ফটাঢোল

কৌতুক – ববিতা কলিতা

মেট্ৰিক পৰিক্ষাৰ্থী এগৰাকীক বজাৰত লগ পাই, –

শিক্ষয়িত্ৰীঃ প্ৰস্তুতি কেনে চলিছে?

ছাত্ৰীঃ ভাল, মেম৷

শিক্ষয়িত্ৰীঃ সকলো সম্পূৰ্ণনে?

ছাত্ৰীঃ হয়, মেম। হেয়াৰ কাট্,  ফেচিয়েল,  মেনিকিয়ৰ,  পেডিকিয়ৰ চব হ’ল। খালী থ্ৰেডিং বাকী। (অলপ ৰৈ) আৰু এতিয়া শাৰীৰ লগৰ মেচিং ব্লাউজটো নিবলৈ ইয়ালৈ আহিছোঁ।

শিক্ষয়িত্ৰীঃ কি?  মই মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ কথাহে সুধিছোঁ!

ছাত্ৰীঃ মই আকৌ সৰস্বতী পূজাৰ কথা সোধা বুলিহে ভাবিছিলো।

সুবিধা বুজি অলপ বাইদেউগিৰি দেখুৱাই শিক্ষয়িত্ৰী গৰাকীয়ে ক’লে, –

“সন্মুখত থকা পৰীক্ষাটিৰ কথাও অলপ ভাবিবা৷”

কমলা ৰঙৰ লিপষ্টিক বুলাই ডাঠ কৰা ওঁঠযুৰিৰ ফাঁকেৰে মিহি মিহিকৈ হাঁহি আত্মপ্ৰত্যয়েৰে ছাত্ৰীগৰাকীয়ে উত্তৰ দিলে, –

“পৰীক্ষাৰ কাৰণেই পূজা দিব গৈ আছোঁ,  মেম। সৰস্বতী মায়ে চম্ভালিব আৰু।”

☆★☆★☆

 

Leave a Reply

Your email address will not be published.