ফটাঢোল

গুজব – শ্যামল দাস

সেইযে.. চাৰিআলি পুলিচ পইণ্টটো দেখিছে নহয়, তাৰপৰা যদি মেইন ৰাস্তাটোৰে উত্তৰদিশে অলপ আগবাঢ়ি যায়, সোঁফালে সোমাই যোৱা ৰাস্তা এটা পাব৷ কলেজ ৰোড৷ ইয়াৰ পৰা আধা কিলোমিটাৰমান আগত কলেজখন৷ হয়তো অলপ বেছিও হ’ব পাৰে! এই কলেজ ৰোডেৰে অকণমান গ’লেই বাওঁফালে এটা দীঘলীয়া ঘৰ দেখিবলৈ পাব৷ ঘৰটোৰ বেৰবোৰ টিনপাতৰ৷ টিনবোৰত মামৰ ধৰি ঠায়ে ঠায়ে বেৰবোৰত সৰু ডাঙৰ ফুটা হৈছে৷ আগফালে এখন কাঠৰ দৰ্জা৷ দৰ্জাখনৰ ৰঙবোৰ এৰা খাই বিচিত্ৰ হৈ পৰিছে৷ বাহিৰৰ পৰা দৰ্জাখন এনেয়ে বন্ধ হৈ থাকে৷ তলা-চলা নাই৷ ঠেলি দিলে খোল খায়৷ ভিতৰত এখন কাঠৰ খালী গাদী৷ ঘৰটোৰ চাৰিওপিনে ঘাঁহ-বন গজি হাবিৰ নিচিনা হৈ পৰিছে৷ পৰিত্যক্ত অৱস্থাত থকা ঘৰটোৰ পৰিবেশটোও কিবা গহীন৷ ঘৰটোৰ কাষতে এটা ডাঙৰ পুখুৰী৷ সন্মুখৰ ফালে- মানে ৰাস্তাৰ সোঁফালৰ মাটিখিনি এনেয়ে পৰি আছে৷ অ’ এনেয়ে পৰি থকা বুলি ক’লে ভুল হ’ব, কাৰণ এই মাটিখিনিতে প্ৰত্যেক বুধবাৰে সাপ্তাহিক বজাৰখন বহে৷ সেইদিনা ঠাইখিনি গোটেই দিনটো ব্যস্ত হৈ পৰে৷ আনকালে ঠাইখিনি নিমাওমাও৷ মাত্ৰ কলেজ টাইমত ৰাস্তাটোত অলপ ব্যস্ততা দেখা যায়৷ সেইখিনিত তেনেকৈ মানুহৰো বসতি নাই৷ অলপ আগৰপৰাহে মানুহৰ বসতি৷ সেইকাৰণেই নেকি! ঠাইখিনি কিবা জয়াল জয়াল লাগে৷ আচলতে ঘৰটোৰ আগফালে কোনোবা মাৰোৱাৰী মানুহৰ ব্যৱসায়িক গাদী আছিল৷ পিছফালৰ ৰূমটোহে থকা ঘৰ আছিল৷ সম্ভৱ ধানৰ ব্যৱসায় কৰিছিল৷ আজি প্ৰায় পঁচিশ বছৰমানেই হ’ল কিজানি! ইয়াৰপৰা গুচি যোৱা৷ বৰ্তমান ৰাজস্থানত৷ অলপ-চলপ শুনা মনত পৰে, কিবা এক ৰহস্যময় কাৰণত সিহঁতৰ ডাঙৰ ছোৱালীজনীয়ে বোলে ঘৰতে ফাচ্ লগাই মৰিছিল৷ হয়তো সেই দুখতে সিহঁত ইয়াৰপৰা গুচি গৈছিল৷ কোনোবাই আকৌ কয়, নহয়-আলফাৰ ধন দাবীৰ বাবেহে সিহঁত গুচি গৈছিল৷ কোনটোবা সঁচা! নাজানো৷ কিন্তু এটা কথা হ’লে জানো- ৰাতি ৰাতি ইয়াত, মানে ঘৰটোত ভূত ওলায়৷ ঘৰটোৰ আগফালৰ বাৰাণ্ডাখনত কোনোবা ছোৱালীয়ে উচুপি উচুপি কান্দি থাকে৷ কেতিয়াবা আকৌ খিলখিলকৈ হাঁহি হাঁহি ৰাস্তাটো পাৰ হৈ যায়৷ ৰাস্তাৰে গৈ থাকিলে কোনোবাই পিছফালৰপৰা টান মাৰি ধৰে৷ ঘূৰি চালে কোনো নাই৷ আন্ধাৰ৷ এইবোৰ কাৰণতে মালিকে বহু চেষ্টা কৰিও ঘৰটো বিক্ৰী কৰিব পৰা নাই৷ ভূতৰ ভয়ত কোনেও কিনিবলৈ নাহে৷ এতিয়া কিজানি সেই আশা বাদে দিছে৷ সেইকাৰণে ঘৰটোও এনেকৈ পৰি আছে৷

অৱশ্যে এইবোৰ শুনা কথা৷ আজিলৈকে দেখা নাই৷ বহুতে বোলে দেখিছে৷ দেখি পেলাই দুই এজনে অদ্ভুত আচৰণ কৰিবলৈ ধৰিছিল৷ ওজা লগাইহে ৰক্ষা৷ ভূত দেখি দুই এক সিপুৰী পোৱা বুলিও শুনো৷ কিন্তু যাক সোধোঁ শুনিছেহে, দেখা নাই৷ ৰাতি হ’লে অকলে কেতিয়াও সেই ৰাস্তাটোৰে নাযাওঁ৷ কথাবোৰ শুনি শুনি মনত এটা ভয় সোমাই গৈছে৷ তাতে আকৌ সন্ধিয়া হ’লেই ঠাইখিনি যি ঘোপমৰা আন্ধাৰ৷ হওঁতে ৰাস্তাত ষ্ট্ৰীটলাইট আছে৷ কিন্তু নামতহে, আজিলৈকে জ্বলা দেখা নাই৷ মই বুলিয়ে নহয় কোনো নাযায়৷ গ’লেও চাৰি, পাঁচজন লগ হৈয়ে যায়৷ কোনোবা যদি গৈছে, সি এদিনীয়া মানুহ হ’ব লাগিব৷

নাংকি হেণ্ডিমেনেও নাযায়৷ যদিও তাৰ ঘৰ কলেজ ৰোডত মানে কলেজখনৰ ওচৰত৷ সন্ধিয়া হ’ল কি নাই; মৰি গ’লেও সেই ৰাস্তাৰে নাযায়৷ বেলেগে এটা ৰাস্তাৰে ঘৰ ওলায়৷ এনেয়ো নাংকি হেণ্ডিমেনৰ ঘৰ পাওঁতে প্ৰায় দেৰিয়ে হয়৷ কাৰণ গুৱাহাটী লাইনৰ গাড়ী৷ ইয়াৰ পৰা ৰাতিপুৱা সাতটাত গৈ দহ বজাত গুৱাহাটী পায়৷ তাৰপৰা আকৌ আবেলি তিনিবজাত আহি গধূলি ছয়টাত পায়৷ বাকী গাড়ীৰ খুটিনাটি কামবোৰ কৰি ঘৰ পায় মানে ৰাতি সাত আঠটামান বাজে৷ গতিকে সি কেনেকৈ কলেজ ৰাস্তাৰে যাব! অলপ ঘূৰা হ’লেও সি বেলেগ ৰাস্তাটোৰে ঘৰ ওলায়৷

আজি আঠমাহ মান হ’ব কিজানি! যোৱা বিশ্বকৰ্মা পূজাৰ দিনা; নাই ভুল হৈছে, বিশ্বকৰ্মাৰ আগদিনাখন৷ অইনদিনাৰ দৰে সিদিনাও গাড়ীৰ লাইন মাৰি আহোঁতে নাংকিৰ সন্ধিয়াই হ’ল৷ কাইলৈ বিশ্বকৰ্মা৷ নাংকিৰ গাত তত্ নাই৷ ষ্টেণ্ডতে পূজাৰ আয়োজন৷ দেৰি নকৰি গাড়ীখন নদীলৈ নি ধুই মেলি মালিকৰ ঘৰত থৈ, ষ্টেণ্ডলৈ আহোঁতে ৰাতি নটা মানেই বাজিল৷ ষ্টেণ্ডত খানাৰ আয়োজন, মানে পূজাৰ কাম কৰা মানুহ কেইটাই খাব৷ নাংকিৰ ঘৈণীয়েকে অৱশ্যে ৰাতিপুৱাই কৈ থৈছে- ‘লাইনৰ পৰা আহি চিধা ঘৰ সোমাবি৷ ষ্টেণ্ডত কাম কৰি থকাৰ দৰকাৰ নাই৷ যি কাম আছে কাইলৈ দিনত কৰিবি৷’ কথাটো কোৱাত- লগৰকেইটাই গৰগৰাই উঠিল৷ “প্ৰত্যেকবাৰে কৰা কেইটাই কৰি থাকিব লাগে৷ বাকী সবে গপচত পূজা চাব আহিব৷ এইবাৰৰ পৰা আমিও নকৰোঁ৷ যিয়ে কৰে কৰি থাকিব৷”  উপায় নাই৷ নাংকি ৰৈ যাব লাগিল৷ সিহঁত ন দহজনমান আছিল৷ কামখিনি শেষ কৰি গোটেই কেইটাই বটল খুলি বহি গ’ল৷ নাংকি যদিও গিলাচ ধৰি আছে, বাৰে বাৰে ঘৈণীয়েকৰ মুখখনহে চকুৰ আগত ভাঁহি থাকে৷ আজিবা ঘৈণীয়েকে কি ৰূপ লয়! কেইটা বটল খুলিলে হিচাপ নাই৷ ৰাতি প্ৰায় এটা বাজিল৷ নিচাত নাংকি উঠিব নোৱাৰা অৱস্থা৷ ভাতো খাব নোৱাৰিলে৷ নাই আৰু দেৰি কৰিব নোৱাৰি৷ ধলংধপংকৈ নাংকি ঘৰলৈ বুলি খোজ ল’লে৷ বেলেগ একো দেখা নাই মাত্ৰ ঘৈণীয়েকৰ মুখখন চকুত ভাঁহি আছে৷ ভাবিছে আজি কি হয় ঠিক নাই! হয়তো বাহিৰতে ৰাতিটো কাটি! কোনটো ৰাস্তাৰে সোমাল ক’ব নোৱাৰে, মুঠতে কিবাকে ঘৰ ওলাল৷ ঘৰ পাই নাংকি থমকি ৰ’ল৷ কি কৰিব এতিয়া? চাৰিওফালে ঘোপমৰা আন্ধাৰ৷ ঘৈণীয়েকক মাতিব নে নাই! ভাবি নাপালে৷ আন্ধাৰতে খেপিয়াই খেপিয়াই লাহেকৈ দৰ্জাখন হেচুঁকি দিলে৷ খোল খাই গ’ল৷ হয়তো ঘৈণীয়েকে হুক দিবলৈ পাহৰিলে! অলপো শব্দ নকৰাকৈ ভিতৰলৈ সোমাই, দৰ্জাখন বন্ধ কৰি বিছনাত লাং খাই পৰিল৷

ৰাতিপুৱা বেৰৰ ফুটাৰে ৰ’দৰ পোহৰবোৰ চকুৱে মুখে পৰাত নাংকি সাৰ পালে৷ পটকৈ উঠিব পৰা নাই৷ মূৰটো গধুৰ গধুৰ লগাৰ লগতে অসম্ভৱ টিংটিঙাই আছে৷ লাহে লাহে বিছনাত উঠি বহিল৷ কিবা অচিনাকি যেন লাগিল! ঘৰটোৰ চাৰিওপিনে চকু ফুৰাই বিছনাখনলৈ চকু দিয়াত, বিস্ময়ত চকুকেইটা বহল হৈ পৰিল৷ থৰথৰকৈ কঁপিবলৈ ধৰিলে৷ ‘এইয়া কি? মই চোন মাৰোৱাৰী ঘৰটোৰ গাদীখনতে শুই আছিলোঁ৷ একেজাপে গাদীৰ পৰা নামি দৰ্জাখন খুলি ঘৰলৈ বুলি যি দৌৰ দিলে, পিছলৈ আৰু ঘূৰি নাচালে৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.