ফটাঢোল

কৌতুক – পদ্মলোচন ভৰদ্বাজ

বাছৰ এজন পুৰুষ যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীক কাণতলীয়া চৰ দিয়াৰ মোকৰ্দমা কৰ্টত চলি আছিল।

জজ : তুমি তেখেতক থাপৰ কিয় মাৰিছিলা?”

পুৰুষ যাত্ৰী : জজ চাহেব এই মহিলাগৰাকী মোৰ কাষতে বহিছিল। কণ্ডাক্টৰজনে বাছৰ ভাৰা ল’বলৈ আহিছিল আৰু তেতিয়া এই মহিলাই ডাঙৰ ভেনিটীটো খুলিলে, তাৰ পৰা মজলীয়া পাৰ্ছ এটা উলিয়ালে, ডাঙৰ ভেনিটী বন্ধ কৰিলে, মজলীয়া পাৰ্ছ খুলিলে, তাৰ পৰা সৰু পাৰ্ছ এটা ওলালে, মজলীয়া পাৰ্ছটো বন্ধ কৰিলে, এনেকুৱাতে কণ্ডাক্টৰজন সন্মূখৰ ফালে গুছি গ’ল। আকৌ তাই মজলীয়া পাৰ্ছটো খুলিলে, তাত সৰু পাৰ্ছটো ৰাখিলে, মজলীয়া পাৰ্ছটো বন্ধ কৰিলে, ডাঙৰ ভেনিটীটো খুলিলে, তাত মজলীয়া পাৰ্ছটো ৰাখিলে, ডাঙৰ ভেনিটীটো বন্ধ কৰিলে….. এনেতে কণ্ডাক্টৰজন আকৌ আহিল…. মহিলা গৰাকীয়ে ডাঙৰ ভেনিটী খুলিলে….

জজ (খঙত) : কি ডাঙৰ ভেনিটী, মজলীয়া পাৰ্ছ, সৰু পাৰ্ছ কৰি আছা!

পুৰুষ যাত্ৰী : জজ চাহেব আপুনিতো শুনি আছে, মইতো দেখি আছিলোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.