ফটাঢোল

কৌতুক – মাধুৰ্য্য কুমাৰ ডেকা

আমাৰ চুবুৰীলৈ গাখীৰ দিবলৈ অহা সেই বিহাৰী ল’ৰাটোৰ কথাকে পুনৰ লিখিবলৈ ওলাইছোঁ‌৷ সি চালাক বুলি জানিছিলোঁ‌৷ কিন্তু ইমান চালাক হ’ব পাৰে সেয়া সপোনতো ভবা নাছিলোঁ‌৷ যোৱা সপ্তাহৰ কথা। আগৰ দৰে সেইদিনাও সি গাখীৰ দিয়াৰ উদ্দেশ্যে আমাৰ চুবুৰীলৈ আহিল৷ তেনে সময়তে আমাৰ বৰুৱানী খুড়ীয়ে তাক আদবাটতে ৰখাই কিছু খঙেৰে সুধিলে-“অ’ই, তই যে গাখীৰ ডুপ্লিকেট কৰিবলৈ লৈছ’ কিয়? সিদিনাৰ গাখীৰখিনি দেখোন চব পানী৷ কোনেও একো নকয়তো সাহ পাইছ? আমাক বাৰু নালাগে কিন্তু ভগৱানলৈতো ভয় কৰ!”

ল’ৰাটোৱে চাইকেলখন ষ্টেণ্ড কৰি বৰুৱানীলৈ চাই ক’লে- “ডুপ্লিকেট কৰাৰ কথা আপুনি অন্ততঃ নক’ব।”

“কিয়? কিয় নক’ম?” বৰুৱানীয়ে উভটি ধৰিলে।

“আপোনাৰ ফেচবুকৰ প্ৰফাইল পিকচাৰখন চাওঁক আৰু এতিয়াৰ ৰূপটো আইনাত গৈ চাই আহক। ভগৱান নালাগেই আপুনি নিজেই নিজকে দেখি ভয় খাব।”

অলপ সময় ৰৈ ল’ৰাটোৱে পুনৰ ক’লে- “আপোনাৰ ভাগ্য ভাল৷ মই এতিয়ালৈকে ফটোখনত কোনো লাইক কমেন্ট দিয়া নাই৷ ন’হলে আপোনাৰ কি অৱস্থা হ’লহেতেন নহয়…!”

বৰুৱানী নিশ্চুপ……

“চাল্লা নিজেই ডুপ্লিকেট কৰাৰ সীমা চেৰাই গৈছে মোক আকৌ ওলোটাকৈ ডুপ্লিকেট কৰাৰ কথা কয়!”–ল’ৰাটোৱে মুখতে ভোৰভোৰাই চাইকেল ঠেলি ঠেলি সেই স্থান ত্যাগ কৰিলে।

বৰুৱানীয়ে শিল পৰা কপৌটোৰ দৰে ল’ৰাটো যোৱাৰ ফালে চাই থাকিল৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.