ফটাঢোল

কৌতুক-ডাঃ পাৰ্থসাৰথি ভূঞা

১) গাঁৱৰ ল’ৰা খগেন, পঢ়া শুনা বিশেষ নকৰিলে। বৰ্তমান ভাড়া গাড়ী এখন চলাই গুৱাহাটীত থাকে। ফেচবুকতে তাৰ গুৱাহাটীৰ স্মাৰ্ট ছোৱালী এজনীৰ লগত চিনাকি হ’ল। কথা বতৰা আগবাঢ়ি দুয়ো অলপ ঘনিষ্ঠ হ’ল। এদিন ৰেস্তোৰাঁ এখনত দুয়ো লগ কৰাৰ প্লেন কৰি লগ হ’ল। কথাৰ মাজতে ছোৱালীজনীয়ে সুধিলে, “তোমাৰ ষ্টাৰ চাইন কি?” থতমত খাই খগেন ভাবিলে, এইটো বা কি বস্তু, সেয়ে বুদ্ধি কৰি ক’লে, “আগতে বাৰু তুমি কোৱা তোমাৰ কি?” ছোৱালীজনীয়ে বোলে, “মোৰ স্কৰপিয়'”। খগেনে ডাঙৰকৈ হাঁহি এটা মাৰি ক’লে, “অ’ হয় নেকি? মোৰ ইন’ভা!”

২) খগেনে পুলিচ থানালৈ গৈ অ’চিজনক  ক’লে, “ছাৰ এখন এজাহাৰ দিবলৈ আহিছোঁ। মোৰ লগৰ নগেনৰ ঘৈণীয়েক আজি তিনিদিন হ’ল নিখোজ হৈ আছে। অনুগ্ৰহ কৰি সোনকালে বিচাৰি দিয়ক।” অ’চিজনে বোলে, “হেৰা নগেনৰ ঘৈণীয়েক হেৰাল, তাৰেই আজিলৈকে খবৰ নাই। তুমি এজাহাৰ দিবলৈ আহিছা যে! কিবা লেটিপেটি আছে নেকি হে তোমাৰ তাইৰ লগত?” খগেনে বোলে, “সেইবোৰ একো নহয় ছাৰ, ঘৈণীয়েক নাইকিয়া হোৱাৰ ফুৰ্তিতে এইকেইদিন নগেনে সদায় পাৰ্টি কৰি আছে। মোৰ সহ্য হোৱা নাই, সেয়ে আহিলোঁ!”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.