ফটাঢোল

কৌতুক – বন্দিতা জৈন

লকডাউনৰ তিনি মাহ পিছত দুগৰাকী মহিলা লগ হ’ল বজাৰত। কথা পাতি কিমান সময় হ’ল খবৰ নাই৷ এগৰাকীৰ লগত এজন সৰু ল’ৰা  গৈছে৷ বহুত সময় ঠিয় হৈ থকাত আমনি লাগিছেগৈ তাৰ৷ কথা শেষৰখিনি দিলোঁ দেই,

প্ৰথম মহিলা : এই বন্ধবোৰ কেতিয়ানো শেষ হ’ব জানো৷ আমনি লাগিছে আৰু৷ ঘৰত কেৱল পাকঘৰটোতে সোমাই ইটো বনোৱা সিটো বনোৱা কৰোঁতে পাৰ হয়।

দ্বিতীয় মহিলা : হয় দেই পায়, নক্কব আৰু এই বনোৱা মেলা কাৰবাৰটো৷ কালিয়েই চাওকচোন আমাৰ এওঁ ডেৰ কেজিৰ তাজা ৰৌমাছ এটা লৈ আহিছে৷ ইফালে মানুহ আকৌ চাৰিজনহে। ভাজিয়েই খাব নে তৰকাৰী খাব বুজিছে৷ ইমান গৰম বৰ এলাহ লাগে৷

ওচৰতে থকা সৰু পুতেকে মাত লগালে লগে লগে৷

সৰু ল’ৰা : ক’তনো মা? মই দেখোন নাপালোঁ।

মাক : হেই এইটো, তই শুলিগৈ দে৷

তাৰ পিছত তাৰপৰা লৰালৰিকৈ আঁতৰি আহিল৷

☆ ★ ☆ ★ ☆

3 Comments

  • আদিত্য

    🤪🤪

    Reply
  • মানসী বৰা

    সৰু ল’ৰাৰ আগত মিছ কথা কোৱা অনুচিত😂😂

    Reply
  • নীলাঞ্জনা

    ফটাঢোল কোবাই আছিল মাকে পালে গমটো ন৷ হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published.