ফটাঢোল

খোজ খাজানা খোজ – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ ষষ্ঠ নিবেদন

ছবি : খোজ খাজানা খোজ
কাহিনী, সংলাপ, পৰিচালনা, সংগীত পৰিচালনা : ডলী তালুকদাৰ

কৰিঅ’গ্ৰাফী : পল্লবী কলিতা
মেকআপ : প্ৰণীতা গোস্বামী বৰঠাকুৰ

একচন : ৰামানুজ গোস্বামী

অভিনয়ত : হেমন্ত কুমাৰ কাকতি (প্ৰিঞ্চিপাল কটকী), অভিজিত কলিতা (প্ৰফেচাৰ শৰ্মা), চিদানন্দ বৰা (ৰঞ্জিত), জিতু শৰ্মা (নগেন), দেৱজিত শইকীয়া (সুনীল), দেৱজিত শৰ্মা (কনক), নয়নমণি হালৈ (ডিম্বেশ্বৰ), দিম্পল কলিতা (ছোটু), দিপাঙ্কৰ চৌধুৰী (ডেনী) নীলাক্ষি দেৱী ডেকা (গীতা), নিৰ্মালী বৰমুদৈ (চুইটি), ৰাজশ্ৰী শৰ্মা (গোলাপী ওৰফে ৰোজী)

ৰোমাণ্টিকদ্বয় : ৰিণ্টুমণি দত্ত (চানী), ৰিমঝিম ৰিমা (মালিনী)
দিগন্ত কুমাৰ ভট্টাচাৰ্য্য (বিকি), আৰাধনা বৰুৱা (মাধুৰী)

শ্বট ১

কাহিনী আৰম্ভ হয় কলেজৰ ৰেগিঙেৰে। দ্ৰোণ কেমেৰাৰে প্ৰথমে ফটাপুৰ কলেজৰ প্ৰবেশদ্বাৰ দেখুওৱা হয়। লাহে লাহে কলেজৰ ভিতৰলৈ কেমেৰা যাব। কলেজৰ কেণ্টিন দেখোৱা হ’ব। ভিতৰত কেইবাজনো ল’ৰা ছোৱালীক তলমুৰকৈ থিয় হৈ থকা দেখা যাব। কেমেৰা ঘূৰিব আৰু পিছমুৱাকৈ প্লাষ্টিকৰ চকীত বহি থাকিব এজন ল’ৰা। কেমেৰাই ক্ল’জআপত দেখুৱাব ল’ৰাজনক ভৰিৰপৰা। পিন্ধনত আঠু ফটা জিনচ্, ভৰিত নাইকীৰ জোতা, এদিদাচৰ ক’লা টি চাৰ্ট

আৰু ডিঙিত সোণৰ মোটা চেইন। তেনেতে ল’ৰাজনে ডায়লগ দিব (এই ৰ’লটো কৰিব দিগন্ত ভট্টাচাৰ্য্যই) ডায়লগ দিয়াৰ সময়ত তেওঁৰ মুখখন আধাফাল কাণেৰে সৈতে দেখুওৱা হ’ব। কাণত মহৰ শিঙৰ পেপাৰ ষ্টাইলত কাণফুলি এপাত থাকে। বয়স বাইশ বছৰমানৰ ভিতৰত হ’ব। তেওঁৰ কাষত চকীত ভেজা দি এজন ল’ৰা থিয় দি থাকে। যদিও কলেজত পঢ়ি থকা ছাত্ৰ কিন্তু তেওঁৰ বয়স ত্ৰিশ উনত্ৰিশ মান হ’ব। (এই ৰ’লটো কৰিব ৰিণ্টুমণি দত্তই) কাষৰ চকী এখনত বহি টেবুলত ভৰি থৈ বহি থাকিব।

একচন

বিকি : কি হ’ল? এতিয়ালৈ কোনেও নিজৰ নামবোৰ কোৱা নাই যে?

চানী : ভণ্টিহঁতে লাজ কৰিছে চাগৈ? হয়নে চুইটি?

এইবুলি হাঁহি এটি মাৰি এগৰাকী নবাগতাৰ কাণৰ ওচৰলৈ মুখখন লৈ যায়। ছোৱালীজনীয়ে ভয় খাই পিছুৱাই যায়। আৰু খোনাকৈ কয়,

মোৰ নাম মা মা মা…মালিনী (এই ৰ’লটো কৰিব ৰিমঝিম ৰিমাই)

চানী : কি কৈছা? অলপ ডাঙৰকৈ কোৱা।

মালিনী : মোৰ নাম মালিনী খুৰাদেউ..

লগে লগে ডেনীয়ে হাঁহিত চকীৰ পৰা বাগৰি যায় আৰু বিকীয়ে চকীৰপৰা জাপ মাৰি নামি ঘূৰি দিয়ে। নৱাগত ছাত্ৰ ছাত্ৰীবোৰে চাই থাকে ভয়ে ভয়ে। চানীয়ে ডেনীৰ ফালে পেন্দোৱাকৈ চাই থাকে।

ডেনী : খুৰা নহয় মাইনা। এখেত আমাৰ কলেজৰ চিনিয়ৰৰো চিনিয়ৰ ষ্টুডেণ্ট। যোৱা আঠ বছৰ ধৰি এই কলেজৰ মোহ এৰিব পৰা নাই।

লগে লগে বিকিয়ে ডাইলগ দিয়ে,

বিকি : কি ঠিক দুবছৰৰ পিছত তোমালোকৰো সহপাঠী হৈ যাব পাৰে।

“গান গাব জানা?” – মালিনীক বিকিয়ে সোধে

মালিনীয়ে মূৰ জোকাৰে।

চানী : নাচিব?

নালিনী : নাজানো।

ডেনী : কবিতা লিখিব?

মালিনী : নাজানো।

বিকি : কি জানাহে?

লগে লগে দুৱাৰমুখৰপৰা এটা ডাইলগ আহে,

প্ৰিঞ্চিপালক কৈ কাণত ধৰাব জানো কিন্তু (এটি ছোৱালীৰ কণ্ঠ ভাহি আহে। এই ৰ’লটো কৰিব আৰাধনা বৰুৱাই)

সকলোৱে ঘূৰি চায় আৰু..

বিকিয়ে “কাৰ ইমান সাহস” বুলি কৈ ৰৈ যায় আৰু ৰ লাগি ছোৱালীজনীক চাই থাকে।

ছোৱালীজনীয়ে গপগপাই আহি মালিনীক হাতত ধৰি টানি আনে।
তেনেতে বিকিয়ে কয়, “নামটো জানিব পাৰিমনে”?

যুৱতী : প্ৰিঞ্চিপালক গৈ সুধিব।

মালিনী আৰু যুৱতীগৰাকী যাবলৈ ওলোৱাত চানীয়ে মালিনীৰ কাণৰ কাষত লাহেকৈ কয়,

চানী : খুৰা নহয় মই দাদাহে মনত ৰাখিবা।

মালিনীয়ে তলমূৰকৈ গুছি যায়। বিকিয়ে ৰ লাগি সিহঁত যোৱাৰ ফালে চাই থাকে। চানী আৰু ডেনীয়ে চিঞৰে, “ছোটু চাহ দুই কাটিং”।

শ্বট ২

কলেজৰ সোমোৱা গেটত তিনিখন বাইক থাকে। তাৰে এখনত বিকিয়ে শুই থাকে কপালত হাতখন দি। ওপৰৰ ফালে চাই কিবা ভাবি থাকে। ডেনীয়ে মোবাইল পিটিকি থাকে আৰু চানীয়ে কলেজত অহা ছোৱালীবোৰক ‘হাই বেবী, হাই জান, হাই চুইটি’ বুলি জোকাই থাকে। ডেনীয়ে এবাৰ বিকিৰ ফালে কেৰাহীকৈ চাই আৰু এবাৰ আকাশলৈ চাই কয়,

ডেনী : আবে ব্ৰাডাৰ, আজি কি আচমানত ডাবল সুৰুজ ওলাল নেকি বে?

বিকি : তাইৰ নামটো কি আছিল?

ডেনী : কাৰ নাম?

বিকি : কালি যে কেণ্টিনত লগ পাইছিলো।

চানী : আবে ব্ৰাদাৰ পৰিলি ন? প্ৰেমত?
(ডেনীৰ ফালে চকু টিপিয়াই দি হাঁহে)

এনেতে ডেনীয়ে চিঞৰে “আহি গ’ল.. তাই আহি গ’ল”। লগে লগে বিকিয়ে জাপ মাৰি বাইকৰপৰা নামে আহে আৰু ‘ক’ত ক’ত’ বুলি চাৰিওফালে চায়। তেনেতে বাইকত উঠি এজন আৰোহী আহি ক্ৰাচকৈ বাইকখন ৰখাই দিয়ে চানীৰ কাষত।

চানীয়ে আঐ মৰিলো বুলি জপিয়াই দিয়ে। তিনিও চাই থাকে বাইকখনলৈ আৰু আৰোহীয়ে হেলমেটটো খুলি দিয়ে আৰু বিকি আৰু ডেনীয়ে “আৰে তই” বুলি একেমুখে কয়।

ক্ল’জআপত বাইক আৰোহীক দেখুওৱা হয়। আৰোহীয়ে এটা ক’লা জিনচ্, ৰঙা পখৰা চাৰ্ট, হাতত এপাত লোহাৰ খাৰু, ভৰিত স্নিকাৰ আৰু মূৰত এখন ৰঙা ৰুমাল বান্ধিছে। ক্ল’জআপত হাঁহিৰে সৈতে “হাই বিকি ব্ৰ” বুলি কয় আৰু চুইংগামৰ পেকেটটো দলিয়াই দিয়ে বিকিলৈ।
“আৰে ৰোজী?” (এই ৰ’লটো কৰিব ৰাজশ্ৰী শৰ্মাই)

“এইখন নতুন ল’লি নেকি ৰে” বুলি চানী আৰু ডেনীয়ে বাইকখন লাৰি চায়।

ৰোজী : অ…ব্ৰো, ফাদাৰৰপৰা ল’লো বাৰ্থডে গিফ্ট। তহঁতকো চলাব দিম দে মাজে মাজে।

বিকি : মাইলেজ কেনেকুৱা বাইকৰ?

ৰোজী : পুৰা চুপাৰমেন টাইপ উৰি আহে ভাই।

ডেনী : ৰোজী বেহেন, মোৰ পাঁচ নম্বৰ গাৰ্লফ্ৰেণ্ডজনীক এদিন ডেটিঙত নিবলৈ দিবি দেই।

ৰোজী : কাম নাই মোৰ! তই গাৰ্লফ্ৰেণ্ড সলাই থাকিবি মাহে মাহে আৰু মই বাইক দিম ঘূৰাবলৈ। আগৰখনো তোৰ কাৰণে বেচিলো। তই বুলি মোক কেইবাদিনো খেদিছে বহুত ছোৱালীয়ে। শিলগুটিও মাৰিছে এজনীয়ে। গতিকে তই হাত নিদিবি মোৰ বাইকত।
আৰু বেহেন কাক কৈছ ৰে… মই ভাই হয় তহঁতৰ। বুজিলি..

চানী : মোক দিবি দেই ৰোজী ব্ৰাদাৰ। মই মালিনীক তোৰ বাইকৰ পিছত লৈ যাম এদিন। ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত বাইক চলাই গাম দুয়ো “জিন্দেগী..হাম চফৰ..এক চুহানা…য়হা কাল ক্যা হো কিচনে জানা…” ওহ মালিনী। তুমি হ’বা হেমা মালিনী আৰু মই হ’ম ৰাজেশ খান্না।

বিকি, ৰোজী, ডেনীয়ে খিলখিলাই হাঁহে।

বিকি : বুঢ়া, ৰাজেশ খান্না, হেমা মালিনীকে চিনি পাৱ! আবে আজিকালি বৰুণ ধৱন, ৰণবীৰ সিং, দিপীকা, আলিয়াৰ যুগ। আৰু কি জা…ন..

এনেতে মালিনী আৰু তাইৰ লগত কেণ্টিনত দেখা ছোৱালীজনী পাৰ হৈ যায়। বিকিয়ে তাইক দেখি কথা পতা বন্ধ কৰে। চানীয়ে হাতেৰে চুলিখিনি ব্ৰেক ব্ৰাচ কৰে।

চানীক জোকাবলৈ ডেনীয়ে কয়,

ডেনী : চানী দা তোৰ ভতিজী আহিছে। এই বুলি ৰোজীক চকু টিপ মাৰি দিয়ে।

ৰোজী : কোন ভতিজী অ’?

ডেনী : আবে তই নাজান? কালি আমাৰ চানীদাৰ ভতিজী এজনী আহিছে কলেজত। ফাৰ্ষ্ট ইয়েৰত পঢ়ে।

বিকি, ৰোজী হাঁহিত বাগৰি পৰে। চানীয়ে ডেনীক খেদা মাৰি যায়।

শ্বট ৩

প্ৰিঞ্চিপালৰ কোঠা দেখুওৱা হয়। চকীত প্ৰিঞ্চিপাল বহি থাকে। (এই ৰ’লটো কৰিব হেমন্ত কাকতিয়ে) তেওঁ খঙেৰে চাই থাকিব সমুখত তলমূৰকৈ থিয় হৈ থকা দুজন ল’ৰাক। তাৰে এজন চানী আৰু এজন ডেনী। আনহাতে প্ৰিঞ্চিপালৰ কাষত এজনী ছোৱালী থিয় দি থাকে। (নিৰ্মালী বৰমূদৈ)

প্ৰিঞ্চিপাল কটকী : কোৱা, এতিয়া কিয় মাত নাই? কোনে জোকাইছিল চুইটিক?

চানী : চাৰ আমি জোকোৱা নাই।

ডেনী : চাৰ আমি নামহে সুধিছোঁ চিনাকি হ’বলৈ।
– তেনেকে কৈ সি চুইটিক চায়।

প্ৰি.কটকী : চুপ! মই সকলো দেখিছোঁ নিজে। পঢ়া শুনাৰ নাম নাই, মিছামিছি কলেজৰ ছিট দখল কৰি ৰাখিছে।

ডেনী : চাৰ মই আজিলৈ কোনো ছোৱালীক মাতিয়ে পোৱা নাই। ন ভণ্টি?
– এইবুলি চুইটিৰ ফালে চায়।

প্ৰিঞ্চিপাল : চুপ! বদমাছ, লাজ নালাগে তোমালোকৰ? পঢ়া শুনা কৰিবলৈ এৰি দিনটো কলেজৰ গেটত বহি থাকা। নতুন ল’ৰা ছোৱালীক ৰেগিং কৰা। খবৰদাৰ আজিৰপৰা যদি মই আকৌ কমপ্লেইন পাওঁ এইবাৰ উলিয়ায় দিম কলেজৰপৰা। আৰু কি কৈছা কোনো ছোৱালীক মাতি পোৱা নাই তোমালোকে! মই কি অন্ধ?
– এইবুলি ফ্লেচবেক দেখুৱাব।

কলেজৰ গেটত চানী আৰু ডেনী ৰৈ থাকে। চুইটি (নিৰ্মালী বৰমূদৈ) সোমাই আহে। চানীয়ে ৰ’বলৈ কয় তাইক। ডেনী আগবাঢ়ি আহে।

ডেনী : কি নাম মইনা?

“চুইটি বৰুৱা।”

ডেনী : আস কি মিঠা নামটো। বৰ ধুনীয়া তুমি। প্ৰথম দেখিয়ে প্ৰেমত পৰি গ’লো। তোমাক পাবলৈ মই সকলো পৰীক্ষা দিব পাৰিম জীৱনত।

‘হুহ’ বুলি চুইটি গুছি যায়।

পুনৰ প্ৰিঞ্চিপালৰ কোঠা দেখুওৱা হয়। চানী আৰু ডেনীয়ে সেমেনা সেমেনি কৰি থাকে। চুইটিৰ ওঁঠত দুষ্ট হাঁহি।

চুইটি : আৰু এওঁ বোলে মোক পাবলৈ (ডেনীলৈ চাই) জীৱনৰ সকলো পৰীক্ষায়ে পাছ কৰিব মোমাইদেউ।
– প্ৰিঞ্চিপালৰ ফালে চাই কয় তাই।

ডেনী আৰু চানী চক খায় উঠে। প্ৰিঞ্চিপালে দুয়োলৈ চাই কয়,
“আগতে ক্লাছৰ পৰীক্ষাবোৰ পাছ কৰি লোৱা মোৰ সোণামুৱাহঁত। তাৰপিছত আন পৰীক্ষা”।
তাৰপিছত চানীলৈ চাই কয়,
“তোমাৰ লগত পঢ়া ল’ৰা এতিয়া ল’ৰাৰ বাপেক হৈছে গম পাইছানে? এইবছৰ পাছ নকৰিলে অহা বছৰৰপৰা কলেজলৈ অহা বন্ধ।”

এনেতে মালিনী সোমাই আহে “খুৰাদেউ” বুলি কৈ। চানীয়ে লগে লগে চাৰ আমি যাওঁ বুলি কৈ দৌৰা দৌৰিকৈ ডেনীৰ লগত ওলাই যায়। বাহিৰত বিকি ৰৈ থাকে। চানীয়ে বকুত থুৱাই কয়, “ৰক্ষা পৰিলো। হে হৰি, এজনী ভাগিনী, এজনী ভতিজী আৰু সেইজনী বা কি হয়?”

এনেতে ছোটুৱে বিকি দা..বিকি দা বুলি দৌৰি দৌৰি আহে।

ছোটু : বিকি দা, আপোনাৰ হিৰোইনৰ নাম পাই গ’লো।

বিকি : কি? জল্দি ক। (বেকগ্ৰাউণ্ডত ভায়োলিন বাজে)

ছোটু : মাধুৰী।

শ্বট ৪

মাধুৰী ৰিক্সাত আহি থাকে। তেনেতে বিকিয়ে পিছফালৰপৰা মাধুৰী মাধুৰীকৈ মাতি থাকে। মাধুৰীয়ে পিছফালে চাই বিকিক দেখি মুখখন ঘূৰাই দিয়ে। বিকিয়ে মাধুৰী শুনা বুলি কয় কিন্তু মাধুৰীয়ে ৰিক্সাৱালাক জোৰকৈ চলাবলৈ কয়। হঠাত বিকিয়ে ৰিক্সাৰ সমুখত ৰখাই দিয়ে বাইকখন। ৰিক্সাৱালাৰ লগতে মাধুৰীও চক খাই যায়।

মাধুৰী : কি অসভ্যালি এয়া? কলেজৰ চিনিয়ৰ এজন হৈ লাজ লগা নাই এনেকৈ পিছ ল’বলৈ? আৰু মোৰ নাম আপুনি কেনেকৈ জানিলে?

বিকি : (থতমত খাই অলপ) মোৰ তোমাক জোকোৱাৰ কোনো চখ নাই। আৰু বিকিয়ে কোনো ছোৱালীৰ পিছত নুঘূৰে। তুমি যদি সেইদিনা কেণ্টিনৰ কথা কৈছা তেনেহ’লে সেইয়া ধেমালীহে আছিল। তোমাৰ বেগটো ৰাস্তাত পৰি আহিছিল। লোৱা..
বিকি গুছি যায়। মাধুৰীয়ে চাই থাকে।

ক্লছ ৰুমৰ ভিতৰত। ছাত্ৰ ছাত্ৰীবোৰে চিঞৰি থাকে। মাধুৰীয়ে আনমনা হৈ বাহিৰলৈ চাই থাকে। দূৰত বিকিয়ে ক্লাছৰ বাৰাণ্ডাত বহি কিবা লিখি থাকে। কেমেৰাই এবাৰ মাধুৰী আৰু এবাৰ বিকিৰ ফালে দেখুৱায়। মালিনীয়ে কাষত বহি কিবা লিখি থাকে আৰু মাধুৰীক কিবা এটা সুধিব বিচাৰে কিন্তু মাধুৰীক অন্যমনস্ক হৈ থকা দেখি গাত হেচুকি দিয়ে।
মালিনী : কি হ’ল?

মাধুৰী : একো নাই হোৱা।

মালিনীয়ে বাহিৰলৈ চাই মাধুৰীক চিকুটি দিয়ে আৰু কয় ‘সঁচা’?

মালিনী : শুনিছোঁ কলেজৰ বেষ্ট বয় হেনো। খুব ভাল খেলুৱৈ আৰু কবিতাও লিখে। দেখিবলৈও হেণ্ডচাম দেই।

মাধুৰী : তাতে কি হ’ল?

মালিনী : চিংগলো বোলে। শুনিছোঁ তোমাৰ বিষয়ে হেনো সকলো তথ্য আহৰণ কৰিছে।

মাধুৰী : তুমি ক’ত গম পালা?

মালিনী : কেণ্টিনৰ ছোটুৰপৰা। মোৰ আগত তোমাৰ কথা কেইবাদিনো সুধিছিল। এদিন মই কিয় সুধিছ আৰু মালিকক কৈ চাকৰি খেদাম বুলি ধমকি দিয়াত চব খুলি ক’লে।

মাধুৰী : কি?

মালিনী : উম! আৰু মইও দেখিছোঁ নিজ চকুৰে। তোমাক যেনেকৈ দূৰৈৰপৰা ৰ লাগি চাই থাকে।

মাধুৰী : ল’ৰাজনক মই আগতে কেতিয়াও লগ পোৱা নাই আৰু দেখাও নাই, কিন্তু তথাপি এনেকুৱা লাগে যেন মই বহুত ওচৰৰপৰা লগ পাইছো।

মালিনী : (চকু ডাঙৰ কৰি) হাঁ?

তেনেতে প্ৰফেছাৰ শৰ্মা (অভিজিত কলিতা) সোমাই আহে। সকলোৱে থিয় হৈ ‘গুড আফটাৰনুন চাৰ’ বুলি কয়।

প্ৰফেছাৰ শৰ্মা : গুড আফটাৰনুন। বহা সকলোৱে। আজি মই তোমালোকক ক্লাছ নকৰো। বিশেষ কথা এটাহে ক’ম।

ছাত্ৰ ছাত্ৰী : কি কথা চাৰ?

প্ৰফেছাৰ শৰ্মা : আমাৰ কলেজৰপৰা সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’বৰ বাবে প্ৰত্যেক বছৰে নতুন ছাত্ৰ ছাত্ৰীক লৈ যোৱা হয়। আমি এডমিচনৰ সময়তে ছাত্ৰ ছাত্ৰীসকলৰ অন্যান্য দিশৰ পাৰদৰ্শিতাসমূহৰ বিচাৰ কৰো। এইবছৰো প্ৰথম বাৰ্ষিকৰপৰা মাধুৰী আৰু মালিনী তোমালোক দুয়ো ছোৱালীৰ ফালৰপৰা নিৰ্বাচিত হৈছা। দুয়ো সুন্দৰ গান আৰু কবিতা আবৃত্তি কৰা বুলি জানো।

মাধুৰী : চাৰ মই নোৱাৰিম। মোক ঘৰৰপৰা যাবলৈ নিদিব। দেউতাই অনুমতি নিদিব।

প্ৰ.শৰ্মা : মই কথা পাতিম। দোণ্ট ৱৰী। তেখেতে মোৰ কথা নেপেলায়। আৰু মালিনী তুমিও ৰিয়াজ কৰা ভালকৈ। ইয়াৰ উপৰি হিতেশ, টবিবৰ, ভাস্কৰ, পৰিস্মীতা, মিতালী তোমালোকো চিলেক্ট হৈছা। সাজু হোৱা যাবলৈ।

সকলোৱে সমস্বৰে : হ’ব চাৰ।

প.শৰ্মা : আৰু তোমালোকৰ লগত কলেজৰ চিনিয়ৰ কেইজনমানো যাব। আৰু মাধুৰী তুমি থাৰ্দ ইয়েৰৰ ষ্টুডেণ্ট বিকি কাকতিয়ে লিখা কবিতা আবৃত্তি কৰিব লাগিব আৰু মালিনীৰ লগত গিটাৰত সংগত কৰিব চানী হাজৰিকাই।

৫ম শ্বট

কলেজৰ অডিটৰিয়ামত সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰেকটিচ কৰি থাকে। মালিনীয়ে গান গাই থাকে আৰু কাষত চানীয়ে গিটাৰ বজাই থাকে। মালিনী আৰু চানীয়ে দ্বৈত গীত এটি গাই আছে, “মলয়াৰ দুপাখিত… মোৰ মনৰ বতৰা…পঠিয়ালো তোমালৈ…তুমি আদৰি ল’বা…” গীত গাই থাকোতে চানীয়ে সপোনত মালিনীৰ লগত টাৱাঙৰ বৰফত নাচি নাচি গান গোৱা দেখুওৱা হ’ব।

আনহাতে কাষত কবিতা প্ৰেকটিছ কৰি থকা মাধুৰীলৈ চাই বিকিয়ে গোৱাৰ সমুদ্ৰ তীৰত ভাবত নাচি নাচি গোৱা দেখুৱায়।

তেনেকৈ নাচি থকা চুইটিলৈ চাই খোল বজাই থকা ডেনীয়ে সপোন দেখে চুইটিৰ হাতত ধৰি নচা চেৰাপুঞ্জীৰ জলপ্ৰপাত বোৰৰ তলত, পাহাৰত জপিওৱা। হঠাত হুলস্থুল হোৱাত তিনিও সপোনৰপৰা উভতি আহে। কেণ্টিনৰ ফালে সকলোৱে দৌৰা দেখা পাই তিনিও সেইফালে দৌৰে আৰু কেণ্টিনৰ মজিয়াত ছোটু বেহুচ হৈ মাটিত পৰি আছে। কাষত কেণ্টিনৰ মালিক তথা ৰান্ধনী কনক (দেৱজিত শৰ্মা) বহি ছোটুক বিচি থাকে।

বিকিয়ে কি হ’ল বুলি সোধে। চানী আৰু ডেনীয়ে ছোটুক কোলাত উঠাই লয় আৰু হস্পিতাললৈ লৈ যায়।

হস্পিতালত ছোটু শুই থাকে। জ্ঞান তেতিয়ালৈ অহা নাই। অজ্ঞান অৱস্থাতে খাজানা খাজানা বুলি বিৰবিৰাই আছে। কাষত মাধুৰী, মালিনী আৰু চুইটিও ৰৈ থাকে। ডাক্তৰ সোমাই আহে আৰু সোধে, “ল’ৰাজনৰ গাৰ্জেন কোন?” কনকে মই বুলি কয়। ডাক্তৰে তেওঁক বাহিৰলৈ মাতি নিয়ে আৰু কিবা কিবি সোধে। তাৰোপৰি তেজ লাগিব আৰু তেজৰ গ্ৰুপৰ বিষয়ে কোৱাত বিকিয়ে মই দিম বুলি কয়। মাধুৰীয়ে মুগ্ধ দৃষ্টিৰে বিকিলৈ চাই থাকে। একেদৰে চানী আৰু ডেনীয়ে ছোটুক ভৰিত মালিচ কৰি দিয়া, দৰব পাতি আনি দিয়া দেখি মালিনী আৰু চুইটিয়েও সুখী হোৱা দেখুৱায়। ছোটুৱে জ্ঞান ঘূৰাই পাই পানী খাব খোজাত মালিনীয়ে পানীৰ জগটো আনিবলৈ যায় আৰু চানীয়ে পানীৰ জগটো আগবঢ়াই দিয়ে। দুয়োৰে চকুত চকু পৰাত চানী লাজত ৰঙা পৰে আৰু বেকগ্ৰাউণ্ডত গীটাৰ বাজে….

শ্বট ৬

টেক ওৱান.. টেক টু..

হস্পিতালৰ কোঠা দেখুওৱা হয়। বাহিৰত বহুতো মানুহ, নাৰ্চ আদিক কাম কৰি থকা দেখা যায়। ক্ল’জআপত ১০৩ নং কোঠাত ছোটু বিচনাত শুই আছে। কাষত কেণ্টিনৰ মালিক কনক বহি আছে তলমুৰকৈ। বিকি, চানী আৰু ডেনী সোমাই আহে।

বিকি : কনকদা, ছোটুৱে কিবা খাইছেনে?

ছোটুৰ ফালে চাই বিকিয়ে ছোটুক সোধে,
“ছোটু ভাল পাইছ?”

ছোটুৱে একো নকয়। কেৱল উদাস দৃষ্টিৰে চাই এবাৰ বিকিক। তাৰপিছত লাহেকৈ হাঁহে আৰু মূৰটো লাহেকৈ জোকাৰি ভাল পোৱা বুলি কয়।

কনক : কাকোৱে চিনি নোপোৱা হৈছে সি। মোকো চিনি নাপায়। চোৱাচোন আঠ বছৰ বয়সৰপৰা সি মোৰ লগত আছে। তাৰো কোনো নাই আৰু মোৰো কোনো নাই। কিন্তু সি মোকে চিনি নোপোৱা হ’ল।

বিকি : আগতেও এনেকুৱা হৈছিল নেকি তাৰ?

কনক : সৰুতে দুবাৰ হৈছিল। তাক মই স্কুলত নাম লিখি দিছিলো পঢ়াম বুলি। কিন্তু কিতাপ দেখিলে সি ভয় খাইছিল। আৰু যেতিয়াই সি পৰীক্ষা দিবলৈ যায় তেতিয়াই বহুত ভয় খাইছিল।

বিকি : বহুতে পৰীক্ষা বুলিলে অলপ ভয় খায়েই। সেইবুলি বেমাৰ হ’বনে?

কনক : হ’ব পাৰে। কিন্তু দুবাৰ সি পৰীক্ষাৰ মাৰ্কছিট দেখি বহুত জোৰে চিঞৰ মাৰি বেহুচ হৈ গৈছিল। তাৰপিছৰপৰা সি নিজে স্কুল নোযোৱা হৈছিল। আৰু সি বেহুচ হোৱা সময়ত খাজানা.. খাজানা বুলি বিৰবিৰাইছিল।

কাষতে থকা নাৰ্চগৰাকীয়ে কয় যে ৰাতি তেওঁ দৰব দিবলৈ অহাত ছোটুৱে “সেইয়া মোৰ খাজানা” বুলি কেইবাবাৰো চিঞৰে।

চানী আৰু ডেনী সোমাই আহে। লগত প্ৰিঞ্চিপাল কটকী আৰু প্ৰফেছাৰ শৰ্মাও আহে। তেওঁলোকে কথাখিনি শুনে। বিকি আৰু কনক থিয় হয়।

প্ৰিঞ্চিপাল : আমি বাহিৰত ডাক্তৰ ভূঞাৰ লগত কথা পাতিলো। তেওঁ ছোটুক অলপ বাহিৰত ফুৰি আহিবলৈ কৈছে। যিহেতু ছোটুক আমি সৰুৰেপৰা লগ পাইছোঁ কলেজৰ কেণ্টিনত। সি আমাৰ সকলোৰে মৰমৰ। গতিকে….

শৰ্মা : গতিকে বিকি, চানী ছোটুক তোমালোকৰ সাংস্কৃতিক অনুষ্ঠানলৈ লৈ যোৱা। সি ভাল পাব।

চানী : (শৰ্মালৈ চাই) চাৰ এইটো কিবা ৰাজ পিছলে জনম কি ৰহস্য নহয়তো?

প্ৰিঞ্চিপাল : এইবোৰ ভাবিবলৈ মূৰটো পুৰা খটোৱা। পিছে পঢ়াতহে নাই।

বিকি, ডেনীয়ে মুখ টিপি হাঁহে। চানীয়ে তলমূৰ কৰে। হঠাত ছোটুৱে চিঞৰে, “খাজানা..মোৰ খাজানা আছে ফটাবাৰী গাঁৱত।” তাৰপিছত সি শুই পৰে।

মাধুৰী সোমাই আহে। হাতত খোৱা বস্তুৰ টোপোলা। হঠাৎ কলেজৰ প্ৰিঞ্চিপালক দেখি কয় ‘দেউতা’…

কটকী : মধু তুমি?

মাধুৰী : দেউতা এওঁৰ বাবে অলপ খোৱা বস্তু আনিছোঁ।
– এইবুলি তাই বিকিলৈ চাই কয়।
হঠাত কিবা মনত পৰাৰ দৰে মাধুৰীয়ে কয়, ‘মানে মানে এওঁলোকৰ বাবে’।

বিকিৰ চকু উজ্জ্বল হৈ যায়। ডেনী আৰু চানীয়ে চকু টিপ মাৰে ইজনে সিজনক।

শ্বট ৭

লাহে লাহে ঘৰ, গছ, পাহাৰ আদি পাৰ হৈ যোৱা দেখুওৱা হয়। খিৰিকীৰে মাধুৰীয়ে বাহিৰৰ ফালে চাই থাকে তলৰ ছিটত বহি। ওপৰৰ ছিটত মালিনী, চুইটি শুই থাকে। হঠাতে কোনোবা আহি মাধুৰীৰ কাষত বহে। তাই মুখ ঘূৰাই চাই দেখে বিকি আহি বহিছে। মাধুৰী নাৰ্ভাচ হয়।

বিকি : ইমান মন দি কি চাই আছা?

মাধুৰী : ঠাইবোৰ কিবা চিনাকি যেন লাগিছে।

বিকি : মোৰো লাগিছে।

মাধুৰীয়ে বিকিলৈ চাই কথাষাৰ শুনি। বিকিয়ে মাধুৰী লৈ চাই থাকে। দুয়ো দুয়োকে চাই থাকে একেথৰে।

হঠাত কাৰোবাৰ কাহ শুনি দুয়ো উচপ খাই উঠে। দুয়ো চাই দেখে কাষত চানী থিয় হৈ আছে। ডেনীয়ে চুইটিক জগাই আছে। মালিনীয়ে ওপৰৰপৰা নামি বেগবোৰ ৰেডি কৰি আছে।

চানী : ( বিকিলৈ চাই) নামিবৰ হ’ল বাপ।

মাধুৰীয়ে নিজৰ বেগ সামৰে। বিকি নিজৰ ছিটলৈ গৈ বেগ উলিয়ায় আৰু ছোটুকো হাতত ধৰি আনে।

ফটাবাৰী ৰেল ষ্টেচনৰ চাইন বোৰ্ড ক্ল’জআপত আহে।
সকলোৱে নামে।

ষ্টেচনত নামিয়ে ছোটুৱে “খাজানা মোৰ খাজানা… এইয়া মোৰ ঘৰ, নগেন.. সুনীল তহঁত ক’ত… মই আহিছো চা” বুলি চিঞৰে। তাৰপিছত বেহুচ হৈ যায় পুনৰ।

শ্বট ৮

ফটাবাৰী গাওঁ নাম যদিও বৰ্তমান চহৰ। গাঁৱৰ চিন মোকাম একো নাই। ডাঙৰ অট্টালিকা, শ্বপিং মল আদি সকলো সুবিধা আছে। পুৰণি চিহ্নৰ ভিতৰত কেৱল কলেজখন, স্কুলখন আৰু ডাক বাংলোটো আছে আৰু আছে কলেজৰ পিছফালৰ পুখুৰীটো। আগৰ পাৰ্কখনৰ ঠাইত ডাঙৰ হোটেল হ’ল। আৰু আছে যদু মহাজনৰ ঘৰটো। উৱলি গৈছে ঠায়ে ঠায়ে।

সকলোকে ডাক বাংলোত থাকিবলৈ দিয়ে। পিছদিনা সকলোৱে ফটাবাৰী কলেজলৈ যায়।

কলেজত সোমাইয়ে বিকি, চানী, মাধুৰী আৰু ছোটুৰ গা শিঁয়ৰি উঠে। কিবা যেন অদৃশ্য শক্তিয়ে সিহঁতক টানি নিছে। এনে লাগিছে যেন আটাইয়ে আগতেও আহিছে সেইখন কলেজলৈ।

লগে লগে বেকগ্ৰাউণ্ডত শুনা যাব কিছুমান মাত, “ঐ নগেন, ঐ সুনীল, ডিম্বেশ্বৰ আহ.. গীতা আই লাভ ইউ…” লগতে খিলখিল হাঁহি।

অনুষ্ঠানৰ বাবে সকলোৱে অনুশীলন কৰে আৰু ভালদৰে অনুষ্ঠান কৰি ফটাপুৰ কলেজৰপৰা বিকি, মাধুৰীহঁত শ্ৰেষ্ঠ হয়। কিন্তু অনুষ্ঠানৰ শেষত বটা বিতৰণি সভাত যেতিয়া ফটাবাৰীৰ আটাইতকৈ জ্যেষ্ঠ তথা মৌজাদাৰ ৰঞ্জিত বৰপুজাৰীক (চিদানন্দ বৰা) মঞ্চলৈ মতা হয় বিকি, মাধুৰী, চানি চক খাই উঠে। যেন কৰবাত দেখিছে এই বুঢ়া মানুহজনক। একে মুখে কয় চবে, “ৰঞ্জিত”। তেনেতে দৰ্শকৰ আসনৰপৰা ছোটু দৌৰি আহে আৰু মৌজাদাৰৰ হাতত খামুচি ধৰি কয়, “কুমাৰ মোৰ খাজানা ক’ত? নগেন, সুনীল ক’ত?” আৰু বেহুচ হৈ যায়। ছোটুৰ কথা শুনি মৌজাদাৰে উচপ খায় উঠে।

শ্বট ৯

মৌজাদাৰৰ ঘৰ। পুৰণি যদিও আভিজাত্য পূৰ্ণমাত্ৰাই আছে। সকলোৱে বহি আছে, মাজত ছোটু। সমুখত মৌজাদাৰ। পৰিচালকে একচন কোৱাৰ লগে লগে মৌজাদাৰে ছোটুক ক’ব,

মৌজাদাৰ : তুমি মোৰ নাম কুমাৰ বুলি কেনেকৈ জানিলা? এই নামটো বৰ্তমান মোৰ বাহিৰে কোনেও নাজানে! নগেন, সুনীলক কেনেকে চিনি পোৱা?

ছোটু : আমি একেলগে পঢ়িছিলো কলেজত। আপুনিও পঢ়িছিল আমাৰ লগত।

বিকি, চানী, মাধুৰীহঁতে ইজনে সিজনৰ মুখলৈ চাব।

মৌজাদাৰ : তোমাক দেখিলেতো উনৈশ বছৰমানহে যেন লাগে। কিন্তু নগেন আৰু সুনীলে চল্লিছ বছৰ আগতে কলেজত পঢ়া।

ছোটু : হয়,মই চল্লিছ বছৰ আগৰ কথাকে কৈছোঁ। নগেন, সুনীল, মই আৰু ডিম্বেশ্বৰ তিনিও নলে গলে লগা বন্ধু আছিলো। গীতা সুনীলৰ প্ৰেমিকা আছিল।

লগে লগে ফ্লেচবেক দেখুৱাব। চল্লিছ বছৰ পিছুৱাই যাব। বেলবুতাম পেণ্ট, মোতা কালাৰৰ চাৰ্ট পিন্ধা হেপ্পী কাট চুলিৰ দুজন ল’ৰাক চাইকেল চলাই অহা দেখা যায়। এজনৰ পিছ চিটত ছোৱালী এজনী। তাই ববি প্ৰিংণ্টৰ শ্বৰ্ট ফ্ৰক পিন্ধিছে, ভৰিত হাইহিল, চুলিত ৰিবন বন্ধা আৰু মুখখনতকৈ ডাঙৰ চানগ্লাছ পিন্ধিব।
ডায়লগ বুলি কোৱাৰ লগে লগে “ঐ নগেন” বুলি মাতিব এজনে (নগেনৰ ৰ’ল কৰিব জিতু শৰ্মাই)

“কি হ’ল সুনীল” বুলি নগেনে ক’ব। সুনীলৰ ৰ’ল কৰিব দেৱজিত শইকীয়াই আৰু তেওঁৰ প্ৰেমিকা গীতাৰ চৰিত্ৰ কৰিব নীলাক্ষি দেৱী ডেকাই।

কলেজত প্ৰবেশ কৰিব ক্ৰমে নগেন, সুনীল আৰু গীতাই। তেনেতে সিহঁতক দেখি আগুৱাই আহিব ডিম্বেশ্বৰ। (নয়নমণি হালৈ) চাৰিও কলেজৰ কেণ্টিনলৈ যাব আৰু চিঙৰা চাহ খাব।
ডাইলগ আৰম্ভ হ’ব…

নগেন : আজি পৰীক্ষাৰ ৰিজাল্ট দিব ভাই। ভয়হে লাগিছে।

সুনীল : কিহৰ ভয়। পৰীক্ষা দিলে ৰিজাল্ট দিবই।

গীতা : ইয়েচ বেবী। মই পাচ কৰিমেই।

ডিম্বেশ্বৰ : মোৰ গা কঁপিছে। এইবাৰো যদি ফেল কৰো, লাগিলে এটা চাবজেক্টতে ফেল কৰো, তেনেহ’লে মোক ঘৰৰপৰা উলিয়াই দিব।

সুনীল : নকৰ ফেল। মই কৈছোঁ।

পিছদিনা নগেন, সুনীল, গীতা, ডিম্বেশ্বৰে কেণ্টিনত চাহ খাই থাকে। ডিম্বেশ্বৰে মাৰ্কছিটখন চাই থাকে।

নগেন : কিমান চাই থাক সেইখন! বোলো জীৱনত গোটেইকেইটা বিষয়ত প্ৰথম পাছ কৰিছ। নহ’লেতো বেক লাগিয়ে থাকে।

গীতা : হয় দেই, প্ৰথমবাৰ আটাইকেইখন চাবজেক্টত পাছ কৰিছে সি কম কথানে!

সুনীল : সেইখন ৰত্নৰ খাজানা হয় তাৰ। কম সৌভাগ্য নে?

ডিম্বেশ্বৰ : মই ভালকে থৈ দিম মোৰ খাজানাখন।

তেনেতে ৰঞ্জিত ওৰফে কুমাৰে আহে আৰু থাপ মাৰি ডিম্বেশ্বৰৰ হাতৰপৰা মাৰ্কশ্বিটখন লৈ যায়।

ৰঞ্জিত : হা হা তোৰ খাজানা আজিৰপৰা মোৰ হাতত।

নগেন, ডিম্ব, সুনীলে খেদি আহে ৰঞ্জিতক।

সুনীল : ৰঞ্জিত দে তাক ঘূৰাই তাৰ মাৰ্কশ্বিটখন।

ৰঞ্জিত : নিদিলে একো কৰিব নোৱাৰ। ডিম্বেশ্বৰ তোৰ খাজানা মোৰ হাতত। হুহ
– এইবুলি সি গুছি যায়।

ডিম্বেশ্বৰে ঠাইতে ঢলি পৰে।

পুনৰ বাস্তৱলৈ উভতি আহে। ছোটুৱে মুখ ঢাকি কান্দিবলৈ ধৰে।

ছোটু : মোৰ কিয় পৰীক্ষালৈ ভয় লাগে আৰু মাৰ্কশ্বিট দেখিলে বেহুচ হওঁ বুজি পালো।

ৰঞ্জিত ওৰফে কুমাৰে উঠি আহি ছোটুৰ হাতত ধৰি ক্ষমা বিচাৰে আৰু ভিতৰলৈ যায়।

ৰঞ্জিত : ছোটু তোমাৰ খাজানা।
– এইবুলি এটা বাকচ দিয়ে।

ছোটুৱে খুলি দিয়ে বাকচটো আৰু তাত ছোটুৰ পূৰ্ব জন্ম ডিম্বেশ্বৰৰ মাৰ্কশ্বিটখন ওলায়।

বিকি, চানী, ডেনী, মাধুৰী, মালিনী, চুইটিয়ে আনন্দত চিঞৰি দিয়ে।

সমাপ্ত।

☆ ★ ☆ ★ ☆

24 Comments

Leave a Reply

Your email address will not be published.