ফটাঢোল

খাৰখোৱাৰ ইংৰাজী জ্ঞান – অমৰজ্যোতি বৰা

ফৰ্ ফৰ্কৈ ইংৰাজী ক’ব পৰা মানুহক আমি সৰুৰেপৰা চোকা মানুহ বুলিয়েই ভাবি আহিছিলোঁ। আখৈফুটাদি ভুলে শুদ্ধই ইংৰাজী কৈ আমাৰ নিচিনা অজলা গঞা কেইটাৰ আগত তাহানিখনতেই কেইবাটাইও বৰমানুহ চেলাইছিল। আমিও তেওঁলোকক বৰ সমীহ কৰি চলিছিলোঁ। এটা আশা তেতিয়াই মনত বাহ লৈছিল, ময়ো এদিন আখৈফুটাদি ইংলিছ মাতিম।

কিন্তু লেঠা এটা আছিল। ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছিলোঁ ক্লাছ ফাইভত, খাৰখোৱা জিভাত ইংলিছ ফুটিবই নোখোজে, বুজি পোৱাটো তাতোকৈও দূৰৈত। ক্লাছ টেনত যেনিবা এজন শিক্ষকৰ কৃপাত যেনে তেনে সহজ ভাবে লিখিব পৰাকৈ ইংৰাজীৰ সামান্য জ্ঞান আহিলগৈ। ইলেভেন টুৱেলভ মানত লাহে লাহে দুই এখন ইংৰাজী আলোচনী পঢ়িবলৈ ললোঁ, JSR, CSR ইত্যাদি। গোটেইসোপা বুজি নাপালেও মোটামুটি বুজি পোৱা হলোঁ।

কলেজ পোৱাৰ পিছত উপায় নাই, কিতাপ পঢ়িলে ইংৰাজীতেই পঢ়িব লাগিব, অসমীয়া ভাষাত স্নাতক বিজ্ঞানৰ কিতাপ আছিলনো কেইখন? গতিকে বাধ্যত পৰি ইংৰাজী পঢ়িবলৈ ল’লোঁ। লিখা আৰু পঢ়াৰ মোটামুটি জ্ঞান অকণমান হ’লগৈ। কিন্তু কওঁতেহে মুখত আখৈটো ফুটাব পৰা নাছিলোঁ। মানে একো নুফুটেই।

পঢ়াশুনা আধাতে বাদ দি কিবা কাম বিচাৰি এদিন গুড়গাঁও পালোঁগৈ। প্ৰথম কাম বিচাৰি কেইদিনমান এনেই আছিলোঁ। সেই আজৰি সময়ত কিতাপেই পঢ়োঁ বুলি ভাবিলোঁ। সৰুৰে পৰা কিতাপ পঢ়াৰ নিচা এটাও আছিল। কিন্তু তাত অসমীয়া কিতাপ পাম ক’ত? লাহে লাহে ইংৰাজী গল্প উপন্যাস কিনি আনি পঢ়িবলৈ ল’লোঁ। বুজি পাওঁ। মানে গোটেইসোপা যে বুজি পাওঁ তেনে নহয়, গল্প উপন্যাস পঢ়োঁতে মাজতে দুই তিনিশাৰী বুজি নাপালেও নাই, একো অসুবিধা নাই, কাহিনীটো বুজি পালেই হ’ল। মইতো সাহিত্যৰ ৰস বিচাৰি নপঢ়োঁ, কাহিনী পঢ়া মানুহ হে মই।

গুড়গাঁওত চাকৰি বিচাৰি বহুত লটিঘটি হৈছিল। এমাহ মান অতি কষ্টৰে কিবা কিবি কৰাৰ পিছত স্পেনচাৰ্ছ মেগা ষ্ট’ৰ নামৰ এখন দোকানত sales manৰ চাকৰি এটা পালোঁ, এইটো আগৰ কেইটাতকৈ মোটামুটি সন্মানজনক চাকৰি আছিল। ইয়াত যোগদান কৰাৰ পাছত এটাই লাভ হ’ল, ভুল হওক শুদ্ধ হওক ইংৰাজী কবলৈ লাজ নলগা হ’ল। নকৈ উপায় নাই, দোকানখনৰ 70% কাষ্টমাৰ আছিল বিদেশী, দিনটোত প্ৰায় এশটামান বিদেশী মানুহৰ লগত কথা পাতিব লাগে, লগতে যিকেইটা ভাৰতীয় মানুহ আহে সেই কেইটাইও নিজৰ ল’ৰা ছোৱালীকেইটাৰ লগতো ফৰফৰাই ইংৰাজীহে মাৰে। হিন্দীৰ নাম গোন্ধ নাই। তাতে মোৰ হিন্দীৰ জ্ঞানো ইমান ভাল আছিল যে হিন্দীত কোৱাতকৈ ইংৰাজীত ক’লেই মানুহে শব্দ দুটামানকে বুজি পাই। গতিকে বাধ্য হৈ ময়ো খাৰখোৱা ইংৰাজী মাৰিব লগা হ’ল।

এতিয়া ইংৰাজীত কথা পাতোঁ বুলিলেই পাতি দিব পৰা হ’লে ভালেই আছিল, শব্দ বিচাৰি ফুৰোতেই কেতিয়াবা কাষ্টমাৰ গুচিয়েই যায়। সময় লাগে বহুত। প্ৰথম ইংৰাজীত কথাটো শুনিলোঁ, অসমীয়ালৈ মনে মনে অনুবাদ কৰি বুজিলোঁ, এতিয়া উত্তৰটো অসমীয়াত ভাবিলোঁ, আকৌ ইংৰাজীলৈ অনুবাদ কৰিলোঁ, মাজতে টেন্স, ভইচ, নেৰেচনে দিগদাৰ কৰিবলৈ আছেই। ক্লাছ টেনতে প্ৰফুল্ল চাৰে শিকাই থোৱা, টেন্স, ভইচ, নেৰেচন, মনত পেলাই পেলাই, শব্দ বিচাৰি, বাক্য এটা যেনে তেনে সজাই পৰাই খাৰখোৱা জিভাইদি উত্তৰ ওলাইগৈ মানে এক মিনিট মানেই লাগি যায়।

উচ্চাৰণৰ বিহুটো থাকিলেই, আমেৰিকান এটাৰ উচ্চাৰণ বুজি লৈ, (মানে তিনিবাৰ মান চৰি, পাৰদন কোৱাৰ পিছতহে দুটামান শব্দ বুজি পাওঁ, তাকো সিহঁতি লাহে লাহে ক’লেহে, দুটামান শব্দ বুজি পালেই বাকী সম্ভাব্য প্ৰশ্নটো নিজেই ভাবি লওঁ।) উত্তৰ দিওঁ মানে কেতিয়াবা দুই মিনিতেই লাগি যায়। এতিয়া মোৰ উচ্চাৰণ তেওঁক বুজি পাবলৈও আকৌ এক মিনিট লাগিল। মোৰ ইংৰাজী উচ্চাৰণো তেওঁ ইমান সহজে বুজি পোৱা বিধৰ নাছিল, দুই তিনিবাৰৰ মূৰতহে বুজি পাইছিল।

(একেবাৰে নতুনকৈ অসমীয়া শিকা বিহাৰী মানুহ এটাৰ অসমীয়াৰ উচ্চাৰণ আমি যেনে শুনিম, আমেৰিকানটোৱেও মোৰ ইংৰাজী শুনি সেই একেই অনুভৱ কৰিছিল চাগৈ।)

এনেদৰেই ইটোৱে সিটোক পৰম আন্তৰিকতাৰে আৰু অতিশয় ধৈৰ্যৰে বুজি লৈ দুশাৰী বাক্যৰ আদান প্ৰদান হওঁতে প্ৰায় তিনি মিনিট মান লাগি গৈছিলগৈ।

☆★☆★☆

One comment

  • ৰিণ্টু

    বঢ়িয়া অমৰ, ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.