ফটাঢোল

গেজেং – বৈদুৰ্য্য বৰুৱা

সৰুতে এবাৰ লগৰীয়াৰ সৈতে ফুটবল নে ৰবাব টেঙা কিবা এটা খেলি আছিলোঁ‌। তেনেতে কোনোবাই মাৰিলে লেং। লুটি খাই পৰিলোঁ‌। বাওঁ ভৰিৰ তলৰ গাঁঠিটোত অলপ দুখ পালোঁ‌। তেনেকৈয়ে সন্ধিয়া লেকেচিয়াই লেকেচিয়াই ঘৰ পালোহি। কিন্তু এন্ধাৰ হোৱাৰ লগে লগে অসহ্য বিষ আৰম্ভ হৈ গ’ল। ভৰিটো তলৰ ফালে ফুলি আহিল। পিছদিনাও একেই। বিষ নকমে। ভৰিটো চুলেই গেজেংকৈ মাৰে। তথাপিও এটা ভৰিৰ ওপৰতেই জঁ‌পিয়াই জঁ‌পিয়াই ঘূৰি ফুৰিছোঁ‌। স্কুললৈ যোৱা নাই।পাছবেলালৈ ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা।

সেইসময়তেই ঘৰলৈ অহা কোনোবা চুবুৰীয়া এজনে বটাৰ পৰা তামোল এখন মুখত ভৰাই দেউতাহঁতক কোৱা শুনিলোঁ।”কিয় আমাৰ অম্বা জেঠাই আছে নহয়!জেঠাইক এবাৰ মাতক।” অলপদেৰিৰ পাছতে অম্বা জেঠাই হাজিৰ। “কাঁহৰ বাতি এটাত মিঠাতেল অলপ আনক।”—জেঠাইৰ নিৰ্দেশ। মিঠাতেল আহি গ’ল।জেঠাইয়ে মোক মূঢ়া এটাত বহিবলৈ ক’লে। ময়ো আদেশ পালন কৰি বহিলোঁ‌। জেঠায়ে দুবৰি বন দুপাতলৈ মিঠাতেলত জুবুৰিয়াই কিবা মন্ত্ৰ মাতি ফুৱাই ফুৱাই ভৰিৰ সেই ফুলা অংশত লগাই গ’ল। হাতৰ আঙুলিৰে লাহে লাহে ফুলা অংশ মোহাৰি দিলে সুৰসুৰাই যোৱাকৈ। তাৰপিছত জেঠায়ে ক’লে, “উঠ যা এতিয়া খোজকাঢ়।” ময়ো লাহে লাহে ভয়ে ভয়ে ঠিয় হ’লোঁ‌। কিন্তু মই লাহে লাহে খোজকাঢ়িব পাৰিছোঁ‌ দেখোন! বিষ লাহে লাহে কমি আহিছে…. ফুলাটোও লাহে লাহে কমি আহিছে….মই এতিয়া ফ্ৰী! সেই গেজেংটো এতিয়া নাই! ঠিক আধাঘণ্টামানৰ পাছত আনন্দমনেৰে আকৌ লগৰীয়াৰ লগত খেলিবলৈ ওলাই গ’লোঁ‌।

দুবছৰ মানৰ আগৰ কথা। ঘৰৰ ষ্টেপটোৰ পৰা নামোতেই হঠাতে এনেকুৱা লাগিল কঁ‌কালটো যেন লাগি ধৰিল। মই বেঁ‌কা হ’ব পৰা নাই। বেঁ‌কা বা হাউলিব খুজিলেই কঁ‌কালৰ কোনোবাখিনিত গেজেংকৈ ধৰে।কোনোমতে চিধা হৈ হৈয়েই পুনৰ ঘৰ সোমালোঁ‌। বিছনাত শুই দিলোঁ‌ লাহেকৈ। কিন্তু এতিয়া উঠিব নোৱাৰোঁ। গেজেংকৈ ধৰে! উঠিব নোৱাৰো বহিব নোৱাৰো কি হ’ল মোৰ! খুব অধ্যয়ন কৰি এক বিশেষ ভংগীতহে কাঠ এডালৰ দৰে চলা-ফুৰা, বাইক চলোৱা,গাড়ী চলোৱা কামবোৰ কৰি গ’লোঁ‌। মুঠতে অলপ ইফাল সিফাল হ’লেই ককালত গেজেংকৈ ধৰে।দুদিন এইদৰেই থাকিলোঁ‌। তাৰপাছত ভাবিলোঁ‌ নাই এনেকৈ থাকিলে নহ’ব। ডাক্তৰক দেখুওৱা উচিত।

এইবোৰৰ ভবা-গুণাৰ মাজতে চহৰৰ ভগৱান পানদোকানীয়ে মোৰ অৱস্থা দেখি সুধিলে বোলে হ’ল কি? মই ক’লো তাক মোৰ অৱস্থাটোৰ কথা।

“আৰে কুচ নেহি হুৱা। ম’চ্ আ গিয়া। আপ চিধা খানভাই কা পাচ যাইয়ে।”—

ভগৱানৰ উপদেশ।

“কৌন খান ভাই?”

“আৰে ঠেলাৱালা হাই….চিৰুৱাপট্টি দুৰ্গা মন্দিৰ নেহী হেই?. …উনকা বগল মে….”

ভগৱানৰ উপদেশত অম্বা জেঠাইৰ কথা মনত পৰিল।খানভাইৰ ঠিকনা লৈ চিৰাপট্টিৰ দুৰ্গা মন্দিৰৰ আগলৈ গ’লোঁ‌। খানভাই ক’ত থাকে সুধিলোঁ ঠেলা ষ্টেণ্ডটোত। এটাই আঙুলিয়াই দিলে দূৰত ঠেলা এখনত বহি চাদা মলি থকা মানুহ এটালৈ। খানভাইৰ ওচৰলৈ গৈ ক’লোঁ‌ মোৰ সমস্যাটোৰ কথা। খানভায়ে মোৰ কথা মন দি শুনিলে চাদা মলি মলি।

“হাত ওপৰ কৰকে চিধা খাৰা হ’ যাইয়ে।”

খানভায়ে চাদাপালি কাঁটকৈ জিভাৰ ফালে মাৰি নিৰ্দেশ দিলে। ময়ো আদেশ পালন কৰি ওপৰলৈ হাত উঠাই থিয় হৈ থাকিলোঁ‌। অম্বা জেঠাইৰ কথা মনত পৰিল।অলপ লাজো লাগিছে মানুহৰ আগত চহৰৰ মাজত।উপায় নাই। এই লাজতকৈ মোৰ গেজেংটোহে প্ৰধান সমস্যা এতিয়া! আৰু এই এলেকাটো বিহাৰী ঠেলাৱালা, মুটীয়া আদিৰ আড্ডা। মোক চিনি পোৱা মানুহ নাই। খানভায়ে থিয় হৈ মোৰ কঁ‌কালটো পিতিকি পিতিকি কিবা এটা পৰীক্ষা কৰি খামোচ মাৰি মাৰি গ’ল। তাৰ পাছত বোকাৰ মাজত খেপিয়াই চেঙেলি মাছ ধৰাৰ দৰে এঠাইত চেপি ধৰিলে। আকৌ গেজেংকৈ মাৰিলে।তাৰপাছত হঠাতে খানভায়ে মোৰ হাত দুখন পূৰণ চিনটোৰ দৰে টানি ধৰি কঁ‌কালত পিছফালৰ পৰা তাৰ আঠুটোৰে ঘুটুককৈ খুন্দা এটা মাৰিলে। মেৰেককৈ শব্দ এটা শুনা যেন লাগিল। লগতে এটা বিষ।

“অব আগে যাইয়ে।”

খানভায়ে কৈ উঠিল। মই আগলৈ লাহে লাহে খোজ দিলোঁ‌। নাই! এতিয়া কোনো বিষ নাই! মই এতিয়া ফ্ৰী! কোনো গেজেং নাই! খানভাইক নমস্কাৰ এটাৰে সৈতে পঞ্চাশ টকা এটা সসন্মানে আগবঢ়াই পুনৰ আনন্দ মনেৰে মটৰচাইকেলত উঠিলোঁ‌।

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.