ফটাঢোল

গচক – বিশ্বজ্যোতি মহন্ত

“উ–ফ!”

গচকটো খাই মুখেৰে স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিল৷ কলেজ গৈ পাওঁতে কিছু পলমেই হৈছিল৷ আজি স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তিকৰণ আছে৷ প্ৰক্ৰিয়া দহ বজাৰ পৰা আৰম্ভ হ’বই৷ আৰম্ভণিতে অধ্যক্ষ মহোদয়ে উপস্থিত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখিব৷ তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ নাম সমূহ মেধাৰ ভিত্তিত একাদিক্ৰমে মাতি থাকিব লাগিব৷ এইটো দায়িত্ব মোৰ ওপৰত পৰিছে৷ নামভৰ্তি সমিতিৰ আহ্বায়কে টানি মাতিছে, — ’চাৰে ন বজাত কলেজ পাবই লাগিব৷ ’ ঘৰৰ পৰা হাতত কিছু সময় লৈয়েই ওলাইছিলো৷ ট্ৰেফিক জামত পৰিলো৷ গুৱাহাটীৰ কোনটো ৰাস্তাত কেতিয়াযে ট্ৰেফিক জাম লাগে, ’গুগলে’ও ক’ব নোৱাৰে৷ কলেজ পাই ’বায়োমেট্ৰিস্ক’ত মুখ দেখুৱাই নামভৰ্তি হ’বলগীয়া কোঠাটোলৈ কোবাকুবিকৈ আগবাঢ়োতেই অকস্মাত মহিলা গৰাকীৰ ’হাই হিল’ৰ গচক লাগিল৷ এতিয়া এইধৰণৰ বিষৰ কথা ভবাৰ অৱকাশ নাই৷ ততাতৈয়াকৈ নিজৰ আসন আৰু সামগ্ৰী সমূহ গোটাই ললোঁ৷

আজি গৰম বঢ়িছে৷ নামভৰ্তিকৰণ হৈ থকা কোঠাৰ ভিতৰত বিজুলী বিচনি আছে যদিও গৰম কমাব পৰা নাই৷ সহকৰ্মী শিক্ষক সকলে ভাগে ভাগে দায়িত্ব পালন কৰি আছে৷ কোনোবাই মূল নথিৰ সৈতে প্ৰতিলিপি পৰীক্ষা কৰিছে, কোনোবাই বিষয় দিছে, আনকোনোবাই আকৌ ৰেজিষ্টাৰত তথ্য সমূহ লিখি আছে৷ মোৰ কাষত বহিছে সহকৰ্মী জ্যেষ্ঠ সহকৰ্মী জ্যোতিস্মান ছাৰ৷ ঘোষক হিচাপে নামভৰ্তিকৰণ প্ৰক্ৰিয়াটো যাতে বেছি খৰহৈ গৈ কোঠাৰ ভিতৰত ঠেলা-হেঁচা নহয় অথবা বেছি লেহেমীয়া হৈ পলম হৈ নযায় সেইটো নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মোৰ৷ সকলো ঠিকে থাকিলে অসুবিধা নহয়, কেৱল কেতিয়াবা কোনো কোনো অত্যুৎসাহী ছাত্ৰ-ছাত্ৰী অথবা অভিভাৱকে বিভিন্ন কাৰণত ঘোষণা কৰি থকা স্থানত ভিৰ কৰেহি, তেতিয়াহে আমনি লাগে৷

: — ছাৰ মই আহোঁতে অলপ পলম হ’ল৷ নামটো আপুনি মাতিছিলে৷

হাতত থকা মেৰিট লিষ্টখনৰ পৰা নতুন নাম মাতিবলৈ গৈ ৰৈ গ’লো৷ একেটা মুঠ নম্বৰতে বহুত ছাত্ৰ-ছাত্ৰী থাকে৷ এবাৰ সেই নম্বৰটো ঘোষণা কৰিলে, সেই নম্বৰ লাভ কৰা সকলোৰে নাম নমতাকৈ মাজতে ৰৈ দিবলগীয়া হ’লে অশান্তি লাগে৷

: — টোটেল মাৰ্ক্সৰ পাৰ্চেণ্টেজ কিমান?

ওপৰলৈ সম্পূৰ্ণকৈ মূৰ নোতোলাকৈয়ে সুধিলো৷

: — ৮২.৭%

: — মতা হৈ গৈছে৷ ক’ৰ পৰা আহিছা?

: — ছাৰ, গড়চুকৰ পৰা৷

এইবাৰ অলপ খং উঠিল৷ বঙাইগাঁও, বৰপেটাৰ পৰা মানুহ আহি ৰাতিপুৱাৰে পৰা ৰৈ আছে আৰু আমাৰ গুৱাহাটীৰ মানুহৰে ইমান পলম! মনে বিচৰা কলেজ খনত নাম লগোৱা, পঢ়িব বিচৰা বিষয়টোত মেজৰ লোৱা, কিমান গুৰুত্বপূৰ্ণ!  আজিকালিৰ ল’ৰা-ছোৱালী কেনেকৈ ইমান কেজুৱেল হৈ থাকিব পাৰে? … জীৱনটোযে কিমান জটিল! এবাৰ সুবিধা হেৰালে বাৰে বাৰে আহে জানো? …. সাজ পাৰত পিছে পৰিপাটি দেখোন৷

: — গড়চুকৰ পৰা? ইমান দেৰী কিয়? তুমি জানিছিলানে যে আজি এডমিছনৰ লগতেই ’মেজৰ’ দিব? যদি নিজৰ চইচৰ ছাবজেক্টটো নোপোৱা? কিমান কষ্টৰে তোমালোকৰ মা-দেউতাই তোমালোকক পঢ়ুৱাইছে, … আৰু তোমালোক কিমান কেজুৱেল! … ভাবাচোন এবাৰ৷ কিমান সপোন দেখে তেওঁলোকে তোমালোকৰ বাবে …! ..

এনেয়ে গচক খোৱা ভৰিখনে মাজে মাজে চিকুটি আছে, তাতেই গৰম বাঢ়িছে৷ খঙৰ ভমকত দিলো আৰু….

: — ছৰী ছাৰ৷ বেয়া নাপাব৷ আচলতে মই মোৰ এডমিছনৰ বাবে অহা নাই৷

: — তেনেহ’লে কাৰ বাবে আহিছা? এডমিছনত কেণ্ডিডেট বা গাৰ্জেন থাকিবই লাগিব৷ চাবজেক্ট কম্বিনেশনৰ কথা আছে৷

: — ছাৰ, মই মোৰ ছোৱালীজনীৰ এডমিছনৰ বাবেহে….

সহকৰ্মী জ্যোতিস্মান ছাৰে গোটেই কথাটো লক্ষ্য কৰি আছিল৷ তেওঁ লাহেকৈ মোৰ ভৰিখনত হেঁচুকি দিলে৷ সেই একেখন ভৰিতেই৷ মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিল

: —উ–ফ!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.