ফটাঢোল

ক্ৰমবিৱৰ্তন- বিকাশ ভৰালী

আমিবোৰ আকৌ কুঁজা হৈ গৈ আছোঁ৷ কালৰ চকৰিত ঘূৰি ঘূৰি আমিবোৰে নিজক শিক্ষিত মানৱ বুলি ক’বলৈ গৌৰৱবোধ কৰোঁ৷ নিজেই নাজানো আমি কিমান জানো, কিমান শিকিলোঁ৷ সাম্প্ৰতিক যুগত আমাৰ একমাত্ৰ লগৰী, আমাৰ অতিকে আপোন Smart Phone টো৷ এক কথাত ই আমাৰ বিপদৰো বন্ধু৷ পুভাৰ শেতেলি এৰাৰ পৰা ৰাতি চকুহাল জাপ নোখোৱালৈকে আমাৰ ছাঁ হৈ থাকে এইবিধ বিশেষ যন্ত্ৰ৷ অতি কম দিনৰ ভিতৰত অত্যাধুনিক বৈশিষ্ট্যৰ দ্বাৰা সমৃদ্ধ এইবিধ যন্ত্ৰই যেন নৱপ্ৰজন্মৰ দ্বিতীয়খন হৃদয়৷ অৱশ্যে বিশ্বায়নৰ যুগত এইবোৰ তেলেই সাধাৰণ কথা৷ বিশ্বৰ গতিৰ লগত আমি সমানেই খোজ পেলাব লাগিলে, নিজকে উন্নীত কৰি চলিবলৈ হ’লে এনেকুৱা এবিধ যন্ত্ৰৰ খুবেই প্ৰয়োজন যিবিধ বৰ্তমান অতি কম মূল্যত বজাৰত উপলব্ধ৷ কিন্তু আমিবোৰে কেতিয়াবা ভাবি চাইছোঁনে যে এইবিধ যন্ত্ৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত আমি কোনদিশে গতি কৰি আছোঁ? চকু থাকিও যেন আমিবোৰ অন্ধ৷

অতীতলৈ উভটি গ’লে আমি দেখিম সেইচাম মানুহ যিসকলে নিজকে উন্নীত কৰি তুলিব পাৰিছিল এটা smart phone ৰ অবিহনেই, এজন কিশোৰেও স্বাধীনভাৱে মুকলি জকাশৰ তলত সমনীয়াৰ সৈতে খেলি নতুবা সুস্বাস্থ্য গঢ়ি তুলিবৰ বাবে আজৰি সময়ত প্ৰকৃতিৰ সতেজ বতাহ লৈও নাজৰ পাঠ নিয়াৰিকৈ পঢ়ি আগুৱাই যাব পাৰিছিল৷ কিন্তু একবিংশ শতিকাৰ নৱজাতকসকলে এতিয়া ভাল পায় smart phone টোৰ সৈতে উমলিবলৈ, গতিকে তেনেস্থলত আমি ডেকাসকলনো কি?

কিবা যদি পাইছোঁ আনপিনে কিবা আমি হেৰুৱাইছোঁ৷ আমি জানো যে সকলো বস্তুৰেই দুটা দিশ থাকে – ইতিবাচক আৰু নেতিবাচক৷ তদ্ৰূপ আমি smart phone কো সাঙুৰিব পাৰো৷ ইতিবাচক দিশটো বাৰু আমাৰ প্ৰত্যেকৰেই অৱগত৷ কিন্তু নেতিবাচক দিশসমূহ আমি কিছুসংখ্যকে জানিও গুৰুত্ব সহকাৰে বুজি নলওঁ যাৰ ফলত আমিটোৰ ধ্বংসৰ গৰাহলৈ গৈ আছোঁ ক্ৰমশঃ ৷ সুখ দুখৰ সাৰথি এই smart phone, ভিন্নজনৰ লগত যোগাযোগৰ মাধ্যম social mediaক লৈ আমিবোৰ এতিয়া ইমানেই ব্যস্ত হৈ পৰিছোঁ যে দোভাগ ৰাতিলৈ উজাগৰে কটোৱাটো এটা অভ্যাসত পৰিণত হৈ পৰিছে৷ ইয়াৰ ফলত যে আমাৰ দিনে দিনে কিমান অনিষ্ট হৈ আছে আমি সেয়া জানিবলৈ ইচ্ছুক নহয়৷ কিয়নো আমিবোৰ বাধ্য৷ আগৰ মুকলিমনৰ মানুহবোৰ এতিয়া বাহ্যিক জগতখনৰ লগত সম্পৰ্ক নাৰাখি ব্যস্ত থাকে নিজক লৈ, নিজৰ phoneটোক লৈ৷ ধনৰ বিনিময়ত কিনিবলৈ পোৱা এই সুবিধাই মানুহক এলেহুৱা কৰিবলৈ আৰম্ভ কৰিছে৷ মানুহে পৰিশ্ৰম কৰিবলৈ এৰিলে৷ Mobile Mania এই বিশেষ বেমাৰটি যুৱপ্ৰজন্মৰ মাজত সোঁচকা ৰোগৰ দৰে হৈ পৰিছে৷ ইয়াৰ প্ৰতিষেধক একমাত্ৰ আমি নিজেই!

একবিংশ শতিকাৰ এইসকল ভূক্তভোগীৰ বাবে আচলতে দায়ী কোন? কালৈ আঙুলিয়াই ক’ব পাৰিম যে প্ৰকৃততে এওঁহে দায়ী বুলি?? নাই ইয়াৰ সঠিক উত্তৰ আমাৰ হাতত নাই৷ সমাজৰ আন মানুহৰ পৰা লাহে লাহে বিচ্ছিন্ন হৈ পৰা Mobile Mania ৰোগাক্ৰান্ত এগৰাকীয়ে মানৱতা কি সেই কথা সমূলি পাহৰি পেলাইছে৷ নিৰীহ প্ৰাণীৰ দৰে অইন এজনৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ পৰিবৰ্তে হাতত smart phone টো লৈ সেই দৃশ্য কেমেৰাত বন্দী কৰিবলৈহে সাজু হোৱা পৰিলক্ষিত হয়৷ ঠিক তেনেদৰে শিশু সকলো এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই৷ আইতাৰ সাধু শুনি আজিকালি টোপনি নহা হ’ল যদিহে ওচৰত থকা phone/ mp3 player টোত গান নাবাজে অথবা খেলিবলৈ দিয়া নহয় শিশুটোৰ প্ৰিয় খেলখন৷ আনকি পঢ়াৰ অজুহাত লৈয়ো প্ৰকৃততে এওঁলোক মগ্ন হয় Mobile Phone টোক লৈহে৷ Ebook ৰ উদ্ভাৱনে ছপা পাঠ্যপুথিৰ গুৰুত্ব যিদৰে হ্ৰাস কৰিছে সেইদৰে Smart Phone ৰ উদ্ভাৱনেও মানুহৰ প্ৰতি থকা মানুহৰ গুৰুত্ব ক্ৰমাৎ হ্ৰাস কৰিছে৷

নৈৰ সোঁতত জাঁজীৰ দল উটি যোৱাৰ দৰে সময়ৰ সোঁতত কিছুমান বস্তু আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে৷ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে মানৱ সভ্যতা যিদৰে আদিম অৱস্থাৰ পৰা বৰ্তমানৰ পৰ্যায় পাইছে ঠিক তেনেদৰে এই আলোচ্য বিষয়টোক কেন্দ্ৰ কৰি ইয়াৰ পৰিণতিত মানুহবোৰ কোনদিশে গতি কৰিব সেয়াহে লক্ষণীয়৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.