ফটাঢোল

গাখীৰ চোৰৰ বিলৈ – অভিজিৎ গোস্বামী 

স্নাতক শ্ৰেণীত থকা সময়ৰ ঘটনা। বাংগালোৰত যথেষ্ট গাখীৰ পোৱা গৈছিল আৰু তাৰ লগতে দৈ, বাটাৰ, মিল্ক আদিৰো যথেষ্ট পৰিমাণে চাহিদা আছিল। প্ৰায়বোৰ মানুহেই দৈ, বাটাৰ, মিল্ক আদি যিকোনো সময়তে খাব পাৰিছিল কাৰণ সহজলভ্য আছিল। এই গাখীৰৰ পৰা হোৱা প্ৰায়বোৰ বস্তু আৰু গাখীৰৰ বাবে নন্দিনী নামৰ এটা ব্ৰেণ্ড কৰ্ণাটকৰ সবাতোকৈ ডাঙৰ আৰু পুৰণি আছিল। বেছি সংখ্যক মানুহৰ প্ৰথম পচন্দ নন্দিনীয়ে আছিল। তেওঁলোকৰ জনপ্ৰিয়তাৰ আৰু এটা প্ৰধান কাৰণ আছিল প্ৰতি  ২ কিঃ মিঃ অন্তৰে অন্তৰে একোখনকৈ কোম্পেনীৰ নিজা আউটলেট আছিল। সেইবিলাক কোম্পেনীৰ দ্বাৰা পৰিচালিত হৈছিল। প্ৰতিদিনাই পুৱা ৩ মান বজাতেই তেওঁলোকৰ গাড়ীবোৰ আহি প্ৰত্যেক কাউণ্টাৰে কাউণ্টাৰে গাখীৰ, দৈ, বাটাৰ মিল্ক আদি বিতৰণ কৰি থৈ গৈছিল। মানে আমাৰ ইয়াত যেনেকৈ বাতৰি কাকত দোকানৰ আগত পেলাই থৈ যায় পুৱাই আৰু একেদৰেই পৰি থাকে কোনেও হাত নিদিয়ে। তেনেদৰেই এইবোৰ বস্তুতো দোকানী আহি ভিতৰ নোসোমোৱালৈকে কোনেও হাত নিদিয়ে। আমাৰ ঘৰৰ ওচৰতেই কেইবাজনো বিহাৰৰ ল’ৰা আছিল একেলগে পঢ়া। তেওঁলোকৰ আকৌ দৈ, গাখীৰ আদিত বিৰাট ৰাপ, আমাৰ মাছ-মাংসৰ প্ৰতি থকা মৰ খকৰ নিচিনাকৈ। গতিকে তেওঁলোকৰ দুজন মানে লাহে ধীৰে অলপ অলপ তাৰ পৰা শেষনিশা সৰকোৱাত লাগি গ’ল। আমি প্ৰথমতে গম পোৱা নাছিলোঁ। তেওঁলোকৰ এজনে এদিন আমাক জনালে, যদি লাচ্চী খাবলৈ মন আছে আমাৰ ৰূমলৈ চেনী এক কেজি লৈ আহিবি। আমিও উৱাদিহ নাপাই লাচ্চীৰ লোভতে চেনী লৈ দুদিনমান গৈ অলপ উদৰ পূৰাই খাই আহিলোঁগৈ। সিহঁতৰ সিফালে লোভ বাঢ়ি গৈ থকাত দোকানো সলাই সলাই কামফেৰা কৰি থকা হ’ল। চুৰিৰ পৰিমাণো বঢ়াই গৈ থাকিল। পিচে ১০০ গৰু মাৰিলে বাঘৰ মৰণ অনিবাৰ্য আছিলেই। গতিকে এদিনাখন দুজন মহাপুৰুষ গৈ কামফেৰা কৰিবলৈ হাত দিওঁতেই, দোকানী ওলাই আহি বেতেৰে পিঠিত চালনী উঠাব লওঁতেই কিবাকৈ বাইক লৈ পলাই দুয়োটাই প্ৰাণ ৰক্ষা কৰিবলৈ সফল হ’ল। সেইদিনাৰ পৰা পিচে ৰাইজে গাখীৰৰ দোকানৰ ফালে মুখ ঘূৰাইও নোচোৱা হ’ল।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেই

    Reply
  • মানসী

    গাখীৰৰ চোৰৰ পাল্লাত ভাল ল’ৰাটো ফচিছিল দেখুন…

    Reply

Leave a Reply

Your email address will not be published.