ফটাঢোল

গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি-বিন্দু ৰাজবংশী কলিতা

মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিয়ে শোড়শ শতিকাৰপৰা এতিয়ালৈ মানৱ সমাজৰ মাজত প্ৰেম অমৃতৰ নদী বোৱাই আছে। শংকৰী ধৰ্মৰ আদৰ্শ, ৰীতি-নীতিসমূহ জনগণৰ মাজত প্ৰচাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰপৰা অন্ধবিশ্বাস, কু-সংস্কাৰসমূহ আঁতৰ কৰিবলৈ বিচাৰিছিল। শংকৰ দেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কোনো আড়ম্বৰতা নাই। সমতা আৰু মানৱতাৰ ভেটিত সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাটোৱেই তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। মানৱতাৰ মুক্তিৰ বাবে অন্ধকাৰ দূৰ কৰি পোহৰ সিঁচিবলৈ তেওঁ অক্লান্ত চেষ্টা কৰিছিল। সাম্য আৰু সমতাৰে এখন নিকা সমাজ গঢ়িবলৈ তেওঁ ধৰ্ম প্ৰচাৰকে মূল আহিলা হিচাপে গ্ৰহণ কৰিছিল। ভাগৱত শাস্ত্ৰৰ জ্ঞান, কীৰ্তনৰ মৌৰস ব্যাখ্যা  কৰিবলৈ শংকৰদেৱে সত্ৰৰ জন্ম দিয়া বুলি ক’ব পাৰি।অসমত প্ৰতিষ্ঠা কৰা সত্ৰসমূহক পোণ প্ৰথমে সত্ৰ বুলি নকৈ কীৰ্তন ঘৰ, হৰি গৃহ অথবা থান ইত্যাদি শব্দৰেহে গণ্য কৰা হৈছিল।

ধৰ্মচৰ্চাৰ উপৰিও সত্ৰসমূহ আছিল পৰস্পৰৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিবপৰা মজিয়া, একোখন মনোৰঞ্জনৰ কেন্দ্ৰ। সত্ৰসমূহত ভাওনা বা অন্যান্য সংস্কৃতিৰ প্ৰচলনৰ এক মহান উদ্দেশ্য হৈছে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় বাণীৰ মুক্ত প্ৰকাশ। আজিও সত্ৰ বা নামঘৰত সেই বাণীৰ প্ৰকাশ উজ্জ্বল হৈ আছে। সত্ৰৰ মজিয়াত সত্য সুন্দৰৰ আৰাধনা, অহিংসা নীতি আৰু মানৱতাৰ ৰূপদৰ্শন লাভ কৰি মানৱসমাজ উপকৃত আৰু ধন্য হয়। বৈষ্ণৱ ধৰ্মৰ প্ৰতি আগ্ৰহী লোকসকল আছিল শ্ৰমজীৱী, সাধাৰণ জনতা। মাধৱদেৱকে ধৰি গুৰুজনাৰ সহযোগীসকল আছিল তেনেই সাধাৰণ শ্ৰেণীৰ৷ তেওঁলোকৰ সহযোগতেই একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সত্ৰ আৰু নামঘৰসমূহ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু সফলো হৈছিল৷

শ্ৰীমন্ত শংকৰদেৱে নিজৰ জন্মস্থান বৰদোৱাত কীৰ্তন ঘৰ নিৰ্মাণ কৰি ভক্তিৰ বীজ ৰোপণ কৰে। এইখনেই শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথমখন সত্ৰ। গৰিমামণ্ডিত বৰদোৱা সত্ৰৰ কীৰ্তন ঘৰ আজিও ভক্তসকলৰ বাবে প্ৰাণকেন্দ্ৰ স্বৰূপ। ইয়াৰ পিছতে আহোম ৰজাৰ ৰোষত পৰি শংকৰদেৱে তেওঁৰ সংগীসকলৰ সৈতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গৈ ধুৱাহাট বেলগুৰি সত্ৰ প্ৰতিষ্ঠা কৰে।

পৰৱৰ্তী পৰ্যায়ত সত্ৰসমূহত অকল কীৰ্তন অথবা ভাগৱত চৰ্চাই নহয় তাৰ লগতে সাহিত্য, সংগীত, নাট, ভাওনা ইত্যাদি সংযোজন কৰা হ’ল। আনহাতে সত্ৰৰ আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে নামঘৰ, মণিকুট, ভঁৰালঘৰ, কৰাপাট, অতিথিশালা, গুৰুগৃহ ইত্যাদি নিৰ্মাণ কৰি সত্ৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হ’ল। ক’বলৈ গ’লে এই সকলোবোৰ সংযোজন কৰি এখন পূৰ্ণাংগ সত্ৰ নিৰ্মাণ কৰা হৈছিল৷ এই কাৰ্যসমূহ ৰূপায়িত কৰিবৰ বাবে শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ লগত দামোদৰদেৱে একনিষ্ঠভাৱে অক্লান্ত পৰিশ্ৰম কৰিছিল। সত্ৰৰ ইতিহাসত পোৱা মতে দামোদৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত পাটবাউসী সত্ৰখন হৈছে পূৰ্নাংগ পৰ্যায়ৰ প্ৰথম সত্ৰ।দামোদৰ দেৱৰ সৃষ্টিশীলতা আৰু তেওঁৰ নিৰ্মিত আৰ্হিৰ প্ৰতি শংকৰদেৱ মুগ্ধ হৈছিল। তাৰ পাছত ঠিক তেনে আৰ্হিৰে সত্ৰ নিৰ্মাণ কৰিবলৈ গুৰুজনাই প্ৰিয় শিষ্য মাধৱদেৱকো আদেশ কৰিছিল। পিছলৈ আকৌ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতা, গোপাল আতা আদি বাপসকলে সত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিল।

আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ আৰু লক্ষ্মী সিংহ আদিৰ ছত্ৰছায়াত দামোদৰদেৱে মাজুলীত কেইবাখনো সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত শংকৰদেৱ, মাধৱদেৱৰ লগতে দামোদৰদেৱ আৰু হৰিদেৱৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সত্ৰসমূহত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰিত হৈছিল৷ লাহে লাহে নামনি অসমৰ বিভিন্ন ঠাইত যেনে, সুন্দৰীদিয়া, গণককুছী আদিত সত্ৰ প্ৰতিষ্ঠা হৈছিল৷  একে সময়তে বৰ্তমান নামনি অসমৰ আটাইতকৈ  বিখ্যাত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰা হ’ল। সত্ৰৰ সংখ্যাৰ বৃদ্ধিৰ লগে লগে জনসাধাৰণৰ লগত সত্ৰৰ সম্বন্ধ বাঢ়িল আৰু সাংস্কৃতিক বাতাবৰণৰ ভেটি গঢ় লৈ উঠিল। সত্ৰসমূহত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যৰ প্ৰচলন আৰম্ভ হ’বলৈ ধৰিলে। ভকত, বৈষ্ণৱসকলে মিলি সত্ৰ পৰিচালনা কৰি ধৰ্মীয় বাতাবৰণৰ সৃষ্টি কৰিলে। বিভিন্ন ধৰণৰ অংকীয়া নাট, ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত চৰ্চাৰ প্ৰশিক্ষণ আৰু আখৰা কৰা আৰম্ভ হ’ল। লগতে ভাগৱতৰ ধৰ্মীয় কথাবোৰো তাতে বিশ্লেষণ কৰি ভকতসকলে এটা গহীন আৰু আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰি তুলিলে। এখন সুশৃংখল আৰু সাংস্কৃতি সম্পন্ন সমাজ শংকৰদেৱ বিচাৰিছিল, য’ত বৈপ্লৱিক চিন্তাদৰ্শনেৰে আগবাঢ়িব পাৰি। সত্ৰসমূহ এই ক্ষেত্ৰত সফল হৈছে বুলি ক’বই লাগিব৷

এটা সময়ত দামোদৰদেৱৰ শিষ্য গোপালদেৱে উজনি অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিলে আৰু সত্ৰ প্ৰতিষ্ঠাৰ কামত নিয়োজিত হ’ল।তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত কাহিকুচি, কমলাবাৰী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডেবেৰাপাৰ সত্ৰ অন্যতম। ইয়াৰ উপৰিও উজনি অসমত গোপাল দেৱৰ আন দুখন সত্ৰ হৈছে সৌৰানিক আৰু কুৰুৱাবাহী সত্ৰ। আন তিনিখন লেখত ল’বলগীয়া সত্ৰৰ ভিতৰত নিৰঞ্জন দেৱৰ আউনীআটি সত্ৰ, বনমালী দেৱৰ দক্ষিণপাট সত্ৰ, আৰু জয়হৰি দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত গড়মূৰ সত্ৰ৷ জানিবপৰা মতে বৰ্তমান মাজুলীত প্ৰায় বাইশ(২২)খন সত্ৰ ভকত বৈষ্ণৱসকলে পৰিচালনা কৰি আছে। প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুজনাৰ বিভিন্নগৰাকী শিষ্য যেনে, শ্ৰীৰাম আতা, গোবিন্দ আতা, বৰ বিষ্ণু আতা, পদ্ম আতাৰ লগতে শংকৰদেৱৰ নাতি পুৰুষোত্তমৰ নাম বিশেষভাৱে উল্লেখনীয়।

সত্ৰৰ অন্যতম বৈশিষ্ট্য হৈছে পবিত্ৰতা। সৰল উদাৰনৈতিক ধৰ্মীয় ব্যৱস্থাৰ এক অনুপম চানেকি। সত্ৰ আছিল গুৰুজনাৰ এক সুস্থ সাংস্কৃতিক চিন্তা চেতনাৰ বীজ। আজি একবিংশ শতিকাতো গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰ বা নামঘৰ অতিশয় প্ৰাসংগিক।কাৰণ সত্ৰসমূহ হৈছে ঐক্য-সম্প্ৰীতিৰ উত্তম স্থান, আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল, নৈতিক শিক্ষা লাভৰ ক্ষেত্ৰ, অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ। সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শংকৰদেৱ এক দুৰ্লভ উদাহৰণ।শংকৰদেৱৰ অনুপম সৃষ্টি সত্ৰ সংস্কৃতিৰ জৰিয়তে ভক্তিভাৱৰ সৃষ্টি কৰি সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ যি প্ৰচেষ্টা হাতত লৈছিল সেয়া যুগে যুগে আদৰ্শ হৈ ৰ’ব।এই অনবদ্য উপাদানসমূহ চিৰদিন চিৰকাল অমৰ হৈ ৰ’ব৷

☆ ★ ☆ ★ ☆

5 Comments

  • মুনিন্দ্ৰ বৈশ্য

    সুন্দৰ লেখনি

    Reply
  • পঙ্কজ বৰুৱা৷

    সুন্দৰ ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এটা ভাল লেখা পঢ়িলোঁ৷

    Reply
  • Kirti K Mahanta

    বৰ সুন্দৰ ভাবে উপস্থাপন কৰিছে কথাখিনি। ভাল লাগিল।

    Reply
  • Anonymous

    Dhuniya baideu vl lagil prhi…..👍

    Reply

Leave a Reply

Your email address will not be published.