ফটাঢোল

গাৰ্হস্থ্য- অসীমা শইকীয়া দত্ত

বিয়া হোৱাৰ পিছত চিনেমাই চিৰিয়েলে ৰোমাণ্টিক যোৰাবোৰ দেখিলে মোৰ নিজৰ দেৱে ৰাহি মিলোৱা  টচ মুগাৰ যোৰাটো তন্ন তন্নকে চাওঁ। দেহি ঐ ৰোমাণ্টিক বুলিবলে জেগাই নাই কেনিও দুইটাৰে৷ হোমৰ জুইত ঘিউ ঢালি দেৱে যি কুৰা জুইক সাক্ষী কৰি বান্ধি পঠালে, সঁচ নুনুমালে৷ বৰনামঘৰৰ চাকিৰ দৰে কাললে ৰ’ল ঘৰতো আহি।

প্ৰথম এদিনেই চিনেমাৰ দৰে হৈছিল কেচটো। মই গেট খুলি বাটত। পিছে পিছে শহুৰৰ পুতেক। মোৰ পিছে পিছে কথা কৈ গৈ হঠাৎ মাজতে মাত বোল নাই। বাওঁফালে ঘূৰি পিছলৈ চালোঁ বহু দূৰলৈকে ৰাষ্টাটো খালী, মানুহটো নাই। মুখৰ পা ওলাই গ’ল ফটকে, “মেচেকা ঘৰ সোমালগৈ চাগে, কিহ’লে বা আহিছিল!  হওক তেওঁ নহ’লে বাটতো পকালে হয় মোক৷ কোনজোপা গছত উঠি তললে মুতিছিল, ভূপেন হাজৰীকাই ক’ত মিটিঙ কৰিছিল। তেওঁলোকৰ ইয়াত এসময়ত শিয়ালেও হোৱা দিছিল…”

হঠাৎ সোঁ চাইদৰপৰা মাত, “হৌৰা মই ঘৰলে যোৱা নাই এই চাইদেহে আছোঁ।

তোমাক কৈছোঁ নহয়, ৰোমাণ্টিক চিন হ’ব লাগে নিয়ম মতে সেইডোখৰত৷ চিনেমাততো তেনেই হয় না! নায়িকাই বাওঁ চাইদে বিচাৰে, সোঁ চাইদে নায়কে খুন্দিয়াই, তাৰপিছত গান বাজে৷ আমাৰ মুঠতে দাইৰেক্ট অমৰীশ পুৰীয়ে চাউথৰ চিনেমাৰ ভিলেইনৰ ৰূপত কপি দা জোকাৰি, লুঙী কোঁচাই সোধাৰ গতি একদম,

: কি মই পকালোঁহেঁতেন, মই কি মেচেকা?

মই চকুৰে সৰিয়হৰপৰা যে তেল বনাই তাৰ ফৰ্মূলাটো তেনেই থেল থেলকে দেখি গ’লোঁ। ওৱ এইজনাই সৱ শুনিলে হেৰৌ! তেনেতে সৰিয়হৰ মাজত ধুমকলা খুৰী শাহুক দেখিলোঁ, ভগৱানলে কলি আমলখি এগাল পাৰি আছিল। তৰাজানৰ ভগৱান কোনবাদিনা কলি আমলখিত চটহা লাগি মৰিব শাহুৰ ভক্তিৰ উৎপাতত।
মাত দিলোঁ কণামুনাকে গৈ, “অ’ খুৰী আপোনাক ভতিজাকে লোকৰ বাৰীৰ আমলখি চুৰ কৰিছে বুলি কৈ আহিছে।” শাহুৰ কাণ আকৌ এফালেদি বেণ্ডপাৰ্টি সুমুৱাই দিলে সিফালেদি তু চিজ বৰি হে মস্ত মস্ত বজাই বজাই ওলালেও নুশুনা বিধৰ কলা। সঁচো নুশুনিলে কি ক’লোঁ মই। ওভটি, “হোঁ চোন পাৰি দে” বুলি বাঁহ এডাল দিছে ভতিজাকক।

তাৰপিছত তেখেত, সেইখিনিতে লাগি ধৰিল৷ খুৰীয়েকক বুজাবলে লাগিল ধৰ্ম কেনেকে কৰে৷ লোকৰ বাৰীৰপৰা নি নকৰে নহয় বুলি খুুব বুজাইছে৷ মইহে কেৰাকে চাই বাট ল’লোঁ৷ ৰক্ষা, এনেও কৈছে যদি ধৰ্মৰ কথা, লাষ্টত সুধিবই শাহুৱে, কাৰ ঘৰৰ বুলি ক’লি ধৰ্ম! মই চিনি নাপাওঁচোন, কোনখিনিত ধৰ্মৰ ঘৰ৷

সেই তেনেকেই এবাৰ…

কলিকতাত পূজা দেখুৱাবলে নিয়াৰ কথা আছিল৷ বিয়াৰ আগত চোতালতে দেতাৰ সন্মুখত আধাৰশিলা গপচত পুতিছিল। তেতিয়াই এটা ভৰি কলিকতাত থ’লোঁৱেই। বিয়াৰ পিছত প্ৰথম পূজাটো পালোঁ।কলিকতাৰ ‘ক’টোও নোলাল মুখত। মই শাড়ী কিনিলোঁ দোকানিটোৰ পচন্দত। মোক কোনটো ৰঙে ভাল লাগিব সুধিলোঁ, তেওঁ চিধাই কৈছে, “সৈ সি কৈছে নহয়, হ’ব ল’লেই হ’ল এখন। কিনো ৰঙ চাই থাকা অত ভীৰত!” ল’লোঁ ক’লা-মলা এখন। শাড়ীৰ লগত মিলা খাৰু কিনিলোঁ দোকানিৰ শাহুৱেকৰ পচন্দত৷ দোকানতে বহি আছিল জোঁৱায়েকক সহায় কৰিবলে।

তাতে লগৰ এটাক পাই তেওঁ ভেলেককে কৈছে, “বুইছ পৃথিৱীৰ দুৰ্ভগীয়া জীৱ পত্নীৰ লগত বজাৰলে যোৱা পুৰুষসকল।”

তাতে লাজ পাই ক’লাখনকে পচন্দ কৰি ঘৰ পালোঁহি।ঘৰত শাড়ী চাই ভতিজাটোৱে কৈছে ভালেই হ’ল খুৰী ভাওনাত সেনাপতি হওঁতে মোক দিব লাগিব, ফাইনেল।দোকানত আধা ডাউন হৈ আহিছিলোঁৱেই, থকাকণ সি তলাতল ঘৰৰ দৰে তলতে তিনিফুটমান ডবাই পেলালে। পুৰণা হ’লে, ছাটিকে চিলাম বুলি সান্তনা এটা লভিলোঁ। এটাই ভাল যিমান দামৰ নহওক কিয়, একো নকয় তেওঁ। কিন্তু পিছত মই পাহৰিলেও থ্ৰি ইদিয়টছৰ কৰিনাৰ দৰাটোৰ দৰে তেখেতে সৱৰে আগত দামটো ক’বলে নাপাহৰে।
সেয়া গ’ল। পূজা আৰম্ভ ,পূজালে যাওঁ ৰাতি বাৰটা বজাত। ভীৰ নাই, তেতিয়াহে ভাল বোলে। নিজম পূজাথলীত দুৰ্গাও টোপনিত লালকাল, মহিষাসুৰ দুঘুমটি মাৰিও পেচাব কৰিবলে তেতিয়ালে তিনিবাৰমান যায় চাগে। ভুতকেইটাই চেদা মলি বহি থাকে পেণ্ডেলৰ তলত। এদিন সৱ ভাষাত বকিলোঁ, মোৰ বকনিত, “অ’ এইজনী বৰ এটা ঠিক নহ’ব৷ সিজাবপৰা জিনিচ নহয়” বুলি, দিনত নিলে। ন’ এণ্ট্ৰি নলগাওঁতেই সৱ দেখুৱাই আজৰি। নামিবলে নিদিয়ে, “ডিঙি মেলি চোৱা, সৱ একেই দুৰ্গাহে।” মই কি বস্তুটোলে আহিলোঁ বুলি নাকৰফুটাত আঙুলি ভৰাই চাইন বৰ্ড পঢ়ি যাবলে ল’লোঁ। মুখলে চালেই, ফেটেৰকে মাৰে তাঁৰডাল।

“পূজাৰ বজাৰখনৰ ফুলদানী, টেডিবিয়েৰ সৱ কাম নোহোৱা মানুহেহে কিনে আৱৰ্জনা, দাম বেছি লয় ইহঁতে।” বাটতো সেয়া গাই গাই পথাৰত হালোৱা গৰু ঘূৰোৱাদি ঘূৰালে। ঘূৰিলোঁ। নৱমীৰ দিনা লগৰ এটাৰ ন-বৌৱেককেইজনীৰ কিতাপৰ দোকানত বহুৱাই গায়ব তেওঁ। ৰাষ্টাৰে যোৱা মানুহবোৰ চাবলে খুব ভাল।সেয়াহে চাই বোলে পুজাত, বাটটো চেলবেলাই আহোঁতে বুজা নাছিলোঁ একো। অঁ অঁ কৈ গৈছিলোঁ৷ দোকানত নমাই গায়ব হওঁতেহে গম পালোঁ কেচটো ৰাষ্টাৰ মানুহ কেলেই চাবলে ভাল। ন-বৌকিজনীক উত্তৰ দি দি মুখ বিষালে। লগত পূজাৰ অফাৰ হিচাপে সিহঁতৰ ধুমকলা শহুৰেকটো। সোধে ঘৰ ক’ত, কওঁ যদি মাজুলী, শুনে তেখেতে বাদুলী। তাৰপিছত বাদুলীৰ লগত পাৰাটো লগাই, বাদুলীপাৰাৰ কাৰ ঘৰৰ ওচৰৰ, ইটা ভাটাৰ ওচৰতনি বুলি সেইখিনিৰ ক’ৰ সৰ্বেশ্বৰ, হৰেন গালৰে নাম মাতি, গোটেই ইটা ভাটাৰ ইটাসোপা মোৰ মূৰতে ট্ৰাকৰপৰা পেলাই যেন৷

উপায় নেপাই ভাগিনলে ফোন কৰিলোঁ দোকানখনৰপৰাই৷ তাই আহিল, গুচি গ’লোঁ ঘূৰিবলৈ দুইজনী। নক’লোঁও মানুহকিজনীক একো। পিছত তৰাজানৰ মাইকত ঘোষণা হওঁতেহে শুনিছোঁ, কমলাৰঙৰ শাড়িৰে, কেইফুটীয়া হাজবেণ্ডে নেজানে, ডিঙিত তিনিডাল আঁচ থকা মানুহ এজনী হেৰাল৷ নামটো অমুক। পালে যোগাযোগ কৰিব আমাৰ লগত।

ভাগিনে বোলে মামী আপোনাৰ নাম কৈ আছেচোন।

ওৱ এইপাতে পাব্লিচিটিয়াই দিলে মই হেৰালোঁ বুলি৷ ওচৰ পালোঁগে, তেওঁ লগৰ দুটামানৰ লগত দাঁত চেলাই হাঁহি আছে। মানে “পালে পালোঁ নেপালে নাই, হেৰাল ভালেই হ’ল। বৰ এটা পচন্দৰো নাছিল জিভাখন সেইজনীৰ” সেই ভাৱ চকুত পুৰা জিলিকিছিল।

যি হওক বিবাহিতসকলৰ বাবে পূজানো কি, ঘৰৰ দেৱীসকলক সন্তুষ্ট কৰাতেই সুখ। নৱৰাত্ৰিৰ নটা ৰূপ তেখেতসকলে দেখিয়ে থাকে ঘৰত।

পুৱা শুই উঠাৰপৰা বাৰ বজালৈ ৰ’বলে সময় নাই৷ ভাগে ভাগে আঠখনমান ভাজিৰে আঠবিধ ৰান্ধি খোৱাই অষ্টভুজাই৷

ল’ৰা ছোৱালীক পঢ়োৱাওঁতে জ্ঞানৰ ভাণ্ডাৰ মেলি, টেটুফালি, ডিঙি চৰ চৰাই যোৱাকে, সেয়া ৰূপ সৰস্বতীৰ৷

মানুহজনৰ পকেট মাৰি, দুশ টকা ধাৰলে দি, দুবছৰমানলে ধাৰৰ পইচা মাহে মাহে লৈ, পাবলে আছে বুলি, আৰু জমা টকাৰে ঘৰ চলাই নাম পায় মহালক্ষ্মীৰ৷

ঘৰৰ সকলো বিপদ মূৰ পাতি, আপদটোক ৰেহাই দি সেয়া ৰূপ পাৰ্বতীৰ৷

পাকঘৰ চম্ভালি থাকোঁতেও, জিকাৰ বাকলি, কাচকলৰ বাকলিও নেপেলাই, ভাজি খুৱালেও অন্ন নিসিজিল, পূৰ্ণমনটো ফেচবুকত থাকেনি বুলি কথা শুনি লোৱা ৰূপটো অন্নপূৰ্ণাৰ৷

বজাৰৰপৰা যদি গেলা পচা বস্তু আনে, কালিৰে মাল দোকানিয়ে আজি দিছে, তালেকে বহি থাকে কালিৰ মাল চেল কৰিম ই আহক বুলি৷ পতিদেৱৰ বজাৰৰ বেগৰ কালিৰ বস্তু আজি চাই লোৱা ৰূপটো পত্নীৰ কালীৰ৷

ভুলতো যদি পতিয়ে শহুৰেকৰ কোম্পানীটোক গালি দিয়ে, প্ৰডাকশ্যনটোৱেই ঠিক নহয় জীয়েক ক’ৰ পৰা ভাল হ’ব। সেই সময়ত লোৱা ৰূপ, মহিষাসুৰমৰ্দিনীৰ৷

কেনেবাকে যদি মানুহজনে ফেচবুকত বেলেগৰ ফটোত লাভ ৰিয়েক্ট দিয়ে লোকৰ লগত কমেণ্টত বুঢ়া আঙুলি ঘেলাই চুপতি মাৰে, সেয়া ৰণচণ্ডী৷

মচা ঘৰ যদি পতিয়ে গচকি পেটেকা কৰে, সাইলাখ ৰূপ মা দুৰ্গাৰ। বাঘৰ ওপৰত বহি লোৱা।

বিয়া পতা প্ৰতিজনে নৱৰাত্ৰি পালন কৰিয়েই থাকে। গতিকে “প্যাৰ চে ব’ল জয় মাতা দী”! জোৰ চে বলিবলে সাহ হ’বও লাগিব নহয়!

দেট ইজ কলড “ও’মেন পাৱাৰ”!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.