ফটাঢোল

গুণ্ডা ভিক্ষাৰী – গৌৰীশংকৰ শৰ্মা

গুৰু গম্ভীৰ খোজেৰে আহি দোকানখনৰ সন্মুখত ৰৈ, ৰঙাইয়ে ভিতৰলৈ চাই পঠিয়ালে। ডাঙৰ গলধন, ৰঙা চকুৰে প্ৰকাণ্ড অবয়বৰ ৰঙাই এই অঞ্চলৰ বাবে ত্ৰাসৰ অন্য এক নাম। দোকানে দোকানে (কেতিয়াবা মানুহৰ ঘৰতো) গুণ্ডা কৰ (মানে চান্দা) তুলিয়েই নিজৰ জীৱন নিৰ্বাহ কৰি আহিছে। বিনা দোষত কেৱল নিজৰ খেয়াল খুছিৰে ইতিমধ্যেই বহুতকে হানি খুচি জখম কৰা ৰঙাইক সেয়ে সকলোৱে সমীহ কৰি চলে। দোকানৰ মালিক হৰিপ্ৰসাদ আগৰৱালাই বৰ আদৰেৰে গুণ্ডা ৰঙাইক দৈনিক ভাট্টাটো আগবঢ়াই দিলে।
ৰেচনৰ বজাৰ কৰিবলৈ অহা মইটোৱে দোকানৰ ভিতৰৰ পৰাই সকলো আলেখ লেখ চাই থাকিলোঁ। হঠাৎ ৰঙাইক সম্পূৰ্ণ আওকাণ কৰি তাৰ কাষেদিয়েই প্ৰায় সাতজন আদহীয়া ল’ৰামতীয়া মানুহ দোকানৰ ভিতৰলৈ সোমাই আহিল। এজনে কিবা এটা ক’বলৈ লৈ পুনৰ দোকানৰ বাহিৰ ওলাল। প্ৰায় দোকানৰ সন্মুখতেই ৰজনীগন্ধাৰ পিকখিনি পেলাই পুনৰ ভিতৰলৈ সোমাই আহি কাগজ কলম উলিয়াই ল’লে।
” হৰিপ্ৰসাদ জী, হাম ল’গ’ কা প’গ্ৰাম আহি গয়া। আপটো জানতা হে। ইয়ে লিজিয়ে। আপক’ পুৰা পুৰি হেল্প কৰনা পৰেগা। ”, নতুনকৈ ফালি লোৱা ৰজনীগন্ধাৰ পেকেটটোত তুলসী জৰ্দা মিহলাই লৰাই লৰাই পিক পেলোৱা ল’ৰাটোৱে কৈ থাকিল আৰু চান্দাবহীৰ পাত এটা ফালি আগবঢ়াই দিলে হৰিপ্ৰসাদ আগৰৱালালৈ।
-”কিমান লিখিছে দাদা!!!”, হৰিপ্ৰসাদৰ মুখৰ ৰং সলনি হ’ল।
-অনলি ৫০,০০০ হাজাৰ টকা।
-পানচাচ হাজাৰ টাকা!!!! – হাতযোৰ কৰি হৰিপ্ৰসাদ আগৰৱালাই জাপ মাৰি উঠা দি উঠিল।
-”এইবাৰ আমি আপোনাৰ পৰা কেচ টকা বেছি নলওঁ। সেইকাৰণে অনলি ৫০০০০ হাজাৰ টকা লিখিছোঁ। বিহুৰ পাছৰ প্ৰীতিভোজৰ চাউল দাইলখিনি নিমখখিনি আপোনাৰ পৰাই নিম বুলি ভাবিছোঁ। সেয়ে কেচ টকা কমকৈ লিখিছোঁ।”, – ফ্ৰেঞ্চ কাট দাড়িৰে সৈতে আগতপা আদহীয়া ল’ৰাটোৱে (!) এইবাৰ কৈ উঠিল।
সিহঁতৰ সৈতে কথা পাতি থকাৰ মাজতে হৰিপ্ৰসাদে এইবাৰ মোক সুধিলে-” ছাৰ, বহুত দিন পাছত আহিছে আপনি। কি কি লাগিব কওঁক। চাহ খাব নেকি আপনি। ৰ’ব মই চাহ আনিবলৈ কওঁ।”
মোক একো কোৱাৰ সুযোগ নিদি, নিজেই কৈ গ’ল হৰিপ্ৰসাদে। দোকানৰ কাম কৰা ল’ৰাটোক সকলোলৈকে চাহ আনিবলৈ ক’লে।
-“আৰে জলদি কৰ আৰু বহুত জাগাত যাব আছে, টাইম নাই।”, চান্দা পাৰ্টিৰ এটাই মাত দিলে।
– “আৰু হৰিপ্ৰসাদ জী, আপোনাৰ কাষৰ চাৱাৰিয়াই আমাক আচী হাজাৰ দিছে। আপনাক টো কমেই কৈছোঁ। কেচ টাকাটো ইভিনিং ৰেডি কৰি ৰাখিব। আমি আহি লৈ যাম।”, কাষৰে কেঁচা বাদামৰ বস্তাটোৰ পৰা বাদাম এমুঠি হাতত লৈ গলিয়াই থকা বডি বিল্ডাৰ টাইপ ল’ৰাটোৱে এইবাৰ অলপ খঙেৰেই ক’লে। ল’ৰাটোলৈ চালোঁ, হাতত এপাট সোণৰ বেছ শকত খাৰু, এখন কাণত মোটা এপাত ফুলি আৰু কিবাকিবি সানি ঠিয় কৰি থোৱা চুলিখিনিৰে সৈতে এটা পাহুৱাল ডেকা।
-” চাওক হৰিপ্ৰসাদ জী, অসমতেই বিজনেচ কৰি আপোনালোকে ইমান ইমান টকা ঘটিছে। এইটো আমাৰ মেইন বিহু। আপোনালোকেটো হেল্প কৰিবই লাগিব। কেচ টকাটো আবেলি কেতিয়া দিব কওঁক। আমি আহি লৈ যাম।”, ৰজনীগন্ধা পাগুলি থকা ল’ৰাটোৱে পিকখিনি একাষৰীয়া কৰি কৰি কথাখিনি ক’লে।
হৰিপ্ৰসাদে এইবাৰ মোলৈ চালে–” ছাৰ আপুনি অলপ বুঝাই দিয়ক না দাদাহতঁক। আমাৰট’ সৰু দোকান আছে। ইমান টাকা ক’ৰ পৰা দিব। বিজনেছভী অলপ ডাউন আছে। আপোনালোকেটো জানেই।”
আনৰ কথা নাজানো, কিন্তু হৰিপ্ৰসাদৰ বিজনেচ যে বেয়া চলিছে সেইবিষয়ে মই কিন্তু একো নাজানো। অন্যথাই ল’ৰা কেইজনক সুধিলোঁ, “ভাইটি বিহু ফাংচন নেকি? ক’ত পাতিবা?? কেতিয়া পাতিবা??”
ফ্ৰেঞ্চ কাটৰ দাড়ি থকাজনে মাত দিলে, “আমাৰ বিহু ২০ তাৰিখে। দুদিনীয়াকৈ পাতিছোঁ টো এইবাৰ। ত’ বাজেট অলপ বেছি। দুই দিনেই বাহিৰৰ আৰ্টিষ্ট আহিব। নবীন নগৰত পাতিছোঁ।”
-” এই নবীন নগৰ ক’তহে? মইচোন ইয়াৰে মানুহ। কিন্তু নবীন নগৰ নামটো যে কেতিয়াও শুনা নাই।”
-” দাদা সেই যে নাহৰনি গাঁৱলৈ যাওঁতে, মাজতে পথাৰ এডোখৰ আৰু বিল এখন পায়। কাছমাৰী বিল। পথাৰখনত প্ৰথমে দুই এঘৰে ঘৰ বনাইছিল। পাছলৈ বিলৰ গ্ৰেজিং মাটিবোৰ পুতি পুতি গোটেইখন মানুহে ঘৰ বনালে। বেছিভাগ অইল, ওৱেনজিচিৰ মানুহ। সেইখনেই এতিয়া নবীন নগৰ। ”, হৰিপ্ৰসাদৰ দোকানত কাম কৰা ভাস্কৰে উত্তৰ দিলে ল’ৰাকেইজনৰ হৈ।
– ” কিন্তু, আজিটো বহাগৰ ৩১ তাৰিখ। কিহৰ ২০ তাৰিখে পাতিছা বিহু।” , মই সুধিলোঁ।
-” মে মাহৰ ২০ আৰু ২১ তাৰিখে বিহু। বৃহত্তৰ নবীন নগৰ ব’হাগী বিদায় উৎসৱ। অসমীয়া তাৰিখ আজিকালি কোনে মনত ৰাখিব কওঁক। ” – ৰজনীগন্ধাৰ পিকখিনি পেলাই ল’ৰাটোৱে কথাখিনি ক’লে।
– ” হেৰা ভাইটি জেঠ মাহতো বিহু উৎসৱ পাতেনে। বহাগতেই নাপাতিলা কিয়??”
-” দাদা, বিৰাট মুস্কিল জানে। আৰ্টিষ্টৰ ডেটেই নাপায়। আমি বহুত কষ্ট কৰি নীলাভ নয়নক বুক কৰিছোঁ। আৰু নেক্সট ডেত আছে ৰিঅ’ বাবু। আহিব দাদা প্ৰ’গাম চাবলৈ। ফাটাফাটি প্ৰ’গাম হ’ব। ” বৰ গৰ্বেৰে ক’লে ফ্ৰেঞ্চ কাট ডাড়িৰ ল’ৰাজনে।
-” এই দুজন আৰ্টিষ্টৰ যে নাম ক’লা, কোনো দিন চোন নামেই শুনা নাই।”, মই ক’লোঁ ।
-” কি কয় দাদা, ৰিঅ’ বাবু আৰু নিলাভ নয়নৰ নাম শুনা নাই। যোৱা দুবছৰে মৰ্ডান বিহু মানে ৰক বিহু আৰু হিপ হপ বিহুত ফালি আছে দুইটাই। বহুত ফেমাছ। আপুনি নাম শুনা নাই বুলি ক’লে হাঁহিব মানুহে।” কানফুলি পিন্ধাটোৱে মাত দিলে এইবাৰ। ” মোৰ লগত বহুত ভাল, দুয়োজনৰে। মইয়েই ডেট আনি দিছোঁ। মই বুলিহে ইমান বিজি চিডিউলৰ মাজতো আমাৰ বিহুত ডেট দিছে। ”, বেছ গৰ্বেৰে ক’লে কথাখিনি।
-”ঐ ব’ল। বহুত টাইম হৈ গ’ল বে ইয়াত। আৰু বহুত জাগা ঘুৰিব আছে। ”, ৰজনীগন্ধাই মাত দিলে এইবাৰ। বাকী ল’ৰাকেইটাও উঠিল।
-”আবেলি কেচ নিবলৈ আহি আছোঁ। ৰেডি ৰাখিব। ”, আকৌ বাদাম এমুঠি হাতত লৈ কাণফুলিৱালা বডি বিল্ডাৰে কৈ উঠিল।
হৰিপ্ৰসাদে কিবা এটা কোৱাৰ আগতেই অহা বাটেৰেই ফুঁ-ফোৱাই গোটেই কেইজন ওলাই গ’ল। সিহঁত ওলাই যাওঁতেহে মন কৰিলোঁ। ৰঙাই সেই দোকানৰ সন্মুখতেই থিয় দি আছে তেতিয়াৰে পৰা।
এইবাৰ হৰিপ্ৰসাদে মোলৈ চালে।
বুঝিছে চৰ্মা বাবু, এতিয়ালৈকে ১২ টা বিহু ফাংচনত টকা দিছোঁ। চবকে লাখ টাকা লাগে। আমি কেনেকা বিজনেচ কৰিম কওঁক। ফিৰভি আমি চবৰে লগতে মিলি ঝুলি আছোঁ । চবকে দিছোঁ।
হেম্বেহহহহহহহহহ……..বৰ দীঘলীয়াকৈ হেম্বেলিয়াই ৰঙায়ে নিজৰ অস্তিত্ব জাহিৰ কৰিলে। দীঘল ডাঙৰ দুটা শিঙেৰে সৈতে এই প্ৰকাণ্ড ষাঁড়টো যে কিবা এটা খাবলৈ নোপোৱালৈকে নাযায়, তাৰ আচৰনতেই বুজা গৈছে। চকু তাৰ আলু বস্তা কেইটাৰ ওপৰত।
হঠাৎ কি হ’ল জানো, হৰিপ্ৰসাদ আগৰৱালা বহাৰ পৰা উঠি পানীৰ জগটো লৈ গৈ এক জগ পানী ষাঁড়টোলৈ মাৰি পঠিয়ালে। লগতে কাম কৰা ল’ৰা ভাস্কৰক চিঞৰিলে, ” ভাচকৰ, এইটোক ভাগা ইয়াৰ পৰা। চুভা চুভা আহি যায়। চব চাল্লা গুণ্ডা ভিক্ষাৰী। ভাগা চালা ইহঁতক। ”
কথাষাৰ হৰিপ্ৰসাদে কাক ক’লে মই বুজিবলৈ চেষ্টা নকৰিলোঁ। বজাৰ সামৰি ঘৰলৈ আহি থাকোঁতে কিন্তু কাণত এটা কথাই বাজি থাকিল।
”গুণ্ডা ভিক্ষাৰী। ”
(লেখাটোত উল্লেখ কৰা সকলো নাম, ঠাই কাল্পনিক। কাৰোবাৰ নামৰ সৈতে যিকোনো ধৰণৰ মিল থাকিলে, সেয়া মাথোঁ এক কাকতলীয় সংযোগহে হ’ব)

☆★☆★☆

Leave a Reply

Your email address will not be published.