ফটাঢোল

খোপা খোলা অভিযান-প্ৰান্তৰ ভাগৱতী

নামটো শুনি আচৰিত হৈছে চাগৈ। এৰা! আচৰিত হবই। কি বস্তু এইটো? বহুত অভিযানৰ বিষয়ে চাগৈ শুনিছে আৰু কিতাপতো পঢ়িছে। যেনে কণটিকি অভিযান, বসন্ত কালৰ অভিযান ইত্যাদি। কিন্তু এই খোপা খোলা অভিযানটোৰ বিষয়েটো চাগৈ শুনা নাই। আজি কওঁ‌ শুনক। 

সৰু কালত সোণৰ চামুচ লৈ জন্ম হোৱা নাছিলোঁ‌ যদিও ষ্টিলৰ চামুচ দিয়ে মায়ে ষ্টিলৰ বাতিত মাৰ কোঁ‌চত বহুৱাই ভীমকল আৰু পিঠাগুড়ি খোৱাইছিল। পাঁচ বছৰমান হৈছিল নেকি মোৰ তেতিয়া। সেই তেতিয়াই খাই থাকোঁ‌তেই মাৰ কোমল দীঘল চুলিখিনি চুই আৰু টানি থাকি খুব ভাল লাগিছিল। মায়ে নিজৰ দীঘল চুলিখিনি সুন্দৰকৈ দুহাতেৰে পকাই লৈ ধুনীয়া এটা খোপা বান্ধিছিল। মই খোপাটো চুই চুই এপাকত খুলি দিছিলোঁ আৰু বৰ ভাল লাগিছিল। মায়ে পুনৰ বান্ধি লৈছিল। পিছত মই সুযোগ পালেই ভাত বনাই থকা মাক দেখিলেই মনে মনে গৈ মাৰ গোল খোপাটো খুলি দিছিলোঁগৈ। এই খোপা খোলা কামটো কৰি ইমানেই ভাল লাগিছিল যে লাহে লাহে মাৰপৰা গৈ খুৰীহঁ‌ত, পেহী, মাহীহঁ‌ত যাৰে ডাঙৰ গোল খোপা দেখোঁ‌ মনে মনে গৈ খোপাটো খুলি দিছিলোঁগৈ। সৰুতে মই বোলে দেখাত নোদোকা মৰমলগা এটা ল’ৰা আছিলোঁ বাবে তেওঁলোকেও খোপা খোলাৰ বাবে গালি নাপাৰি মোৰ ৰঙা গাল দুখনত টিপা মাৰিহে দিছিল। এবাৰ ঘৰৰ ওচৰৰ কাৰোবাৰ বিয়া আছিল। বৰ ধুনীয়া মহিলা এগৰাকীক দেখিছিলোঁ‌ এটা বিৰাট ধুনীয়া গোল কলডিলীয়া খোপাৰে সৈতে। সুন্দৰকৈ সাজি কাচি ধুনীয়াকৈ খোপা বান্ধি বিয়া খাবলৈ আহিছিল। ইফালে মই থাকিব পৰা নাই, খোপাটো দেখি। কিবা উপায়েৰে খোপাটো খুলিব লাগিব। এপাকত সাউতকৈ গৈ চকীত বহি কথা পাতি থকা মহিলাগৰাকীৰ ওচৰত ৰ’লোঁ‌গৈ। তেওঁ মোক “মইনা কি নাম ” বুলি সোধোঁ‌তেই সাউতকৈ তেওঁৰ খোপাটো খুলি বিয়া ঘৰৰ বাহিৰলৈ দৌৰ মাৰিলোঁ‌। পিছত তেওঁ কি কৰিলে নেজানো কিন্তু ঘৰত গধূলি মায়ে ঠিকছে কাণমলা দিলে। তেতিয়াৰপৰা মোৰ এই খোপা খোলা অভিযানৰ অন্ত পৰিল। আন কোনোবাই এই খোপা খোলা কামটো ভাল পাইছিল নে নাই নেজানো মই কিন্তু খুব ভাল পাইছিলোঁ‌। তাৰ পিছত ডাঙৰ হৈ আহি কথাটো লাহে লাহে পাহৰি গ’লোঁ‌ 

আৰু পঢ়ি শুনি চাকৰি কৰি এদিন বিয়া কৰাই শ্ৰীমতীক আনি  ঘৰ সোমোৱালোঁ‌হি। শ্ৰী মতীৰ চুলি কোচা দীঘল নহয় যদিও একেবাৰে চুটিও নহয়। এনেয়ে চুলিটাৰি ঢৌ খেলাই মেলি থয় বা ৰাবাৰ বেন এডালৰে বান্ধি থোৱা থাকে। বিয়াৰ কেইমাহমানৰ পিছত এদিন শ্ৰীমতীক লৈ বিয়া এখন খাবলৈ যাব ওলালোঁ‌। মই কাপোৰ-কানি পিন্ধি ৰেডি হৈ বাহিৰত ৰৈ আছোঁ এওৰ নহয় হে নহয় ওলায়। শেষত খং উঠি কিমাননো “সাজি কাচি থাকে” বুলি ৰুম লৈ গৈ দেখোঁ‌ শ্ৰীমতীয়ে দেখোন ড্ৰেচিং টেবুলৰ সমুখত বহি মস্তকৈ ধুনীয়া খোপা এটা বান্ধিছে। খং ক’ৰবাতে উৰি গ’ল আৰু লগে লগে মোৰ হাতখনত সেই সৰুকালৰ স্বভাৱটোৰ উকমুকনি উঠিল। খুউব মৰমেৰে এওঁ‌ক মাত দিলোঁ, 

: বাঃ বেলেগ ধুনীয়া লাগিছে দেই! 

এৱোঁ‌ মিচিকিয়াই হাঁহি ক’লে, 

: হয় নেকি।

মই বোলো,

: খোপাটো বেছি ধুনীয়া লাগিছে।

 বুলি ৰ’বই নোৱাৰিলোঁ। কোন তলকত হাতখনে খোপাটো খুলি পেলালোঁ‌ গমেই নেপালোঁ‌। খুলি দেখোঁ‌  ডাঙৰ বেণীৰ দৰে চুলি একোচা হাততে লাগি  আহিল। “হেই হেই কি কৰা কি কৰা” বুলি ড্ৰেচিং টেবুলৰপৰা শ্ৰীমতী উঠি আহিল। তাৰপিছত দুৰ্জয় গালি বৰ্ষণ। “কিমান কষ্ট কৰি টৰচেলডাল লগাই যেনে তেনে খোপাটো বান্ধিছিলোঁ‌। নেযাও যোৱা বিয়া খাবলৈ।” মই হাতে ভৰিয়ে ধৰি যেনে তেনে বঢ়াই বুজাই মান্তি কৰালোঁ‌। তেওঁ পুনৰ সেই টৰচেল নে কি সেই ডাল চুটি চুলি কোচাত মেৰিয়াই খোপা বান্ধি পুনৰ সাজু হ’ল।  মোৰ হঠাৎ সেই সৰুকালৰ বিয়াত মহিলাগৰাকীৰ খোপা খোলাৰ কথাটো মনত পৰিল। তেওঁ যদি সেইদিনা শ্ৰীমতীৰ কায়দাত টৰচেল নে কি সেইডাল লগাই খোপা বান্ধিছিল তেন্তে মই খুলি দিয়াৰ পিছত কি অৱস্থা হৈছিল চাগৈ তেওঁৰ। বিয়া ঘৰৰ মাজ মজিয়াত। সেই ৰাতি বিয়া খাই ঘূৰি আহোঁ‌তে এওঁ টাউনৰ মাজত ক’লে যে মিঠা পাণ এখন খাই বোলে। মই বোলো, “এটা চৰ্ত্ত খোৱাম।” এওঁ বোলে, “কি চৰ্ত?” মই বোলো, “ঘৰ পাই মোক খুলিবলৈ দিব লাগিব খোপাটো।” এওঁ ঘোপাকৈ মোৰ ফালে চাই ক’লে, “হ’ব।” ঘৰ পাই এওঁৰ খোপাটো খুলিহে ৰক্ষা পালোঁ‌। সেইদিনাৰপৰা সেই পুৰণা খোপা খোলা স্বভাৱটোৱে পুনৰ উক দিলে। আন মানুহে কোনোবা সাজি কাচি অহা সুন্দৰী দেখিলে তেওঁলোকৰ চকু যায় মুখলৈ বা ফিগাৰটোলৈ, মোৰ আকৌ চকু যায় খোপাটোলৈ।  সেইদিনা অফিচৰে এগৰাকী সহকৰ্মীয়ে সাজি কাচি আহিছিল। অফিচ হাফ ছুটীলৈ হেনো বাহিৰে বাহিৰে বিয়া এখন খাবলৈ যাব। মোৰ ওচৰত হাফ ছুটীৰ কথা ক’বলৈ আহোঁ‌তে তেওঁ ধুনীয়াকৈ বান্ধি অহা কলডিলীয়া খোপাটো দেখি মনটো যেনে তেনেহে বান্ধি ৰাখিছিলোঁ‌। মই “হ’ব যোৱা” বুলি কোৱাত ঘূৰি ৰুমৰ পৰা ওলাই যাওঁতে খোপাটো দেখি হাতখন যেনে তেনেহে সম্বৰন কৰিছিলোঁ। সেই  ৰাতি শোওঁ‌তে  শ্ৰীমতীক সৰুকালৰপৰা এতিয়ালৈ গোটেই কাহিনীখিনি ক’লোঁ‌। আৰু ক’লোঁ‌, 

: এতিয়া যদি মই কোনো মহিলাৰ খোপা খুলিবলৈ যাওঁ‌ তেন্তে কি হ’ব ভগবানেহে জানিব। এতিয়াতো আৰু মই সেই সৰু মৰমলগা ল’ৰাটো নহয় যে মোক গাল দুখন টিপি মৰম কৰিবলৈ।  আজি কেনেবাকৈ যদি সেই খোপাটো খুলি দিলোঁ হয় কি হ’ল হয়!

  এওঁ কথাখিনি শুনি মৰমৰে মোৰ গাল দুখনত টিপা মাৰি দি ক’লে,

:  হ’ব দিয়া। মই এতিয়াৰপৰা চুলি অলপ দীঘলকৈ ৰাখিম আৰু খোপা এটাও বান্ধিম বাৰু। তুমি বাৰু খুলি দিবা। 

মনটো আনন্দতে নাচি উঠিল আৰু শ্ৰীমতীৰ চুটি চুলিকোছা চুই চুই কেতিয়া টোপনি গ’লোঁ‌ গমেই নাপালোঁ‌। ৰাতিপুৱা শুই উঠি মনতে ভাবিলোঁ‌ এতিয়া আৰু দিগদাৰি নাই। মোৰ ওচৰলৈ ধুনীয়াকৈ খোপা বান্ধি কোনোবা আহিলেও একো নাই। তেওঁলোকৰ খোপা খুলিবলৈ আৰু মোৰ মন নাযাব। সোনকালেই শ্ৰীমতীৰ চুটি চুলিকোছা দীঘল হ’ব আৰু খোপা বান্ধিব। মই মাথোঁ খুলিলেই হ’ল!

☆ ★ ☆ ★ ☆

5 Comments

  • rintumoni dutta

    বঢ়িয়া লাগিল প্ৰান্তৰ

    Reply
  • কাবেৰী মহন্ত

    মজা লিখিলা৷ পঢ়ি বিৰাটেই ভাল পালোঁ

    Reply
  • মিনতি মহন্ত

    অভ্যাসটো সঁচাকৈয়ে এৰিলা নে ? ডাঙৰ ধুনীয়া খোপা দেখিলে যদি আকৌ হাতখন যায় >>> ?
    Majja

    Reply

Leave a Reply

Your email address will not be published.