ফটাঢোল

ক্লাইমেক্স – ঈশান জ্যোতি বৰা

ভণ্টী এজনীৰ বিয়া মোটামুটি ঠিক হৈছেগৈ ৷ ল’ৰাৰ কথা খাৰাংখাচ ৷ যি-কোনো মূল্যৰ বিনিময়ত সি বিয়া পাতিবই ৷ অৱশ্যে আমি অৰ্থাৎ পৰীক্ষকদ্বয়ে (খুৰাদেউ আৰু এই ‘অধম’) এতিয়াও সেউজ সংকেত দিয়া নাই ৷ কাৰণ, পৰিচয়মূলক ‘ভাইভা’টো এইপৰ্যন্ত হোৱায়েই নাই ৷ তাৰপৰা যোগ-বিয়োগ-পূৰণ-হৰণ কৰি ফাইনেল মেৰিট লিষ্টখন উলিয়াবলৈ আছেই ৷ গতিকে কইনাই বেছি পেনপেনাই থাকিলে আমাৰ এটাই উত্তৰ- “বেছি সপোন-টপোন নেদেখিবি৷ সাগৰলৈ এতিয়াও বহু দূৰ৷ আগতে ভাইভা হৈ লওক৷” ভাইভাৰ নাম শুনি ছোৱালী সেইপিনেই তাপ মাৰিলে ৷

অৱশেষত কালি দিনৰ এঘাৰ বজাত ‘ভাইভা’ আৰম্ভ হ’ল৷ খুৰাদেৱে দুদিন আগতেই মোক কৈ থৈছিল- ‘এঘাৰবজাৰপৰা ভাইভা আৰম্ভ হ’ব৷ লগত মাকো আহিব ৷ তই কাগজ-কলম লৈ সময়ত আহি যাবি৷’
মই বোলো-‘ক’ব লাগিছেনে আৰু খুৰাদেউ ! আপুনি টেনছনেই নল’ব৷ বুলগেৰিয়াৰপৰা আৰম্ভ কৰি আমাৰ এইপিনে কন্যাকুমাৰীলৈকে বিয়পি থকা বিবাহোপযোগী যুৱক-যুৱতীৰ চিন্তাধাৰা আৰু গুণাৱলী এইকেইদিনতে খৰচি মাৰি অধ্যয়ন কৰি পেলালোঁ আৰু একেটা সময়তে সিহঁতৰ বৌদ্ধিক দিশত ভুমুকি মাৰি এখন সুদীৰ্ঘ প্ৰতিবেদনো যুগুতাই পেলালোঁ ৷ পৰিণতি একেবাৰে সাংঘাতিক ৷ হাতত মোৰ এতিয়া এখন পাঁচ পৃষ্ঠাজোৰা প্ৰশ্নকাকত ৷ একোটা শুদ্ধ উত্তৰৰ বাবে নম্বৰ ঠিক কৰা হৈছে দহ৷ ভুল উত্তৰ দিলে মাইনাছ ফাইভ ৷’
‘ভেৰি গুদ৷’ – খুৰাদেৱে তীব্ৰ উচ্ছাসেৰে জঁপিয়াই উঠিল ৷

“বাৰু কোৱাচোন, পৰৱৰ্তী পাঁচটা বছৰত তুমি নিজকে ক’ত ক’ত নেদেখিম বুলি ভাবিছা? আকৌ শুনা, ‘ক’ত ক’ত নেদেখিম’ বুলি ভাবিছা?”

ভাইভাৰ দিনা আমাৰ সমুখত কেণ্ডিডেট সোঁশৰীৰে বহি আছে ৷ প্ৰথমটো প্ৰশ্ন ময়েই সুধিলোঁ ৷ কোৱা বাহুল্য, প্ৰশ্নৰ কোৱালিটি দেখি ল’ৰাই সেপ গিলিলে ৷ ঘটনাটো মই নিজ চকুৰে দেখিলোঁ ৷ পিছে দুৰ্ভাগ্যৰ কথা তাক সহায় কৰিবলৈ কাষত কোনো নাই ৷ কইনাৰ মাক ওৰফে খুৰীদেউ আৰু ল’ৰাৰ মাক পাকঘৰত শাক-পাচলি কটাত ব্যস্ত৷ ছোৱালীক আমি স্মাৰ্টফোনটো দি ছ’ছিয়েল মিডিয়াত এংগেজ কৰি ৰাখিছোঁ ৷ গতিকে বেচেৰাই নিজৰ চুলি নিজে ছিঙাৰ বাহিৰে অইন একো ৰাস্তা নাই ৷ খুৰাদেউৰ ইংগিত বুজি মই কলমটোৰে শূন্যৰ ঘৰত ‘টিক্’ মাৰিবলৈ আগবাঢ়িলোঁ, তেনেতে…

“পৰৱৰ্তী পাঁচটা বছৰত মই নিজকে চাৰিআলি, তিনিআলি, ক্লাৱঘৰ, পাণদোকান, ক্ৰিকেট গ্ৰাউণ্ড, গাৰ্লছ হোষ্টেলৰ সমুখ, নাইবা ছোৱালী কলেজৰ সমুখত নেদেখিম বুলি ভাবিছোঁ৷ আকৌ কৈছোঁ-‘নেদেখিম বুলি ভাবিছোঁ৷’”

বপুৰাৰ আত্মবিশ্বাস কেনেকৈনো ঘূৰি আহিল, জনা নাযায় ৷ একেবাৰে ধুমুহাৰ গতিৰে ফৰফৰকৈ সি উত্তৰটো মাতি দিলে! মোৰ আৰু খুৰাদেউৰ মুখ ততালিকে মেল খাই গ’ল ৷ কি জিনিছ এইটো ! খন্তেকপৰ পিছত আমি সম্বিৎ ঘূৰাই পালোঁ ৷ বাস্তৱলৈ ঘূৰি আহি গলখেকাৰি একোটা-একোটা মাৰিলোঁ ৷ ল’ৰাই সিপিনে মিচিকিয়া হাঁহি এটা মাৰিলে ৷ ইপিনে খুৰাদেৱে কঁপা কঁপা হাতেৰে দহ নম্বৰৰ ঘৰটোত ‘টিক্’ মাৰ্ক এটা দিলে ৷

তাৰপিছত প্ৰায় দুঘণ্টা সময় আমাৰ ‘ভাইভা’ চলি থাকিল ৷ বেছিভাগ প্ৰশ্নয়েই জটিল ৷ একডজনমান প্ৰশ্ন ইউৰোপীয় আৰু ফৰাচীমূলৰ বৈবাহিক চিন্তাধাৰাৰে জীপাল হৈ আছিল ৷ দহটামান ‘মাল্টিপল ছয়ছ কোৱেশ্যন’ৰ বিষয় ডনাল্ড ট্ৰাম্প আৰু মেলিনিয়া ট্ৰাম্পৰ যুগ্ম-জীৱনৰ ওপৰত আধাৰিত৷ পৃথিৱীতে আমাৰ প্ৰশ্নবোৰ সীমাৱদ্ধ নাৰাখি বৰ্হিবিশ্বৰ জগততো প্ৰৱেশ কৰিছিল ৷ সেই বিচিত্ৰ জগতৰ বিবাহপদ্ধতিৰ এক প্ৰবেবল কালচাৰেল ডিজাইন অংকন কৰিবলৈ আমি কেণ্ডিডেটক দায়িত্ব দিলোঁ৷ সি আঁকিলে ঠিকেই, কিন্তু শেষমুহূৰ্তত প্ৰেডিকছন এ’ৰৰৰ দ্বাৰা বিভ্ৰান্ত হৈ হাত দাঙি দিলে ৷ আমি তেওঁৰ চেষ্টাক শলাগ ল’লোঁ আৰু দহৰ সলনি সাত নম্বৰ দিলোঁ ৷ মুঠৰ ওপৰত আমি ল’ৰাক পাল মাৰিবলৈ সুৰুঙা দিয়া নাই ৷ একধৰণৰ ‘হাইলি ফাংচনেল আৰু ইনটেলেকচুৱেল কনভাৰছেছন’ত আমি প্ৰাৰ্থীক ব্যতিব্যস্ত কৰি ৰাখিলোঁ ৷

বিয়লি দুই বাজি পোন্ধৰ মিনিটত আমাৰ ‘ভাইভা’ শেষ হ’ল ৷ ল’ৰাক দুইমিনিটমান উশাহ-নিশাহ ল’বলৈ এৰি দি আমি গোপন কক্ষত সোমালোঁ ৷ হাতত নম্বৰ-তালিকা আৰু কেলকুলেটৰ ৷ মনোযোগেৰে নম্বৰ গণনা কৰাত লাগিলোঁ৷ পিছে ‘টোটেল’টো যোগ দিবলৈ ওলাওঁতেই ভিতৰৰপৰা খুৰীদেৱে ভাত খাবলৈ চিঞৰিলে ৷ আমিও প্ৰশ্ন সুধি-সুধি ইতিমধ্যে ভোকত আতুৰ হৈ পৰিছিলোঁ ৷ সেয়েহে গণনাৰ পৰা ক্ষন্তেক বিৰতি লৈ আমি টেবুলৰ দিশে আগবাঢ়িলোঁ ৷

যুদ্ধ জয় কৰি অহা নেপোলিয়নৰ দৰে ল’ৰা চকী গপচত বহি আছে ৷ আমিও হাঁহি একোটা মাৰি তেওঁৰ আশে-পাশে চকী উলিয়াই বহি ল’লোঁ ৷ খুৰীদেৱে ভাতৰ কাঁহী উলিয়াই আনিলে৷ পিছে পিছে ছোৱালীয়ে উলিয়াই আনিলে বাটী ৷ মুৰ্গীৰ সুদীৰ্ঘ ঠেং থকা বাটীটো আৰু চিতলৰ বিৰাট পেটাংশ থকা বাটীটো তাইৰ ল’ৰাটোকে দিলে ৷ আমি বেয়া নেপালোঁ ৷ আমি সাধাৰণ মানুহ, নিমিত্তহে মাথোন৷ যি দিয়ে তাকেই খাম ৷ কাষতে থকা খুৰাদেৱে ক্ষুদ্ৰাকৃতিৰ মুৰ্গীৰ কলিজাকণ আঙুলিৰে চেপি মুখৰ ভিতৰলৈ নিবলৈ আন্তৰিক প্ৰচেষ্টা চলালে আৰু এইপিনে মই কামিহাঁড়ৰ মাজেৰে ওলাই থকা মুৰ্গীৰ মঙহকণ চোবাবলৈ ব্যাকুল দাঁতকেইটাক দায়িত্ব অৰ্পণ কৰিলোঁ ৷ তেনেতে,

“মা..অ’ মা..”

হঠাতে ল’ৰাটোৱে প্ৰাণকাতৰ চিঞৰ এটা মাৰিলে ৷ চিঞৰৰ উচ্চ ডেচিবেলত থৰকাচুটি হেৰুৱাই খুৰাদেউৰ মুখৰ পৰা কলিজাৰ মঙহাল অংশ উফৰি আহি একেকোবে মোৰ কাঁহীত পৰিল ৷ মই ততালিকে ভাতকেইটামানৰ মাজত তাক লুকুৱাই ৰাখিলোঁ ৷ নহ’লে কইনাৰ দেউতাকে মুৰ্গীৰ কলিজা খাব নোৱাৰে বুলি বজাৰত বদনাম ওলাই যাব ৷ কিন্তু ঘটনা তাতকৈও ঘায়েল হ’ল তেতিয়া, যেতিয়া ল’ৰাৰ চিঞৰৰ মাত্ৰা বাঢ়ি বাঢ়ি চুবুৰীৰ দহঘৰ মানুহৰ কাণ উৰুৱাই নিয়াৰ উপক্ৰম হ’ল ৷ আমি কাণ্ড দেখি তাজ্জুব মানিলোঁ ৷ ছোৱালী দৌৰি আহি আলফুলকৈ পানীৰ গিলাচটো তালৈ আগুৱাই দিলে ৷ ল’ৰাই পিছে তালৈ কেৰেপেই নকৰিলে ৷ আমি ততালিকে মাকক বিচাৰিলোঁ ৷

বাথৰূমত সোমাই থকা ল’ৰাৰ মাক উধাতু খাই ভাতৰ টেবললৈ দৌৰি আহিল ৷ মুখত ‘কি হ’ল কি হ’ল’ হৰ্ষধ্বনি ৷ চিঞৰিবলৈ এৰি তেতিয়া ল’ৰাই কাষত থকা বাটীটোলৈ আঙুলিয়াই দিলে আৰু ক’লে-“মাআআআ ! চিতল মাছ৷”

“অ’..বুজিছোঁ৷”-মাকে ল’ৰাটোৰ মূৰত হাত বোলাই ধেকধেকাই হাঁহিবলৈ ধৰিলে ৷ আমি প্ৰমাদ গণিলোঁ ৷

ঘটনাটো কি ? মাছ-মাংস ৰান্ধোতেই কিবা খেলি-মেলি কৰিলে নেকি, নে বাটীত কাৰোবাৰ চুলি-তুলি পৰি আছে ৷ তেনেকুৱা অঘটন ঘটিলে বৰ হতাশাৰ কথা হ’ব ৷ খুৰাদেউ নিমাত, নিস্তব্ধ ৷ কি হৈছে, একো পাত্তা পোৱা নাই ৷ ছেহ্ ! এইবোৰ পৰীক্ষা-চৰীক্ষা পাতি আহুকালহে চপাই ল’লে নেকি ! কিনো দৰকাৰ আছিল উস্তাদি মাৰি সেইবোৰ কাণ্ড কৰাৰ ! এতিয়া হাতৰ মুঠিতে চিকিৎসক জোঁৱাই এটা হেৰুৱাব ৷ বেচিনত হাতখন মুহূৰ্ততে ধুই আহি বিবুদ্ধিত পৰা খুৰাদেৱে হাতযোৰ কৰি ক্ষমা খুজিবলৈ সাজু হৈছিলেই, তেনেতে মাকে ক’লে–
“মানে আমাৰ ই মাছৰ কাঁইট গুচাব নেজানে ৷ তাতে চিতল মাছৰ কাঁইটো বেছি যে৷ ময়েই গুচাই দিব লাগে আৰু৷ হেঃহেঃহেঃ”

বাটীটোৰ পৰা চিতল মাছৰ টুকুৰাটো উলিয়াই মাকে হাঁহি হাঁহি স্পষ্টীকৰণ দিলে ৷ খুৰাদেৱে লগেলগে হাত নমাই আনিলে ৷ তাৰপিছত মুখত হাঁহি এটাৰ বিস্ফোৰণ ঘটাই সকলোৱে শুনাকৈ ক’লে-“চিন্তা নাই দিয়ক ৷ আমাৰ আকৌ এই কাঁইট গুচোৱাত ভাল৷ চিতল মাছেই হওক বা কাৱৈ মাছেই হওক৷ হেঃহেঃহেঃ।”

☆ ★ ☆ ★ ☆

7 Comments

  • Rajarshi Loing

    Mojah lagil

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Anonymous

    চিতল মাছ আনিব লাগিব। পৰীক্ষকৰ পৰীক্ষা ল’ব লাগিব।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মই আকৌ পইতাচোৰা ওলোৱা বুলিহে ভাবিলো৷

    ভাল লাগিল ঈশান

    Reply
  • ঈশান

    সকলোকে আন্তৰিক ধন্যবাদ 🙂 🙂

    Reply
  • Chandana Das

    ভাল লাগিল

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    মজা লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.