ফটাঢোল

খানা আঁচনি-ৰিমঝিম বৰঠাকুৰ

মিনি স্কুললৈ যায়। যায় মানে গৈছিল, সেই প্ৰাক্‌ কৰ’ণাৰ দিনতে। এতিয়াতো কেইবামাহো ধৰি স্কুলবোৰত বন গজিল, মানে স্কুলবোৰ ক’ভিড কেয়াৰ চেণ্টাৰ হ’ল। আকৌ কেতিয়া ল’ৰা-ছোৱালীয়ে দৌৰি-ঢাপৰি স্কুললৈ যাব পাৰিব সেয়াও অনিশ্চিত বৰ্তমানলৈকে। বাৰু, সেইবোৰ কথা বাদ দিছোঁ। এতিয়া আহিছোঁ মিনিৰ কথালৈ। মিনি স্কুললৈ গৈছিল। কি পঢ়ে, কি নপঢ়ে সেইটো পিছৰ কথা, কিন্তু তাই স্কুললৈ যায়।

অহ এতিয়া আকৌ প্ৰশ্ন আহিব মিনি কোন? মিনি হ’ল আমাৰ/আপোনাৰ ঘৰৰ ওচৰৰে চাহ-সম্প্ৰদায় লোক এজনৰ কন্যা। দেউতাকে দিনটো দিন-হাজিৰা কৰি যিকণ ঘটে সেইকণ চুলাইত উৰুৱাই দি ৰজা হৈ থাকে। মিনিয়ে নিজৰ ভৰণ-পোষণ নিজেই কৰিব লগা হয়। ভৰণ-পোষণ নিজেই কৰে মানে আৰ ঘৰে তাৰ ঘৰে চোতালখনকে সাৰি দিলে, বাচনকেইটাকে ধুই দিলে নহ’লে অকমানি কেঁচুৱাকণকে ৰখি দিলে। সেইবোৰ কৰোঁতে মানুহে মৰমতে যি দহ টকা বিশ টকা দিয়ে তেনেকৈয়ে মিনিয়ে নিজৰ খৰচ উলিয়ায়। বয়সটো চাই যদিও মিনি শিশু শ্ৰমিকত পৰে, কিন্তু উপায় নাই, মাক নোহোৱা ছোৱালী। নিজৰ পেটৰ ভাতকণ মোকলাব লাগিবই। অইন নহ’লেও ৰাতিপুৱাৰ সাঁজ আৰু ৰাতিৰ সাঁজ।

মিনিয়ে ৰাতিপুৱা কাষৰ ঘৰৰ কেঁচুৱাটো মাকে কাম-বন কৰি আজৰি হৈ অহা সময়খিনি ৰখি দি আহি দৌৰাদৌৰিকৈ স্কুললৈ যায়। হাততে ফলি-গুটি, কিতাপকেইখন লৈ খালী ভৰিৰে ইউনিফৰ্মযোৰ পিন্ধি ফোপাই-জোপাই শ্ৰেণীকোঠাত প্ৰৱেশ কৰেগৈ। তাই কি পঢ়ে তাইহে জানে। স্কুলতেই যি কিতাপখন চুই পায়। কিন্তু প্ৰত্যেকবাৰে এশ্ৰেণীও নোৰোৱাকৈ পাছ কৰি গৈ আছে। পাছটো কৰিবই সৰ্বশিক্ষা আঁচনি আছেই যেতিয়া। পাছ নকৰিলে আকৌ শিক্ষক জবাবদিহি হ’ব লাগিব।

বাৰু সেইবোৰ থাওক। এতিয়া আহিছোঁ মিনিৰ ৰুটিনখনলৈ। পুৱা শুই উঠিয়েই লোকৰ কেঁচুৱাটো ৰখি দি স্কুললৈ লৰ দিয়ে। স্কুল কিন্তু কেতিয়াও ক্ষতি নকৰে তাই। দেওবাৰটো বন্ধ দিয়ে, সেইটো মিনিয়ে বেয়াহে পায়। স্কুল গৈ ইমান ভালপোৱা ছোৱালী কাহানিও দেখা নাই দেই। এনেকৈ হ’লে ৰাজ্যত সাক্ষৰতাৰ হাৰ নবঢ়াৰ কিবা উপায় আছেনে! ৰাজ্যৰ চুকে-কোণে থকা সকলো ল’ৰা-ছোৱালী যেতিয়া স্কুল যোৱা আৰম্ভ কৰিব সাক্ষৰতাৰ হাৰ আপোনা-আপুনি বাঢ়িব। খুউব ভাল লক্ষণ এয়া। এইক্ষেত্ৰত চৰকাৰৰ জয়-জয় ময়-ময়। বিনামূলীয়া শিক্ষা, পাৰক-নোৱাৰক পাছ কৰি যোৱা, মধ্যাহ্ন ভোজন ইত্যাদিয়ে চুম্বকে আলপিনক টনাদি স্কুলে ছাত্র-ছাত্ৰীক টানিছে। কিন্তু মিনিহঁত সঁচাকৈয়ে শিক্ষিত হৈছেনে? এই কথা মিনিক সুধিলেই গম পাব। মিনিক সোধাৰ আগতে মিনিৰ দৈনন্দিন ৰুটিনখন সম্পূৰ্ণকৈ শুনি লওক। স্কুলৰপৰা আহিয়েই কিতাপ ফলি থৈ মিনি দৌৰে ওচৰৰে এঘৰলৈ। তেওঁলোকে দুপৰীয়া খাই থোৱা বাচনখিনি ধুবলৈ। বাচন-বৰ্তনকেইটা ধুই ৰাতি সাত বজালৈকে সেইঘৰতে “চাচ-বহু”, “জামাই ৰাজা” চাই  ঘৰলৈ আহি ভাতকেইটা খাই শুই পৰিব। মিনিহঁতৰ কাৰণে সন্ধিয়া সাত বজাটো ৰাতি আৰু ন বজাটো মাজ নিশা। আগতে যেতিয়া সিহঁতৰ ঘৰত বিজুলী-বাতি লৈছিল তেতিয়া ইয়াৰ অলপ হেৰফেৰ হৈছিল। কিন্তু তাৰ কানেকছন কাটি দিয়াৰ পিছত আকৌ টিপ চাকিৰ যুগলৈ সিহঁত উভতি গ’ল। ইয়াৰো এটা কাৰণ আছে চৰকাৰৰ বিনামূলীয়া বিজুলী আঁচনি পাই মিনিৰ ‘বেচেৰা’ দেউতাকে ভবাই নাছিল যে কানেকছনটোহে ফ্ৰী বাকী মাহে মাহে বিলখিনি দিবই লাগিব। বিজুলী সংযোগ কৰাৰ পিছৰপৰাই কাৰোবাৰপৰা মিউজিক চিষ্টেম এটা ধাৰলৈ আনি গোটেই সন্ধিয়া সিহঁতৰ ঘৰত ডিস্ক’ নাইট চলাৰ লগতে ভিতৰে বাহিৰে সকলোবোৰ লাইট পুৱা বেলিটোৱে ভুমুকি নমৰালৈকে জলি থাকিছিল। পিছত যেতিয়া মাহৰ পিছত মাহৰ বিল দিব নোৱাৰাত ইলেকট্ৰিচিটীৰ মানুহ আহি ঘেচেককৈ কাৰেণ্টটো কাটি থৈ গ’ল তেতিয়াহে তেওঁলোকৰ মনত খেলালে চৰকাৰৰ বিনামূলীয়া বিজুলী আঁচনিয়ে যে ‘বেঙেনা’ দিলে। বাৰু এইবোৰ আঁচনিৰ কথা ইয়াতে সামৰিছোঁ।

সেই সন্ধিয়া সাত বজাতে শুই পুৱা চাৰিটাতে উঠি অ’ৰ ত’ৰ পৰা শুকান খৰি বিচাৰি-মেলি আনি নিজৰ ঘৰৰ চোতালখন ঝাৰু দি মিনি যায় কেঁচুৱা ৰখিবলৈ, নহ’লে লোকৰ বাহি চোতাল সাৰিবলৈ। ইমানখিনি সময়ৰ ভিতৰত মিনিক কাহানিও কিতাপখন হাতত লোৱা দেখা নাযায়। কিন্তু এশ্ৰেণী দুশ্ৰেণীকৈ বছৰি বছৰি উৰ্ত্তীণ হৈ গৈয়েই আছে। স্কুল গৈ ভালপোৱা মিনি এতিয়া ঘৰতে থাকিবলগা হোৱাত মন চন ভাল নহয়। বিশেষকৈ ঘৰত তাই দুপৰীয়া খানাটো স্কুলৰ দৰে পোৱা নাই। স্কুল কেতিয়া খুলিব মিনিয়ে খবৰ লৈ থাকোঁতে এদিন তাইক ওচৰলৈ মাতি আনি সুধিলোঁ,

: তই স্কুলত কি কি শিকিছিলিনো, মোৰ ওচৰতে ব্যঞ্জনবৰ্ণখিনি ভুল নকৰাকৈ লিখচোন।

কথা শুনি মিনিয়ে সেমেনা-সেমেনিকৈ উত্তৰ দিলে,

: নোচোৱাকৈ গোটেইখন লিখিবলৈ নাজানিছোঁ।

তাইৰ উত্তৰটো শুনি আকৌ সুধিলোঁ,

: কিয় তই স্কুলত কি কৰগৈ?

মিনিয়ে এইবাৰ হাঁহি হাঁহি উত্তৰ দিলে,

: গৰম গৰম খানা খাওঁগৈ।

মানে ৰাজ্যত সাক্ষৰতাৰ হাৰ বঢ়াৰ আঁৰত অলপ অনুদান এই খানা আঁচনিকো দিব লাগিব।
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.