ফটাঢোল

কৌতুক-পূৰ্ণময়ী মেধি

দৰাৰ লগত গৈছোঁ, কইনা আনিবলৈ। বাছত সব একেলগে উঠিছোঁ। হাঁহি ফুৰ্তি কৰি গৈ আছোঁ, মাজে মাজে বিহু লগাই দৰাৰ লগৰবোৰে নাচিছে। অলপ দূৰ গৈয়ে এজনৰ চিঞৰ বাখৰ আৰম্ভ হ’ল, “হেৰৌ, ৰহ! বাছ ৰখা, বাছ ৰখা”! ড্ৰাইভাৰে শুনাই নাই, কোনেও গুৰুত্ব দিয়া নাই। বাছ গৈ আছে। এবাৰ সি “ৰহ ঐ (অশ্লীল), মোবাইল পৰিল” – বুলি চিঞৰাত জোৰত ড্ৰাইভাৰে ব্ৰেক মাৰিলে। সবৰে ইচ ইচনি, এঃ গ’ল মোবাইল ইয়াৰ। সিও জাপ মাৰি নামি আহি আকৌ উঠিল।

সব ব্যস্ত হৈ পৰিল। সুধিলে ঠিকে আছেনে মোবাইলটো!

সি মিচিকিয়াই ক’লে, “তিনিটকীয়া হে”!

সকলো আচৰিত! কি! তিনিটকীয়া মোবাইল!

সি বোলে, “ক’ৰ মোবাইল! মোৰ চাধা টেমাটোহে পৰিছিল। কিন্তু তহঁতে চাধা টেমা বুলি ক’লে বাছ ৰখালি হ’লে জানো?”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.