ফটাঢোল

গাধক মানুহ কৰাৰ কাহিনী – মূল:- মোল্লা নাছিৰুদ্দিন- অনুবাদ: পূৰৱী কটকী

এখন গাঁৱত এজন চিকিৎসক আছিল। তেওঁ নিজৰ লগত এজন মানুহ ৰাখিছিল। এদিন তেওঁ গাঁৱৰ পৰা প্ৰস্থান কৰিবৰ সময়ত লগত থকা মানুহজনক কিবা কথাত ধমক লগাই ক’লে, “আৰে তই নাজান, তই প্ৰথমতে কেনেকুৱা আছিলি? তইতো গাধ আছিলি। মই তোক গাধৰ পৰা মানুহ কৰিলো। মই তোৰ ইমান উপকাৰ কৰিলো তথাপিতো তই মোৰ কথা নুশুন!”

তেওঁলোকৰ ওচৰেদি তেতিয়া গাধৰ মালিক এজন পাৰ হৈ গৈছিল। তেওঁ কথাখিনি শুনি যি বুজিলে তাৰ সাৰৰ্মম এনেধৰণৰ যে, “চিকিৎসকজনে গাধক মানুহ কৰে।”
তেওঁ চিকিৎসকজনৰ ওচৰলৈ গৈ কলে, “প্ৰভু! থাকোঁতেতো মোৰ ওচৰত বহুতো গাধ আছে, কিন্তু মই আপোনাক মোৰ দুটা গাধ দিছোঁ। অনুগ্ৰহ কৰি আপুনি ইহঁত দুটাক মানুহ কৰি দিয়ক।”

চিকিৎসকে কলে, “বাৰু, কৰি দিম, কিন্তু ইয়াৰ বাবে টকা লাগিব ভাই! এটা গাধৰ এশ টকাকৈ লাগিব।”
গাধৰ মালিকে ক’লে, “ঠিক আছে, মই আপোনাক এতিয়াই সম্পূৰ্ণ টকা দিম, মাত্ৰ আপুনি ইহঁত দুটাক মানুহ কৰি দিয়ক।”
তেওঁ চিকিৎসকক দুশ টকা আৰু গাধ দুটা দি গুচি গ’ল।

চিকিৎসকজনে দুয়োটা গাধকে বজাৰত বেছি দিলে।যেতিয়া গাধৰ মালিকজনে আহি সুধিলে তেতিয়া চিকিৎসকে ক’লে, “তোমাৰ গাধকেইটা মানুহলৈ ৰূপান্তৰিত হৈ আছে, এতিয়া সিহঁতৰ ওপৰত মছলা দিয়া হৈছে।”

এনেকৈ থাকোঁতে থাকোঁতে তিনি/চাৰিমাহ পাৰ হৈ গ’ল। তাৰ পাছত যেতিয়া গাধৰ মালিক আহিল তেতিয়া চিকিৎসকে ক’লে, “আৰে বন্ধু! তুমি নাহিলা! তোমাৰ গাধকেইটা কেতিয়াবাই মানুহ হ’ল আৰু তেওঁলোকৰ চাকৰিও হ’ল। যিটো গাধৰ বেছি চুলি আছিল, তেওঁ শিক্ষক হ’ল আৰু বৰ্তমান বিদ্যালয়ত ল’ৰা ছোৱালী পঢ়ায় আৰু আনটো গাধ ষ্টেচন মাষ্টৰ হ’ল। মই দুয়োটাকে ঠিকেই মানুহ কৰিলো। কিন্তু তুমি দেৰিকে আহিলা, সেইবাবে মছলা বেছিকৈ লাগিল আৰু তেওঁলোক চাকৰি কৰিবলৈ গ’ল। এতিয়া আৰু কি কৰা তুমিহে জানিবা।”
তাৰ পাছত গাধৰ মালিকজন ঘাঁহ লৈ বিদ্যালয়লৈ গ’ল। চিকিৎসকজনে যিজন শিক্ষকৰ নাম কৈছিল, সেইজন দাঢ়ি থকা শিক্ষকৰ সন্মুখলৈ গৈ ঘাঁহ দেখুৱাই চিঞৰিলে, “আহ আহ, ঘাঁহ খা হি আহ।”
শিক্ষকজন চিঞৰি উঠিল, “আৰে, এইটো কোন? কি কৰিছে? পাগল হ’ল নেকি?”

গাধৰ মালিকে ক’লে, “মই এশ টকা খৰচ কৰি তোক গাধৰ পৰা মানুহ কৰাই থৈছোঁ। মই পাগল কেনেকৈ হ’লো?”
শিক্ষকে তেওঁক পাগল বুলি কৈ বিদ্যালয়ৰ পৰা বাহিৰলৈ উলিয়াই দিলে।

তাৰ পাছত গাধৰ মালিকজন ষ্টেচন মাষ্টৰৰ ওচৰলৈ গৈ ঘাঁহ দেখুৱাই পুনৰ ক’লে, “আহ আহ, ঘাঁহ খা হি।”
ষ্টেচন মাষ্টৰে ক’লে, “আৰে এয়া কি কৰিছে?” ওচৰত থকা মানুহবোৰে ক’লে যে, তেওঁ বিদ্যালয়লৈ গৈছিল আৰু শিক্ষককো একেই ব্যৱহাৰ কৰিছিল।
ষ্টেচন মাষ্টৰেও তেওঁক পাগল বুলি ভাবি খেদি পঠিয়ালে।

তাৰপাছত গাধৰ মালিকটোৱে আহি পুনৰ চিকিৎসকক ক’লেহি, “দুয়োটাই মোক পাগল বুলি কৈছে।”

চিকিৎসকে ক’লে, “মই তোমাক আগতেই কৈছিলো যে তুমি পলমকৈ অহাৰ বাবেই সিহঁতৰ ওপৰত বেছি মছলা দি দিয়া হ’ল, অধিক মছলা হোৱাৰ ফলত তেওঁলোক এতিয়া তোমাৰ নিয়ন্ত্ৰণত নাই! মইনো এতিয়া কি কৰিম!”

(এনেদৰেই মানুহে যেতিয়া অহঙ্কাৰ কৰি লয় যে, “মই বৰ বুদ্ধিয়ক, বহুত জানো, সকলোকে বছৰ বছৰ দিন ধৰি শিক্ষা দিব পাৰো, তেতিয়াই তেওঁলোকৰ ওপৰত মছলা বেছি পৰে। তেওঁলোকে এইটো নাজানে যে আগৰ জনমত কি আছিল, এই জনমত তেওঁলোকৰ অহঙ্কাৰ বাঢ়ি জ্ঞানী হৈ পৰে। আনে কিন্তু বুজি নাপায়। মছলা বেছি পৰিলে মানুহৰ অহঙ্কাৰ হয়, কিন্তু তেওঁলোকে একো বুজি নাপায়)

★★★★

One comment

Leave a Reply

Your email address will not be published.