ফটাঢোল

গুপ্ত ধনৰ সন্ধানত মাহী – বাপুকণ চৌধুৰী

জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া।

মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন কৰি মাহীৰ শেষ হৈ যোৱা কথাবোৰ “তাৰপিছত কি হ’লনো?” জাতীয় প্ৰশ্নেৰে নতুন জীৱন দি আকৌ আৰম্ভ কৰিবলৈ উৎসাহ দিছিল মাহীৰ ডাইনী ভুতুনীৰ মহাকাব্যখন!

তেতিয়া বোধকৰো হায়াৰ চেকেণ্ডাৰী পঢ়ি আছিলোঁ‌, মাহীৰ আহ যাহ খুউব বেছি হ’ল আমাৰ ঘৰলৈ। দুপৰীয়াৰ সময়ৰ বাদেও ৰাতিপুৱা গধুলিয়ো আমাৰ ঘৰলৈ সঘনাই অহা হৈছিল। চোতালত বাৰান্দাত আমাক লগ পালেও পাত্তা নিদি “ডাঙৰ মাই ক’ত আছে” বুলি চিধাই বাইদেউৰ ওচৰ পাইছিলগৈ।

ডাঙৰ বাইদেউৰ ওচৰত কথা পাতি থকাৰ সময়ত আমি ওচৰলৈ গ’লে দুয়োজনীৰ ফুঁচফুচনি বন্ধ হৈ যায়। এদিন সুধিলোঁ‌ বাইদেউক, “মাহীয়ে কিবা প্লেনিং কৰি আছে নেকি আমাৰ ঘৰৰ পৰা ডাইনী ভুতুনী খেদোৱাৰ তোৰ লগত?” বাইদেৱে মুখৰ পৰা ওলাই অহা হাঁহিখিনি দাঁতেৰে ওঠ কামুৰি ৰখাই কয়: ” মই একো ক’ব নোৱাৰো, মাহীয়ে নিজৰ হাতখন মোৰ মূৰত থৈ বধ শপত দিছে৷ এমাহমানৰ পিছত নিজেই গম পাবি সকলো কথা।”

এদিন ৰাতিপুৱাতে মাহীয়ে নতুন পেটিকোট দুটা দি গ’ল বাইদেউক ওপৰে ওপৰে মেচিন চিলাই মাৰি দিবলৈ৷ মাহীৰ ৰেডিমেড কাপোৰত পুনৰ মেছিন চিলাই বাইদেউহঁ‌তে মাৰি দিয়াতো নতুন কথা নাছিল আমাৰ ঘৰত, কিন্তু সেইবাৰৰ পেটিকোট দুটাৰ চিলাইটো অলপ আচহুৱা আছিল৷

আমাৰ ঘৰৰ পুৰণি ডাঠ বিচনা চাদৰবোৰ আধা ফুট বহল আৰু এফুট দ’ কৈ কাটি ডাঙৰ বাইদেৱে লংপেন্টৰ পকেটৰ দৰে দহটামান পকেট বনাই দিছিল মাহীৰ পেটিকোট দুটাত৷

“এইবোৰ আকৌ কি ডিজাইন? মাহীয়ে নতুন বেপাৰত ধৰিছে নেকি?”

মাহীয়ে ঘৰতে চুলাই মদ বনাই বিক্ৰি কৰিছিল লগতে মনিপুৰী গাঞ্জা। আমি সৰু হৈ থাকোঁ‌তে আমাৰ অঞ্চলৰ কিছুমান দুখীয়া মানুহে গুৱাহাটীলৈ চুলাই মদ বিক্ৰি কৰিবলৈ নিছিল গোপনে৷ আমিও ভাবিলোঁ‌ মাহীয়ে চাগে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ওলাইছে, পেটিকোটৰ পকেটত বস্তু কঢ়িয়াব চাগে৷

:সেইটোৱেই কথা, মাহঁ‌তৰ আগত কৈ নুফুৰিবি তই নহ’লে মাহীয়ে লাজ পাব।” বুলি বাইদেৱে গহীনাই সামৰি থ’লে মাহীৰ পেকিকোটত পুৰণি বিচনা চাদৰৰ কাপোৰেৰে বনোৱা পকেটৰ বাখ্যাটো৷

সেই পকেটবোৰৰ ওপৰত চেইন আৰু বুটাম লগোৱা হৈছিল ঠিক দৌৰা দৌৰি বা ভীৰৰ মাজত ঠেলা হেঁচাত যাতে ভিতৰৰ বস্তুবোৰ ওলাই নপৰে৷ ডিজাইনাৰ হেনো মাহী নিজেই আছিল।

আমাৰ সোণাপুৰৰে দাঁতি কাষৰীয়া গাওঁ ডিগাৰু য’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ গুৰুত্বপূৰ্ণ কাৰ্য্যালয়টি আছে৷ সেই ডিগাৰু অঞ্চলৰে ভিতৰুৱা গাওঁ কেইখনত কেইবাগৰাকী মনসা দেৱীৰ আৰ্শীবাদ পোৱা আই আৰু কালি সাধনা কৰা বেজ ওজা আছিল৷ মাহী তেওঁলোকৰ পৰম ভক্ত আছিল, মাহীৰ সেই ভক্তিভাৱ প্ৰয়োগ হৈছিল মোৰ ওপৰত প্ৰায়েই।

মাহটোত এবাৰ বা দুবাৰ আই জুৰণি আৰু শুকান জলকীয়া, পান আদিৰে মোৰ মুখ ভঙা মানে কাৰোবাৰ বেয়া দৃষ্টি নাশ কৰাৰ কামটো নি:সন্তান মাহীৰ নিয়মীয়া কৰ্তব্য আছিল।

সেই আই আৰু বেজ ওজাবোৰৰ এজনে মাহীৰ অন্ধ ভক্তিক আৰু দৃঢ় কৰি তুলিলে। বঙালী কালী সাধকজনে হেনো বহল পথাৰ এখনত ঠিয় হ’লেই ক’ব পাৰিছিল যদি পথাৰখনৰ কৰবাত গুপ্তধন পোতা আছে। সেই অন্তৰ্য্যামী ওজাৰ তন্ত্ৰ শক্তিৰ কথা আমিয়ো শুনিছিলোঁ‌ মাহীৰ ধাৰা বিৱৰণীৰ দ্বাৰা, কিদৰে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বীৰা মাতি আনে আৰু বীৰাটোৱে ওজা বাবাৰ নিৰ্দেশত সকলো কাম কৰি দিয়ে।

সোণাপুৰত মাহীৰ পাতি লোৱা ভায়েক এজন আছিল যিজন বৰ্তমান সোণাপুৰৰ এজন মূধাফুটা ৰাজনৈতিক নেতা আৰু বিশিষ্ট সমাজকৰ্মী৷ মাহীৰ দৰেই সেই পাতি লোৱা ভায়েকজনো এৰাতিৰ ভিতৰতে দৈবিক শক্তিৰে কোটিপতি বা লাখপতি হোৱাৰ সপোন দেখা মানুহ আছিল।

বাইদেউৰ লগত চলি থকা ফুচফুচনিৰ মেলখন শেষ হ’ল, পেটিকোট দুটাও নতুন ডিজাইনত চিলাই কৰি মাহীয়ে কাহানিবাই নিলে৷ এদিন গধুলি আন্ধাৰ হোৱাৰ আগে আগে ডাঙৰ বাইদেউৰ চকুত চকুলোৰ তিৰবিৰণি। মাহী আহিছে নতুন কাপোৰ পিন্ধি চাফ চিকুণ হৈ, ডাঙৰ বাইদেৱে মাহীৰ আটাইতকৈ প্ৰিয় আমূল পাউদাৰ গাখীৰৰ কাঢ়া চাহকাপৰ লগত ভাপত সিজোৱা বৰা চাউল একপ্লেটেৰে সজাই পৰাই খুৱাইছিল।

মাহীৰ চকুতো চকুপানী, চকুলোৰে বাট নেদেখা মাহীয়ে চাহখিনি খাই ডাঙৰ বাইদেউৰ কান্ধত হাত থৈ থোকাথুকি মাতেৰে ক’লে, “দাদা বাইদেৱে কি পিন্ধাইছে তহঁতক! তহঁতে চিন্তা নকৰিবি, তিনিওজনীকে এক কেজি দুই কেজি সোণৰ গহনা পিন্ধাই বিদায় দিম মই।”

পিছৰ দৃশ্যখিনি আৰু আবেগিক, ডাঙৰ বাইদেৱে হুক হুকাই কান্দি পেলালে মাহীৰ গাত ধৰি। মাহীয়ে চকুৰ পানী মচি মচি আমাৰ ঘৰৰ পৰা বিদায় ল’লে। যোৱাৰ পৰত বাইদেৱে সৰু কাগজ এখনত আমাৰ ঘৰৰ লেণ্ড লাইন ফোন নাম্বাৰটো মাহীৰ সৰু মানিবেগটোত ভৰাই দিলে,

: গৈ পায়েই ফোন কৰিবি মাহী।

মা দেউতাই গম নোপোৱাকৈ মাহীয়ে বিদায় ল’লে, মোৰ চকুৰ আগতে আমাৰ পাকঘৰত ঘটা ঘটনাটোৰ মূল উদ্দেশ্য যে গুপ্তধনৰ সন্ধানত অভিযান আছিল তেতিয়ালৈকে গম পোৱা নাছিলোঁ‌। ইমান দিনে খুক খুককৈ হাঁহি থকা ডাঙৰ বাইদেৱে সেইৰাতি ভাত নাখালে হয়তো তাইৰ দুখ লাগিছিল লগতে মাহীৰ কিবা এটা হ’লে নৈতিকভাবে তাইয়ো নিজকে ক্ষমা কৰিব নোৱাৰাৰ ভয়ত।

উজনিলৈ যাবলগীয়া হ’লে আমি নাইট চুপাৰবোৰকে চিনি পাইছিলোঁ‌। গৰমৰ দিনত ৰাতি চোতালত বহি থাকিলে হাইৱেৰে যোৱা নাইট চুপাৰবোৰৰ ভিতৰত চলি থকা ৰঙীন টিভিটো দূৰৈৰ পৰাই ধৰিব পাৰিছিলোঁ‌, আমাৰ বাবে নাইট চুপাৰ এক শিহৰণকাৰী যাত্ৰাৰ বাহন যেন আছিল সৰু কালত৷ ইয়াৰ কাৰণটো আছিল উজনিত আমাৰ বংশ বুলি কোনো নাছিল গতিকে নাইট চুপাৰৰ ৰঙীন টিভিত চিনেমা চাই যাত্ৰা কৰাটো শৈশৱৰ এক কাল্পনিক শিহৰণৰ বাহিৰে বেলেগ একো নাছিল।

মাহীয়ে ডিগাৰু ৰেল ষ্টেছনৰ পৰা ৰেলত উঠিছিল ৰাতি লগত ওজাজন আৰু মাহীৰ পাতি লোৱা ভায়েক মানে বৰ্তমানৰ ৰাজনৈতিক নেতা তথা বিশিষ্ট সমাজ কৰ্মীজন। লক্ষ্য শিমলুগুৰি ষ্টেচন, সেই সময়ত ৰেলেৰে উজনিলৈ যাব পাৰে বুলি আমাৰ কোনো ধাৰণাই নাছিল। ৰেলগাড়ী মানেই দিল্লী, মুম্বাই বা বিহাৰ বুলি ভাবিছিলোঁ‌ আৰু অসমৰ সকলো মানুহেই ৰেলেৰে বাহিৰলৈ যাব লগীয়া হ’লে গুৱাহাটীৰ ষ্টেচনত উঠে বুলি এক ধাৰণা আছিল। এতিয়া অফিচৰ কামত উজনিলৈ যাবলগীয়া হোৱাৰ বাবে ৰেল ষ্টেচনবোৰৰ ধাৰণাটো স্পষ্ট হৈ পৰিল!

মাঘ ফাগুণৰ বৰষুণ নপৰা শুকান দিনবোৰত আমাৰ অঞ্চলবোৰত নগাওঁ, বৰপেটা আদি ঠাইৰ পৰা অভিভাষী মুছলিম লোকসকল আহিছিল৷ তেওঁলোকক আমি মৈমনচিঙীয়া মানুহ বুলিয়ে জানো৷ এইসকল মানুহে নাৰিকল গছৰ পাত চিকুণাই সম্পূৰ্ণ চাফা কৰি গছজোপাৰ আগলি কুঁহিপাতত ৰাসায়নিক দৰব দিছিল যাৰ বাবে প্ৰচুৰ ফল ধৰিছিল গছত। এই কামটোৰ বাবেই তেওঁলোকৰ যথেষ্ট সমাদৰ আছিল সোণাপুৰৰ দৰে মফচলীয় ঠাইবোৰত।

তেনেকুৱা এজন মানুহেই কামৰ সন্ধানত দুই তিনিবছৰৰ আগেয়ে শিৱসাগৰলৈ গুছি গৈছিল আৰু নদীৰ পাৰ যেন ঠাই এডোখৰত তেওঁলোকৰ অস্থায়ী গাওঁ এখন গঢ়ি উঠিছিল। মাহীৰ পাতি লোৱা ভায়েকজনৰ নাৰিকল তামোলৰ প্ৰকাণ্ড বাৰী এখন থকাৰ হেতুকে আৰু প্ৰতিবছৰে নাৰিকল চিকুণাবলৈ অহাৰ কাৰণে মানুহজনৰ লগত ভাল চা-চিনাকি আছিল। পিচিঅৰ ফোন নাম্বাৰ এটাত নিয়মীয়া ফোন কৰি মানুহজনৰ ঘৰত থাকি কামটো কৰাৰ গোপন সিদ্ধান্ত এটা হ’ল!

শিমলুগুৰি ষ্টেছনত মাহীহঁ‌তক ঘৰলৈ আদৰি নিবলৈ নাৰিকল গছ চিকুণোৱা মানুহজন ৰৈ আছিল, পাঁচটি সন্তানেৰে ঠেক দুটা ৰুমত থকা এজন দৰিদ্ৰ ৰিক্সা চালকৰ ঘৰ!

মাহীৰ মনটোৱে মানুহঘৰক বিশ্বাসত ল’বলৈ নক’লে বাৰে বাৰে, কিবা যেন বিপদৰ উমান পাইছিল মাহীয়ে৷ শেষত উপাই নাপাই হাতত পিন্ধি থকা ৰূপৰ খাৰুযোৰ মানুহটোৰ ঘৈণীয়েকক পিন্ধাই দি ইম’শ্বনেল গেম খেলিলে মাহীয়ে, “চা ভাই, গুপ্ত ধন পাওঁ বা নাপাওঁ সেয়া সকলো ভগবানৰ হাতত কিন্তু আমাৰ ভাই ভনীৰ সম্পৰ্ক যাতে কোনোদিন মৰি নাযায়।”

মানুহটোৱে কেতিয়াও মৰি নাযাই বুলি প্ৰতিশ্ৰুতি দিছিল মাহীক, ইপিনে মাহীৰ লগত যোৱা ওজাজনে গৰগৰাই উঠিল খঙত, “গুপ্ত ধন পাওঁনে নাপাওঁ বুলি কিয় ক’বি তই? তাৰমানে মোৰ ওপৰত বিশ্বাস নাই তোৰ? নে মোৰ ইমান বছৰৰ সাধনাবোৰ মিছা?”

মাহীয়ে ওজাৰ ভৰিত ধৰি ক্ষমা মাগিলে পিছে ওজাই নামানে, টালি টোপোলা লৈ মাহীহঁ‌তক এৰি ঘৰলৈ ঘূৰি আহিবলৈ সাজু হ’ল ওজা! এনেই ইমানবোৰ টেনশ্বন তাতে আকৌ ওজাৰ নাটক। সোণাপুৰৰ পৰা যোৱা মাহীৰ পাতি লোৱা ভায়েকে পুনৰ এক চিলিম গাঞ্জা গুজি দিলে ওজাৰ মুখত৷

লাহে লাহে পৰিস্থিতি পুনৰ স্বাভৱিক হ’ল

গুপ্তধন চাৰিভাগত বিভক্ত হোৱাৰ চুক্তি হৈছিল। এভাগ ওজাৰ, এভাগ মাহীৰ, এভাগ সোণাপুৰৰ পাতিলোৱা ভায়েক মানে ৰাজনৈতিক নেতাজনৰ আৰু আন ভাগ মাহীহতক আশ্ৰয় দিয়া ধৰ্ম ভাতৃৰ৷ পিছদিনা দিনটো ঘৰতে থাকিব সকলো, ওচৰ চুবুৰীয়াই সুধিলে পুৰণি চিনাকি আলহী খাবলৈ আহিছে বুলি ক’ব লগতে ওজাজনক বাহিৰলৈ এক চেকেণ্ডৰ বাবেও ওলাবলৈ নিদিয়াৰ সৰ্বসন্মত সিদ্ধান্তৰে তেওঁলোক টোপনি গ’ল।

পিছদিনা অমাবস্যা আৰু তেওঁলোকৰ বাবে প্ৰয়োজন অন্ধকাৰৰ। পোহৰৰ প্ৰয়োজন নাছিল।

সোণাপুৰৰ পাতি লোৱা ভায়েকজনৰ ওপৰত মাহীৰ সম্পূৰ্ণ বিশ্বাস আছিল কিন্তু বিশ্বাস নাছিল ঘৈণীয়েকক ৰূপৰ খাৰুযোৰ দি ধৰ্মৰ ভায়েক পাতি লোৱা মানুহজনৰ ওপৰত। সাত ঘাটৰ পানী খোৱা মাহীৰ ষষ্ঠ ইন্দ্ৰিয় ইমান দূৰ্বলো নাছিল, বাৰে বাৰে মাহীৰ মনে কৈছিল গুপ্তধন মাটি ফুটি ওলোৱাৰ পিছতে যেন মানুহজনে মাহীহঁ‌তক পুলিচক গতাই দি বা গুণ্ডা লগাই গোটেইখিনি নিজৰ ফলীয়া কৰি ল’ব! সি মাত্ৰ তেতিয়ালৈকে বিশ্বাস দেখুৱাইছিল ওজাজনৰ বাবে, মাহীৰ দৃষ্টিত তেনেকুৱা শক্তিশালী সাধক আৰু তন্ত্ৰ মন্ত্ৰত পাৰদৰ্শী ওজা হয়তো সমগ্ৰ অসমতে দ্বিতীয়জন পোৱা নাযাব।

মুকলি পথাৰ এখনৰ কাষতে মৈদাম এটা আছিল, অমাৱস্যাৰ অন্ধকাৰত খুপি খুপি খোজ কাঢ়িছিল চাৰিজন মানুহ তাৰে তিনিজন পুৰুষ আৰু এগৰাকী মহিলা। সেই সৰু সমদলটোৰ আগত আছিল ওজাজন আৰু দুই ভায়েকৰ মাজত মাহী হাতত চিঞৰিব নোৱাৰাকৈ ঠোঁ‌টটো কপকপীয়াকৈ বন্ধা ক’লা কুকুৰা এটাৰ লগতে পূজৰ অন্যান্য সামগ্ৰী।

তন্ত্ৰ মন্ত্ৰৰ দিন ক্ষণ চাই সঠিক স্থানত প্ৰয়োগৰ সময়ত ওজাজন মানুহ হৈ নাথাকে, চিলিমে চিলিমে ভাং খাই তেওঁ গোটেই বাট মন্ত্ৰ মাতি গৈছিল তাৰমাজতে হাতত থকা সৰ্পাকৃতিৰ লাখূটিডালেৰে দুয়োফালে কোবাই কোবাই গালি পাৰি গৈছিল৷ গুপ্ত ধনৰ ৰখীয়া হিচাপত আত্মা কিছুমান থাকে তেওঁলোক গুপ্ত ধনৰ যিমানেই কাষ চাপিছিল সিমানেই আত্মাবোৰে বাধা দিছিল মাহীহঁ‌তৰ দলটোক।

দূৰৈৰ পৰা ভাঁহি আহিছিল কোনোবা মহিলাৰ হিয়া ভগা কান্দোনৰ শব্দ, ওচৰে পাজৰে যেন কেতবোৰ মানুহে দৌৰা দৌৰি কৰিছিল যাৰ কোনো অস্তিত্ব নাছিল কিন্তু ৰাতিৰ অন্ধকাৰত জনপ্ৰাণীহীন এখন পথাৰ ব্যস্ত দৈনিক বজাৰত পৰিণত হৈছিল! মাহীৰ নিজেই অনুভৱ হৈছিল কথা পাতি থকা এজাক মানুহ আৰু অযথা চিঞৰ বাখৰ৷ কোনোবাই মাহীৰ চাদৰত ধৰি টানিছিল, ওজাটোৱে গৰগৰাই চিঞৰিলে, “ৰৈ নাযাবি, ৰৈ নাযাবি সেইটো জুই লাগি মৰিছিল৷ জীয়া মানুহ দেখিলে থাকিব নোৱাৰা হয় সি তাক শৰীৰ লাগে, মন্ত্ৰ মৰা সৰিয়হ চটিয়াই দে তাৰ গাত।”

গুপ্তধনৰ সন্ধানত ওলোৱাৰ আগতেই ওজাটোৱে সকলোৰে হাতত মন্ত্ৰপুত সৰিয়ৰ টোপোলা একোটাকৈ দিছিল, তেওঁ আগতেই জানিছিল যাত্ৰা পথত আত্মাবোৰে যে আমনি কৰিব! তাতোকৈ ডাঙৰ সকিয়নি আছিল যেতিয়াই গুপ্তধন মাটি ফুটি ওলাবলৈ ধৰিব সেই সময়ত আকাশ পাতাল সকলোতে অদ্ভূত ঘটিব আৰু অশৰীৰি আত্মাৰো শক্তি দহ গুণ বেছি হ’ব।

ওজাজনে পথাৰত চাৰিটা গধুৰ খুঁ‌টা পুতিছিল, পূজাৰ চূড়ান্ত মূহুৰ্ত্তত বলা ভয়ংকৰ বতাহত উৰি নাযাবলৈ সকলোৱে যাতে খামুচি ধৰে৷ মাহীয়ে আৰম্ভণীতে লগত নিয়া আনখন চাদৰৰ এটা মূৰ খুঁ‌টাটোত বান্ধি আনটো মূৰ কঁকালত কটকটীয়াকৈ বান্ধি ৰাখিছিল।

ক’লা কুকুৰাটো বলি দি ওজাজনে পূজা আৰম্ভ কৰিছিল, চৌদিশে অতৃপ্ত আত্মাৰ গুমগুমনি। কাণ তাল মৰা বতাহ আৰু বিজুলী গাঁজনিৰ শব্দৰ মাজত দূৰৈৰ পৰা মানুহৰ চিঞৰ বাখৰ ৰিণি ৰিণি শুনা গৈছিল লগত কিছুমান জুই শূন্যতে ভাঁহিছিল। সেইবোৰে যেন পূজাখনক বিধি পথালি দিবলৈকে আগুৱাই আহিছিল ক্ৰমাৎ।

দূৰৈৰ পৰা ভাঁহি অহা হাই উৰুমিবোৰ ক্ৰমাৎ কাষ চাপিছিল লগতে বতাহত উৰি অহা জুইবোৰো ডাঙৰ ডাঙৰ হ’বলৈ ধৰিছিল। ইমান পৰে সেইবোৰ অশৰীৰি আত্মা বুলি ভাবি মন্ত্ৰপুত খুটিটোত জোৰকৈ সাবট মাৰি থকা মাহীৰ গাটো বেজবেজালে। খুটিটো সাবতি থকাৰ পৰা সামান্য ঠিয় হৈ শব্দ আৰু পোহৰৰ উৎস ভালকৈ চাবলৈ লৰচৰ কৰোঁ‌তেই ওজাটোৱে চিঞৰি উঠিল,

“উৰি যাবি, জ্বলি মৰিবি ভয়াতুৰ জীৱ৷ ইমানেই ভয় যদি কিয় আহিছিলি মৰিবলৈ? ইয়াতে মৰিবি সৎকাৰৰ বাবে হাড় এটুকুৰাও নাপাব তোৰ।”

চুপে চাপে পুনৰ আগৰ দৰেই বহি পৰিল মাহী ওজাটোৰ কঠোৰ নিৰ্দেশত!

হঠাত হুলস্থূলৰ শব্দ নোহোৱা হ’ল, এইবাৰ ফুচফুচনি শুনা গ’ল। খুউব সন্তৰ্পণে কোনোবাই চাৰিওফালৰ পৰা যেন আগুৰি ধৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকক আৰু হঠাত জুইবোৰৰ অস্তিত্ব নোহোৱা হৈ গ’ল। মাহীয়ে কাষতে বহি থকা সোণাপুৰৰ পাতি লোৱা ভায়েকটোক লাহেকৈ হেচুকি দিলে, সি তেতিয়াহে বাস্তৱ জগতলৈ উভতি আহিল।

হঠাৎ “বাই ঐ, পলা পলা” বুলি সি মাহীৰ এখন হাতত ধৰি পথাৰে পথাৰে লৰ ধৰিলে, শুকান পথাৰ আছিল সেইখন চপৰা মাটিৰে ভৰা।

আমাৰ পুৰণি গাওঁখনত থকা ঘৰটোৰ সন্মূখত পকী ৰাস্তা আছিল, সেইটো পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ৷ নতুনটো ঘৰৰ পিছফালে দূৰৈত বনোৱাত পুৰণিটোৰে গাড়ী ঘোঁৰা নচলা হ’ল। কলেজৰ পৰা আহি চাইকেল চলোৱাতো মোৰ পুৰণি আৰু ভালপোৱা অভ্যাস এটা আছিল৷ ৰাস্তাৰ ইটো পাৰে আমাৰ ঘৰ আৰু সিটো পাৰে প্ৰায় পাঁচশ মিটাৰ মান দূৰৈত মাহীহঁতৰ ঘৰ৷ চাইকেল চলাওঁতে কেঁৰাকেঁৰীকৈ মাহীৰ ঘৰৰ ফালে চাই যাওঁ যিহেতু বিশেষ ডিজাইনৰ পেটিকোট দুটা চিলাওঁতেই মাহীৰ ওপৰত সন্দেহ হৈ আছিল মোৰ লগতে বাইদেউহঁ‌তক এক কেজি দুই কেজি সোণৰ গহনা পিন্ধাই ঘৰৰ পৰা উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতিৰ সেই আবেগিক মূহুৰ্ত্তটো মোৰ সন্মূখতেই ঘটিছিল!

আনকালে আবেলি চাইকেল চলাই থকাৰ পৰত মহাক দেখা পাওঁ চোতালত বহি বাঁহ বেতৰ কাম কৰি থকা, সেইদিনা কোনো নাছিল মাহীহঁ‌তৰ চোতালত। বাঁহৰ দুৱাৰখনত দাং মৰা নাছিল যদিও লগাই থোৱা আছিল। হঠাৎ শুনিলোঁ‌ কোনোবাই মাতিছে মোক কঁপা কঁপা দুৰ্বল মাতেৰে, মাহীৰ মুখখন দেখিলোঁ‌ দুৱাৰখন সামান্য ফাঁক কৰি মোক হাত বাউলি দি মাতিছে৷ চাইকেলখন বাটতে ৰখাই থৈ দৌৰ মাৰিলোঁ‌ মাহীৰ ওচৰলৈ, মাটিতে হাত ভৰি মেলি মাহী পৰি আছে৷ ভৰি দুখন ফুলি প্ৰকাণ্ড আকাৰ লৈছে, চুলিবোৰো মেলা আৰু চকু দুটা ৰঙা পৰি আছিল৷ এবাৰ ভাবিলোঁ‌ ঘৰুৱা কাঁজিয়াত মহাই মাৰিছে চাগে মাহীক কিন্তু সৰুৰ পৰা ডাঙৰ হ’লো শান্তিপ্ৰিয় মহাই কোনোদিনেই মাহীৰ লগত মাৰপিট কৰাটো দূৰৈৰ কথা, গালি গালাজ কৰাও শুনা নাই৷ মহাৰ তুলনাত মাহীহে বেছি দন্দুৰী আৰু উগ্ৰচণ্ডী! নে আই গোঁসানীয়ে লম্ভিলে মাহীক।

:ডাঙাৰ বাপুৰ ঔষধৰ পৰা বিষৰ টেবলেট দুটামান আনি দে আৰু ডাঙাৰ মাই যদি কলেজৰ পৰা আহিল এতিয়াই পঠাই দে মোৰ ওচৰত৷ দাদাৰ বিষৰ মলমটো লৈ আইহবা দিবি তাইক, মোৰ ভৰিৰ বিষত জীৱ অলে যায় বাপ্পা ঐ।” বুলি মাহীয়ে বিনাই বিনাই কান্দিলে মোৰ ওচৰত৷

ডাঙাৰ বাপু মানে আমাৰ দাদা, সি তেতিয়া এমবিবিএছ সম্পূৰ্ণ কৰি ঘৰতে এমডি ৰ কাৰণে প্ৰস্তুতি চলাই আছিল। মেডিকেল ৰিপ্ৰেজেন্টেটিভবোৰে ঔষধৰ নমুনা দি যায় ঘৰত, সেইবোৰৰ পেকেটত ডাঙৰ বাইদেৱে দাদাক সুধি কোন ৰোগত কোনটোৰ প্ৰয়োজন লিখি ৰাখিছিল৷ আমাৰ ওচৰ চুবুৰীয়াবোৰে সেইখিনি সময়ত সেই ঔষধেৰে চলিছিল৷

মাহীৰ পৰিস্থিতি সঁচায়ে চিৰিয়াচ আছিল তৎক্ষণাত চাইকেল বেক কৰি ঘৰলৈ দৌৰি দিলোঁ‌, ইমান দিনে উৎকণ্ঠাত উচপিচাই থকা ডাঙৰ বাইদেৱে যেন ডাঙৰ সকাহ এটা পালে। খবৰ শুনিয়েই বিষৰ টেবলেট আৰু মলম লৈ বাইদেউ মাহীৰ ঘৰ পালেগৈ।

সেই আকাশত উৰি থকা জুইবোৰ জোৰ আৰু টৰ্চ লাইটৰ পোহৰ আছিল, মানুহৰ হুৰমূৰণিবোৰ তাৰে গাওঁৰক্ষী বাহিনীৰ সদস্যৰে গঠিত এটা বিশজনীয়া দল আছিল! সোণাপুৰৰ পাতি লোৱা ভায়েকে হাতত ধৰি টান মৰাৰ পিছত দুই তিনি ঘণ্টা পথাৰে পথাৰে বাট পথ বিচাৰি জান প্ৰাণ লৈ দৌৰি মাহীহঁ‌তে ৰেল ষ্টেচন এটা পাইছিল, তাৰ পৰাই ভোকে পিয়াহে ঘৰ আহি পাইছিলহি গুপ্তধন আৰু ওজাজনক তাতে এৰি।

ইয়াৰ তিনিমাহমানৰ পিছত ওজাজন মাহীৰ ঘৰ ওলাইছিল, মাহীহঁ‌তৰ ভয়ৰ বাবেই হেনো গুপ্ত ধনৰ সাধনাত পয়মাল ঘটা বুলি গালি পাৰিছিল। ডাঙৰ বাইদেউৰ আগত মাহীয়ে মনে মনে কোৱা মতে ওজাজন আৰু ঘৈণীয়েকক ৰূপৰ খাৰু দি পাতি লোৱা ধৰমৰ ভায়েকজনৰ তিনিমাহ জেইল হৈছিল।

বি.দ্ৰ. (সম্পূৰ্ণ সত্য ঘটনা মাথো লিখনিত সামান্য কল্পনাৰ প্ৰলেপ পৰিছে বৰ্ণনাৰ সুবিধাৰ বাবে)
☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.