোনো কেনেকৈ দহবছৰীয়া ল’ৰাটোয়ে ডাঙো কোৱা?

:- উহু হু..হু

:- তাৰ পাছত সেইটো ঘৰত নি দেউতাই ওজন কৰি চাওঁতেহে গম পালে তাৰ ওজন দুই কেজিহে!

:- উহু হু..হু

:- কাটি বাছি মায়ে ভাজোতেহে আচল ওজনটো ক’লে বোলে এক কেজি নশ গ্ৰাম হে আছিল।

:- উহু হু..হু

:- ধেই! খাওঁতেহে গম পালোঁ, সেইটো আচলতে কাৱৈ মাছহে আছিল৷ সৰু ল’ৰা না!

তাৰপাছত…

:- অভিজিত, অ’ অভিজিত, উঠা চাহ খোৱা।

:- হাঃ… চাহ দিলে নেকি? টোপনিয়েই আহি গৈছিল৷ দিনটো বৰ কষ্ট হৈছে নহয়৷ দাদা বৰশীত মাছ লাগিছিল নে? নুশুনিলো নহয়! ! !

******

উপহাৰ (ছৈয়দ হান্নান আহমেদ)

বেংকত আহিলে বহুতৰে কলমৰ অভাৱ হয়৷ লাখ টকা পকেটত আহিলেও কলমটো নাহে। বাহিৰৰ টেবুলত উলিয়াই দিয়াবোৰো পলকতে গায়ব হৈ যায়৷ দিনটোত কিমানক কলম দিও হিচাপ নাই। কেতিয়াবা ঘূৰি আহে, কেতিয়াবা নাহে৷ ইচ্ছা কৰি কোনেও লৈ নাযায়, এইটো নক’লে পাপে চুব মোক। ইজনৰ পৰা সিজন, সিজনৰ পৰা আনজনে নিওঁতে আচল মালিকৰ পৰিচয় হেৰাই যায়৷ মালিক নাপাই শেষৰ জনে ক’ৰবাত দলিয়াই থৈ যায়৷

সিদিনা এজনী মহিলা আহিল, কোলাত কেচুৱা৷ কলম এটা সুধিলে ৱিদ্ৰ ফৰ্মত লিখিবলৈ৷ কাষতে ৰচীৰে বান্ধি থোৱা কলমটো ইতিমধ্যে এৰাল চিঙা গৰুৰ দৰেই নাপাত্তা। বাটৰতো নাপাই হাতৰটোকে দিলো ৷ ফৰ্মখন লিখিব গৈ কলম লোৱা হাত খনেৰে চৰ্দি লগা নাকটোত যিটোহে মচা দিলে ঐ…মোৰ আৰু দুনাই কলমটো ঘূৰাই ল’বলৈ সাহস নহ’ল। উপায় নাপায় ক’লো

:- বাইদেউ কলমটো ৰাখি থওক। কামত আহিব আপোনাৰ৷

তেওঁ কি বুজিলে নাজানো, মই কিন্তু জীৱনত প্ৰথমবাৰ অচিনাকি কাৰোবাক উপহাৰ দিয়াৰ মাদকতা অনুভৱ কৰিলোঁ।

******

“নিজৰ লৰা সদায় ভাল” (প্ৰসেনজিৎ গোস্বামী)

আজি আমাৰ ঘৰৰ কাষৰ যোগেন আৰু হৰেনৰ মাকৰ ৰাতিপুৱাই পুৱাই ভীষণ তৰ্ক৷ যোগেনৰ মাকে হৰেনৰ মাকক গালি দি আছে। কেৱল মাজে মাজে শুনো হৰেনৰ কাৰণে যোগেন বেয়া হৈ গ’ল। আজি ভৰি ভাঙি পৰি আছে৷ গম লবলৈ অলপ আগবাঢ়ি গৈ সুধিলোঁ গৈ যোগেনৰ মাকক। যোগেনৰ মাকে ক’লে যে কালি সন্ধিয়া বোলে যোগেন আৰু হৰেনে মিলি এটা বিলাতী হাফ কিনিছিল, কিন্তু এই বদমাছ হৰেনটোৱে অলপো নাখালে আৰু বেচেৰা যোগেনে গোটেইখিনি অকলেই খাব লগা হ’ল৷ নিচা বেছি ধৰি ৰাতি গাঁতত পৰি তাৰ ভৰি ভাগিল। যত সব হৰেনৰ কাৰণে হৈছে, সি যদি অলপ খালে হয় যোগেনৰ নিচা নহ’ল হয়৷

:- মোৰ লৰা যোগেন বেয়া নাছিল হৰেনৰ লগত থাকি থাকি যোগেন বেয়া হৈ গ’ল৷

মই কি কম, হয় দিয়ক বুলি সলাগি থৈ কাটি খালো৷

******

খুচুৰা (লখিমী হাজৰিকা)

আমাৰ গোটৰে এজনৰ কথা৷ সৌসিদিনা দোকানলৈ গৈ কাজিয়া লাগিল৷ আটা এপোৱা কিনি দোকানীক কৈছে বোলে দুটকাটো? মানে ঘূৰাই পাব লাগে৷ দোকানীয়েও ভোৰভোৰাই উঠিল, ইহ আটা এপোৱা নিব আহে তাকো দুটকাটোৰ লগত মৰিছে বুলি চকলেট এটা দিলে উলিয়ায় ৷

এইজনৰো বোলে ফ্ৰীটে দিলে দেখোন বুলি ৰাজপাল যাদৱৰ নিচিনা হাঁহি এটা উলিয়াই চকলেটটো লৈ উঠি দুটকা ল’বলৈ হাত মেলিয়েই থাকিল৷ দোকানীয়ে “ফিৰ ক্যা হোৱা ৰে বাবুৱা?” টাইপ চাৱনি এটা দি কলে বোলে দিলো দেখোন।

:- মানে চকলেটটো?

:- আৰুনো কি? সেইটোৰ দাম দুটকা৷

এইজনে আৰু কি কৰিব? গুচি আহিল আহোতে গোটেই বাটটো যতসব কূটবুদ্ধি চিন্তা কৰি আহি থাকিল।

পিছদিনা দুটকাৰ হোৰ তুলিবলৈ বুলিয়ে সন্ধিয়া ওলাই গৈ নিৰ্দিষ্ট দোকানখন পালেগৈ৷ ফুৰ্তিপানী নে কি সেইবিধৰ লগত ভাল হ’ব বুলিয়ে পাঁচটকীয়া বিংগ’ টেঢ়ে -মেঢ়ে এটালৈ আঙুলিয়াই এপেকেট দিয়াহে বুলি কৈ পকেটৰ পৰা খুচৰি খুচৰি তিনিটকা আগুৱাই দিলে৷ দোকানীয়ে হাত পাতি লৈ মুখলৈ চোৱাৰ লগে লগে এইজনেও চাৰ্টৰ পকেটৰ পৰা অ’ দুটকা থাকি গৈছে বুলি আগদিনাৰ চকলেটটো উলিয়াই দিলে।

হেৰৌ কমবয়সীয়া দোকানী, ইফালে জিএছটিৰ টেনশ্যন!

:- অ’ দাদা কি মানুহ হে আপুনি?

:- কি মানুহ মই? কি মানুহ? দস্তুৰমত হিচাপী মানুহ৷ কিয় নলবা চকলেট? তুমি দিলে মই লব পাৰিলে মই দিলে তুমি কিয় লব নোৱাৰা?

:- চাওক দাদা, এপোৱা আটা, ডেৰশ গ্ৰাম দালি কিনিলেও আপুনি ৰেগুলাৰ কাষ্টমাৰ কাৰণে মই সহ্য কৰি থাকো ৷ কালি দিয়া চকলেটটো ঘূৰাই মোক দিব যে আহিছে, প্ৰেষ্টিজ বোলা বস্তু নাই নেকি আপোনাৰ?

:- থোৱাহে প্ৰেষ্টিজ, এতিয়াহে ওলাইছে৷ মই ব্ৰিটিছৰ দিনৰে পৰা হকিন্স ব্যৱহাৰ কৰা মানুহ৷

******

ব্ৰইলাৰ ছাগলী (লোহিত শংকৰ বৰমেধি)

মোৰ লৰাটোৱে বিয়া খায় বৰ ভাল পায়। মাংস-ভাত হ’লেতো কথাই নাই। সি কিন্তু লোকেল মুৰ্গী নাখায়,মাংস কম হাড় বেছি যে।

এখন বিয়াত সপৰিয়ালে খাবলৈ বহিছো(বিয়ালৈ সপৰিয়ালেই যাওঁ আৰু, এসাজ ৰাহি হয় ন! ) কেটাৰিংৰ ল’ৰাজনে মাংসৰ বাতি আনিছে দিবলৈ…

মোৰ ল’ৰাৰ পোনপটীয়া প্ৰশ্ন:- কি মাংস?

বিলনীয়া:- খাহী মাংস।

ল’ৰা:- মানে কি মাংস ( ঘৰত খাই পালেহে)?

বিলনীয়া:- মানে ছাগলী মাংস।

ল’ৰা:- লোকেল ছাগলী নে ব্ৰইলাৰ ছাগলী? মোক বইলাৰ ছাগলীহে লাগিব।

বিলনীয়াই হা-কৈ মুখ মেলি চালে।

মই ব্ৰইলাৰ ছাগলী বুলি বুজায় দিয়াতহে বিলনীয়া ৰক্ষা পৰিল।

(ব্ৰইলাৰ মুৰ্গী থাকিলে ব্ৰইলাৰ ছাগলী কিয় নাথাকিব ন? আফটাৰ অল মোৰ ল’ৰা, ইচমাৰ্ট হ’বই!)

******

পাঁচ টকা (দিম্পল কলিতা)

যোৱাতো শনিবাৰৰ ঘটনা।

১১ বাজিবৰ হ’ল, অইন দিনা ৯ বজাতে স্কুল মজিয়া গচকা শিক্ষয়ত্ৰী ৰশ্মিৰ দেখাদেখি নাই

তাকে দেখি প্ৰধান শিক্ষকৰ চিন্তা বাঢ়ি গৈছিল ক্লাছ মিলাব পৰা নাই। খিৰিকীৰে বাৰ বাৰ চাইছে ৰশ্মিৰ দেখা-দেখি নাই।

১১:৩০ বজাত পখৰাজনী হৈ ৰশ্মি স্কুলৰ গেটেৰে সোমাই আহিছে , প্ৰধান শিক্ষক অলপ আগুৱাই গৈ ৰশ্মিক খঙেৰে সুধিলে, “আজি ইমান দেৰী কিয় হল ?”

ৰশ্মি: ছাৰ, ঘৰৰ পৰা সময়মতেই ওলাইছিলো, বাটত আমাৰ ওচৰৰ বগা চুলিয়া বৰুৱা খুড়াক পালো ।

প্ৰধান শিক্ষক: যাকেই নাপালা, তাতে তোমাৰ ইমান দেৰি কৰিবলগীয়া কি হ’ল?

ৰশ্মি: ছাৰ, খুড়াৰ পাঁচটকীয়া কইন এটা মই অহা ৰাস্তাটোতে হেৰাইছিল, মানুহজনে বৰ কষ্টৰে বিচাৰি ফুৰিছিল।

প্ৰধান শিক্ষক: অ’, তুমি মানে স্কুলৰ ক্লাছৰ কথা পাহৰি সেই পাঁচ টকাটো বিচৰাত সহায় কৰি দিছা। ৱাহ…তোমাৰ কৰ্মৰ প্ৰতি থকা এইয়াই দায়িত্ব?

ৰশ্মি: নহয়…মানে ছাৰ মই তেওঁক সহায় কৰি দিয়া নাছিলো নহয় , মই চাইহে আছিলো ।

প্ৰধান শিক্ষক: (অলপ খংত) কি আচৰিত ? তুমি যদি বিচৰাই নাই, এক ঘণ্টাৰ ওপৰ সময় তাতে থিয়ৈ থিয়ৈ কিয় আছিলা?

ৰশ্মি: ছাৰ, মই গুচি আহিব পৰা নাছিলো….

প্ৰধান শিক্ষক: বুজা নাই কথাতো……

ৰশ্মি: (অলপ গৌৰৱৰ কণ্ঠৰে) ছাৰ, আচলতে পাঁচটকীয়াটো মই ভৰিৰে গচকি আছিলো। সেইহে খুড়া যোৱালৈ ৰখিবলগীয়া হ’ল।

শুনামতে প্ৰধান শিক্ষকক ইয়াৰ পাছত মুৰত পানী ঢালি ঘৰত থৈ আহিবলগীয়া হ’ল বোলে।

******

9 Comments

  • বৰ ধুনীয়া লাগিল দেই লিখা কেইটা ৷ অভিনন্দন বিজয়, উৎপল, মল্লিকা, পাৰ্থ, কৃষ্টি, বৰ্নালী, উৎপলা, হান্নান আহমেদ, লোহিত, লখিমী, প্ৰসেনজিত আৰু দিম্পল ৷
    মজ্জা লাগিল ৷

    Reply
    • বৰ্ণালী ফুকন

      ধন্যবাদ দৌ জিজু

      Reply
  • Rintumoni Dutta

    উৰাই-ঘুৰাই হাহিলো। অভিনন্দন বিজয়, উৎপল, মল্লিকা, পাৰ্থ, কৃষ্টি, বৰ্নালী, উৎপলা, হান্নান আহমেদ, লোহিত, লখিমী, প্ৰসেনজিত আৰু দিম্পল ৷

    Reply
    • বৰ্ণালী ফুকন

      দত্তলৈ অশেষ ধন্যবাদ দেই

      Reply
  • Nayan axom Sarma

    আইয়ৈ পেটৰ নাড়ী ডাল ডাল হৈ গ’ল ঐ…………..

    Reply
  • লিপিকা

    আটাইকেইটা কৌতুক ভাল লাগিল পঢ়ি, খুব ৰস পালোঁ দেই।

    Reply
  • Rupam Nath

    বঢ়িয়া

    Reply
  • Amal Krishna Yein

    Hokolure jokes porhi bhaal lagile..

    Reply
  • Rajeeb

    পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.