ফটাঢোল

গুৰুজনাৰ জীৱনত কোচৰজাৰ অৰিহণা-মুনিন্দ্ৰ বৈশ্য

জন্মভূমি অসমত হাড়ক মাটি কৰি নতুনকৈ প্ৰৱৰ্তন কৰা ‘নৱ বৈষ্ণৱ ধর্মটোৱেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ প্রতি নামি অহা শংকাৰ একমাত্ৰ আৰু প্রধান কাৰণ হৈ পৰিছিল। কাৰণ সেই সময়ৰ অসমৰ সমাজ ব্যৱস্থা অভ্যস্ত আছিল যুগ যুগ ধৰি চলি অহা মহাআড়ম্বৰপূৰ্ণ পূজা-পাতল আৰু ব্যয়বহুল যাগ-যজ্ঞত। য’ত ধৰ্মৰ নামত অধর্ম আৰু সংস্কাৰৰ নামত চূড়ান্ত দুৰাচাৰে সমাজখন গিলি পেলাইছিল। নৰবলি পর্যন্ত দিয়া হৈছিল কিন্তু “এক দেৱ এক সেৱ, এক বিনে নাই কেৱ” মূল মন্ত্ৰেৰে গুৰুজনাই প্রধানতঃ সমাজ সংস্কাৰৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা সৰল, উদাৰ, গণতান্ত্রিক আৰু অনাড়ম্বৰপূৰ্ণ ধৰ্মৰ ক্ৰমবৰ্ধমান জনপ্রিয়তাই এফালে দিনক দিনে অনুগামীৰ সংখ্যা বৃদ্ধি কৰিছিল যদিও আনফালে শত্ৰুৰ সংখ্যা বৃদ্ধি কৰি গৈছিল।

শংকৰদেৱৰ ঘাই শত্রু হৈ পৰিছিল পুৰােহিত শ্ৰেণীটো। কাৰণ গুৰুজনাই প্ৰৱর্তন কৰা নৱ বৈষ্ণৱ ধৰ্মই পুৰােহিত শ্ৰেণীটোৱে চলাই অহা ধর্ম ব্যৱসায়টোক মণ্ডাৱস্থালৈ ঠেলি দিছিল। সেয়ে তেওঁলােক শংকৰদেৱৰ উত্থানত প্রধান অন্তৰায় হৈ থিয় দিছিল। তেওঁৰ বিৰুদ্ধে ৰজাৰ আগত নানা অভিযােগ দাখিল কৰি গৈছিল। গুৰুজনাৰ বিশাল পাণ্ডিত্যৰ আগত সকলাে অভিযােগ নিষ্প্ৰভ হৈ পৰিছিল যদিও শাসক পক্ষৰ লগত তেওঁৰ সৌহাদ্যপূর্ণ সম্পর্ক মুঠেও গঢ় লৈ উঠা নাছিল। সেয়ে তেওঁৰ বিৰুদ্ধে নিৰন্তৰ ৰচি যােৱা কূটকৌশলী ষড়যন্ত্রই এটা সময়ত সফলতাৰ মুখ দেখিলে। অতি কৌশলেৰে পতা ফান্দত শংকৰদেৱক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হ’ল। হাতী পলাই যােৱা সাধাৰণ ঘটনা এটাত অভিযুক্ত কৰি তেওঁলােকে আহােম ৰজা চুক্লেনমুঙৰপৰা শংকৰদেৱৰ মৃত্যুদণ্ডৰ হুকুম আদায় কৰিলে। শংকৰদেৱ পলাই সাৰিবলৈ সক্ষম হ’ল যদিও জোঁৱায়েক হৰি ভূঞাক অন্যায়ভাৱে শিৰচ্ছেদ কৰি প্রাণদণ্ড দিলে। এনে অমানুষিক কার্যই গুৰুজনাক ব্যথিত কৰিলে। সেয়ে তেওঁ আহােম ৰজাক ‘অবিবেচকী’ আখ্যা দি অসম এৰি অতি বিষাদ মনে কোচ ৰাজ্যলৈ পলাই যােৱাৰ সিদ্ধান্ত লয়।

১৫৪৬ খ্রীষ্টাব্দত শংকৰদেৱে অনুগামীসকলক লৈ কোচ ৰাজ্যলৈ বুলি ওলাল। প্রথমে তেওঁলােকে কোচ ৰাজ্যৰ চূণপােৰা নামে ঠাইত উপস্থিত হয়। ইয়াৰ পিছত কিছুদিন থাকে গগনকুছি (বা গণকপাৰাত)। তাৰ পিছত যায় কমাৰকুছিলৈ (বা কুমাৰপাৰা)। এনেকৈ অ’ত ত’ত দিন কটাই প্রায় দুবছৰ পিছত পাটবাউসীত উপস্থিত হয়। তাতেই তেওঁ প্রখ্যাত ‘পাটবাউসী সত্র’ স্থাপন কৰে।

কোচ ৰাজ্যৰ পাটবাউসীত স্থায়ীভাৱে থিতাপি লােৱাৰেপৰা গুৰুজনাৰ বৰ্ণাঢ্য জীৱনৰ ভাগ্য চকৰী তেওঁৰ অনুকূলে সুতীব্রভাৱে ঘূৰিবলৈ ধৰে। সেয়ে ক’ব পাৰি কোচৰাজ্য গুৰুজনাৰ জীৱনৰ ‘টার্ণিং পইণ্ট’ আৰু পাটবাউসী সত্ৰ ‘মাইলৰ খুঁটি। কাৰণ ইয়াত থকা প্রায় দুই দশকজোৰা সময়ছােৱাই হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ সৃজনীমূলক সময়। ছকুৰি বছৰৰ জীৱন পৰিক্ৰমাত তেওঁৰ দ্বাৰা সৃষ্ট যি মেটমাৰ সম্ভাৰে অসমীয়া সাহিত্য-সংস্কৃতি আৰু কলা-কৃষ্টিৰ বৰভেটি গঢ়াত অভূতপূৰ্ব বৰঙণি যােগাইছিল, তাৰে সবাতােকৈ গুৰুত্বপূৰ্ণ আৰু সর্বোৎকৃষ্ট উপাদানসমূহ সম্পাদন কৰিছিল এই পাটবাউসী সত্ৰত থকা সময়ছােৱাতেই।

এই বিষয়ে “শ্রীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ” গ্রন্থত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে এইবুলি, “কীর্তনঘােষাৰ শেষছােৱা তেতিয়ালৈকে ৰচনা কৰিবলৈ বাকী আছিল। পাটবাউসীতে শংকৰদেৱে সেইছােৱা ৰচনা কৰি কীর্তনঘােষা সমাপ্ত কৰে। ইয়াৰ পিছত তাতে শংকৰদেৱে শ্রীমদ্ভাগৱত শাস্ত্ৰৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম স্কন্ধ ভাঙনি কৰি পদ আৰু বলি-ছলনৰ পদ কৰে। কুৰুক্ষেত্র, নিমি-নৱসিদ্ধ, ৰুক্মিণীহৰণ, ভকতি-প্রদীপ পুথিও পাটবাউসীতে শংকৰদেৱে ৰচনা কৰে। পাটবাউসীতে তেওঁ ভাগৱতৰ একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধৰাে পদ-ভাঙনি কৰে। তেওঁৰ কালীদমন আদি নাটবােৰ আৰু আন আন গীত ভটীমা বহুত পাটবাউসীতে ৰচিত হয়। বেদ বেদান্ত গীতা ভাগৱতৰপৰা সাৰ উদ্ধাৰ কৰি মূল সংস্কৃত ৰত্নাকৰ নামে লিখা পুথিখনাে তাতে শংকৰদেৱে ৰচনা কৰে।”

মহেশ্বৰ নেওগেও তেওঁৰ “শ্রীশ্ৰীশঙ্কৰদেৱ” গ্ৰন্থত এইদৰে লিখিছে, “পাতবাউসীত গুৰুজনা মুঠ চৈধ্য বছৰ আছিল বুলি চৰিতত আছে। তেওঁ জীৱনৰ ঘাই কর্মখিনি ইয়াতেই সম্পাদন কৰে বুলি ক’ব পাৰি। তেওঁ লগতে লিখিছে, “ওঠৰ বছৰ ছমাহত পাটবাউসীত একুৰি সােতৰখন শাস্ত্র ‘মথিছিল’ বুলি স্থানীয় বিশ্বাস আছে।”

আনহাতে লক্ষ্মীনন্দন বৰাই “বাৰেক কৰহে প্রণাম” গ্ৰন্থত লিখিছে এইবুলি, “শংকৰদেৱে জীৱনৰ অধিকাংশ কাম পাটবাউসীতেই কৰিলে। পাটবাউসীত থকা বছৰকেইটা তেওঁৰ সাহিত্য সৃষ্টিৰ ফালৰপৰা অতিশয় সফল। পাটবাউসীত ভাওনা চাবলৈ বহুত দূৰৈৰপৰা, আনকি উজনি অসমৰ শদিয়া বা নাৰায়ণপুৰৰপৰাও ভকতসকল আহি ভাওনা সম্পর্কে সকলাে শিকি-বুজি লৈছিল। ফলস্বৰূপে ভাৰতৰ সমগ্ৰ উত্তৰ-পূব খণ্ডত ভাওনাই মানুহক মন্ত্রমুগ্ধ কৰি ৰাখিছিল আৰু একশৰণ নামধর্ম প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল।”

তদুপৰি কোঁচ ৰাজ্যত থকা সময়তেই তেওঁ প্ৰৱৰ্তন কৰা ধর্মই অসম আৰু বেহাৰ ৰাজ্যত অধিক ব্যাপকতা লাভ কৰে। কেইবাগৰাকী সুযােগ্য আৰু বিশ্বস্ত শিষ্যৰ লগতে বৃহৎ সংখ্যক ভকতে তেওঁত শৰণ লৈ ধর্মীয় কাম-কাজ আগবঢ়াই নিয়াত গুৰুত্বপূর্ণ ভূমিকা লয়। ইয়াতেই তেওঁ চান্দসাই নামৰ এজন ইছলামধর্মী লােকক (দর্জী), আৰু এজন চন্দালক শৰণ দি তেওঁৰ ধৰ্মৰ উদাৰতাৰ উৎকৃষ্ট প্রমাণ দিয়ে। প্রিয় শিষ্য ভৱানন্দ সাউদ আৰু দামােদৰদেৱৰ দৰে শিষ্যকো লগ পাই ইয়াতেই। কোচ ৰাজ সভাৰ পণ্ডিত অনন্ত কন্দলি আৰু সার্বভৌম ভট্টাচার্যয়াে ইয়াতেই শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰে আৰু তেওঁৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত মূল্যবান অৰিহণা যােগায়। পাটবাউসীত থকা সময়তেই গুৰুজনাৰ পুত্ৰ ৰামানন্দৰ বিয়া হয়। ইয়াৰ পৰাই তেওঁ ছকুৰি ভকতৰ সৈতে দ্বিতীয়বৰাৰ বাবে তীর্থ ভ্রমণলৈ গৈ জ্ঞান-প্রজ্ঞাৰ মূল্যবান মণি-মুকুতা সংগ্রহ কৰি আনে।

গুৰুজনাৰ ভায়েক ৰামৰায়ৰ (জগতানন্দ) জীয়ৰী ভুৱনেশ্বৰীক (কমলাপ্রিয়া)চিলাৰায়ে বিয়া পাতে এই সময়ছােৱাতেই। শংকৰদেৱৰ অগাধ পাণ্ডিত্যৰ মহাআলােকে বীৰ চিলাৰায় আৰু ৰজা নৰনাৰায়ণক আলােকিত কৰি তােলে ভুৱনেশ্বৰীৰ যােগেদিয়েই। পত্নী ভুৱনেশ্বৰীৰ কণ্ঠ-নিসৃত “মন মেৰি ৰাম-চৰণহি লাগু…” অমৃতােপম গীতটিৰ সুৰৰ মূৰ্চনা শুনি চিলাৰায় মন্ত্রমুগ্ধ হৈ পৰে। গীতটিৰ ৰচক কোন সুধিলত ভুৱনেশ্বৰীয়ে শংকৰদেৱৰ নাম ল’লে। যদিও চিলাৰায় শংকৰদেৱৰ ভতিজা-জোঁৱাই, তেতিয়ালৈকে কিন্তু চিলাৰায় আৰু নৰনাৰায়ণৰ লগত তেওঁৰ সাক্ষাৎ হােৱা নাছিল। পত্নীৰ মুখেৰে শংকৰদেৱৰ অবিৰাম গুণানুকীর্তন শুনি শুনি চিলাৰায়ে তেওঁক লগ পাবলৈ উদগ্রীৱ হৈ পৰিল আৰু ৰাজধানীলৈ তেওঁক সন্মান সহকাৰে অনাৰ দিহা কৰিলে। গুণীয়েহে গুণীৰ মােল বুজে। শংকৰদেৱক চিলাৰায়ে লগ পাই তেওঁৰ পর্বতসম পাণ্ডিত্যৰ পৰিচয় পালে। চিলাৰায়ে পৰম সন্তুষ্টি লাভ কৰিলে। তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লৈ নগৰত সমাদৰে থকাৰ সু-ব্যৱস্থা কৰি দিলে।

শংকৰদেৱৰ গুণ-যশস্যা আৰু পাণ্ডিত্যৰ কথা লাহে লাহে ৰাষ্ট্ৰ হৈ পৰিল। ৰজা নৰনাৰায়ণৰাে কাণত পৰিল। তেওঁৰাে শংকৰদেৱক লগ পােৱাৰ অদম্য হেঁপাহ জাগিল। চিলাৰায়ে শংকৰদেৱক নৰনাৰায়ণৰ লগত সাক্ষাৎ কৰাই দিলে। এই যে দুয়ােৰে সাক্ষাৎ হ’ল, তাৰ পিছৰেপৰা কোচ ৰজাৰ দৰবাৰত শংকৰদেৱৰ আকাশলংঘী পাণ্ডিত্যই প্রচণ্ড জোৱাৰ তুলিবলৈ ধৰিলে। শংকৰদেৱৰ পাণ্ডিত্যই ৰজা নৰনাৰায়ণক এনেকৈ মন্ত্রমুগ্ধ কৰি পেলালে যে ৰজাৰ দৰবাৰৰ দলিচাত তেওঁক বহাৰ অনুমতি দিলে, য’ত বহাৰ ক্ষমতা সাধাৰণতে কাৰাে নাছিল।

হস্তশিল্পৰ চমৎকাৰী নিদর্শন ছকুৰি হাত দীঘল আৰু তিনি কুৰি হাত পুতলৰ বিশ্ববিখ্যাত ‘বৃন্দাবনী বস্ত্র’খন সৃষ্টিৰ আঁৰতাে আছিল ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ প্রত্যক্ষ প্রভাৱ। তেওঁলােকক লগ নােপােৱাহেঁতেন গুৰুজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্র হয়তাে সৃষ্টি নহ’লেইহেঁতেন। বস্ত্রখনি প্রস্তুত কৰাৰ দায়িত্ব লােৱাৰ লগে লগে ৰজা ইমানেই সন্তুষ্ট হ’ল যে গুৰুজনাক তাঁতীকুচি আদি ৰাজ্যখণ্ডৰ ওপৰত অধিকাৰ প্ৰদান কৰি পাটবাউসীত বৰভূঞা পদত অভিষেক কৰিলে। ৰাজ দৰবাৰত গুৰুজনাই নিজহাতে প্রস্তুত কৰা বৃন্দাবনী বস্ত্ৰৰ বিস্ময় ৰূপ দেখি দুয়াে বিস্ময়াভিভূত হ’ল। কাপােৰখন মেলিবলৈ-সমাৰিবলৈ হেনাে প্রায় তিনি কুৰি মানুহ দৰকাৰ হৈছিল। বস্ত্রখনত সম্বলিত প্ৰতিটো পট ৰজাৰ আগত বুজাই দিয়াত ৰজাই ইমানেই সন্তোষ পালে যে তেওঁ শংকৰদেৱক ক’বলৈ বাধ্য হ’ল, “চলিয়ােক ঘৰ আৰে দিলোঁ ৰাজ্য খণ্ড। বৰভূঞা তুমি গুণ দোষে দিব দণ্ড। তােমাৰ আজ্ঞাতে চলিবেক প্রজা।” একেই কথাকে ক’ব পাৰি গুৰুজনাই “হাতী মাৰি ভুৰুকাত ভৰােৱা” সেই অবিস্মৰণীয় প্রসংগতাে। প্রকাণ্ড ভাগৱত শাস্ত্ৰৰ সাৰভাগ বুটলি মাত্র এটা নিশাৰ ভিতৰত ‘গুণমালা’ৰ ৰূপত লিপিবদ্ধ কৰি এখন অমূল্য ধর্মীয় গ্রন্থ ৰচিছিল একমাত্র ৰজা নৰনাৰায়ণৰ আদেশ মর্মেই।

শংকৰদেৱে ৰজাৰপৰা দিনক দিনে মান-সম্মান, আদৰ-সাদৰ আৰু ক্ষমতা লাভ কৰা দেখি পুৰােহিত শ্ৰেণীটোৱে আকৌ শংকৰদেৱৰ বিৰুদ্ধে নানা ষড়যন্ত্রত নামি গ’ল। নিতৌ ৰজাৰ আগত হােৱাই নােহােৱাই বিভিন্ন অভিযােগ দাখিল কৰিবলৈ ধৰিলে। মন কৰিবলগীয়া যে যাৰ ভয়ত গুৰুজনাই অসম এৰি বেহাৰ ৰাজ্যত আশ্রয় ল’বলৈ বাধ্য হৈছিল, তাতাে সেই পুৰােহিত শ্ৰেণীটোৱে তেওঁক ভালকৈয়ে লম্ভিলে। প্রথমাৱস্থাত ৰজা নৰনাৰায়ণে সেইবােৰ মুঠেও বিশ্বাস কৰা নাছিল। বৰং কৈছিল, “মই শংকৰক ভালকৈ জানাে। তােমালােকে যদি এইবােৰ অভিযােগ প্রমাণ কৰিব নােৱাৰা তেন্তে তাৰ ফল ভুগিবা।”

কিন্তু সুবিধাবাদী পুৰিহিত শ্ৰেণীটো বদ্ধপৰিকৰ। যিকোনাে প্রকাৰে শংকৰদেৱক দোষী সাব্যস্ত কৰি শাস্তি বিহিব লাগে। সেয়ে কিছুমান মনেসজা অভিযােগেৰে ৰজাক আবেগিক কৰি পেলালত ৰজাৰ খং উঠি মন্ত্ৰীক ৰজাৰ সন্মুখত হাজিৰ কৰিবলৈ আদেশ দি ক’লে, “শংকৰৰ চালেৰে ডামামা ছােৱাম আৰু হাড়েৰে ডামামা বজোৱাম, মঙহ হেঙাল কুকুৰক খুৱাম। মন্ত্রী তুমি এতিয়াই শংকৰক ধৰাই অনােৱা।” পুৰােহিত শ্ৰেণীৰ কূটনীতিয়ে শংকৰদেৱৰ জীৱনলৈ বিপদ আনিব বুলি ভয় খাই এইবাৰ চিলাৰায় অৱতীৰ্ণ হ’ল ত্রাণকর্তাৰ ৰূপত। ৰজাৰ সৈন্যই শংকৰদেৱক বন্দী কৰাৰ আগতেই চিলাৰায়ে মানুহ পঠিয়াই তেওঁক ফুলবাৰীলৈ অনাই সুৰক্ষা দি ৰাখিলে।

শংকৰদেৱক চিলাৰায়ে লুকুৱাই ৰখা কথাটো ৰজাৰ কাণত পৰিল। ৰজাই কটকী পঠিয়াই শংকৰদেৱক ৰজাৰ সন্মুখত হাজিৰ কৰিবলৈ খবৰ দিলে। গুৰুজনাৰ কোনাে হানি কৰিব নােৱাৰিব, এই চর্ত আৰােপ কৰি চিলাৰায়ে শংকৰদেৱক ৰজাৰ আগত হাজিৰ কৰােৱালে। ৰাজ দৰবাৰত গুৰুজনাৰ বিচাৰ হ’ল। পুৰােহিত শ্ৰেণীৰ এই ষড়যন্ত্রই এইবাৰ পিচে গুৰুজনাক অপকাৰ কৰিব চাৰি দুগুণ উপকাৰহে সাধিলে। কিয়নাে তেওঁলােকৰ নিৰন্তৰ অভিযােগৰ বাবেই ৰজা নৰনাৰায়ণে ৰাজ দৰবাৰত বিচাৰ পাতিলে। সেই বিচাৰ কিন্তু একপক্ষীয় বা তেনেই সাধাৰণ বিচাৰ নাছিল। আছিল পাণ্ডিত্যপূর্ণ যুক্তি-তর্ক। কাৰণ আহােম ৰজাৰ দৰে কোঁচ ৰজা অবিবেচক নাছিল, আছিল কাশীত শিক্ষা লাভ কৰা পণ্ডিত ব্যক্তি। সেয়ে এই যুক্তি-তর্কৰ জৰিয়তে শংকৰদেৱে নিজৰ যি আকাশলংঘী পাণ্ডিত্য, তাক আগ্নেয়গিৰীৰ জ্বালামুখীৰ দৰে উদ্গিৰণ ঘটাই সর্বগ্রাহ্য বুলি সজোৰে প্রতিষ্ঠা কৰাৰ সুৱর্ণ সুযােগ লাভ কৰিলে। শংকৰদেৱৰ অগাধ পাণ্ডিত্যৰ আগত পুৰােহিতসকল ভিজা মেকুৰী হৈ পৰিল। দিনৰ পিছত দিন ধৰি যুক্তি-তর্ক অব্যাহত থাকিল। পুৰােহিতসকলৰ অৱস্থা দিনক দিনে কাহিল হৈ গৈ থাকিল। ইপিনে গুৰুজনাৰ পাণ্ডিত্যত ৰজা মুগ্ধ হৈ গৈ থাকিল। এইদৰে নৰনাৰায়ণৰ ৰাজ দৰবাৰত সুদীর্ঘ তিনিমাহ যুক্তি-তর্কৰ অন্তত পুৰােহিতসকল সমূলে পৰাস্ত হ’ল। আনকি কাশী আৰু প্ৰয়াগৰপৰা অহা দুজন পুৰােহিত পণ্ডিতেও বেয়াকৈ মুখ ঠেকেঁচা খালে। ৰজা নিজেও আছিল শাস্ত্রজ্ঞ আৰু সংস্কৃত পণ্ডিত। সেয়ে তেওঁ অৱশেষত নিজে আঠটা শ্লোক ৰচনা কৰি পুৰােহিতসকলক তাৰ অৰ্থ ক’বলৈ নির্দেশ দিলে। পুৰােহিতসকলে একো বুজি-বাজি নাপালে। অথচ শংকৰদেৱে তাৰ চাৰি ধৰণে অর্থ ভাঙনি কৰিলে। ৰজা সন্তুষ্ট হ’ল। পুৰােহিতসকলৰ কু-অভিসন্ধি ধৰা পৰিল। তেওঁলােকৰ শাস্ত্ৰবােৰ ফালি-ছিৰি তােৰােচা নৈত পেলাই দিবলৈ আদেশ দিলে। ইফালে শংকৰদেৱক ৰজাই প্রশংসাৰে উপচাই পেলালে। অজস্র ধন-সােণৰ লগতে বাখৰ পাতোৱা এটা বহুমূলীয়া চোলা দান দি ক’লে, “শুনা দেৱ শংকৰ, এই দগলাটো তােমাক পুৰস্কাৰ দিলোঁ। ই তােমাৰহে যােগ্য। তুমি ইয়াক পৰিধান কৰিবা।”

তাৰ মাজতে কবিচন্দ্ৰ নামৰ পণ্ডিত এজন তিনি কুৰি শিষ্য লৈ আহিছিল ৰাজ দৰবাৰলৈ। ৰজাই তেতিয়া এইবুলি জনালে, “ব্রাহ্মণ পণ্ডিত নালাগে, শংকৰ নামে এজন শূদ্র পণ্ডিত আছে। তেওঁক জিনিব পাৰিলেই কবিচন্দ্রক পণ্ডিত বুলি জনা যাব।” ইয়াৰপৰাই বুজিব পাৰি গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি ৰজা কিমান গভীৰভাৱে মুগ্ধ হৈছিল। উল্লেখযােগ্য যে শংকৰদেৱ প্ৰচাৰিত ভাগৱতী ধৰ্মক ৰজাই শ্রেষ্ঠ ধর্ম বুলি আখ্যা দিছিল। আৰু তেওঁক শৰণ দিবলৈ শংকৰদেৱক খাটনি ধৰিছিল। গুৰুজনাৰ পাণ্ডিত্যৰ প্রতি নৰনাৰায়ণ আৰু চিলাৰায়ে দেখুৱা সন্মান আৰু বিশ্বাসৰ আন এটা উদাহৰণ দিয়া যাওক। নৰনাৰায়ণৰ ৰাজবাড়ীত এজন যােগী আছিল। চিলাৰায়ে তেওঁক শংকৰদেৱৰ দৰেই একেশ্বৰবাদী বুলি বিশ্বাস কৰিছিল আৰু সসন্মানে আশ্রয় দিছিল। কিন্তু শংকৰদেৱৰ যুক্তিত ৰজাই তেওঁক খেদি দিছিল। সেইদৰে কোচ ৰাজ্যৰ ৰাজধানীৰ কাষতে ভেলাদঙা নামে ঠাইত চিলাৰায়ে গুৰুজনাৰ বাবে এখন সত্ৰ সাজি দিছিল। সেই সত্ৰখন বানত দুবাৰকৈ বিধ্বস্ত হােৱাত ইয়াক মধুপুৰলৈ স্থানান্তৰিত কৰা হয়। বর্তমান এই ঠাই ‘মধুপুৰ সত্ৰ’ নামে জনাজাত।

এইদৰে গুৰুজনাৰ বর্ণাঢ্য জীৱনলৈ লক্ষ্য কৰিলে দেখা যায় যে, গুৰুজনাই অসম এৰাটো যেন তেওঁৰ লক্ষ্য-উদ্দেশ্য পুৰণাৰ্থে অৱশ্যম্ভাৱী আছিল। অৱশ্যম্ভাৱী আছিল পুৰােহিত শ্ৰেণীটো তেওঁৰ বিদ্রোহী হৈ উঠাটো। কাৰণ শ্ৰীমন্ত শংকৰদেৱ যদি জন্মভূমি অসম এৰি কোচ ৰাজ্যলৈ পলাই নগ’লহেঁতেন, আৰু কোচ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ে মহানুভৱতা আৰু বদান্যতা প্রদর্শন কৰি তেওঁক আশ্রয় নিদিলেহেঁতেন, তেন্তে অসমীয়া মানুহৰ ইতিহাসেই যে সলনি হ’লহেঁতেন তাত কোনাে সন্দেহ নাই।

গতিকে দেখা যায় যে শংকৰদেৱৰ জীৱনত যিসকল ব্যক্তিৰ প্ৰভাৱ আটাইতকৈ বেছি আৰু প্ৰেৰণাসঞ্চাৰী আছিল, তাৰ ভিতৰত অন্যতম আছিল কোচ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়। তেওঁলােকৰ বদান্যতা, আনুগত্য আৰু মহানুভৱতাৰ অবিহনে গুৰুজনাই বৰ অসমৰ চিৰযুগমীয়া ধর্মীয় আৰু সাংস্কৃতিক ভেটি নির্মাণ কৰিবলৈ হয়তাে অপাৰগ হ’লহেঁতেন। অপাৰগ হ’লহেঁতেন নৱ বৈষ্ণৱ ধৰ্মৰ অমিয়া বাণী দশােদিশে বিয়পাই ‘ধর্মীয় নৱজাগৰণ’ৰ সূচনা কৰি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ধর্মীয় দুৰাচাৰৰ পিটনিত আকণ্ঠ ডুব গৈ থকা পােন্ধৰশ শতিকাৰ সমাজখনক উদ্ধাৰ কৰিবলৈ।

অথচ সেই মহানুভৱী ব্যক্তিদুজনৰ মহানুভৱতাই আজিও যেন উপযুক্ত মর্যাদা লাভ নকৰিলে। সেয়ে হােমেন বৰগােহাঞিয়ে কৈছিল, “বৰ অসমৰ সাংস্কৃতিক ভেঁটি নির্মাণ কৰা কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায় অসম বুৰঞ্জীত সদায় অপাংক্তেয় হৈ থাকিল।”

☆ ★ ☆ ★ ☆

12 Comments

  • dhiren saikia

    শংকৰদেৱৰ ঘাই শত্রু হৈ পৰিছিল পুৰােহিত শ্ৰেণীটো। এই কথা এশ শতাংশই সঁচা,আহোম স্বৰ্গদেউ-কছাৰী ৰজা আদিয়ে ভয় ভাবুকি তথা উৎপীড়ন নকৰি শেষত কোচ ৰজাই তেওঁক পৰিৱেশ দিয়া বাবেহে গুৰুজনা আজি এইখিনি পৰ্যায়লৈ আহিল

    Reply
    • মুনিন্দ্ৰ বৈশ্য

      আন্তৰিক ধন্যবাদ দাদা

      Reply
  • পঙ্কজ বৰুৱা

    হয় নৰনাৰায়ণ আৰু চিলাৰায় অসম বুৰঞ্জীৰ পাতত সদায় উপেক্ষিত ৷

    Reply
    • মুনিন্দ্ৰ বৈশ্য

      ধন্যবাদ বৰুৱাদেৱ

      Reply
  • prodip ch Borah.

    নৰনাৰায়ণৰ ৰাজসভাৰ চিৰি বগাই যাওঁতে গুৰু জনাই আবৃত্তি কৰা টোটয় টো আছিল

    মধু দানৱ মাৰণ দেৱ বৰং ৷
    বৰ বাৰিজ লোচন চক্ৰ ধৰং ৷৷
    ধৰণিধৰ ধাৰণ ধ্যেয় পৰং ৷
    পৰমাৰ্থ বিদ্যাশুভ নাস কৰং ৷৷
    ——– ——- — ——-

    Reply
  • prodip ch Borah.

    নৰনাৰায়ণৰ ৰাজসভাৰ চিৰি বগাই যাওঁতে গুৰু জনাই আবৃত্তি কৰা টোটয় টো আছিল

    মধু দানৱ মাৰণ দেৱ বৰং ৷
    বৰ বাৰিজ লোচন চক্ৰ ধৰং ৷৷
    ধৰণিধৰ ধাৰণ ধ্যেয় পৰং ৷
    পৰমাৰ্থ বিদ্যাশুভ নাস কৰং ৷৷
    ——– ——- — ——-

    Reply
    • মুনিন্দ্ৰ বৈশ্য

      ধন্যবাদ বৰাদেৱ

      Reply
  • পঙ্কজ বৰুৱা

    এই প্ৰবন্ধটোৰ দুই এক কথা মানি ল’ব নোৱাৰি, বুৰঞ্জীৰ কোনো কথাই সমালোচনাৰ উৰ্দ্ধত নহয়, ইয়াত আহোম ৰজাক অবিবেচী কোৱাটোও যুক্তি সংগত নহয় ৷

    Reply
  • পঙ্কজ বৰুৱা

    ১৫৪০-৪৬ খ্ৰীঃৰ ভিতৰত স্বৰ্গদেৱ চুক্লেনমুঙৰ দিনত আহোম ৰজাই ভৈয়ামৰ কছাৰী ৰাজ্য দখল কৰে, তাৰ পিছতে কপিলীৰ ভূঞা ৰাজ্য। তেতিয়াৰেপৰা আহোম ৰাজ্যই বহিৰাগত শক্তি মুছলমান আৰু কোচৰ লগত প্ৰত্যক্ষভাৱে মুখমুখি হ’ব লগা হয়। ১৫৪৬ খ্ৰীঃত প্ৰথমবাৰৰ বাবে কোচে আহোম ৰাজ্য আক্ৰমণ কৰে। সেয়ে এই কালছোৱাতে দেশৰ নিৰাপত্তাৰ খাতিৰত আহোম প্ৰশাসনক হাতীৰ প্ৰয়োজন হ’ব পাৰে। চৰিত পুথিৰ বৰ্ণনামতে স্বৰ্গদেৱে লুইতৰ উত্তৰপাৰে হাতী ধৰিবৰ বাবে সন্দিকৈ বৰাক আদেশ দিছিল। চিকাৰৰ ব্যৱস্হামতে পাইক প্ৰথা অনুসৰি ধূঞাহাটৰ ভূঞাবিলাককো সন্দিকৈ বৰাই হাতী আগচাৰ ভাৰ দিছিল। দুৰ্ভাগ্যবশতঃ ভূঞাবিলাকৰ ফালে হাতী ওলাই পলাই গ’ল। এই ঘটনাত ১০০ জনীয়া ৰখীয়াৰ নেতা হৰি নিজে কামৰ সময়ত উপস্হিত নথকাৰ দোষত দোষী পাই হাতী ৰখীয়াৰ নেতা হৰিৰ সতে মাধৱদেৱকো ধৰি লৈ গ’ল। সন্দিকৈ বৰাই মাধৱক বৰাগী যেন দেখি এৰি দিলে আৰু হৰিক হত্যা কৰে। সেইসময়ত মাধৱদেৱৰ বয়স হ’ব লাগে ৫০ৰ আৰু হৰিৰ ৮০ বছৰৰ ওপৰত।
    ঘটনাৰ ব্যাখ্যা
    ইয়াতে আৰু এটা কথা আহি পৰে ৩১ বছৰ বয়সত শঙ্কৰদেৱে ৬ বছৰীয়া জীয়েক মনুক হৰিলৈ বিয়া দিছিল ১৪৪৯+৩১=১৪৮০ খ্ৰীঃত। সেইসময়ত হৰিৰ বয়স ১৮ বছৰ ধৰি ললে ১৫৪০খ্ৰীঃত কপিলীৰ ভূঞা ৰাজ্য দখল আৰু হৰিৰ মৃত্যুদণ্ডৰ সময়ত বয়স ১৫৪৬-১৪৮০=৬৬+১৮=৮৪ বছৰ। ইতিমধ্যে তেওৰো সতি-সন্ততি হৈছিল। তেন্তে নিজ সন্তানক বাৰভূঞা বিষয় চলাবলৈ নিদি নিজে বুঢ়া বয়সত বিষয় চলোৱাতো কিমান গ্ৰহণযোগ্য। ১৫০৩ খ্ৰীঃত ৫৪ বছৰ বয়সত শঙ্কৰদেৱৰ ১৬ বছৰীয়া কালিন্দীৰসতে দ্বিতীয় বিবাহ হয়। সেই বিবাহৰ ফলত জন্ম হোৱা পুত্ৰ ৰমানন্দৰে বয়স ৪০ বছৰৰ আশে-পাশে হ’ব লাগে। সেই হিচাপত বাৰভূঞা খিতাপৰ দাবীদাৰ ৰমানন্দ। নিশ্চয়কৈ ভিনিয়েক হৰিয়ে শাসনকাৰ্য্য চলাবলৈ নাপাব। আহোম ৰজাই হৰিক দোষী কৰা কথাই তেৱেই বিষয় চলাই থকাৰ প্ৰমাণ। ৮০ বছৰৰ ওপৰৰ বৃদ্ধ এজনক হাতী চিকাৰৰ ভাৰ দিয়াতো আৰু দোষী সাব্যস্ত কৰাৰ কথা কিমান গ্ৰহণযোগ্য?

    Reply
  • পঙ্কজ বৰুৱা ৷

    হৰিৰ মৃত্যুৰ একমাত্ৰ সাক্ষী মাথোন গুৰুজনাৰ বিশ্বস্ত মাধৱদেৱ। চৰিত পুথিয়ে নিশ্চয়কৈ মাধৱদেৱৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰিয়েই এই ঘটনা বৰ্ণনা কৰিছে। কাৰণ ২য় কোনো ব্যক্তি উপস্হিত থকা নাই। সেইসময়ত আহোম শাসন ব্যৱস্হাত মাত্ৰ ৫ জন ব্যক্তিৰহে মৃত্যুদণ্ড দিয়াৰ ক্ষমতা থাকে। ৰজা, তিনি গোহাঁই মন্ত্ৰী আৰু বৰবৰুৱা। ৰক্তপাত মাথোন ৰজাইহে কৰিব পাৰে। বাকীকেইজনে বিনা-ৰক্তপাতে প্ৰাণনাশ কৰিব পাৰে। মৃত্যুদণ্ড মাথো লিখিত আদেশতহে কাৰ্য্যকৰী হয়। সেই হিচাপত কুৰি পাইকৰ অধিকাৰী আটাইতকৈ নিম্নশ্ৰেণীৰ বিষয়াই মৃত্যুদণ্ড তাকো ৰক্তপাত কৰি মুঠেই বিশ্বাসযোগ্য নহয়।

    হৰি সেইযুগৰ অন্যতম প্ৰতিভাবান আৰু শিক্ষিত ব্যক্তিজনৰ তথা বাৰভূঞাৰ মুখ্য দলপতি(শিৰোমণি)ৰ জোৱাই। ইমান সহজে কোনো বিৰোধ নোহোৱাকৈ আহোম ৰাজধানীলৈ বন্দী কৰি আনিব পাৰিবনে? ইয়াৰোপৰি আপীল কৰিবলৈ পৰিয়ালৰ কোনো লোক নহাতো খুবেই আচৰিত। উভয়পক্ষৰ বাবে তেওৰ জীৱনৰ ৰাজনৈতিক মূল্য বহুত। চুতীয়া আৰু ভূঞা দুই ৰাজ্যহাৰা ৰাজনৈতিক শক্তিৰ বিচৰণথলী উত্তৰপাৰত যিকোনো বিবেচনাহীন সিদ্ধান্তই নতুনকৈ স্হাপন কৰা আহোম শাসনৰ খুটি থৰক বৰক কৰি পেলাব। পশ্চিমৰ দুৱাৰদলিত দুই শত্ৰু কোচ আৰু মুছলমান আক্ৰমণকাৰীৰপৰা যিকোনো সময়তে যুঁজৰ আশঙ্কা, তেনে পৰিস্হিতিত এনে বিবেচনাহীন কাম কোনো শাসন যন্ত্ৰই নকৰে।

    Reply
  • পঙ্কজ বৰুৱা ৷

    চৰিতপুথিৰ মতে চিলাৰায়ৰ অসম আক্ৰমণৰ আগে আগে আহোম ৰাজ্য ত্যাগ কৰি কোচ ৰাজ্যত জীৱনৰ অন্তিম দিনলৈকে আশ্ৰয় লয়। এইখিনিতে এটা প্ৰশ্ন আহি পৰে যদি শঙ্কৰদেৱে প্ৰকৃততে চিলাৰায়ৰ অসম অভিযানৰ আগে আগে কোচৰাজ্য এৰে তেন্তে তেও প্ৰায় ১১৪ বছৰ বয়সলৈ আহোম ৰাজ্যত বাস কৰিছিল। কাৰণ চিলাৰায়ৰ অসম আক্ৰমণ সময় ১৫৬৩ খ্ৰীঃ। সেই হিচাপত তেও কোচৰাজ্যত মথো ৬ বছৰ হে জীয়াই আছিল। কিন্তু জীৱনীকাৰসকলৰ মতে শঙ্কৰদেৱে সূদীৰ্ঘ ২২ বছৰকাল কোচৰাজ্যত বাস কৰিছিল। এই কথা মানি ললে তেও ১৫৪৬ খ্ৰীঃৰ আগেয়ে অসম এৰি যাব লাগিব, কোচৰ প্ৰথম আক্ৰমণৰ আগে আগে আৰু হৰিৰ হত্যাৰ পিছত। কোচৰাজ্যত শঙ্কৰদেৱৰ জীৱনকাল, সাতসৰী বুৰঞ্জীৰ তথ্যমতে চিলাৰায়ক অসম আক্ৰমণ কৰিবলৈ দিয়া মন্ত্ৰণা, কোচ ৰজাৰদ্বাৰা পাটবাউসীৰ বাৰভূঞা খিতাপ লাভ চিলাৰায়ৰ লগত ভতিজাক ৰামাৰায় ঠাকুৰৰ জীয়েক ভুবেনেশ্বৰীৰ বিবাহৰ যোগেদি কোচৰ লগত ৰাজনৈতিক সম্পৰ্ক সুদৃঢ়ৰণ আদি মন কৰিলে ১৫৪৬ খ্ৰীঃৰ আগেয়ে কোচৰাজ্যলৈ প্ৰবজন কৰাতো নিশ্চিত। এই আশ্ৰয় ৰাজনৈতিক আছিল যেনহে লাগে ৷

    Reply
  • পঙ্কজ বৰুৱা

    শঙ্কৰদেৱৰ জীৱনকাল অধ্যয়ণ কৰোতে আমি সততে এটা দিশ উলাই কৰো, সেইটো হৈছে তেওঁৰ ৰাজনৈতিক চৰিত্ৰ। শিল্পী, সাহিত্যিক আৰু অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কথাষাৰে সৰ্বসাধাৰণ পাঠকৰ মনত এক নিমাখিত বৈৰাগী ব্যক্তিৰ ধাৰণা আনি দিয়ে। তাতে ভাৰতীয় মনস্তত্বই ধৰ্মৰ লগত জড়িত যিকোনো ব্যক্তি বা ঘটনাক ঈশ্বৰত্ব আৰোপ কৰি সমালোচনাৰ উৰ্ধত ৰাখিব খোজে। সাধাৰণতে মানুহৰ বিশ্বাস ঈশ্বৰ বিশ্বাসী আৰু ধাৰ্মিক মানুহে বিপৰীতমুখী কাম কৰিব নোৱাৰে। এই ধাৰণাৰ বাবে ভাৰতীয় মানুহে সৎ হোৱাৰ পৰিবৰ্তে ঈশ্বৰ বিশ্বাসী আৰু ধাৰ্মিক হ’বলৈ নিজ সন্তানক শিক্ষা দিয়ে।

    শংকৰদেৱ এক জনসমষ্টিৰ সুযোগ্য দলপতি সুচতুৰ আৰু গভীৰ ৰাজনৈতিক জ্ঞানৰ গৰাকী আছিল । সেয়ে নিজ অধীনস্হ প্ৰজাৰ অস্তিত্বৰ সংকটৰ সময়ত বৈৰাগী ধৰ্মপ্ৰচাৰক হোৱাৰ কাহিনী বুজিবলৈ আমি গতানুগতিক চিন্তাৰ পৰিসীমা অতিক্ৰম কৰিবই লাগিব। টেম্বুৱনী জানত বান্ধ দিয়াৰ বাবে স্থানীয় কৈৱৰ্ত্ত বাসিন্দাসকলৰ সহযোগিতা লাভ কৰিবলৈ উদ্বোধনী অনুষ্ঠানত কৈৱৰ্ত্তসকলৰ মাজত এগৰাকী সতী কন্যাৰ ধাৰণাৰ জন্ম দি সেই কন্যাৰদ্বাৰা এক পল’ পানী আনিব পৰা কৌশলৰ সৃষ্টি শঙ্কৰদেৱৰ সূচতুৰ ৰাজনৈতিক জ্ঞান-বুদ্ধিৰ পৰিচয়। মানুহৰ মনস্তত্ব বুজি কোন সময়ত কি কৌশল প্ৰয়োগ কৰিলে কাৰ্য্য সিদ্ধি হয় সেই সম্পৰ্কে তেওৰ সঠিক ধাৰণা আছিল। সুদীৰ্ঘ ২২ বছৰকাল কটোৱা আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা পোৱা দেশখনত কাৰো মাজত নাম-ধৰ্মই গ্ৰহণযোগ্যতা নোপোৱা কথা খুবেই ৰহস্যজনক। সেয়ে এনেবোৰ দিশ আওকাণ কৰি গতানুগতিকতাৰে একপক্ষীয়ভাৱে ভক্তিত গদ গদ হৈ কৰা আলোচনাৰে অধ্যয়ণ অসম্পূৰ্ণ হৈ পৰে ৷

    Reply

Leave a Reply

Your email address will not be published.