ফটাঢোল

ক্ৰুগাৰলৈ গৈছিলোঁ – অগ্নিভ দত্ত

কৰবাত ফুৰিবলৈ যাম বুলি বৰ বেছি প্লেন শ্লেন কৰা অভ্যাসটো সহজে গঢ়ি নুঠিবগৈ যেনেই লাগে৷ চাউথ আফ্ৰিকা দেশখনক ভগৱানে কিছুমান এনে বস্তু দিছে যে সেইবোৰ চাই চাই যেন কেতিয়াও হেঁপাহ পলাব পৰা নাযায়৷ তেনেকুৱা এটা বস্তু হ’ল ‘ক্ৰুগাৰ নেচনেল পাৰ্ক৷’ ২০১৪ চনত এবাৰ গৈছিলোঁ ৭ দিনৰ কাৰণে৷ পাৰ্কৰ ভিতৰতেই থাকি লৈছিলোঁ সেইবাৰ৷ ঘূৰি ঘূৰি পাৰ্কখনৰ সৰু এটা অংশহে শেষ কৰিব পাৰিছিলোঁ সেইবাৰ৷

২০১৪ চনৰ পাছত আকৌ এবাৰ যাম যামকৈ ক্ৰুগাৰলৈ যোৱা হোৱা নাছিল৷ জুন মাহত ভাস্কৰহঁত থাকিবলৈ আহিছিল৷ নিজৰ এলাহটোৰ কাৰণে যাম যাম বুলি ভাবিও একো এটা ঠিক কৰা হোৱা নাছিল৷ ভাস্কৰে লেপটপটো খুলি তাত থকাৰ ব্যৱস্থাবোৰ বিচাৰি থাকোঁতে চুকুজা কেম্প চাইটত যেনেতেনে এটা ঘৰ/ৰূম পোৱা গ’ল এৰাতিৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত৷  মুৰামুৰি সময়ত ক্ৰুগাৰত ৰূম পোৱা অতি কঠিন৷ যি হয় হ’ব বুলি তাকেই ৰূমটো বুক কৰি দিবলৈ দিলোঁ৷ ৰূমটো বুক কৰিবলৈ লওঁতে তাৰ মনত পৰিল সেইদিনা সিহঁত মানে ভাস্কৰহঁত আৰু ফুৰিবলৈ আহিব লগা তাৰ বায়েকহঁতো ক্ৰুগাৰলৈ যাব৷ সি অৱশ্যে বহুতদিন আগতেই প্ৰি’টৰিয়াচক’প বোলা কেম্প চাইটটোত ঘৰ বুক কৰি থৈছিলেই৷

ভাস্কৰহঁত যোৱাৰ পাছত ৰীমাই ক’লে এদিন থাকিনো কি ভাল লাগিব, আমি পাৰ্কৰ বাহিৰতেই দুদিনমান থাকি তাৰ পাছত ভিতৰত এদিন থাকি গুচি আহিম৷ কথা মতেই কাম৷ ক্ৰুগাৰৰ বাহিৰত ক্ৰক’ৰডাইল গেটৰ ওচৰে পাজৰে কৰবাত থাকিম বুলি ঠিক কৰিলোঁ৷ আকৌ ভাস্কৰেই ক’লে তাত থকা এটা বেড এণ্ড ব্ৰেকফাষ্টৰ এক’মডেচনৰ কথা৷ লগে লগে ফোন কৰি তাত দুদিন থকাৰ ব্যৱস্থাটো পাক্কা কৰি ল’লোঁ৷ মুঠতে তিনি ৰাতি, চাৰি দিনৰ কাৰণে ক্ৰুগাৰৰ প্ৰগেম ঠিক কৰা হৈ গ’ল খৰধৰকৈ৷

ক্ৰুগাৰ নেচনেল পাৰ্ক হ’ল কেৱল চাউথ আফ্ৰিকাৰেই নহয় সমগ্ৰ বিশ্বৰ কাৰণেই এক ডাঙৰ আকৰ্ষণ৷ চাউথ আফ্ৰিকাৰ ইতিহাসত প’ল ক্ৰুগাৰ এক জাকত জিলিকা নাম৷ ব’ৰ মানে যিখিনি শ্বেতাংগ আফ্ৰিকান সেইসকলৰ নেতা আছিল এই প’ল ক্ৰুগাৰ৷ এই ব’ৰসকলে প্ৰথমখন যুদ্ধত (১৮৮০-৮১) বৃটিছক পৰাজিত কৰিছিল৷ প্ৰথমখন যুদ্ধত ব’ৰসকলৰ কমাণ্ডাৰ আছিল প’ল ক্ৰুগাৰ, পাছত প’ল ক্ৰুগাৰ ট্ৰান্সভালৰ ৰাষ্ট্ৰপতি হৈছিলগৈ (১৮৮৩-১৯৯০)৷

এই প’ল ক্ৰুগাৰেই ১৮৮৪ চনত প্ৰথমবাৰৰ বাবে বন্য প্ৰাণী সংৰক্ষণৰ কথা চিন্তা কৰিছিল আৰু কিছু বছৰৰ পাছত ক্ৰ’কডাইল নদী আৰু ছাবি নদীৰ মাজৰ অংশখিনিত চিকাৰ আদি কৰাত নিষেধ কৰিছিল৷ ১৮৯৮ চনত এই প’ল ক্ৰুগাৰেই ছাবি বনাঞ্চল বুলি ঘোষণা কৰে৷ ১৯২৬ চনত এইজন দূৰদৰ্শী নেতা প’ল ক্ৰুগাৰৰ নামত ক্ৰুগাৰ ৰাষ্ট্ৰীয় অভৰাণ্য বুলি স্বীকৃতি দিয়া হয়৷ ১৯২৭ চনত প্ৰথমবাৰৰ বাবে অভৰাণ্যখনলৈ পৰ্য্যটকৰ আগমন ঘটে৷ আৰু সেইয়াই আছিল আৰম্ভণি৷

বৰ্তমান ক্ৰুগাৰ নেচনেল পাৰ্কলৈ বছৰি প্ৰায় ২০ লাখ দেশী বিদেশী পৰ্য্যটকৰ আগমন ঘটে৷ এইখন অভৰাণ্য চাউথ আফ্ৰিকাৰ সকলোতকৈ বৃহৎ৷ দীঘলে প্ৰায় ৩৬০ কি:মি: আৰু বহলে প্ৰায় ৬৫ কি:মি: আৱৰি থকা অভৰাণ্যখনে বটচৱানা, মুজাম্বিক আদিৰ দৰে দেশৰসীমাও স্পৰ্শ কৰি গৈছে৷ এইখন অভৰাণ্যই চাউথ আফ্ৰিকাৰ অৰ্থনীতিলৈও বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে৷ বছৰি প্ৰায় ১ বিলিয়ন ৰেণ্ড দেশৰ অৰ্থনীতিত যোগ দিবলৈ সক্ষম হৈছে৷

বাকী যি কি নহওক এদিন দুদিনকৈ গৈ গৈ যাত্ৰা কৰিব লগা দিনটোৰ ওচৰ চাপি আহিল৷ ইটো সিটোকৈ সকলো বস্তু বাহিনী যোগাৰ কৰা হ’ল৷ কাপোৰ কানিও সামৰা হ’ল৷ পিছদিনা ৰাতিপুৱা ৪ টাতে যাত্ৰা কৰাৰ পৰিকল্পনা কৰি অকণমান সোনকালে ৰাতি বিছনাত পৰিলোঁগৈ৷ জুলাই মাহটোত চাউথ আফ্ৰিকাত ভাল ঠাণ্ডা পৰে৷ ৰাতি শোৱাৰ আগতে চাই দেখিলোঁ পাছদিনা পুৱা মাইনাচ ৩ ডিগ্ৰী থাকিব৷ লগে লগে ৰীমাক ক’লোঁ ৪ বজাত যোৱাটো কেনচেল কৰাই ভাল হ’ব কাৰণ ঠাণ্ডাৰ লগতে খুব ঘন কুঁৱলি পৰে, আৰু ইমান ঘন কুঁৱলিত গাড়ী চলোৱাটো সুবিধাজনক নহয়৷

সেই মতেই পিছদিনা ৰাতিপুৱা সোনকালেই শুই উঠি ভাত কেইটামান ভৰাই ল’লোঁ, আলু পিটিকা, দাইল আৰু ভাত৷ চিম্পল, কিন্তু কৰবালৈ ওলালে ভাতকেইটা ধৰি গ’লে দিনটোলৈ ফ্ৰী যেন লাগে৷ কুমাটিপুৰলৈ প্ৰায় ৫৫০-৫৬০ কি:মি:৷ গাড়ীত বস্তু বাহিনী ৰাতিয়েই ভৰাই থৈছিলোঁ৷ গতিকে প্ৰায় ৬ বজাত গাড়ী ষ্টাৰ্ট দিলোঁ৷ ৰাতিপুৱা যিমান কম ভিৰ পাম বুলি ভাবিছিলোঁ সিমান কম ভিৰ নাপালোঁ, জোহান্সবাৰ্গত ভিৰ পালোঁ৷ অলপ লগাতকৈ ১০ মিনিটমান বেছি লাগিল৷ জোহান্সবাৰ্গৰ পৰা ওলাইয়েই চিধাই এন ৪ হাইৱেত উঠি দিলোঁ৷ সেই ৰাস্তাত ভিৰ ভাৰ নাই৷ দীঘল দীঘল ৰাস্তা৷ ১১০-১৩০ কি:মি:ত গাড়ী চলাইছোঁ৷ বেছি জোৰত গাড়ী চলাই ভাল নাপাওঁ৷ কুঁৱলি প্ৰায় আঁতৰিছে৷

প্ৰায় ২০০ কি:মি: মান গৈ কৰবাত কফি একাপ খাবলৈ মন গ’ল৷ ঘৰৰ পৰা লগত ৰেডিমেড খোৱা বস্তু কিবা কিবি লৈ গৈছিলোঁ, ৰাস্তাত নোৰোৱাকৈ খাই যাবলৈ৷ ৰ’লেই দেৰি হৈ যায় কাৰণে৷ কিন্তু অৰ্নিয়ে পিজ্জা খোৱা হ’ল৷ গতিকে শ্বেলৰ গেৰেজ মানে পেট্ৰল পাম্প এটা পাই তাতেই ৰখালোঁ গাড়ী৷ সেইবোৰ পেট্ৰল পাম্পক ওৱান ষ্টপ বুলি কোৱা হয়৷ সৰু সুৰা মলৰ দৰেই৷ কেইবাখনো বিভিন্ন ৰেষ্টুৰেণ্ট লগতে সৰু সুৰা সকলো পোৱা ডিপাৰ্টমেণ্টেল ষ্টৰৰ দৰে এখন দোকান৷ তাতেই কফি দুকাপ আৰু পিজ্জা এটা টেক এৱে কৰি গাড়ীত পেট্ৰল ভৰাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ ফটাফট মই পিজ্জাত দুকামোৰ মাৰি ল’লোঁ ৰাস্তাত উঠাৰ আগে আগে৷ বতৰ ফৰকাল৷ গাড়ী একেই স্পিডত চলাই আছোঁ৷ হঠাৎ নেইলষ্পীট নামৰ ঠাইখনলৈ ১৫০ কি:মি: মান থকাত ৰাস্তাৰ কাষত থকা ডিচপ্লে বৰ্ডখনত জিলিকি থকা দেখিলোঁ ট্ৰেফিক ৪০ মিনিট শ্ল আছে কাৰণ আগত ৩০ কি:মি: জুৰি ৰাস্তাৰ কাম চলি আছে৷

আহি আহি পালোঁহি সেইখিনি ঠাই৷ ৰাস্তাৰ এটা চাইডত কাম চলি আছে, গতিকে এটা ফালেৰেই ট্ৰেফিক যাব লগা হৈছে৷ এবাৰত শ শখন যাবলৈ দিয়ে এটা ফালৰ, আকৌ আনটো ফালে এবাৰ খুলি দিয়ে৷ ৪৫ মিনিট মানত পাৰ হ’লোঁ ঠাইকন৷ সেইখিনি পাৰ হোৱাৰ পাছতেই আৰম্ভ হ’ল শ শ বিঘা ভৰি থকা কমলা খেতিবিলাক৷ পাহাৰৰ মাজে মাজে থকা কমলা খেতিবিলাক দেখিলে মন জুৰাই যায়৷ বিভিন্ন আকাৰৰ কমলাৰ খেতি৷ গোটেই ৰাস্তাটো আমাৰ জোৰাবাটৰ দৰে৷ প্ৰায় ৫০-৬০ কি:মি:ৰ ষ্ট্ৰেচটো৷ সেইখিনি পাৰহৈ জিপিএচত দেখিলোঁ আৰু প্ৰায় ১১০ কি:মি: তেতিয়াও আছে গন্তব্যস্থানলৈ৷ আকৌ ৰাস্তাৰ কাষতে থকা ওৱান ষ্টপ এটাত সোমাই কফি একাপ লৈ ল’লোঁ৷

এইবাৰ একেকোবতে গৈ কুমাটপুৰ্ট পালোঁগৈ৷ দুপৰীয়াৰ ভাত সাজ তেতিয়ালৈ খোৱা হোৱা নাই৷ গতিকে গেষ্ট হাউচটোত সোমোৱাৰ আগতেই কুমাটিপুৰ্ট টাউনৰ ৰেষ্টুৰেণ্ট এখনতেই দুপৰীয়াৰ ভাত সাজ খাই ল’লোঁ৷ সৰু চহৰ কুমাটিপুৰ্ট৷ পৰ্য্যটকৰ ওপৰতেই নিৰ্ভৰশীল৷ ৰেষ্টুৰেণ্টখনৰ মেনেজাৰজনৰ লগত কথা পাতি গম পালোঁ৷ ক্ৰুগাৰলৈ অহা মানুহেই বেছি৷ যি কি নহওক খাই বই উঠি ‘লেনে’ মানে যাৰ গেষ্ট হাউচ তেখেতক ফোন কৰিলোঁ৷ ৰূম সাজু আছে বুলি জনালে৷ একে কোবে গৈ গেষ্ট হাউচ পালোঁগৈ৷ দেখিয়েই মনটো ভাল লাগি গ’ল৷ এফালে গেষ্ট হাউচটো আনফালে ক্ৰুগাৰৰ হাবি৷

তিনিমহলীয়া ঘৰটোৰ টপফ্ল’ৰত আমাৰ ৰূমটো৷ বেলকনিৰ পৰা চিধাই দূৰ দিগন্তলৈ কেৱল ক্ৰুগাৰৰ হাবি আৰু হাবি৷ লেনে আহি চিনাকি হ’ল৷ আচলতে ঘৰটো লেনেৰ মাক দেউতাকৰ৷ মাক দেউতাক আহিল আমাৰ ৰূমলৈ৷ সকলো ঠিক ঠাক আছেনে খবৰ কৰিবলৈ৷ ঘৰটোত মাক দেউতাক তলৰ ফ্ল’ৰত থাকে, তাই অকণমান আঁতৰত নিজৰ ঘৰত থাকে৷ ঘৰটোত মুঠতে ৪টা গেষ্ট ৰূম আছে৷ সকলো ঠিক ঠাক কৰি ৰীমাহঁতে শোৱাত লাগিল৷ আঠটা বজাত উঠি ফটাফট ওচৰতে থকা গলফ্ ৰিজৰ্টখনলৈ ওলাই গ’লোঁ ৰাতিৰ সাজ খাবলৈ৷ প্ৰধান ৰাস্তাৰ পৰা কিছু সোমাই যাব লাগে৷ ৰেষ্টুৰেণ্টখনৰ ভিতৰ সোমাইয়েই মন ভৰি গ’ল৷ ৰেষ্টুৰেণ্টখনৰ ঠিক তলতেই ক্ৰকডাইল ৰিভাৰখন৷ কি এক নৈসৰ্গিক দৃশ্য৷

সোনকালে খাই বই আকৌ গেষ্ট হাউচলৈ উভতিলোঁ৷ ৰাতিপুৱা ৬ টাতে ক্ৰুগাৰৰ ভিতৰলৈ সোমাম বুলি ঠিক কৰি সকলো ঠিক ঠাক কৰি সোনকালেই শুই পৰিলোঁ৷ আমি থকা ঠাইৰ পৰা আমি সোমাব লগা ক্ৰকডাইল গেটলৈ প্ৰায় ১১ কি:মি:, মানে ১০ -১৫ মিনিটৰ ৰাস্তা৷ ক্ৰুগাৰ অভৰাণ্যলৈ সোমাব পৰা ৰাস্তা কেইবাটাও৷ প্ৰত্যকটো ৰাস্তাৰেই গেটবোৰৰ নাম আছে৷ ৰাতিপুৱা সোনকালে উঠি সকলো ওলাই গ’লো গেটলৈ৷ ঠিক ৬:১৫ ত গেট পাই দেখোঁ গেটত দীঘল লাইন গাড়ীৰ৷ অৱশ্যে বেছি সময় নালাগিল, ১৫-২০ মিনিটৰ ভিতৰতেই গেট পালোঁগৈ৷ ইয়াত নিজৰ গাড়ী লৈ ভিতৰলৈ যাব পাৰি৷ যাবতীয় কাগজ পাতি দেখুৱাই টিকেট লৈ ক্ৰুগাৰৰ ভিতৰলৈ গতি কৰিলোঁ৷ ২০১৪ চনৰ পাছত আকৌ ক্ৰুগাৰলৈ আহিছোঁ৷

ক্ৰকডাইল গেটৰ পৰা প্ৰায় ৪০ কি:মি: আঁতৰত আছে ল’ৱাৰ ছাবি কেম্প চাইট৷ আমি তাতে গৈ ব্ৰেকফাষ্ট কৰাৰ প্লেন কৰিছোঁ৷ ক্ৰুগাৰ নেচনেল পাৰ্কত মুঠ ১৪টা কেম্প আছে৷ তাত থকা খোৱাৰ সুবিধা আছে৷ উল্লেখযোগ্য যে ১৯২৭ চনতে পৰ্য্যটকৰ বাবে মুকলি কৰা পাৰ্কখনত বৰ্তমান এই কেম্পবোৰত প্ৰতি ৰাতি প্ৰায় ৭০০০ মানুহ থকাৰ সুবিধা আছে৷ যি কি নহওক, গেটৰ পৰা লাহে লাহে গাড়ী লৈ আগবাঢ়িলোঁ৷ শীতৰ পুৱাৰ সূৰ্য্য পোহৰে লাহে লাহে সোণোৱালী ৰঙেৰে উজলি উঠিছে৷ ৰাস্তাৰে আগবাঢ়োঁতে ৰাস্তাত পহু, জেব্ৰা, জিৰাফ দেখি গ’লোঁ৷ কোনোবা এটা পাকত জাকে জাকে পহু ৰাস্তাৰ মাজেদি জঁপিয়াই পাৰ হৈ গৈছে৷ গাড়ীৰ লাইন লাগি যায় এনেকুৱা সময়ত৷

সেইবোৰ কাৰণেই ৩০ কি:মি: পথ যাওঁতে কেতিয়াবা ১ ঘণ্টা দেৰ ঘণ্টা লাগি যায়৷ অৰ্নিয়ে বায়ন’কুলাৰ উলিয়াই দূৰলৈ চাই গৈছে, কৰবাত কিবা দেখা যায় নেকি বুলি৷ এনেকৈ পশু পক্ষীৰ মাজেদি চিকুন ৰাস্তাদি আগবাঢ়ি দেৰ ঘণ্টাৰ পাছত লৱাৰ ছাবি ৰেষ্ট কেম্প পালোঁগৈ৷ সুন্দৰ পৰিবেশ, মানুহ ভৰ্তি ৰেষ্টুৰেণ্ট কেইখনত৷ অকণমান ফ্ৰেচ হৈ পাতল আহাৰৰ অৰ্ডাৰ দি ৰেষ্টুৰেণ্টখনৰ লগতে থকা দোকানখনত থকা বস্তুবোৰ চোৱাত লাগিলোঁ৷ দুই এটা বস্তু কিনি উঠামানে খোৱা বস্তু সাজু হ’ল৷ খাই বই এইবাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ, ভাবিলোঁ “চাটাৰা ৰেষ্ট কেম্প”ৰ ফালে অলপ যাঁও৷ প্ৰায় ৯০ কি:মি: দূৰ৷ ১০ কি:মি: মান যোৱাৰ পাছত ক্ৰুগাৰৰ এপত দেখিলোঁ চুকুজা ৰেষ্ট কেম্পলৈ যোৱা ৰাষ্টাত সিংহ ওলাইছে৷

লগে লগে গাড়ী ঘূৰাই চুকুজাৰ ফালে আগবাঢ়িলোঁ৷ সেইফালে ছাবি নদীখন পাৰ হওঁতে নদী আৰু পাৰত জলহস্তীৰ জাক দেখিলোঁ৷ ক্ৰুগাৰ নেচনেল পাৰ্কৰ ভিতৰত ৰাস্তাবোৰ অতি সুন্দৰ৷ ৰাস্তা কেইবাপ্ৰকাৰৰ আছে৷ পিটচ দিয়া ৰাস্তা, গ্ৰেভেল ৰ’দ ইত্যাদি৷ মুঠ প্ৰায় ৫০০০ কি:মি: মান ৰাস্তা আছে পাৰ্কখনৰ ভিতৰত৷ আমি চুকুজালৈ আগবাঢ়িলোঁ৷ ইতিমধ্যে প্ৰায় ২০-৩০ মান হাতী সন্মুখেদি আগবাঢ়ি গ’ল৷ জাকটো নোযোৱালৈকে ৰাস্তাতে আমি আৱদ্ধ হৈ ৰ’লোঁ৷

এইদৰে ৰাস্তাৰ মাজত আৱদ্ধ হোৱাটো খুব কমন কথা ক্ৰুগাৰত৷ ইতিমধ্যে হাতী, জিৰাফ, জেব্ৰা, হৰিণা বহুত দেখাৰ পাছত সিংহ দেখাৰ আশাত আগবাঢ়িছোঁ৷ অলপ দূৰ আগবঢ়াৰ পাছতেই গাড়ীৰ লাইন দেখিলোঁ৷ এখন গাড়ীৰ চালকজনক সোধাত নৈৰ পাৰত সিংহ দেখা বুলি ক’লে৷ গাড়ীখন আগবঢ়াই নি এঠাইত অকণমান ঠাই পোৱাত সেইফালে গাড়ীখন সুমুৱাই দেখিলোঁ যথেষ্ট দূৰত এটা সিংহ৷ ফটককে আকৌ লুকাই পৰিল৷ ইফালে সিফাল চাই থাকোঁতেই কোনোবাই ক’লে সিংহ ইফালে খোজ কাঢ়ি আগবাঢ়িছে৷ লগে লগে গাড়ী ঘূৰোৱাত লাগিল সকলোৱে, লাহে লাহে আগবাঢ়িলোঁ বিপৰীত দিশত৷ এনেকৈ ইফাল সিফাল কৰি থাকোঁতে আধাঘণ্টা পাৰ হ’ল৷ অৱশেষত দুটা সিংহ দূৰে দূৰে গহীনত খোজ কাঢ়ি নৈখনৰ ফালে আগবাঢ়ি নোহোৱা হৈ পৰিল৷ আমিও লাহে লাহে সেই ঠাই এৰি চুকুজাৰ ফালে আগবাঢ়িলোঁ৷

বাটত আকৌ বনৰীয়া কুকুৰ, জেব্ৰা, বনৰীয়া মহৰ জাক দেখিবলৈ পালোঁ৷ এনেকৈ এটা সময়ত ছাবি কেম্পৰ পৰা প্ৰায় ৪৫ কি:মি: দূৰত অৱস্থিত চুকুজা ৰেষ্ট কেম্পত দুপৰীয়াৰ ভাত সাজ খাবলৈ সোমালোঁগৈ৷ চুবুৰীয়া দেশ মুজাম্বিকৰ পৰা অহা সাগৰীয় মাছেৰে সুন্দৰকৈ দুপৰীয়াৰ ভাতসাজ খাই আকৌ কুমাটিপুৰ্টলৈ অহা বাটেৰেই উভতি যাবলৈ ল’লোঁ৷ চুকুজা কেম্পৰ পৰা ওলাই ১০ কি:মি: মান অহাৰ পাছতেই আকৌ দুই এখন গাড়ীক ৰোৱা দেখি আমিও ৰৈ দিলোঁ, ইফালে সিফালে চোৱাৰ পাছত দেখিলোঁ ৰাস্তাটোৰ পৰা তললৈ গছ এজোপাৰ তলত বহি একেবাৰে ৰজাৰ দৰে বহি আছে নাহৰফুটুকী এটা৷ দেখি এনেকুৱা লাগে যেন হাতেৰে ধৰি দিম গৈ৷ কিছুসময় তাক চাই আকৌ গাড়ী আগবঢ়ালোঁ৷ অকণমান দূৰ গৈয়ে দেখিলোঁ এজাক হৰিণা, কুডু ৰাস্তাৰে উধাতু খাই দৌৰ মাৰিছে৷

তাৰপৰা অকণমান আগবাঢ়িছোঁহে আকৌ গাড়ীবোৰ ৰৈ যোৱা দেখি ৰৈ দিলোঁ৷ ৰাস্তটোৰে তললৈ চাই দিয়াত নৈখনৰ ঠিক আগতেই গছৰ জোপোহাৰ মাজত দেখা গ’ল তিনিটা প্ৰকাণ্ড সিংহ৷ খুব সম্ভৱ হৰিণাজাকে সিংহ থকাৰ উমান পাইয়ে আগতীয়াকৈ নিৰাপদ ঠাইলৈ দৌৰ মাৰিছিল৷ কি জীৱন, সেয়াইটো আচলতে জীৱন৷ এইদৰে উভতি আগবাঢ়োঁতে ক্ৰকডাইল গেট পোৱাৰ প্ৰায় ২০ কি:মি: থাকোঁতে এঠাইত দেখিলোঁ গছ এজোপাৰ তলত এটা হৰিণা তেজেৰে লুটুৰি পুতুৰি হৈ পৰি আছে, ওচৰৰ গাড়ীখনৰ পৰা এজনে দেখুৱাই দিলে গছজোপাৰ পাছফালে নাহৰফুটুকী এটা৷ মানে ঠিক অকণমান আগতে হয়তো চিকাৰ কৰি উঠিছে, কিন্তু মানুহৰ আগমন দেখি গছৰ পাছফালে অৱস্থান কৰিছে৷ বেছি সময় নৰলোঁ, কাৰণ পাৰ্কৰ গেট ৫:০০ বন্ধ কৰি দিয়ে, গতিকে তাৰ আগতেই দিনতিয়াকৈ অহাবিলাক পাৰ্কৰ বাহিৰলৈ ওলাই যাব লাগে৷

৪:৩০ বজাত ওলাই আহি অকণমান ফ্ৰেচ হৈ আকৌ গলফ ৰিজৰ্ট ৰেষ্টুৰেণ্ট পালোঁহি৷ গধূলি সময়খিনি অতি সুন্দৰ হৈ পৰে তাত৷ নৈখনৰ পাৰে পাৰে বনৰীয়া জীৱ জন্তুৰ জাকবোৰ, নৈখন, সূৰ্য্যাস্ত, সঁচাই এক অপূৰ্ব সমাহাৰ৷ তাতেই যেন বহি ৰম গোটেই জীৱন, তেনেকুৱা এক ভাব মনলৈ আহি পৰে৷ যি কি নহওক কাইলৈ ভাস্কৰহঁত ৰাতিপুৱা ৫:৩০ বজাত গেট পাবহি বুলি জনালে, গতিকে সোনকালে খাই বৈ আজৰি হৈ শোবগৈ লাগে৷ আজি ৰাতিয়েই লেনেহঁতৰ গেষ্ট হাউচত শেষ নিশা, গতিকে সিহঁতৰ লগতো দুই এষাৰ পাতিলোঁ৷ কেনেকৈ গেষ্ট হাউচ আৰম্ভ কৰিলে পৰিয়ালৰ কথা আদি পাতি গাড়ীত সকলো বস্তু ৰাতিয়েই উঠাই থ’লোঁ ৰাতিপুৱা লগা বস্তুকেইটাৰ বাহিৰে৷

পিছদিনা ৰাতিপুৱা ৫:৩০ ৰ আগতেই গেট পাই গাড়ী লাইনত লগালোঁগৈ, আমাৰখন ৭- নে ৮ নম্বৰ৷ ভাস্কৰক ফোন কৰিলোঁ পালেহি নেকি বুলি, সি ক’লে দুই নে তিনিনম্বৰত তাহাঁতি৷ তাৰ পাছতেই আদিত্যহঁতৰখন৷ গেট ৬ বজাতহে খুলিব৷ ইফালে গাড়ীৰ লাইন দীঘল হ’বলৈ ধৰিলে৷ এটা সময়ত গেটৰ ফালে গাড়ী আগবাঢ়িল৷ আজি ৰাতি যিহেতু ভিতৰত থাকিম তাৰ কাৰণে বুকিংৰ কাগজ পাতি দেখুৱাই লাহে লাহে আগবাঢ়িলোঁ আমাৰ তিনিটা পৰিয়ালৰ গাড়ী ক্ৰুগাৰৰ বুকুৱেদি৷ কিছুদূৰ আগবঢ়াৰ পাছতেই হায়েনা দুটা প্ৰকাণ্ড গাড়ীৰ সন্মুখেদি পাৰহৈ ৰাস্তাৰ কাষেদি আগবাঢ়িল৷ পাৰহৈ গৈ কিছুদূৰ আগবাঢ়োঁতেই গাড়ী দুই এখন ৰোৱা দেখিলোঁ৷ আগবাঢ়ি দেখিলোঁ প্ৰকাণ্ড নাহৰফুটুকী এটা৷ লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁ৷

আকৌ লৱাৰ ছাবিত সোমাই ব্ৰেকফাষ্ট কৰিলোঁ৷ ভাস্কৰ, আদিত্যহঁতে গোটেই ৰাতি গাড়ী চলাই আহিছে, গতিকে ভাগৰো লাগিছিল৷ সোনকালে চুকুজা য’ত আমি থাকিম তালৈ যোৱাটোকে ঠিক কৰিলোঁ৷ ইতিমধ্য ক্ৰুগাৰ এপট সিংহ চুকুজাৰ ফালে ওলোৱা বুলি ভাস্কৰে ক’লে৷ আকৌ আগবাঢ়িলোঁ কিন্তু আজি সিংহ দেখা ভাগ্য নাছিল৷ চুকুজা ৰেষ্ট কেম্প পাই তাৰ পৰা ভাস্কৰহঁতে বিদায় ল’লে, সিহঁতি প্ৰিটৰিয়াচকপ বোলা কেম্পটো বুক কৰিছে থকাৰ কাৰণে৷ আমি মানে আদিত্যহঁতো চুকুজাতেই থাকিম৷ লান্স তাৰেই ৰেষ্টুৰেণ্ট এখনত আৰামত খালোঁ৷ খাই বৈ অকণমান ওচৰে পাজৰে কিবা দেখোঁ নি বুলি ওলাই গ’লোঁ৷ আদিত্যহঁতৰ খুব ভাগৰ লাগিছিল গতিকে আমাৰ গাড়ীতেই উঠি ল’লে৷

দুঘণ্টামান ঘূৰি কেম্প চাইটলৈ ঘূৰি আহিলোঁ৷ ৰূমৰ ছাবি লৈ চিধাই ৰূমলৈ গ’লোঁগৈ৷ পৰিবেশ মন্ত্ৰালয়ৰ তত্ত্বৱধানত এই নেচনেল পাৰ্কসমূহ পৰিচালনা কৰা হয়৷ অৱশ্যে চৰকাৰী কাম কাজ যেন নালাগে কতোৱেই৷ সকলো খুব প্ৰফেচনেল৷ অতি সুন্দৰকৈ সজোৱা গোটেই ঘৰবিলাক আৰু ভিতৰখনো খুব সুন্দৰ৷ অৱশ্যে চৰকাৰী হ’লেও এইদৰে ৰাখিব পৰাৰ মূল কথা হ’ল হয়তো কাম কাজবিলাক বেচৰকাৰী পাৰ্টিৰ তত্ত্বাৱধানত চলে৷ বছৰি ২০ লাখ পৰ্য্যটন অহা পাৰ্কখনৰ সকলো কাম, কাজেই অতি সুচাৰুৰূপে হয়৷

ৰাতি ৰেষ্টুৰেণ্টত ভাত পানী খাই আদিত্য, কস্তুৰীহঁতৰ ৰূমত গৈ আড্ডা মাৰিলোঁ৷ ৰাতিপুৱাই কেম্পৰ পৰা ওলাই যোৱাৰ কথা ঠিক কৰিলোঁ৷ আদিত্যহঁতৰ ৰূমৰ পৰা গৈ গাড়ীত আকৌ বস্তু উঠাই সোনকালে শুই পৰিলোঁ৷ ৰাতিপুৱা ৬ বজাত গেট খোলে৷ আমি প্ৰায় গেট খোলাৰ লগে লগে ওলাই গ’লোঁ ৰূমৰ ছাবি গেটতে জমা দি যাব পাৰি৷ তাতে জমা দি ওলাই গ’লোঁ৷ ৰাতি গম পালোঁ দেৱজিতো আহি লৱাৰ ছাবিত আছেহি৷ তাতেই আমি গোটেইবোৰে ব্ৰেকফাষ্ট কৰিম আৰু লগো হ’ম বুলি চুকুজাৰ পৰা ওলাই আহিলোঁ৷ এইবাৰ আহি আছোঁ শীতৰ ৰাতিপুৱাৰ আমেজ লৈ লৈ৷ কিছুদূৰ অহাৰ পাছতেই দেখিলোঁ আমাৰ আগত আহি থকা গাড়ীখন ৰৈছে এঠাইত৷ মই গাড়ীখন আগবঢ়াই নি সুধিলোঁ কিবা দেখিছে নেকি?

মানুহজনে ক’লে ঠিক ধৰিব পৰা নাই কিন্তু সিংহ এটা থকা যেন লাগিল৷ ময়ো গাড়ীখন অগাপিছা কৰি ইফালে সিফালে চাবলৈ লাগিলোঁ৷ আদিত্যহঁতো আহি পালেহি৷ আমি তিনিখনেই গাড়ী, ভিৰ ভাৰ নাই৷ এবাৰত ৰীমাই চিঞৰি উঠিল সেয়া সেয়া তিনিটামান সিংহ৷ আমাৰ পৰা এশ, দেৰশ মিটাৰমান দূৰত৷ গাড়ীখন এপাকত ঘূৰাই ল’লোঁ কিবা এটা ভাবি, আদিত্যকো গাড়ী ঘূৰাবলৈ ক’লোঁ৷ গাড়ী ঘূৰাই অকণমান ইফাল সিফাল কৰাৰ পাছতেই যি দেখিলোঁ ক্ৰুগাৰলৈ অহাৰ সকলো আশা যেন পূৰ্ণ হৈ গ’ল৷ এটা দুটা নহয় সৰু ডাঙৰ প্ৰায় ২০-২২ টা সিংহৰ এটা জাক৷ লাহে লাহে গোটেই জাকটো আমাৰ গাড়ী সামন্তৰালকৈ আগবাঢ়িবলৈ ধৰিলে৷ আমি লাহে লাহে গৈ থাকিলোঁ,  কি এক উত্তেজনা বুজাব নোৱাৰা৷

এটা সময়ত সিংহ আহি প্ৰায় ২০-২৫ মিটাৰ দূৰ পালেহি৷ অহ তাৰ পাছৰখিনি কি বুলি বুজাম, গোটেই জাকটো আমাৰ গাড়ীবোৰৰ আগদি ৰাস্তালৈ নামি আহিল৷ পোৱালিকেইটা ৰাস্তাত বহি ল’লে৷ উস্‌! এক বুজাব নোৱাৰা দৃশ্য৷ ইতিমধ্য আন কিছু গাড়ীও গোট খাইছিল৷ নিজৰ মতে ৰাস্তাৰ ওপৰত খেলি ধূলি সিংহৰ জাকটো এটা সময়ত ৰাস্তাটো পাৰ হৈ নৈখনৰ ফালে নামি গ’লগৈ, আমাৰ কাৰণে এৰি থৈ গ’ল জীৱনৰ কাৰণে পাহৰিব নোৱাৰা এক স্মৃতি৷ তাৰপাছত চিধা আহি লৱাৰ ছাবি পালোহি৷ দেৱজিৎৰ পৰিয়ালোঁ আহি পালেহি৷ গোটেইখিনিয়ে ব্ৰেকফাষ্ট কৰি ১টা মান বজাত গেটেদি ওলাই যোৱা ঠিক কৰিলোঁ৷ ঘূৰি ঘূৰি গেট ১২টা মানত পালোঁহি৷ অকণমান ফ্ৰেচ হৈ তাৰে দোকানত ক্ৰুগাৰৰ সোৱৰণী ৰাখিব পৰা দুটামান বস্তু কিনি ১টা মান বজাৰ আগে আগে গোটেইকেইটা পৰিয়াল ঘৰলৈ বুলি যাবলৈ ওলালোঁ৷ আৰু এইদৰেই চাৰিদিনীয়া ক্ৰুগাৰ যাত্ৰাৰ অন্ত পৰিল৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.