ফটাঢোল

খটাধৰৰ কেৰিয়াৰ – যুগল লোচন দাস

খটাধৰক লৈ মহা চিন্তা দিবাকৰ আৰু কণিকাৰ। সিয়েই একমাত্ৰ সন্তান। আগলৈ-পিচলৈ বুলিবলৈ খটাধৰেই। পিচে মাক-দেউতাকৰ মৰমৰ কোবত খটাধৰে এতিয়ালৈকে জীৱনৰ কোনো লক্ষ্যই দেখুৱাব পৰা নাই। একেটা মাত্ৰ পো, আদৰৰ নহব’নো কিয়, মাটিত থ’লে পৰুৱাই খাব, মূৰত থ’লে ওকনিয়ে খাব। খটাধৰ অৱশ্যে দুয়োৰে মূৰত উঠিয়েই ডাঙৰ হৈছে আৰু এতিয়া সি মৰমৰ কোবত মূৰৰ পৰা ননমাই হ’ল। স্কুললৈ ঠিকেই যায়, কিন্তু পঢ়া-শুনাত সমূলি মন নাই। কোনোমতে ৩০ৰ ঘৰত নম্বৰকেইটা টানি-টুনি যোগ কৰি আগবাঢ়ি গৈ আছে। তাক পঢ়াৰ কথা ক’লে খটাধৰে চকু দুটা ডাঙৰ কৰি উচাট মাৰি আঁতৰি যায়। কেতিয়াবা বিৰক্ত হৈ ওলোটাই প্ৰশ্ন কৰে,- “কোনে যে এই পঢ়া-শুনা আৰু স্কুলবোৰ উলিয়াইছিল, কাম নাই আৰু!”

কণিকাই বুজায়,- “হেৰৌ খটা, পঢ়া-শুনা ভালদৰে কৰিলে ডাঙৰ মানুহ হ’বি। ডাঙৰ চাকৰি কৰি সুখত থাকিব পাৰিবি।“

“এতিয়ানো মই কিহৰ দুখত আছোঁ! তোমালোকে মোক সকলো দিছাইচোন!”

খটাধৰৰ কথা শুনি দিবাকৰৰ তালুত খঙে টিঙিচকৈ কোবায়। কয় – “হেৰৌ খটা, আমি তোক সদায় খুৱাই থাকিবলৈ জীয়াই থাকিম নে?”

“নাথাকিলেও কথা নাই। এইবোৰ টকা-পইচা, সম্পত্তিনো কাৰ বাবে ?”

“আও! কালি-পৰহি জন্ম হৈ তোৰ মুখতচোন বৰ বৰ কথা-“  দিবাকৰে প্ৰমাদ গণিলে।

“এনেকৈ আৰু নহ’ব খটা। তই কেৰিয়াৰ গঢ়িব লাগিব” – মাক কণিকাই ক’লে।

“সেইবোৰত মোৰ ধান্দা নাই!”—খটাৰ স্পষ্ট উত্তৰ।

“হেৰৌ, কেৰিয়াৰ নগঢ়িলে জীৱনটো অথলে যাব। দেখা নাই, তোৰ স্কুলৰ সকলো বন্ধুৱে নিজৰ নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে ভালদৰে পঢ়া-শুনা কৰিছে। কোনোবাই খেলা-ধুলাত মন দিছে আৰু কোনোবাই গান গোৱাত লাগিছে “–দেউতাকে বুজাই ক’লে।

“হয়তো, তোৰ লগৰ প্ৰশান্তই গান, খেলা-ধুলা সকলোতে পাকৈত। ভৱিষ্যত তাৰ উজ্বল। আজিকালি ভাল গায়ক আৰু খেলুৱৈ হ’লেও ভৱিষ্যত চিন্তা নাই। জুবিন গাৰ্গ আৰু বিৰাট কোহলীৰ দৰে হ’ব পাৰিলেতো কথাই নাই।“

মাকৰ কথা শুনি খটাধৰ এইবাৰ চুপ হৈ ৰ’ল। সি কিবা মনতে চিন্তা কৰিলে। তাকে দেখি মাক-দেউতাক দুয়োৰে মন অলপ ভাল লাগিল। যাহওক, ইমানবোৰ মৰা ফৰ্মূটিৰ এটা অন্ততঃ তাৰ মগজুত লাগিছেগৈ! কিছুসময় চিন্তা কৰি খটাই ক’লে, – “মই খেলুৱৈ হ’ম।“

“বৰ ভাল কথা” – মাকে আনন্দত অলপ চিঞৰি উঠিল।

“কি খেলিবি খটা?” – বাপেকে সুধিলে।

“খেল বহুতেইতো আছে” – মাকে ক’লে।

“আছে, ফুটবল, ক্ৰিকেট, টেনিছ, হকী…”.—দেউতাকৰ উত্তৰ।

“নাই, এইবোৰ নহ’ব।“

“কিয়” – বাপেকৰ কপাল কোঁচ খাই গ’ল।

“এইবোৰ খেলত বৰ কষ্ট আছে। ফিটনেছৰ কথাও আছে। দৌৰাদৌৰি কৰি থাকিব লাগে নহয়”  –খটাই ক’লে।

“তেনেহ’লে খেলিবি কি? “ – মাকৰ মাতত উত্কণ্ঠা।

“বহি খেলা কিবা এটা খেল।“

দেউতাকে খন্তেক ভাবি ক’লে, – “বহি খেলাৰ ভিতৰত দবাই উত্তম খেল। বিশ্বনাথন আনন্দৰ দৰে হ’ব পাৰিলেতো কথাই নাই।“

“’হেৰি, ল’ৰাই ব’ৰ্ডখনেই মেলা নাই। তুমি গৈ একেবাৰে বিশ্বনাথন আনন্দৰ কাষ পালাগৈ” – মাকে ভেকাহি মাৰি ক’লে।

“নহ’ব, মোৰ দ্বাৰা দবা খেলো নহ’ব।“

“কিয় খটা?” – মাক-দেউতাকে একেলগে সুধিলে।

“দবা মগজুৰ যুঁজৰ খেল। ব’ৰ্ডখনত ৰজা, মন্ত্ৰী, সেনা, হাতী, ঘোৰাবোৰ দৌৰাই থাকিবলৈ মোৰ ইমান মগজু নাই। ইমান ভাবি থাকিবও নোৱাৰো।“

“তেতিয়াহ’লে খেলিবি কি? “-দেউতাকৰ খং উঠিল।

“লুডু গুটি…”

“কি? “- মাক-দেউতাকৰ চকু-মুখ বহল হৈ গ’ল।

“অ’, লুডু গুটি খেলেই ভাল। ইয়াত মগজু খটাব নালাগে। গুটিটো টেমাত নচুৱাই মাৰি দিলেই হ’ল। কটা-কটিও আছে। কি যে মজা!”

“হেৰৌ কটা-কুলাংগাৰ। তই লুডুগুটি খেলি বিশ্ব চেম্পিয়ন হৈ আমাৰ সন্মান বৃদ্ধি কৰিব নালাগে “– দেউতাকে দাঁত কৰচি ক’লে।

“মই কি খেলিম তোমালোকেই কোৱা।“

“হয় ক্ৰিকেট, নহয় ফুটবল। যিকোনো এবিধ খেলত তই কেৰিয়াৰ গঢ়িব লাগিব।

ক্ৰিকেট খেল” – মাকে জোৰ দিলে। “তই দেখোন ধুনু-মুনুহঁতৰ লগত টেনিছ বল ক্ৰিকেট সদায় খেলি থাক।“

“হ’ব দিয়া। টেনিছ বল ক্ৰিকেটেই খেলিম” – খটাই মূৰ জোকাৰি সন্মতি দিলে।

“টেনিছ বল খেলাৰ পিচত তই কিন্তু আচল বলৰ ক্ৰিকেট খেলিব লাগিব “– দেউতাকে সোঁৱৰাই দিলে।

“হ’ব দিয়া। টেনিছ বলতে প্ৰথম হাত দুখন বিৰাট কোহলীৰ দৰে পকা কৰি লওঁ।“

কথামতেই কাম। ১২ বছৰীয়া খটাধৰক দিবাকৰে ওচৰৰে ক্লাৱটোট ভৰ্তি কৰি দিলে। খটাধৰৰ প্ৰশিক্ষণ আৰম্ভ হৈ গ’ল। স্কুলৰ পৰা আহিয়েই ক্ৰিকেট খেলিবলৈ যায়। মাক-দেউতাকে স্বস্তিৰ নিশ্বাস এৰিলে।

কেইটামান দিনৰ পিচতে এদিন ক্লাবৰ  সভাপতি নীলকান্ত খটাধৰৰ ঘৰলৈ আহি দেউতাকক লগ কৰিলে। দিবাকৰ আৰু কণিকাৰ বৰ স্ফূৰ্তি লাগিল। কাৰণ আছে। খটাই ছাগে ভাল খেলিছে। তাৰ প্ৰশংসা গাবলৈ নীলকান্ত তেওঁলোকৰ ঘৰলৈ আহিছে।

“কওকচোন ডাঙৰীয়া, আমাৰ ল’ৰাই ছাগে বাউণ্ডেৰী-অভাৰ বাউণ্ডেৰীৰ ফুলজাৰি মাৰি আছে।“

“ফুলজাৰি মাৰিব পৰা হ’লেতো কথাই নাছিল। আপোনালোকৰ ল’ৰাৰ নাম যেনেকৈ খটাধৰ, কাম-কাজতো তেনেকৈ খটাসুৰ। সি ক্ৰিকেট নেখেলে। বেটখনেৰে বল কোবোৱাৰ সলনি লগৰীয়া খেলুৱৈবোৰকহে কোবায়। এনে বদ্ মেজাজী আৰু কাঁজিয়া-মাৰপিট কৰা ল’ৰা আমাক নালাগে। কাইলৈৰ পৰা খটাধৰক ক্লাবলৈ আৰু পঠিয়াব নালাগে।“

নীলকান্তৰ কথা শুনি দিবাকৰ-কণিকাই তাপ মাৰিলে। বুজি পালে – খটাধৰৰ ক্ৰিকেট কেৰিয়াৰৰ তাতেই যৱনিকা পৰিছে। এনেদৰে আৰু দুদিনমান গ’ল। খটাধৰ স্কুললৈ নিয়মীয়াকৈ গৈ আছে। ক্ৰিকেটত ব্যৰ্থ হৈ পঢ়া-শুনাতে অলপ মন-কাণ দিছে। হঠাতে এদিন স্কুলৰ শ্ৰেণী শিক্ষক পদুম মাষ্টৰ আহি ওলাল। দিবাকৰ-কণিকাৰ মনত আনন্দ। ল’ৰাই ছাগে পঢ়া-শুনাত ভালদৰে মন দিয়াৰ কথা ক’বলৈ আহিছে।

“কওক মাষ্টৰ, আমাৰ ল’ৰাৰ অগ্ৰগতি কেনে? “- দিবাকৰে হাঁহিটো মাৰি সুধিলে।

“খুব ভাল অগ্ৰগতি। হাত দুখন তাৰ তেজ-মঙহৰ নহয়, যেন লোহাৰহে। যোৱা তিনিদিনত তিনিটা ল’ৰাৰ নাক ভাঙিলে। আজি এটাৰ মূৰ ফালিলে। এনেকৈ আৰু নহ’ব। খটাধৰক স্কুলত পঢ়ুৱাব নালাগে। তাক বক্সিং ট্ৰেইনিং চেণ্টাৰলৈ নিয়ক। ভালদৰে বক্সিং শিকিবলৈ দিয়ক। অন্ততঃ শিৱ থাপাৰ পিচত অসমৰ পৰা আৰু এজন ভাল বক্সাৰ চেম্পিয়ন ওলাব। একেবাৰে মাইক টাইছনৰ দৰে। কথাষাৰ কৈয়েই মাষ্টৰে বিদায় ল’লে।“

মাষ্টৰৰ মুখত খটাৰ কথা শুনি দিবাকৰ এইবাৰ হতাশ নহ’ল। বৰঞ্চ মনত অপাৰ আনন্দ লাভ কৰি কণিকালৈ চাই ক’লে, – “হেৰা, এইবাৰহে মই খটাৰ আচল কেৰিয়াৰ গঢ়াৰ ৰাস্তাটো দেখা পালো। ক্ৰিকেট, ফুটবল, পঢ়া-শুনাৰ কথা বাদ দিয়া। ল’ৰাক বক্সিং চেম্পিয়ন হিচাপে গঢ়ি তুলিম। সি কিমান ওস্তাদ প্ৰমাণ পালোৱেই নহয়! চিন্তা নকৰিবা, মাৰপিটত খটাধৰ ভাল। উচ্চ প্ৰশিক্ষণ পালে সি আৰু ওস্তাদ হ’ব। কাইলৈয়ে মই তাক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণলৈ লৈ গৈ বক্সিঙত নাম লগাই দিম। অন্ততঃ তাৰ হাত দুখনৰ সদগতি হ’ব। কি কোৱা তুমি? “

কণিকাই একো নকৈ দিবাকৰৰ ফালে ফেল্ ফেল্ কৈ চাই ৰ’ল।

☆★☆★☆

 

One comment

Leave a Reply

Your email address will not be published.