ফটাঢোল

কৌতুক : সঞ্জীৱ কুমাৰ মহন্ত

১/

হেৰি শুনকচোন! অকণমান কথা এষাৰ..

যদি আপুনি বাছৰ ছিটত বহি থকা অৱস্থাত খালী হৈ থকা আপোনাৰ কাষৰ ছিটটোত
এগৰাকী সুন্দৰী আধুনিকা যুৱতী আহি নিসংকোচে বিন্দাচভাৱে বহিব খোজে,
তেন্তে  আপুনি বুজা উচিত….

এতিয়া আপুনি …UNCLE ৰ তালিকাত সোমাই গৈছে…..

ডেকা বয়স ইজ অ’ভাৰ…..

২/

এবাৰ সৰু ল’ৰা এটাই…ভগৱান শিৱক প্ৰাৰ্থনা জনালে,

: হে শিৱ শংকৰ মোক এজনী গাৰ্লফ্ৰেণ্ড আপুনি ঠিক কৰি দিয়ক

সি ৪/৫ দিন বাট চালে কিন্তু তাক গাৰ্লফ্ৰেণ্ড ভগৱানে নিদিলে….

তাৰ খুব খং উঠিল…পিচদিনা ৰাতিপুৱা সি সিহঁতৰ  মন্দিৰৰ পৰা গণেশৰ মূৰ্তি এটা উঠাই ললে আৰু কাগজ এখনত লিখি শিৱ ভগৱান ক ক’লে,

: যদি তোমাৰ ল’ৰাক ভালে কুশলে লাগে তেন্তে পিছবেলাৰ ভিতৰত মোৰ গাৰ্লফ্ৰেণ্ড লৈ পুৰণি বঙলাৰ ওচৰলৈ আহি যাবা।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.