ফটাঢোল

কৌতুক-কৃষ্ণ দাস

ধপ:

তিনি বন্ধু গৌৰী,মাধৱ বিজয় আদ্দা মাৰি আছে৷

গৌৰী: আজিকালি হাঁহৰ তেলেই নাই ঔ, মোৰ আজো ককাহঁতে বোলে আগতে হাঁহ কাটোতে ইমান তেল ওলাইছিলে যে তেলৰ থবৰ কাৰণেই আগতে বেলেগকৈ এটা চৰিয়া লাগে

মাধৱ : সেইটোনো কি ডাঙৰ কথা, আমাৰ আজো ককা হঁতে এনেকোৱা হাঁহ পাইছিলে যে হাঁহৰ তেলেৰেই গোটেই গাঁৱৰ একমাহৰ ৰন্ধা বঢ়াৰ কাম চলি যায়৷লগতে বিয়া সবাহো পাতিব পাৰে৷

বিজয়: ধেই সেইটো আৰু কিবা কথা নেকি, মোৰ আজো ককাহঁতে ডেকা কালত এবাৰ বোলে হাঁহ কাটিছিলে, হাঁহৰ তেল নৰখেহে নৰখে, তেলৰ বানপানী হোৱাৰ ভয়ত শেষত উপায় নেপাই হাঁহটো গাতি খান্দি পুতি থৈ আহিলে৷ ব্ৰিটিছে কেইবছৰমান পাচত আহি তাকে খান্দি তেল পাই, ডিগবৈত এছিয়াৰ প্ৰথম তেল শোধানাগাৰ স্থাপন কৰিলে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.