ফটাঢোল

কৌতুক – মনজিৎ

এদিন সন্ধিয়া থুলুকে এটুপি ধৰি আহি নবীনক সুধিলেহি,

: ঐ ৰমেচক দেখিছিলি নেকি বে?

নবীনে ধৰিব নোৱাৰিলে কোন ৰমেছৰ কথা সুধিছে৷ সেয়ে ওলোটাই সুধিলে,

: এই ৰমেছ কোন বে?

থুলুকটো গৰম,

: আবে কি ফাল্টু মানুহ বে, ৰমেছক চিনি নাপাৱ?

এই বুলি ভেকাহি মাৰি নবীনক ঠিকচে কাণ চেপা এটা দি সেই ঠাইৰ পৰা আঁতৰি গুচি যায়। নবীনে কি হ’ল ততকে ধৰিব নোৱাৰিলে। কাণ চেপা খাই খং উঠিছিল যদিও একো নকৈ কামত ধৰিলেগৈ। দুদিন পিছত আকৌ একেই ঘটনা। ঘুটুং পানী ধৰি আহি আকৌ সুধিলেহি ৰমেছক দেখিছিল নেকি বুলি নবীনে আকৌ ক’লে কোন ৰমেছ সি চিনি নেপাই বুলি। থুলুক ফায়াৰ , চাল্লা ৰমেছক চিনি নেপাৱ বুলি আকৌ কাণচেপা।

এনেকৈ তিনিদিন একেটা ঘটনাকে ৰিপিট হোৱাত নবীনৰ মূৰ গৰম হৈ গ’ল। পোনচাতে গৈ থুলুকৰ ঘৰ ওলালেগৈ। তাৰ ঘৈণীয়েকক গৈ অভিযোগ কৰিলে যে তাক এনেকুৱা তেনেকুৱা কৰে বুলি। ঘৈণীয়েকে তাক বুদ্ধি এটা শিকাই পঠালে। এইবাৰ থুলুকক দেখিলেই আগতিয়াকৈ সুধিবি, মালতিক দেখিছিলি নেকি বুলিl আৰু সি যেতিয়া সুধিব কোন মালতি তেতিয়া তাক ঠিকচে চৰ এটা দিবি নিচা ফাটি যোৱাকৈ। বুদ্ধিটো পাই নবীন খুচ হৈ গ’ল। সন্ধিয়া থুলুকক দেখিয়ে খেদি যোৱা দি গৈ সুধিলে

: ঐ মালতিক দেখিছিলি নেকি?

এই বুলি সুধি চৰ দিবলৈ সাজু হওঁতেই থুলুকে উত্তৰ দিলেই নহয়

: অ কালি ৰাতি দেখিছিলোঁ বে, ৰমেছৰ লগত পলাই গৈছে ভেলাগুৰিৰ ফালে। কিয় সুধিলি?

নবীনৰতো মাথা গৰম বুদ্ধিয়ে কাম নিদিলে। খঙত একোনাই হৈ আকৌ ওলোটাই থুলুককেই সুধি দিলে,

: এই ৰমেছ কোনে বে? মোৰ জিনা হাৰাম কৰি দিছে!

: আবে কি ফাল্টু মানুহ বে, ৰমেছক চিনি নাপাৱ?

এই বুলি আকৌ কাণচেপা এটা দি ধলং পলং কৈ ঘৰলৈ বাট ল’লে। নবীন জলভৰ লাগি তাতেই ৰৈ থাকিল আৰু৷

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.