ফটাঢোল

গদ্য আৰু পদ্য-ৰক্তাভ কুমাৰ

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তেতিয়া তুংগত। এই অভাজনো ছাত্ৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ যোগ দি দিলোঁ এটি ছাত্ৰ সংগঠনত, লক্ষ্য সেৱা নিশ্চয়কৈ নাছিল; আছিল মাথো এটি বাব লৈ মহাবিদ্যালয়ৰ অন্য চাৰিজনতকৈ অলপমান বেছিকৈ গুৰুত্ব পোৱাটো। এনেই কিশোৰ মন, তাতে আকৌ সৃজনী বিদ্যা বুলি অকল মানুহৰ আগত দুআষাৰ ভালদৰে কথা ক’ব জনাৰ বাদে জীৱনত অন্য একোতেই পাৰদৰ্শিতা দেখুৱাই পোৱা নাই। মহাবিদ্যালয় সপ্তাহৰ তৰ্ক প্ৰতিযোগিতাত উদাত্ত কণ্ঠে এবাৰ বক্তৃতা দিয়া দেখি সেই সংগঠনটোৰ মহাবিদ্যালয়ৰ গোটে আমন্ত্ৰণ জনালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ।

আঃ, কি এক অনুভৱ! মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ দিনাখনৰপৰা দেখি-শুনি অহা সেইকেইজন প্ৰতাপী ছাত্ৰই, যাক সকলোৱে সমীহ কৰি চলিছিল, যেতিয়া মোৰ ওচৰ চাপিছিল তেতিয়া নিজকে অসমৰ ছাত্ৰ ৰাজনীতিৰ এজন ভাবী প্ৰবল প্ৰতাপী নেতা যেনেই ভাৱ হৈছিল। কল্পনা জগতত নিজকে দেখিবলৈ পাইছিলোঁ শ শ ছাত্ৰ প্ৰতিবাদীৰ সন্মুখত উচ্চস্বৰত বিভিন্ন সমস্যাৰ আলোকপাত কৰি বক্তব্য দাঙি ধৰিছোঁ আৰু পিছে পিছে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজিছে। মই হাত দাঙি জনতাৰ অভিবাদন লৈছোঁ। কল্পনাপ্ৰবৃত্ত মনটো লৈ একে আষাৰে সিহঁতৰ প্ৰস্তাৱত সন্মতি দি লাগি গৈছিলোঁ পূৰ্ণোদ্যমে মহাবিদ্যালয়ৰ নিৰ্বাচনী কুচকাৱাজত।

ব্যক্তিগত প্ৰচাৰ অভিযানৰ উপৰি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা ছাত্ৰ প্ৰতিনিধিসকলৰ লগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ হ’ব লগা প্ৰতিনিধিসকলৰ বিষয়ে এক সম্যক জ্ঞান আহৰণ কৰি লয়। তেওঁলোকে যাতে জানিব পাৰে যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থত প্ৰতিনিধিসকলৰ স্থিতি কেনেকুৱা। 

ভাবী ছাত্ৰ-প্ৰতিনিধি হিচাপে এই অভাজনেও ভাগ্যত তেনেকুৱা এটা অনুস্থানত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দাঙি ধৰাৰ অৱকাশ পাইছিলোঁ।

অনুষ্ঠান চলি আছে, বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহো দি যোৱা হৈ আছে। এনেতে এজনী বৰ ধুনীয়া ছোৱালী আগবাঢ়ি আহিল প্ৰশ্ন কৰিবলৈ। তাইৰ প্ৰশ্নটো আছিল মহাবিদ্যালয়ৰ “আলোচনী সম্পাদক”ৰ পদপ্ৰাৰ্থী আমাৰেই এজন সতীৰ্থক উদ্দেশ্য কৰি। এইখিনিতে প্ৰভুৰ বিষয়ে অলপ নজনালে অন্যায় কৰা যেনেই হ’ব কাৰণে তেওঁৰ ছাত্ৰ জীৱনৰ বৰ্ণিল ইতিহাস পাঠকৰ অৰ্থে অলপমান আগবঢ়ালোঁ।

প্ৰভুৱে আমাৰ লগতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে পিছফালৰ পৰীক্ষাৰ্থীজনৰ উত্তৰবহীৰ প্ৰতিলিপি নিজৰ উত্তৰবহীত অংকন কৰি উত্তীৰ্ণ হৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ৰাজনীতিৰ প্ৰতাপী নেতাৰ লগত হাত মিলাই নিজৰ এক সুকীয়া আসন বনাই লৈছিল। সেই সুবাদতে “আলোচনী সম্পাদক”ৰ নিচিনা পদৰ বাবে তেওঁক হাইকমাণ্ডে নিৰ্বাচন কৰিছিল। তেখেতৰ সাহিত্যকৰ্মৰাজিৰ প্ৰমাণ হিচাপে বাতৰিকাকতৰপৰা তুলি অনা দুটামান কৌতুক আৰু সাঁথৰেই যথেষ্ট আছিল তেওঁক সেই পদৰ প্ৰবল দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰিবলৈ।

গম্ভীৰ মাতেৰে ধুনীয়া ছাত্ৰীৰ প্ৰশ্ন আমাৰ “আলোচনী সম্পাদক”ৰ পদপ্ৰাৰ্থী সতীৰ্থলৈ –

: আপুনি মহাবিদ্যালয় এখনৰ দাপোনস্বৰূপ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখনৰ সম্পাদক হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈ ওলাইছে। আপুনি আপোনাৰ মৌলিক সাহিত্যচৰ্চাৰ বিষয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অলপমান জনাব নেকি?

প্ৰভুৱে জন্ম পোৱাৰপৰা আজিলৈকে অকল শিৱৰাত্রীৰ দিনা ভাং খাই “জয় জয় শিৱ-শংকৰ” গীতটো গোৱাৰ সময়তহে মাইকত কথা কৈ পাইছে। অন্য সময়ত এনেকুৱা দুৰ্ভাগ্য তেখেতৰ হোৱা নাছিল হেতু ছোৱালীজনীৰ প্ৰশ্নত তেখেত অলপ অপ্ৰস্তুত হ’ল আৰু ষ্টেণ্ডত লাগি থকা মাইক্ৰ’ফোনটো হাতেৰে চুই থাকি অঁকৰাৰ নিচিনা তাইৰ মুখলৈ চাই থাকিল। ছোৱালীজনীয়ে প্ৰশ্নটো দোহাৰোতে প্ৰভুৱে কথিত ভাষাত লিখিতৰ সংমিশ্ৰণ ঘটাই আৰম্ভ কৰিলে –

: হয়, খুব সুন্দৰ প্ৰশ্ন কোচ্ছে (কৰিছে) আপনি (আপুনি)। মই বিভিন্ন আলোচনীত লেখা মেলা কোচ্ছু (কৰিছোঁ)। বিদ্যালয়ৰ আলোচনীত কৌতুক লেখছু (লিখিছোঁ), সাস্তৰ (সাঁথৰ) লেখছু।

: নহয় নহয়, আপুনি আপোনাৰ মৌলিক লেখা-মেলাৰ বিষয়ে অলপমান জনাওক।


সকলোখিনি ঠিকেই আছিল, মাজতে মৌলিক শব্দটো ভৰাই দিয়াত প্ৰভুৰ অলপ বুজাত অসুবিধা হ’ল। মাইক্ৰ’ফোনটো হাতেৰে ঢাকি মোৰ ফালে অলপ হালি লৈ প্ৰভুৱে সুধিলে,

: দাছ (দাস), কি সুধলাক (সুধিলে) এ মাইনাটুই!

: নহয় দাছ, তই নিজাকে কিবা লেখছা না সিটু সুধছে!

: সম্পাদক হবা লাগলি (হ’ব লাগিলে) কিবা লেখবা (লিখিব) লাগে বুলি কথা আছে নাকি!

: বাদ দি দাছ, তই নেক্সত কুৱেশ্যন বুলি কৈ দি।


প্ৰভু, এইবাৰ অলপ গম্ভীৰৰূপত –

: নেক্সত কুৱেশ্যন প্লিজ!

ধুনীয়া ছোৱালীয়ে বেচেৰাৰ ঔকাদ বুজি পালে, সেয়ে এইবাৰ অন্য এটা প্ৰশ্ন তেওঁলৈ আগবঢ়ালে –

: আচ্ছা কওক, আলোচনী মানে কি? আলোচনী বুলিলে আপুনি কি বুজে?

প্ৰভুৰ মুখত এইবাৰ এক অঁকৰা হাঁহি। মোৰ গাত তাৰ হাতৰ কিলাকুটিৰে হেঁচুকি ক’লে,

: কি আহিল এ ইটু (এইটো)! কি কউ (কওঁ) এথেন (এতিয়া)!

: বাপ, যি মনত আহে কৈ দিয়া।

এইবাৰ প্ৰভুৰ উত্তৰ, এজন অত্যন্ত বিচক্ষণ ৰাজনীতিবিদৰ ভাব-ভংগীৰে শাৰীৰিক অংগী-ভংগীৰ সহায়ত বাওঁহাতখন টেবুলত ৰাখি সোঁহাতখন বুকুৰ সমান উচ্চতাত বতাহত স্থাপন কৰি,

: আলোচনী মানে হৈছে, “গদ্য” আৰু “পদ্য”

প্ৰভুৰ উত্তৰ শুনি গোটেই প্ৰেক্ষাগৃহ হাঁহিৰে ৰজনজনাই গ’ল। হাঁহিটো আমোদৰ নাছিল, ঠাট্টাৰহে আছিল। কাৰণ প্ৰভুৱে যেতিয়া উত্তৰটো আগবঢ়াইছিল তেতিয়া “গদ্য” কোৱাৰ সময়ত তেখেতে হাতৰ তলুৱা ভূমিমুখী কৰি আৰু “পদ্য” কোৱাৰ সময়ত ঊৰ্ধমুখী কৰি এগৰাকী বুদ্ধিজীৱীৰ লেখীয়া যিদৰে উত্তৰটো উপস্থাপন কৰিছিল সেই উত্তৰটো চাগে আলোচনী সম্পৰ্কে যিকোনো ব্যক্তিবিশেষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উত্তৰ আছিল।

তেতিয়াৰপৰাই প্ৰভুৰ প্ৰকৃত নামৰ সলনি নামটো “গদ্য-পদ্য দাস” হিচাপে সমাদৃত হ’বলৈ ধৰিলে আৰু দুৰ্ভাগ্যজনকভাৱে প্ৰভু সেই বছৰৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ সম্পাদক হিচাপে নিৰ্বাচিতও হৈছিল।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    হাঃ হাঃ, বেছ বুদ্ধি লগালে উত্তৰটো দিওঁতে। হাঁহি মৰিছোঁ।

    Reply

Leave a Reply

Your email address will not be published.