ফটাঢোল

কৱচ-সুস্মিতা দাস 

খবৰটো গম পোৱা মাত্ৰই মাকৰ হায়ৈ বিয়ৈ আৰম্ভ হ’ল। একেবাৰে নাটকীয় ভংগীৰ হায়ৈ বিয়ে। সম্ভৱতঃ খবৰটো শুনাৰ আগতে মাকে হিন্দী নতুবা অসমীয়া শাহু বোৱাৰীৰ কাহিনী থকা কিবা চিৰিয়েল চাই আছিল সেয়ে ইমান নাটকীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিছে ইমান পাৰফেক্টলি কোনো ৰিটেক অবিহনেই। মনতে ভাবে আল্পনাই। মুখ ফুটাই কোৱাৰ সাহস নাই। দেৱী অন্নপূৰ্ণাক ৰুষ্ট কৰিব নোৱাৰি। মুখ ফুটাই এই মুহূৰ্তত কিবা এটা মাকক ক’লেই নিবলগীয়া কাপোৰখিনি তাই নিজেই ইস্ত্রি কৰিব লাগিব। নাই দেই, ইমান ৰিস্ক ল’ব নোৱাৰি, নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল’বলৈ ইমানো মূৰ্খ নহয় তাই।

যোৰহাটলৈ যাব তাই ৰাতিৰ গাড়ীত। আবেলি তিনি বজাত অফিচত থাকোতেই বিভাগীয় নিৰ্দেশনা পালে। প্ৰশিক্ষণ এটাত সমল ব্যক্তি হিচাপে মাতিছে কৃষি বিশ্ববিদ্যালয়ে। আচলতে যাব লাগিছিল তাইৰ ওপৰৱালাজনহে কিন্তু ৰাতিপুৱাতে তেওঁৰ এটা মাইন’ৰ ষ্ট্ৰোক হোৱাত তেওঁৰ যোৱাটো বাতিল হ’ল। ততাতৈয়াকৈ তাইৰ নামটো উঠিল বাচনিত। বেয়া পোৱা নাই তাই, কাৰণ গোটেই প্ৰেজেণ্টেছনটোৰ প্ৰায়খিনি তায়েই বনাইছিল। কনিষ্ঠ কৃষি বিজ্ঞানী হিচাপে তাইৰ বেছিদিন হোৱা নাই চাকৰিত। পিছে লেঠা লাগিল যোৱাটো লৈহে। তাইৰ পদৱীত বিভাগীয় গাড়ী নাপায়। ইফালে ৰাতিপুৱা ন বজাৰ পৰাই চেচন আছে। শেষত নিশা দহবজাৰ বাছত চিংগল ছিট বুক কৰা হ’ল।

“জানেই ছোৱালী মানুহ বুলি, ৰাতি কিয় অকলে পঠিয়াব লাগে।” পিছদিনাৰ চেচনত পিন্ধিবলগীয়া তাইৰ মেখেলা চাদৰ এযোৰ ইস্ত্রি কৰি থকা মাকৰ কথাত ঘোপাকৈ চালৈ আল্পনাই। যি বুজিব লাগে বুজিলে মাকে চাৱনিতে। ছোৱালী মানুহ বুলি বিশেষ কিবা, বেলেগ কিবা বুলি ভবা মানসিকতাক অন্তৰেৰে বেয়া পায় আল্পনাই।

“নকওঁ, একো নকওঁ, যি কৰে কৰি থাকক, বাপেকে লাই দি দি নষ্ট কৰিলে জীয়েকক” ভোৰভোৰালে মাকে। অফিচৰ পৰা আহি পাই দেউতাকে জীয়েক যাব বুলি অলপমান চিন্তাত পৰে। বেলেগ একো কাৰণ নাই, আজিলৈকে নাইট চুপাৰত অকলে ক’তো যোৱা নাই তাই। তাতে এনেকৈ হুৰমূৰ কৰি তাইক বিভাগে পঠিয়াই দিয়া কাৰবাৰটো তেৱোঁ মাকৰ দৰেই ভাল পোৱা নাই। দিনত যোৱা হ’লে কোনো কথা নাছিল। হওতে তেৱোঁ যাব পাৰিলেহেঁতেন তাইৰ লগত পিছে তেওঁৰ গাটো অত্যন্ত বেয়া। ইফালে ৰাতিপুৱা তেওঁৰ এখন গুৰুত্বপূৰ্ণ মিটিং আছে। গতিকে বাপেক জীয়েক দুয়ো উপায়হীন।

মাক দেউতাকৰ চিন্তাইহে ভয় খু্ৱালে তাইক। নহ’লে প্ৰশিক্ষণতকৈ অকলে নাইট চুপাৰত যোৱাৰ কথাইহে তাইৰ পঁচিছ বছৰীয়া মনটোক বেছিকৈ সুখী কৰি তুলিছিল। বাধাস্বত্ত্বেও আই এচ বি টিত থ’বলৈ অহা হাঁচিয়াই হাঁচিয়াই তৰণি নোপোৱা দেউতাকক লগে লগে ঘৰলৈ পঠিয়াই দিলে। সময় তেতিয়া নিশা ৯.৩০ বাজিছে। চাৰিওফালে চকু ফুৰালে তাই। নাই, বাছো নাই, মানুহো নাই বৰ বেছি। গোটেই টাৰ্মিনেলত মুঠ পঞ্চাশজন মানুহো নাই চাগৈ। দোকানবোৰ বন্ধ কৰিছে। বাছৰ কাৰণে মানুহ টনাটনি কৰা দালালবোৰো নাইকিয়া হৈ আহিছে। দুটামান পোৱালিয়ে বস্তা পাৰি শুবলৈ লৈছে। সিহঁতৰ মুখৰ পৰা অবাইচ অশ্লীল শব্দ কিছুমান ওফৰি আহি মানুহবোৰৰ কাণত পৰিছে। বাছখন ৰৈ থকা ঠাইলৈকে আগবাঢ়ি গ’ল তাই। মানুহবোৰৰ কোনো উঠা নাই বাছখনত তেতিয়ালৈ। মন কৰিলে বাছখনত তাইৰ বাদে আন কোনো ছোৱালী যাবলগীয়া নাই।

“আপ অকেলী হ্যো ক্যা মেডাম” কাষত থিয় হৈ থকা মানুহজনে বৰ ভদ্ৰভাৱে সুধিলে।

“জী ভাইয়া।”

মানুহজন এয়াৰফৰ্চৰ চাকৰিয়াল। উত্তৰ প্ৰদেশৰপৰা উভতিছে। লগত বৃদ্ধা মাক।

“কুছ দিক্কত হো তো বতানা জৰুৰ। হামাৰা পিছে কা ছিট হ্যে, ২৭,২৮।”

“জী ভাইয়া”

ৰক্ষা, তেওঁ, মানুহগৰাকী আছে যেতিয়া একো অসুবিধা নাই। মাকৰ পৰা ফোন আহিল। তাই মাক পুতেকৰ কথা কৈ মাকক অনৰ্থক চিন্তা কৰিবলৈ বাৰণ কৰিলে।

বাছত উঠি সাত নম্বৰৰ চিংগল ছিটটোত বহি ল’লে। কাপোৰৰ সৰু বেগটো ছিটৰ তলতেই সোমোৱাই থ’লে। ই কি! যোৱা পোন্ধৰ মিনিট ধৰি যি যোৰ চকুয়ে তাইক নিৰীক্ষণ কৰি আছিল, সিচোন তাইৰ সন্মুখৰ চিংগল ছিটটোতে বহি লৈছে। বৰ অসহ্যদায়ক আছিল সেই চাৱনি। যেন গোটে গোটে চকুৰেই গিলি থ’ব। এয়াৰ বেগটো ওপৰত থোৱাৰ চলেৰে তাইলৈ যিটো চাৱনি দিলে, ঠিকেই বুজিলে তাই, যাত্ৰাটো সুখপ্ৰদ হোৱাৰ সম্ভাৱনা একেবাৰে শূণ্য। বাৰু দেখা যাওক কি হয়। যাবতো লাগিবই। উপায় নাই।

মানুহটোৱে উঠিয়েই নিজৰ চৰিত্ৰ দেখুৱাবলৈ ধৰিলে। গাড়ী লৰচৰ কৰাৰ আগতেই নিজৰ ছিটটো পিছলৈ ঠেলি দিলে। ইফালে আকৌ’ তাইৰ পিছৰ ছিটৰ মানুহজনে হেনো ছিট পিছুৱাই নিদিয়ে। বিৰক্ত হ’ল আল্পনা। কি কৰা যায়, এয়াৰফৰ্চৰ মানুহজনক মাতি দি পিছলৈ যাওঁ নেকি? সিতো ভালেই পাব জঞ্জাল নোহোৱাকৈ সাত নম্বৰত আৰামত বহি যাবলৈ। তাই পিছৰ ছিটলৈ গ’লে ইমান ঘণ্টাৰ বাট থেকেচা খাই খাই যাব লাগিব। তাৰোপৰি চিংগল ছিটত আৰামত বহি ওলোটাই তাইৰ ওপৰতে উপকাৰ কৰা লুক দিব মানুহেটোৱে। নহ’লেনো কি ইমান দৰদ। মনতে ভাবে তাই।

“বাছ এৰিলেনে?” মাকৰ মাত ফোনত।

“উম মা, লৰচৰ কৰিছে আৰু, চিন্তা নকৰিবা, বাছখন ফুল হৈ আছে আৰু সৱ যোৰহাট যাবলগীয়া মানুহ। দৰৱ খাই শুই থাকা। ৰাতিপুৱা ফোন কৰিম। গুড নাইট।” কথা দীঘলীয়া নকৰি ফোনৰ সংযোগ কাটিলে তাই।

“মেডাম আপ অগৰ বুৰা না মানে তো পিছে মম্মী কে চাথ বেইঠিয়ে। ম্যে য়হা আ জাতা হু। ৱো ক্যা হ্যে না, দো লেডিছ সাথ হোনে চে আৰাম মিলেগা। টয়লেট বগেৰা জানে কো আচানী হোগী।”

ঔকাদ দেখাইয়ে দিলে মানুহটোৱে। তাৰ পূৰা মন তাইৰ ছিটটোত বহাৰ। বুঢ়ী মাকক তাইৰ মূৰত মাৰি বেটাৰ ফস্তি মৰাৰ মন। “নেহী ভাইয়া ম্যে ঠিক হু য়হা।” তাইৰ উত্তৰত অসন্তুষ্ট হৈ মানুহজন নিজৰ ঠাইলৈ উভতি গ’ল। আই এচ বি টি এৰিলে বাছখনে। সন্মুখৰ মানুহজনে ছিটত আউজি হাতখন পিছলৈ দি তাইৰ অৱস্থিতিৰ উমান ল’ব বিচাৰিলে। বাছ লখৰা আহি পালে।

চেফটি পিনেৰে খুচি দিওঁ নেকি লম্পটটোক নামাকৰণ এটা কৰি এক্সন প্লেন এটা বনাবলৈ যত্ন কৰিলে। ওঁহো, চেফটি পিনেৰে খুচিলে ধেমালি বুলি ভাবি বেছি অশান্তি দিব গোটেই ৰাতি। এইটো আইডিয়া আজিকালি আউটডেটেট হ’ল। উঠি গৈ চৰিয়াই দিওঁ নেকি লম্পটটোক। দ্বিতীয় বিকল্পৰ সন্ধান কৰিলে আল্পনাই। না না চৰিয়াব একদম নোৱাৰি। দিনত হোৱা হ’লে বেলেগ কথা আছিল। গতিয়াই লথিয়াই নমাব পৰা গ’ল হয়। কিন্তু এই ৰাতিখন! বাছৰ মানুহবোৰেও গম পাই যাব। মই চেণ্টাৰ অব এট্ৰাকশ্বন হৈ যাম আৰু অকলে গৈ থকা গম পাই ঢেৰ শুভাকাংক্ষী ওলাব। তাৰোপৰি চৰ খোৱা লম্পটে যদি ফোন কৰি গুণ্ডাবাহিনী মাতে শেষেই আৰু। যোৰহাটতো বাদেই দিলোঁ‌, চাকৰিও এৰুৱাব ঘৰৰ মানুহে। গতিকে চৰিওৱা কেঞ্চেল। কি কৰা যায়, কেনেকৈ জবাব দিয়া যায় লম্পটটোক ভাবি থাকোতেই বাছ লালমাটি পাৰ হ’ল।

 কণ্ডাক্টৰে ডীম লাইট জ্বলাই দিলে। খাই বৈ উঠা মানুহবোৰে শুইয়ে দিলে। তিনিটামান নাকৰ মেঘমল্লাৰ ৰাগো শুনিলে তাই। দুজনৰ ৰাগ একেলগে বাজিল। আনজনে এই দুজনৰ ইণ্টাৰভেলত নিজৰ মলহাৰ ৰাগ টানে।

“ৱাহ, টুনাইট দেয়াৰ উইল বি টু মাচ্ছ ফান।”

নোশোৱাবোৰে চিনেমা চোৱাত মন দিছে। হিৰোৰ ডাবোল এক্টিং। ‘জেহেৰৱালী’ খীৰ খাবলৈ অমিতাভ বচ্চন উত্ৰাৱল হৈ পৰিছে। মানুহবোৰে সেইখনকে ‘অস্কাৰ উইনিং’ চিনেমা টাইপ মনোযোগেৰে আৰু আবেগিক হৈ চাই আছে। লম্পটে টিজাৰ দেখুওৱা কাৰ্যসূচীৰ অন্ত পেলোৱাৰ পিছত এইবাৰ ট্ৰেইলৰৰ যো-যা চলালে। নিজৰ ছিটটো যেন তাৰ বাবে কম হৈছে এনে ভাৱত হাতখন পিছৰ ছিটলৈ পিছুৱাই দিয়ে। দহ নম্বৰ ছিটৰ মানুহজনো আকোঁৰগোজ। এতিয়াই ছিট ঠেলি নিদিয়ে পিছলৈ। লম্পটে পিছলৈ চালে। মুখত দেখ নেদেখ এক কুটিল হাঁহি। বাছ আহি খানাপাৰা পালে। কেবিনৰ খালী থকা ছিটকেইটা ভৰ্তি কৰাৰ আপ্ৰাণ চেষ্টা হেণ্ডিমেনৰ। গ্ৰাহকৰ লগত দূৰ্বাৰ দৰ দাম। মাজে মাজে গালি গালাজ, মাজে মধ্যে কাতৰ অনুনয় বিনয়। কোনোবাই কাঠ উঠাইছে বাছত।

এক দম কাঠ উঠোৱা মানে কমেও দহ মিনিট লাগিব। ভাৱনাত বুৰ গ’ল আল্পনা। ফোনটো বাজি উঠিল।

“মেম মই প্ৰয়াস। আপোনাৰ গাড়ীৰ নম্বৰ পালোঁ‌, ৰাতিপুৱা আপুনি আহি নৌপাওঁতেই আমি ৰৈ থাকিম বাছ ষ্টেণ্ডত। আপোনাৰ থকাটো ইউনিভাৰ্চিটি গেষ্ট হাউচত ঠিক কৰা হৈছে মেম। আহি থাকক মেম। চেইফ জাৰ্ণি।” প্ৰয়াসৰ ফোনটো অহাত মনটো অলপ ডাইভাৰ্ট হৈছিলহে চেইফ জাৰ্ণি শুনি মগজুটো উতলি উঠিল। নামিয়েই দিওঁ যাহ, নাযাওঁ যোৰহাট, নকৰো চাকৰি। মই কিয় নামিম, মই কি কৰিলোঁ‌ সি ভাবিছে মান সন্মানৰ ভয়ত মই মনে মনে সহি যাম! তাক ৱাক অভাৰ দিম। বেটা লম্পট, গলত লড়কী চে পংগা লৈছ তই, বেদান্ত কাকতিৰ জীয়েকে টেনশ্যন নলয়, দিয়েহে। আল্পনা কাকতিক টৰ্চাৰ কৰাটো মুশকিলেই নহয়, নামুমকিনো হয়।

কাঠৰ দমটো উঠোৱা শেষ হৈছিল প্ৰায়। তেতিয়া সময় নিশা ১০.২৫ মিনিট। অকণমানি ঠাইখিনিত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। কোনোমতে ছিটৰ তলত থৈ দিয়া বেগটোৰ চাইড পকেটৰ পৰা হাৱাই চেণ্ডেলযোৰ পলিথিনৰ সৈতে উলিয়াই আনিলে। পামশ্বুজোৰ খুলি হাৱাই চেণ্ডেলজোৰ পিন্ধি ল’লে। কেঁকো জেঁকো কৈ নিজৰ ছিটৰ পৰা ওলাই আহিল। ডাঙৰ পলিথিনটো সোঁহাতত লৈ লম্পটৰ ওচৰলৈ গ’ল। ধনী ল’ৰা দেখিলে গোল্ড ডিগাৰে যিমান আবেগ, আব্দাৰ সানে, তাতোকৈ অলপ বেছিকৈ মিঠা মাত উলিয়াই লম্পটটোক মাত লগালে, “দাআদ্দাআআ, আপোনাৰ ছিটটো অক্কণমান আগুৱাই দিব্ব নেকি? এক্সুৱেলি বাছত ট্ৰেভেল কৰিলেই ভমিট হয়েই মোৰ, চো আপুনি ছিটটো আগবঢ়াই নিদিলে ৰাতি আপোনাৰ গায়ে মূৰে কপালে ভমিট পৰিব পাৰে। দাআদ্দাআআ, প্লিজ ডণ্ট মাইণ্ড।”

 লম্পটে তৰ্কাতৰ্কিৰ বাবে সাজু হৈয়েই আছিল কিন্তু এনে মিঠা জোতাৰ বাবে মুঠেও প্ৰস্তুত নাছিল। কথাখিনি বুজিবলৈ আধামিনিট সময় ল’লে। চৰম ঘৃণা আৰু অৱজ্ঞাৰে ছিটটো সম্পূৰ্ণ আগুৱাই দি আৰাৱলীৰ চূড়াৰ নিচিনাকৈ চিধা কৰি দিলে।

“থেংকিউউ দাআদ্দাআআ।”

দহ নম্বৰীটোৱে কিবা মছলা খবৰ, তৰ্কাতৰ্কি, গালি গালাজ শুনিবলৈ পায় বুলি ‘অংগ্ৰেজ কে জমানে কে জেইলৰৰ জাচুচ’ টাইপ কাণ উনাই আছিল। দুইজনৰ কথা বতৰা শুনি সি লগে লগে নিজৰ ছিটটো পূৰা পিছুৱাই দিলে। চকু মুখত চূড়ান্ত ঘৃণা আৰু অৱজ্ঞা। ক’বতো নোৱাৰি লেতেৰীজনীয়ে কোনফালে লেতেৰা কৰে।

তাৰপিছত!

তাৰপিছত আৰু কি! নিজৰ ছিটলৈ উভতি আহি ছিটটো পিছুৱাই দিলে আল্পনাই। সন্মুখত যথেষ্ট পৰিমাণে খালী ঠাই ওলোৱা বাবে বাবে চাৰি নং ছিটৰ পিঠিত ভৰিদুখন উঠাই দিলে। বেচেৰা লম্পটে নিজৰ বাওঁফালে ‘দ’ হৈ লৰচৰ নকৰাকৈ শুবলৈ প্ৰয়াস কৰিলে। ওখ মানুহটোৰ মূৰটো খিৰিকীৰ তলত আছিল। সময় তেতিয়া নিশা ১০.৩২ মিনিট। লম্পটটোৱে লৰচৰ নকৰিলে যে নকৰিলে, একেবাৰেই নকৰিলে। আনকি জখলাবন্ধাত মূত্ৰ বিসৰ্জনৰ বাবেও নানামিলে। এবাৰতো আল্পনাই সি মৰিলেই বুলি ভাবিলে। পিছে ৰক্ষা, মৰা নাই। পুৱা ৪.১৫ মিনিটত দেৰগাঁৱত নামি বিষে বেদনাই জৰ্জৰিত হোৱা নাজুক দেহাটো ভালেমান সময় ৱাৰ্ম আপ কৰা দেখি সকাহ পালে আল্পনাই।

“কাকতিৰ জীয়েকৰ লগত পাংগা। মেহেংগা পড়া না দাআদ্দাআআ।”

ৰাতিপুৱাৰ বেলিটো দিনটোলৈ সাজি কাঁচি ওলাবলৈ সাজু হৈছিল তেতিয়া। তায়ো মুকলি মনেৰে সাজু হ’ল সূৰ্য্যেদয় চাবলৈ, এযুগ পিছত।

☆ ★ ☆ ★ ☆

7 Comments

  • Rimjhim Borthakur

    মজা

    Reply
  • পৰীস্মিতা গগৈ

    আইডিয়াটো ব্যৱহাৰ কৰিব লাগিব। মজ্জা লাগিল।

    Reply
  • Bedanta

    বঢ়িয়া লাগিল

    Reply
  • বন্দিতা

    বিলকুল ছেভ যা’নি,,ভাল লাগিল

    Reply
  • বিপুল

    মজ্জা!!

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ৱাহ মজা আইডিয়া এটা পাই গʼলোঁ সুস্মিতা বা । তামাম ভাল লাগিল পঢ়ি গল্পটো

    Reply

Leave a Reply

Your email address will not be published.