ফটাঢোল

গানে কি আনে? : পার্থ প্ৰতীম শৰ্মা

মই তেতিয়া ষষ্ঠ শ্ৰেণীত। তেতিয়ালৈ মোৰ নামটো ভাল ল’ৰাৰ তালিকাত আছিল। শ্ৰেণীত হাল্লা-হুলস্থুল নকৰা, শান্ত-শিষ্ট, পঢ়া-শুনাতো ঠিক-ঠাক, মুঠতে ভালেই আছিলোঁ। পিচে মানুহৰ দিন সদায়েই ক’তনো ভালে যায়?

এদিনৰ কথা। তেতিয়া মই জুবিন গাৰ্গৰ পাখি এলবামৰ গানকেইটা গুণ-গুণাই থাকোঁ। শ্ৰেণী চলি থকা নাই তেতিয়া। মই বহি বহি বেগত মূৰটো পেলাই লাহে লাহে গুণ-গুণাই আছোঁ- পাখি পাখি এই মন, পাখি লগা মোৰ মন…….

বাকী পৃথিৱীত কি হৈ আছে মোৰ খবৰ নাই। মই নিজৰ মাজতে মজি আছোঁ। গুণ-গুণাই গান গাই আছোঁ। কোনোবাই কথা পাতি আছে। কোনোবাই কাগজত কটা-কটি কৰি আছে। মুঠতে কোনোৱে নিষ্কৰ্মা হৈ থকা নাই। কিবা নহয় কিবা কৰি আছে। দুজনীমান ছোৱালীয়ে আকৌ শিল-গুটি লৈ বেঞ্চতেই পাঁচ গুটি খেলি আছে। আন দুজনীমানৰ কথাৰ শেষ নাই। ল’ৰা বেছি ভাগেই বাহিৰলৈ গৈছে। দুই-এজনে কিবা কিবি কথা কৈ আছে। ময়ো কথা পাতি থাকোঁ অইন দিনা, পিচে আজি গান গুণ-গুণাই থাকিয়েই ভাল লাগিছে। মানুহবোৰৰ কাণ্ড-কাৰখানাবোৰ চাই থাকিও ভাল লাগে। সকলোবোৰ একে বয়সৰ, কিন্তু সকলোৰে ইচ্ছাবোৰ, সকলোৰে কাণ্ডবোৰ বেলেগ বেলেগ। সকলোৰে পচন্দবোৰো বেলেগ বেলেগ। এইবোৰ ভাবি ভাবিয়েই গুণ-গুণাই আছিলোঁ।

হঠাতেই চাৰিওফালৰ হাল্লাবোৰ নোহোৱা হৈ গ’ল। কি হ’ল? মূৰ তুলি চালোঁ- বৰুৱা ছাৰ খুব খঙত শ্ৰেণীকোঠালৈ সোমাই আহিছে।

হাতত এচাৰি। আজি কোনোবাই মাৰ খোৱাটো খাটাং।আমি গোটেইবোৰে থিয় হ’লো।

ছাৰে খুব খঙত ক’বলৈ ধৰিলে,

: ইমান হাল্লা তহঁতৰ! যেন এইখন স্কুল নহয়, মাছ বজাৰ। কিহে পাইছে তহঁতক হাঁ? কাষৰ ৰূমত ক্লাছ হৈ আছে দেখা নাই। চিঞৰি গান গাই থকাটো কোন?

মই ভাবিলোঁ, মইচোন লাহেকৈ গুণ-গুণাইহে আছিলোঁ। ইমান জোৰেতো মই গোৱা নাই। কথাটো কি? বুকুখন কিঞ্চিত কিঞ্চিত কঁপি আছে। এনেতে ছাৰে এজনক ক’লে,

: কোনে গান গাই আছিল ক?’

: নাজানো ছাৰ৷

: অই তই ক, কোনে গান গাই আছিল? ক’ত শুনিবি তহঁতে? তহঁত চব বদমাছ।

তেনেতে ছাৰৰ চকু মোৰ ওপৰত পৰিল। ছাৰৰ চাগে মই মিছা নকওঁ বুলি বিশ্বাস আছিল। বৰ মৰমৰে মোক সুধিলে-

: পাৰ্থ, তই কচোন। কোনে গান গাই আছিল?

মই বৰ সমস্যাত পৰিলোঁ। ছাৰৰ বাক্যৰ প্ৰত্যয় দেখি মিছা ক’বলৈও মন নগ’ল। ইফালে সঁচা ক’লে নিজৰ পিঠিতে কোব পৰিব বুলি খাটাং। অলপ চিন্তা কৰি ছাৰৰ প্ৰত্যয়ক সন্মান জনাই সঁচা কথাটো কোৱাৰ সিদ্ধান্ত ল’লোঁ। হাতখন পাতি দি লাহেকৈ ক’লোঁ,

: ছাৰ, ময়েই গান গাই আছিলোঁ।

অলপ সময়ৰ কাৰণে ছাৰো তভক মাৰি ৰ’ল। ভাবিলে চাগে- আউ ই দেখোন হাতত বেত দেখিও নিজৰ নাম ল’বলৈ ভয় খোৱা নাই। পিচে সেই ভাৱনাখিনি ছাৰৰ খঙতকৈ বহুত কম আছিল চাগে! সেইবাবেই চাগে চেতেপ চেতেপকৈ হাতত লাহে লাহে দুই কোব দি একো নোকোৱাকৈ ছাৰ গুছি গ’ল।

চাৰ যোৱাৰ লগে লগে লগৰ এজনে আহি সাৱট মাৰি ক’লে,

: ভাই, তোক মানি গ’লোঁ বে। কেনেকুৱা দিলদাৰ মানুহ বে তই। মোক বচাই তই মাৰ খালি! তামাম বে!

অলপ দেৰিকৈ গোটেই ঘটনা বুজি পালোঁ- সেইদিনা বগৰী পোৰা গ’ল, কিন্তু উলু বাচি গ’ল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.