ফটাঢোল

খুৰী আৰু কলগেট – অমূল্য কুমাৰ কলিতা

(এখন চহৰত স্থায়ীভাবে বসবাস কৰা খুব সম্ভ্ৰান্ত অৱস্থাৰ খুৰাকৰ ঘৰলৈ পাপুয়ে ৰাতি থকাকৈ গৈ, ৰাতিপুৱা মুখ ধোৱাৰ বাবে বেগৰ পৰা টুথব্ৰাছডাল উলিয়াই লৈ খুৰীয়েকৰ ওচৰলৈ গ’ল।)

পাপু — খুৰী টুথপেষ্ট ক’ত আছে?

খুৰী — তাৰমানে?

পাপু — দাঁত ঘঁহা মলম।

খুৰী — অ তোমালোক গাঁ‌ৱৰ মানুহবোৰে কোৱা কথাবোৰ মই বুজিবকে নোৱাৰো। দাঁত ঘঁহা মলমক টুথপেষ্ট নকয় নহয়। কলগেটহে বোলে।

পাপু — দিয়ক কলগেট হ’লেই হ’ব।

খুৰী — দাঁতৰ ডাক্তৰে আমাৰ ঘৰৰ সকলোকেইটাকে দাঁত ব্ৰাছ কৰাৰ বাবে চেঞ্চোফৰ্ম নামৰ এবিধ কলগেট দিছে। সেয়া হব’নে?

পাপু — হ’ব দিয়ক।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.