ফটাঢোল

আত্মিক-তুলিকা সোণোৱাল৷

মাজে মাজে বুকুত বিষ এটাই উক দিয়ে শাৰদীক৷ এৰা, নিদিবনো কিয়! বয়স তিনিকুৰি পাৰ হ’ল৷ আপোন বুলিবলৈ এই পৃথিৱীত একমাত্ৰ ল’ৰা আলোক৷ সিয়ো কামৰ হেঁচাত মূৰ তুলিব নোৱাৰা হৈছে৷ বিয়াৰ তিনিবছৰ পাছতেই যেতিয়া শাৰদীক স্বামী নন্দনে Divorce দিছিল তেতিয়া আলোকৰ বয়স আছিল মুঠেই দুবছৰ৷ সি তেতিয়াও মাকৰ গাখীৰ এৰাই নাছিল আনকি দেউতাকক “দেউতা” বুলি ফুটাই ক’ব পৰাই নাছিল সি৷ শাৰদী যেতিয়া সংসাৰৰ সপোন গোঁঠাত ব্যস্ত আছিল, যেতিয়া আলোকক নিজৰ গৰ্ভত আলফুলকৈ বাঢ়ি আহিবলৈ যতন লৈছিল ঠিক তেনে সময়তে নন্দন ব্যস্ত আছিল কোনোবা আন প্ৰেয়সীৰ লগত মাত্ৰ নিজৰ বাসনা পূৰাবলৈ৷ বহুত বুজাইছিল শাৰদীয়ে তাক৷ কিন্তু আকোঁৰগোজ মানুহজনে অলপো বুজিবলৈ যত্ন নকৰিলে৷ বৰঞ্চ তাইক পাছলৈ মাৰ পিটহে কৰিব ধৰিলে৷ শাৰদীৰ আজিও স্পষ্ট কৈ মনত আছে আলোকৰ জন্মৰ দিনাখন যেতিয়া তাই প্ৰসৱ বেদনাত চটফটাই ফুৰিছিল তেতিয়া তাই বিচাৰিছিল মানুহজনে আহি আলফুলকৈ তাইৰ কপালত চুমা এটা আঁকি দি ক’ব “ তুমি ভয় নকৰিবা মোৰ সোণ,  মই আছোঁ তোমাৰ লগত৷ ” কিন্তু কথাষাৰ তেনে নহ’ল৷ আলোকৰ জন্মৰ দিনাখন নন্দন আনকি হস্পিটাললৈও যোৱা নাছিল৷ সেইদিনা প্ৰসৱ বেদনাতকৈ তাইৰ বুকুৰ বেদনা বেছি হৈছিল৷ তেনে সময়ত শাৰদীৰ মাকেই একমাত্ৰ তাইৰ কাষত আছিল৷  কথা এইটো নাছিল যে সি খবৰ পোৱা নাছিল৷ কিন্তু সি কি ভাবি যোৱা নাছিল সেয়া শাৰদীয়ে বিচাৰ কৰিব নুখুজিলে কোনোদিনে৷ আচলতে সাহস নহ’ল শাৰদীৰ৷ সাহস গোটাইনো ক’ৰপৰা তাই!  ছয়বছৰ ভাল পোৱাৰ পাছত সিহঁতৰ বিয়াখন হৈছিল৷ শাৰদী এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু নন্দন চৰকাৰী চাকৰী কৰাৰ লগতে এজন ভাল নাট্যশিল্পীও৷ এখন ধুনীয়া সুখৰ সংসাৰ আছিল সিহঁতৰ৷ কলেজত পঢ়ি

 

থাকোঁতেই দুয়োৰে প্ৰেমৰ আৰম্ভণি৷ প্ৰথমে দুয়োখন ঘৰৰ আপত্তি থাকিলেও পাছলৈ দুয়োখন ঘৰৰ সন্মতিত খুউব ধুমধামেৰে সিহঁতৰ বিয়াখন হৈছিল৷ কিমান যে ভাল পাইছিল ইজনে সিজনক, কিমান যে সপোন দেখিছিল সিহঁতে – সন্মুখত এখন বহল চোতাল থকা নিজাকৈ এটা ঘৰ, দুয়োৰে পছন্দৰ এখন ৰঙা গাড়ী, এটা ল’ৰা আৰু এজনী ছোৱালী সন্তান৷ ল’ৰাৰ নাম আলোক আৰু ছোৱালীৰ নাম…

 

উফ!

সকলো আছে আজি শাৰদীৰ৷ কিন্তু তাইৰ সেই দুৰ্দান্ত প্ৰেমিক নন্দন নাই লগত৷ কেতিয়াবা বৰকৈ মনত পৰে তালৈ৷ কোনেও নেদেখাকৈ তাই হুকহুকাই কান্দি উঠে তেতিয়া৷ কেতিয়াবা মনৰ দুখ পাতলাবলৈ শাৰদীয়ে ডায়েৰীৰ পাতত কিবাকিবি লিখে৷ সিহঁতৰ ছবছৰীয়া প্ৰেম আজিও এক সাঁথৰ তাইৰ বাবে৷ বয়স বাঢ়ি অহাৰ লগে লগে নন্দনৰ প্ৰতি থকা তাইৰ ভালপোৱাবোৰ দিনে দিনে আৰু দৃঢ় হৈ পৰিছে৷ কিন্তু তাই নাজানে নন্দনৰ সঠিক ঠিকনা, তাৰ বৰ্তমানৰ খবৰ৷ আনকি শাৰদীয়ে এইটো নাজানে যে নন্দন জীয়াই আছে নে নাই! বৰ অসহায় অনুভৱ কৰে তাই৷  কেতিয়াবা এনে লাগে তাইৰ পাছফালৰ পৰা নন্দন দৌৰি আহি জোৰকৈ সাৱটি ধৰিব আৰু ক’ব – “চোৱা মই ঘূৰি আহিলোঁ তোমাৰ ওচৰলৈ, একেবাৰে৷ মোক ক্ষমা কৰি দিয়া মোৰ সোণ৷ তোমাৰ অনুপস্থিতিত মোৰ দিনবোৰ কিমান কষ্টকৰ তোমাক কেনেকৈ বুজাই কওঁ! ” আৰু শাৰদীয়ে সকলো অভিমান পাহৰি নন্দনক আলফুলকৈ বুকুত সুমুৱাই ল’ব৷

নন্দন আৰু শাৰদীৰ প্ৰেমৰ সাক্ষী আলোক কেতিয়াবা আজৰি পালে মাকৰ কোলাত মূৰ থৈ সোধে দেউতাকৰ কথা৷ শাৰদীয়ে কোনো দিনে দেউতাকৰ আদৰ নোপোৱা আলোকক কথাবোৰ সাজি সাজি কয় দেউতাকে তাক ভালপোৱা কথাবোৰ, তাৰ লগত খেলা সেই কাল্পনিক উপাখ্যানবোৰ৷ যিবোৰ শাৰদীয়ে সৰুৰে পৰা মিছা কৈ মাতি আহিছে আলোকক৷  তাই জানে মিছা মাতি ভাল কৰা নাই, কিন্তু তাই আলোকৰ মনত দেউতাকৰ এখন বেয়া প্ৰতিচ্ছবি বহোৱাই দিবলৈ বিচৰা নাই৷ তাই কয় আলোকক যে তাৰ দেউতাক এটা এক্সিডেণ্টত মৃত্যু হৈছে৷ আৰু আলোকে তেনে বুলিয়েই জানি আহিছে সৰুৰে পৰা৷  আজি শাৰদী নিজৰ জন্মৰ ঠাইখনৰ পৰা ইমান দূৰত আছেহি যে স্বয়ং নন্দনেও আহি সঁচাটো ক’ব নোৱাৰে বুলি তাইৰ বিশ্বাস কৰে৷

পুৱা বাতৰি কাকতখন পঢ়ি থাকোঁতেই শাৰদীৰ বুকুৰ বিষটো হঠাৎ বাঢ়ি আহিল৷ এটা সময়ত বিষত অচেতন হৈ ঢলি পৰিল পকাত৷ ঘৰত থকা কাম কৰা ৰান্ধনী গৰাকীয়ে শাৰদীক চাহকাপ দিবলৈ আহি তেনে অৱস্থাত দেখি আলোকক চিঞৰি মাতিলে৷  শাৰদীক হস্পিতালত নিয়া হ’ল৷

“হাৰ্ট ষ্ট্ৰ’ক”

ভেণ্টিলেচনত ৰাখিছে তাইক৷ লাষ্ট ষ্টেজ৷ অসহায় আলোক৷ ডক্টৰে কৈছে বহুত বেছি ষ্ট্ৰেজ লৈছিল লগতে হঠাতে কিবা কথাত চক্ খাই ষ্ট্ৰক হ’ল তাইৰ৷

নিজৰ কামত খুবেই ব্যস্ত আলোকে এইকেইদিন মাকৰ লগত কথা পাতিলেও আনদিনাৰ দৰে সময় দিব পৰা নাছিল৷ কোনোবা এখিনিত নিজকে দোষী বুলি ভাবি লৈছে সি৷ তথাপিও মাকক এনে কি কথাই আমনি কৰিছিল বুলি জানিবলৈ সি মাকৰ ডায়েৰিখন এবাৰ পঢ়ি চাবলৈ ইচ্ছা কৰিলে৷

মাকৰ ডায়েৰীখন পঢ়ি আলোকৰ শিল পৰা কপৌৰ দৰে অৱস্থা হ’ল৷ শাৰদীয়ে ডায়েৰীখনত প্ৰতিটো কথা স্পষ্টকৈ লিখি থৈছিল৷ ডায়েৰীৰ পৃষ্ঠাবোৰত নন্দনলৈ লিখা চিঠিবোৰ পঢ়ি আলোক তাৰ দেউতাকৰ কথাবোৰ স্পষ্ট হ’ল৷ সি বুজিলে মাত্ৰ সি তাৰ দেউতাকৰ প্ৰতি বেয়া ধাৰণা ল’ব বুলিয়েই মাক শাৰদীয়ে তাক দেউতাকৰ মনে সজা সাধুবোৰ কৈছিল৷ সি মনত কষ্ট পাব বুলিয়েই অতবোৰ বেদনাৰ কথা এবাৰো মুখ ফুটাই নক’লে তাক৷ মূৰটো আচন্দ্ৰাই কৰিছিল তাৰ৷ মাকলৈ অযুত মৰমৰ লগতে সন্মানো বাঢ়ি আহিল তাৰ৷ তেনেতে বাতৰি কাকতখনলৈ চকু গ’ল আলোকৰ৷ কাকতখনত বৰ বৰ হৰফেৰে লিখা আছিল

“বিশিষ্ট নাট্য শিল্পী নন্দন শইকীয়াৰ দেহাৱসান৷ ”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.