ফটাঢোল

কৌতুক – পূৰ্ণময়ী মেধি

আমাৰ সকলোৰে মৰমৰ হৃষিক টিউচনলৈ ধৰিলে নহয় ল’ৰাটোৰ বাবে গাঁৱৰে প্ৰৱালখুড়াই৷ হৃষিয়েও ভালেই পালে কেপি আৰু স্কুটিৰ তেলৰ খৰচ ওলাব৷ পিচে আজি সি ফোপাই জোপাই আহিছে,

: মই নোৱাৰোঁ ঐ, মই নোৱাৰোঁ৷

কৈ ঠাঁচকে পৰিল৷ তাবিবে ধৰিবই নোৱাৰিলে কি হ’ল৷ পানী খুৱাই সুধিলত যি ক’লে আমিও হাঁহন্ত গোসাঁইৰ নাম জপিলোঁ৷

হৃষিয়ে পঢ়ুৱা ল’ৰাটোক বোলে ক’লে,

: বাবা 8 (৮)ক ভাগ কৰাচোন৷

ল’ৰাই বোলে,

: মই জানো ছাৰ, ৰ’ব কৰি দেখুৱাওঁ৷ 8ক যদি পথালিকৈ ভাগ কৰোঁ দুটা 00 পাম৷ আৰু যদি দীঘলকৈ ভাগ কৰোঁ দুটা 33 পাম৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.