ফটাঢোল

ক্ৰচ কানেকচন – হেমন্ত কাকতি

Rdআমাৰ বিয়াৰ পিছতে চাকৰি সূত্ৰে মুম্বাইত থাকিবলৈ লৈছিলোঁ৷ দৰ্মহা তেনেই কম যদিও বলিউদ, আণ্ডাৰৱৰ্লড আৰু ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মায়ালগা মুম্বাই চহৰখনে মোক কিবা এটা আকৰ্ষণেৰে বান্ধি ৰাখিছিল৷ ওখ ওখ অট্টালিকাত থকা মানুহবোৰৰ দৰে ময়ো ধনী হোৱাৰ সপোন দেখিছিলোঁ৷ কিন্তু হঠাৎ দেউতাৰ আকস্মিক মৃত্যুত প্ৰায় এমাহমানৰ বাবে অসমৰ গাঁৱৰ ঘৰলৈ ঘূৰি গ’লোঁ৷ অকলশৰীয়া মাক সংগ দিবলৈ ছুটি কিছুদিন বেছিয়েই ল’ব লগা হোৱাত ব্যক্তিগত খণ্ডৰ চাকৰিৰপৰা অব্যাহতি ল’ব লগা হ’ল৷

দেউতাৰ শেষকৃত্য সমাপন হোৱাৰ কিছুদিন পিছতেই মই জীৱিকাৰ খাতিৰত মুম্বাই গুচি অহাৰে সিদ্ধান্ত লৈছিলোঁ৷ অশেষ চেষ্টাৰে সৰু চাকৰি এটা পুনৰ যোগাৰ কৰি লৈছিলোঁ৷ মাক গাঁৱৰপৰা মুম্বাইলৈ দুবাৰমান আনিছিলোঁ যদিও তাত থাকি অলপো ভাল পোৱা নাছিল৷ মই থাকোঁ ফ্লেট এটাৰ আঠ নম্বৰ তলাত, গতিকে মই অফিচলৈ যোৱাৰ পিছতে মা আৰু বোৱাৰীয়েক বন্ধ পিঞ্জৰাত আবদ্ধ হোৱাৰ দৰে হৈ পৰিছিল৷ প্ৰায় পোন্ধৰ দিনমান পিছতে তেওঁ পুনৰ গাঁৱলৈ গুচি গৈছিল৷ ওৰেটো জীৱন গাঁৱতে পাৰ কৰি মুম্বাইৰ দৰে সুবিশাল চহৰৰ ব্যস্ত পৰিবেশ মাৰ পচন্দ নোহোৱাৰে কথা৷ এইবোৰ ভাবিয়েই মই মাৰ কাৰণে ঘৰতে লেণ্ড ফোন এটা লগাই দি, প্ৰত্যেক দিনাই সন্ধিয়া অফিচৰপৰা আহি এবাৰ ঠিক চাৰে সাতমান বজাত অলপদেৰি কথা পাতোঁ৷ মাৰ খবৰ খাতি লওঁ৷

মায়ে দৈনিক অসমখন উৰাই ঘূৰাই পঢ়ে৷ গতিকে অসমৰ প্ৰতিটো চুক-কোনৰ খবৰ মাৰ পৰাই পাই যাওঁ৷ কিবা ইণ্টাৰেষ্টিং হ’লেতো কথাই নাই৷ সকলো ‘ব্ৰেকিং নিউজ’ৰ লগতে দিনটোৰ সমস্ত কথাখিনি মায়ে মোক কৈহে সন্ধিয়াৰ চাহ কাপ খায়৷ কাম বন কৰিবলৈ ছোৱালী এজনী ঠিক কৰি দিছিলোঁ যদিও মায়ে তাইক ছুটি দি নিজেই সকলো কৰি থাকিবলৈ ল’লে৷ মাৰ মতে তেওঁ কাম নকৰিলে শৰীৰটো হেনো ঠিকে নেথাকে, গতিকে কাম কৰা মানুহৰ দৰ্কাৰ নাই৷ মা অকলশৰীয়া যদিও দিনটো ব্যস্ত হৈ থাকে বিভিন্ন কামত৷ তেওঁৰ কামৰ অন্ত নাই, নামঘৰৰ নামতীৰপৰা আৰম্ভ কৰি গাঁৱৰ সভা সমিতিলৈকে সকলোতে তেওঁ আগৰণুৱা৷ ময়ো তেওঁ এইদৰে ব্যস্ত হৈ থকাত ভালেই পাইছিলোঁ৷

ল’ৰাটো জন্ম হোৱাৰ পিছত আইতাকে তাক মিছ কৰিলেও মাজে মাজে চিঠিৰ মাজতে ফটো দুই এখন পঠাই দিওঁ৷ তাকে চাই চাই মায়ে ফোনত সিহঁতৰ খবৰ সুধি সুধি সন্ধিয়া মোৰ সৰুকালৰ স্মৃতি ৰোমন্থন কৰাই থাকে, “তয়ো একেই আছিলি” জাতীয় কথাবোৰ৷ সিহঁত থাকিলে কেতিয়াবা ফোনটো তাক বা বোৱাৰীয়েকক লগাই দি মই ফ্ৰী হওঁ৷ সেয়া নব্বৈৰ দশকৰ কথা৷ আজিকালিৰ দৰে ভিডিঅ’ কলৰ সুবিধা নাছিল৷ মুঠতে প্ৰতি সন্ধিয়া অফিচৰপৰা ঘৰলৈ উভতি তেওঁৰ লগত ফোনত অলপ সময় কটোৱাটো মোৰ প্ৰায় ৰুটিনত পৰিণত হৈছিল৷ মায়েও সেই সময়খিনি অধীৰ আগ্ৰহেৰে ৰৈ থাকে৷ কিবা কাৰণত মই ফোন নকৰিলে মায়ে মোৰ নম্বৰটো নিজেই ডায়েল কৰি ফোন কৰি লয়৷ কিন্তু মাক সেই কামটো মই পৰাপক্ষত কৰিবলৈ দিয়াই নাই৷ বহুত কম এনে দিন গৈছে যে মই ফোন কৰা নাই আৰু তেওঁ কৰিবলগীয়া হৈছে৷

সেইদিনা আছিল ৰবিবাৰ৷ মই অফিচৰপৰা আহি ড্ৰেচটো চেঞ্জ কৰি মাক ফোনটো কৰিম বুলি ফোনটো লৈ বহিছোঁ৷ মোৰ মানুহজনীয়ে ল’ৰাটোক লৈ ওচৰৰে শ্বপিং কমপ্লেক্সটোলৈ ওলাই গৈছিল৷ মোক কৈ গৈছিল যে হয়তো ঘূৰি আহোঁতে চাৰে আঠমান বাজিব৷ মই মাৰ নম্বৰটো ডায়েল কৰিলোঁ৷ সাধাৰণতে এটা বা দুটা ৰিং হ’লেই মায়ে ঘপহকৈ ফোনটো ৰিচিভ কৰে৷ সেইদিনা সচৰাচৰ হোৱাতকৈ অলপ দেৰি হ’ল৷ প্ৰায় সাত আঠবাৰ ৰিং হোৱাৰ পিছতো নোতোলাৰ বাবে মোৰ অলপ চিন্তা হৈছিল৷ সাধাৰণতে মা এইখিনি সময় ফোনটোৰ ওচৰতে বহি থাকে৷ মোৰ ফোন কৰাত অলপ দেৰি হ’লেই তেওঁ নিজেই কল কৰি মোক কয়- কি হ’ল, ইমান দেৰিৰপৰা ৰৈ আছোঁ ফোন কিয় কৰা নাই? সেই কাৰণে মই অলপ চিন্তিত হৈছিলোঁ৷ ঠাণ্ডা পানী এগিলাচ খাই উঠি পুনৰ নম্বৰটো ডায়েল কৰিলোঁ৷ দুবাৰ ৰিং হোৱাৰ পিছতে সিফালৰপৰা ফোনটো উঠালে কিন্তু মোক আচৰিত কৰি বেলেগ দুজন মানুহৰ কথোপকথনহে শুনিবলৈ পালোঁ৷ সিফালৰপৰা প্ৰথমজন ব্যক্তিয়ে আৰম্ভ কৰিলে,

প্ৰথম ব্যক্তি : মুখাৰ্জী চাহাব, আপ হাজি আলী দৰগাহ কে সামনে ঠিক আঠ বজে আ জানা৷

দ্বিতীয় ব্যক্তি : লেকিন মে আপকো কেইচে পেহচানুংগা?

প্ৰথম ব্যক্তি : মে ব্লেক টি চাৰ্ট মে ৰহুংগা৷ আপ আকে এক পাঞ্চশ ৰূপয়ে কা নোট দেকে বলিয়েগা চেঞ্জ হোগা ক্যা ভাই চাব? মে  আপকা দো লাখ ৰূপিয়ে এক পেকেট মে দে দুংগা৷ লেকিন য়াদ ৰখনা, টাইম এক্সাক্টলি আঠ বজে হী আনা৷ দেৰ কৰেগা তো মে নহী ৰহুংগা৷ পুলিচ হমাৰা পিচে পড়া হেই৷ পাক্কা আঠ বজে মিলতে হেই৷

দ্বিতীয় ব্যক্তি : লেকিন ভাই চাহাব, মে তো বৰিভেলী মে………আঠ বজে কেইচে…?

প্ৰথম ব্যক্তি : ৱ সব মুঝে মালুম নেহী হেই! আঠ বজে চে এক মিনিট ভী দেৰ হুৱা তো সমঝো কাম খটম৷

ফোনটো কাট খাই গ’ল৷

মই ঘড়িটোলৈ চালোঁ৷ সাত বাজি পয়ত্ৰিচ মিনিট৷ মই থাকোঁ ল’ৱাৰ পেৰেলত৷ হাজি আলি দৰগাহ মোৰপৰা দহ মিনিটৰ বাট৷ মই বুজি পাইছিলোঁ যে সেয়া কোনো আণ্ডাৰৱৰ্লডৰ মানুহৰ ফোনৰ কথোপকথনৰ ‘ক্ৰচ কানেকচন’ হৈছে৷ কিবা এটা অনৈতিক লোভে মোক গ্ৰাস কৰি পেলালে৷ মোৰ ভাৱ হ’ল মুম্বাইৰ বৰিভেলীৰপৰা মানুহজনে হাজি আলী দৰগাহ এঘণ্টাতো আহি নেপায়, অথচ মই দহ মিনিটত গৈ পাব পাৰোঁ৷ মালৈ ফোনটো ঘূৰি আহিও কৰিব পাৰিম৷ এবাৰ মূৰত চিন্তাটো অহাৰ লগে লগে আৰু ৰোৱাৰ ধৈৰ্য্য নাছিল৷ মুহূৰ্ততে সিদ্ধান্তটো লৈ পেলালোঁ, যে পাঁচশ টকা লৈ ময়েই যাম৷ যদি কঁপাল ভাল, দুই লাখ টকা আজি মোৰ হ’ব৷ তেতিয়া মোৰ দৰ্মহা আছিল মাত্ৰ পাঁচ হেজাৰ টকা৷ (সেই সময়ত দুই লাখ মানে আজিৰ দিনত প্ৰায় বিশ লক্ষ টকা)

মিছন আৰম্ভ কৰাৰ প্ৰথম কাম আছিল পাঁচশটকীয়া নোট এখন যোগাৰ কৰা৷ কাৰণ পাঁচশ টকীয়া নোট ওলোৱা এবছৰমান হৈছেহে, য’তে ত’তে ফটককৈ পোৱা নেযায়৷ মই মোৰ পাৰ্চটো আৰু কোটৰ পকেট সৱ খুচৰি চালোঁ, সৱ মিলাই তিনিশ বিশ টকা হ’ল৷ লগেলগে মনত পৰিল, ল’ৰা-ছোৱালীৰ পিগি-বেংক এটাত কিছু পইচা আছে৷ সেইটো ভাঙি পইচা উদ্ধাৰ হ’ল প্ৰায় আশী টকা৷ এওঁৰ আলমিৰাৰ চেল্ফটো খুলিলোঁ, তাত পালোঁ চল্লিচ টকা৷ তেতিয়াও প্ৰায় ষাঠী টকা চৰ্ট হৈ আছিল৷ মই কাপোৰযোৰ পিন্ধি বাহিৰলৈ ওলাই লিফ্টলৈ দৌৰিলোঁ৷ মাৰাঠী লিফ্টমেনজনে মোক দেখি নমস্কাৰ জনাই সুধিলে,

: আহিছিল হে? ক’ৰবালৈ যায়?

তাক ৰিকুয়েষ্ট কৰিলোঁ, এশ টকা এটা হ’ব নেকি বুলি৷ সি আচৰিত হৈ মোৰফালে অলপ দেৰি চাই থাকি সুধিলে,: বহুত আৰ্জেণ্ট নেকি?

মই মূৰ দুপিয়ালোঁ৷ আশা কৰা ধৰণে সি পকেটৰপৰা এশ টকা এটা উলিয়ালে৷

: বহুত ধন্যবাদ, মই কালি দি দিম৷

বুলি কৈ তাৰপৰা প্ৰায় থাপমাৰি নিয়াৰ দৰে নোটখন লৈ মই ৰাস্তালৈ দৌৰিলোঁ৷

মোৰ অভিযানটোৰ দ্বিতীয় চেলেঞ্জ আছিল, পাঁচশ টকীয়া নোট এখন যোগাৰ কৰা৷ ওচৰতে থকা মাৰোৱাৰী ‘গ্ৰ’চাৰী শ্বপ’খনলৈ আশা কৰি সেইখনলৈ পোনাই দিলোঁ৷

: ভাই চাহাব, আপকা লাক হি আটচা হেই৷ এক হী নোট হেই পাঁচশ কা৷

সি হাঁহি মুখে মোৰপৰা চেঞ্জখিনি লৈ পাঁচশটকীয়া নোটখন মোলৈ আগবঢ়াই দিলে৷ টেক্সী এখন লৈ প্ৰায় দহ মিনিটত মই হাজি আলি দৰগাহৰ সন্মুখ পালোঁ৷ টেক্সীৱালাটোক অলপ দেৰি ৰখাই থ’লোঁ যাতে সি মোক পুনৰ ল’ৱাৰ পেৰেলত ড্ৰপ কৰিব পাৰে৷ টেক্সীৱালাটো অলপ চাইদত ৰৈ থাকিল৷ দৰগাহৰ সন্মুখৰ ৰাস্তাত এজনো মানুহ নেদেখি অলপ আচৰিত হ’লোঁ৷ ঘড়ীটোলৈ চালোঁ আঠ বাজিবলৈ আৰু দুই মিনিট বাকী৷ টেনচন তেতিয়া মোৰ তুংগত৷ পকেটটো খেপিয়াই চিগাৰেট এটা উলিয়াই জ্বলাই ল’লোঁ৷ হঠাৎ চকুত পৰিল, ব্লেক টি চাৰ্ট পিন্ধা মিঠা বৰণৰ আদহীয়া লোক এজন সৰু কেৰীবেগ এটা লৈ টেক্সীৰপৰা নামিল৷ মুহূৰ্তৰ বাবে মোৰ চকু দুটা তিৰবিৰাই উঠিল৷ ভয় আৰু শংকাত সমস্ত শৰীৰ ঘৰ্মাক্ত হৈ পৰিছিল৷

ঘড়ীত পুৰা আঠ বাজিছে৷ মানুহজনৰ ওচৰ চাপি গ’লোঁ, অলপ গহীন হৈ পাঁচশটকীয়া নোটখন উলিয়াই সুধি দিলোঁ,

: চেঞ্জ হোগা?

সি মোক ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি লাহেকৈ ক’লে,

: মুখাৰ্জী চাব?

: হাঁ৷

সি বিশেষ একো নকৈ হাতত থকা পেকেটটো মোলৈ আগবঢ়াই দিলে৷ এক মুহূৰ্তও পলম নকৰি মই টেক্সীত উঠিলোঁ৷ আঠ বাজি পোন্ধৰ মিনিটত মোৰ ফ্লেটৰ সন্মুখত টেক্সীৱালাই নমাই দিলে৷ মই আগে পিছে চালোঁ, কোনোবাই ফলৌ কৰিছে নেকি! নাই কোনো নাই৷ তথাপি মনটোত অলপ শংকাৰ ভাৱটো আছিলেই৷ ইমান টকা, যদি কোনোবাই গম পায়! যদি সিহঁতে টেক্সীৱীলাৰ নম্বৰ নোট কৰি ৰাখি মোক বিচাৰি উলিয়ায়? টেক্সিৱালাক মোৰ পকেটত থকা পুৰা চেঞ্জখিনি গুজি দি অকনো সময় খৰচ নকৰি চিধাই লিফ্টৰ ফালে দৌৰিলোঁ৷ সন্মুখত লিফ্টমেনজনে সেমেকা হাঁহি এটা মাৰি সুধিলে,

: আ গয়ে চাহাব?

ময়ো ম্লান হাঁহি এটাৰে ক’লোঁ,

: হয়৷ তোমাৰ এশ টকাটো কালি দি দিম৷ অলপ ইমাৰজেন্সিৰ বাবে ল’ব লগা হ’ল৷

সি “হ’ব, একো নাই” বুলি লিফ্টৰ বুটাম টিপিলে৷

ৰূমত প্ৰবেশ কৰিয়েই দুৱাৰখন ভিতৰৰপৰা লক কৰি দিলোঁ৷ টকাৰ বেগটো থ’বলৈ সুনিৰ্দিষ্ট জেগা এটা ঠিৰাং কৰিবপৰা নাছিলোঁ৷ উৎকণ্ঠা যথেষ্ঠ হৈছিল৷ দুই লাখ টকা জীৱনত প্ৰথম বাৰ একে লগে দেখিম৷ জীৱনত কৰিব নোৱাৰা বহু কাম কৰিব পাৰিম৷ পাৰিলে অহা মাহত গুৱাহাটীত দুকঠা মাটি কিনি থ’ম৷ মুম্বাইত নো কিমান দিন চাকৰি কৰি তিষ্ঠিব পাৰিম? গুৱাহাটীত ঘৰ এটা হ’লে মাকো তালৈকে লৈ আহিম৷

মাৰ কথা মনলৈ অহাৰ লগে লগে ফোনটো বজা আৰম্ভ কৰিলেই৷ হয়তো মায়ে মোৰ ফোন নেপাই নিজেই কল কৰিছে৷ কি ঠিক যদি মা নহৈ আকৌ সেই কোনোবা আণ্ডাৰৱৰ্লডৰ ডন হয়৷ অলপ দেৰি ৰিং হৈ কাটি গ’ল ফোনটো৷ টকাৰ পেকেটটো নুখুলি তলত থকা মোৰ জোতাৰ পেকেটটোতে লুকুৱাই পেলালোঁ৷ অলপ পিছতে ল’ৰাৰ লগত এৱোঁ পাবহি লাগে৷

ফোনটো পুনৰ ৰিং হ’বলৈ আৰম্ভ কৰিছিল৷ পুনৰ অলপ দেৰি ৰিং হৈ কাটি যাবলৈ দিলোঁ৷ ভাবিলোঁ, মাৰ নম্বৰটো মই নিজেই ডায়েল কৰিম৷

মাৰ নম্বৰটো ডায়েল কৰিয়েই ভয়ে ভয়ে মায়ে “হেলো” কোৱালৈ বাট চালোঁ৷

: হেলো’, সমীৰ!

: হয় মা ক৷ মই আহোঁতে দেৰি হ’ল আজি৷

: মই এঘণ্টাৰপৰা তোৰ নম্বৰটো লগাই আছোঁ, বোলো ক’ত গ’লি? ইহঁতো ঘৰত নাই নেকি?

:নাই, ইহঁতো ওচৰতে শ্বপিং কমপ্লেক্সটোলৈ ওলাই গৈছে৷ আহিবৰ হৈছেই৷ আৰু ক’, কি কৰিলি দিনটো? চাহ খালি নে?

: নাই খোৱা আকৌ৷ তোৰ ফোন আহিব বুলি চাৰে সাতটাৰপৰাই বহি আছোঁ, ফোনটোৰ ওচৰতে৷ চাহ কাপ বহালেও যদি তোৰ ফোন আহি যায়? সেয়ে উঠাই নাই৷

মোৰ নিজকে বৰ দোষী দোষী লাগিল৷ তেতিয়াহে ঘড়ীটোলৈ চালোঁ যে প্ৰায় ন’ বাজিবৰ হৈছে৷ মুম্বাইত ন বজা মানে জাষ্ট সন্ধিয়া যদিও, আমাৰ গাঁৱত মানুহ শুবলৈ যোৱাৰ সময়৷ সেয়ে বিশেষ  দেৰি নকৰি আলোচনাটো সোনকালে সামৰোঁ বুলি মাক ক’লোঁ,

: মা হ’ব দে, দেৰি হৈছে, তই সোনকালে কিবা এটা খাই শুই যা৷

মোৰ ইহঁত অহাৰ আগতেই টকাৰ বেগটো এবাৰ খুলি চাবলৈ মন গৈ আছিল৷ সেয়ে জোতাৰ পেকেটটো ভৰিৰে ওচৰলৈ টানি আনিলোঁ৷ এখন হাতেৰে ৰিচিভাৰটো ধৰি অন্যখন হাতেৰে বেগটো ওচৰলৈ টানি আনিলোঁ৷ মায়ে ইতিমধ্যে ফোন থোৱাৰ নামেই লোৱা নাই৷ দিনটোৰ কাহিনী কৈ শেষ নকৰাকৈ মায়ে নেৰে৷ মই কেবল হয়, বাৰু, ওকে কৈ কৈ প্লাচটিক বেগটোৰ মুখখন খুলি পেলালোঁ৷ ভিতৰত ডাঙৰ এনভেলপ এটাৰ ভিতৰত টকাখিনি খেপিয়াই চালোঁ৷ হঠাৎ মায়ে আৰম্ভ কৰিলে,

: আটচা সমীৰ, তই এটা কথা গম পাইছনে নাই?

: কি কথা মা?

: আজিৰ দৈনিক অসমত এটা খবৰ ওলাইছে তহঁতৰ মুম্বাইৰে৷

: কি খবৰ মা?

: তহঁতৰ মুম্বাইতে এটা হেনো গেং ওলাইছে, কিবা ফোনৰ ক্ৰচ কানেকচন কৰি মানুহক বিশ্বাস জন্মাই দিয়ে যে পাঁচশ টকাৰ খুচুৰা দি লাখ টকা পাব বুলি৷ যি মানুহ সিহঁতৰ চিকাৰ হয়, তাৰপৰা টকা পাঁচশ লৈ কিতাপ এখন দিয়ে৷ আৰু তাতে লিখা থাকে লাখ টকা কেনেকৈ ইনকাম কৰিব পাৰি! কিতাপখনৰ দামো হেনো পাচশ টকা৷ গতিকে কামটো হেনো ‘ইল্লিগেলো’ নহয়৷ সেইবোৰৰপৰা অলপ আঁতৰি থাকিবি৷ আজিকালি বাহিৰৰ মানুহবোৰে তোৰ দৰে অজলা পাই ঠগিব খুজিব চাবি৷

: নাই নাই মা, তই সেইবোৰ ভাবিব নেলাগে দে৷ মই ইমানো অজলা নহয় যে মোক ঠগিব৷ তই কিবা এটা খাই শুই থাকগৈ৷ মোৰো ভাগৰ লাগিছে৷

মায়ে ফোনটো থোৱাৰ লগে লগে পেকেটটো একে আঁজোৰে খুলি পেলালোঁ৷ মায়ে কোৱাৰ ধৰণৰে কিতাপখন ওলাল- Earn two lakhs ruppees in a month”

কিতাপখন দ্ৰুতগতিত জোতাৰ পেকেটটোলৈ নিক্ষেপ কৰিলোঁ৷ ইতিমধ্যে বাহিৰত কলিং বেলটো বাজিবলৈ ধৰিলে৷ বেগটো আঁতৰাই দুৱাৰখন খুলি দিলোঁ৷ ল’ৰা আৰু মাক আহি পাইছে৷

ল’ৰাই আহিয়ে মোক সুধিলে,

: দেতা, মোৰ পিগি বেংকত কিমান টকা হ’ল?

মই সুধিলোঁ,

: কিয়?

সি তপৰাই ক’লে,: আজি এখন হট হুইলচৰ গাড়ী চাই আহিছোঁ৷ মায়ে পইচা নাই বুলি কিনি নিদিলে৷ অহা কালি মই পিগি বেংকৰ টকা উলিয়াই কিনি আনিম, হ’বনে?

মই তাৰ চকুলৈ চাই হ’ব বুলি ক’ব  নোৱাৰিলোঁ৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.