ফটাঢোল

গ্ৰন্থমেলাত – ভাস্কৰ জ্যোতি বৰুৱা

ধেৎ চাল্লা, য’তে বাঘৰ ভয় তাতে ৰাতি হয়। তড়িৎ ক্ষিপ্ৰতাৰে স্বয়ংক্ৰিয়ভাৱেই ভৰি দুটা দুখোজ পিচুৱাই আহিল। গ্ৰন্থমেলাৰ বাওঁফালৰ তিনি নম্বৰ গলিটোৰ প্ৰথমখন বিপণীৰ বেৰৰ আঁৰ হ’লোঁ। বেৰত আঁৰি থোৱা ফ্লেক্সখনত পিঠিখন প্ৰায় চুচৰাই বাওঁ কান্ধখনৰ ওপৰেৰে ডিঙিটো আগুৱাই দিলোঁ বেৰৰ শেষ সীমাতকৈ কেইইঞ্চিমান আগলৈ। ‘নতুন প্ৰকাশ’ৰ বিপণীৰ সন্মুখত ৰৈ কৰিছে কি ভাস্কৰ জ্যোতি বৰুৱাই? তেওঁৰ কিতাপখনতো ‘নতুন প্ৰকাশে’ উলিওৱা নাই! স্বপ্ৰকাশিতহে আছিল। কাষত সেইজন নতুন প্ৰকাশৰ স্বত্বাধিকাৰ নীৰজ কলিতা নহয়নে? সোঁহাতৰ আঙুলিৰ পাবত কলম এটা ঘূৰাই আছে ভাস্কৰদাই। উই মা! এখেত অ’ট’গ্ৰাফ দিবলৈ সাজু হ’লেই নেকি? কিবা এটা কৈ নীৰজ কলিতাৰ পিঠিত কিতাপ এখন লৈ থকা বাওঁহাতখনেৰেই ঢকা এটা মাৰি নিজে হাঁহিছে ভাস্কৰদাই। কিন্তু শ্ৰোতা নীৰজ কলিতাই হাঁহিব পৰা নাই। কাৰণটো এনেকুৱাও হয়তো হ’ব পাৰে – ‘নতুন প্ৰকাশ’ৰ বিপণীত প্ৰদৰ্শনৰ আটাইতকৈ সুবিধাজনক ঠাইখিনিত ভাস্কৰদাই নিজৰ কিতাপখন সজাব খুজিছে। কিন্তু ভদ্ৰতাৰ খাতিৰত স্বত্বাধিকাৰে ভাস্কৰদাক না ক’ব পৰা নাই। সঁচাকৈয়ে, কিছুমান পৰিস্থিতিত ভাতৃস্থানীয় হোৱাও কিমান অসহায়জনক।

এইবোৰ বাৰু তেওঁলোক দুজনৰ সমস্যা। কিন্তু মই পাৰ হৈ যাওঁ কেনেকৈ তেওঁলোকৰ সন্মুখেৰে? সভাগৃহত আলোচনাচক্ৰখন ইতিমধ্যেই আৰম্ভ হৈ গৈছে। সৰু প্ৰেক্ষাগৃহটোৰ ভিতৰৰ চাউণ্ড বক্সৰপৰা উফৰি অহা সঞ্চালকৰ ভাষণৰ ক্ষীণ শব্দৰ তৰংগ মূল মণ্ডপৰপৰা বৈ অহা গান-বাজনাৰ শক্তিশালী তৰংগত লীন নাযাবলৈ যুঁজি আছে। আঃ, গ্ৰন্থমেলাৰ এই ধুনীয়া আবেলিটোতো ইমান ভীৰ কিয় যে হোৱা নাই যাতে মানুহৰ জুম এটাৰ আঁৰ লৈ এইখিনি মই পাৰ হৈ যাব পাৰো! মহা সমস্যা।

কিতাপখনৰ এটা কপিও যে মই নল’ম, তেনে নহয়। কিন্তু ভাস্কৰদাই বিচৰা ধৰণে বিশটাকৈ কপি লৈ বেচোগৈনো কাক? লটাৰীৰ টিকট হ’লেও কথা বেলেগ আছিল। এনেকুৱাও নহয় যে কিতাপখন বৰ ভাল হৈছে বুলি মই চিনাকি কাৰোবাক কিনিবলৈ জোৰ কৰিব পাৰিম। নাঃ, সেই পাপ মোৰদ্বাৰা নহ’ব।

ভাস্কৰদাৰ গল্পজাতীয় লেখাবোৰ পঢ়িছিলোঁ ফেচবুকৰ পাততেই। কেতিয়াবা তেওঁৰ ৱাল নাইবা কোনোবা গ্ৰুপত। নিজৰ ৱালৰ লগতে বহুকেইটা গ্ৰুপত দাদাই একেলগে দিছিল। কেইঘণ্টামানৰ ভিতৰত লাইক-কমেণ্ট নেদেখিলে মোলৈ মেচেঞ্জাৰত লিংক পঠাইছিল। একো কমেণ্ট নকৰি লাইক কৰিলেও দাদা সুখী নহৈছিল। যেতিয়া ফেচবুকত লাইকৰ উপৰিও বহুকেইটা প্ৰতিক্ৰিয়া দিব পৰাৰ সুবিধা উপলব্ধ হ’ল, দাদাই ‘লাভ’ ৰিয়েকচন পালে আটাইতকৈ বেছি সুখী হৈছিল আৰু আমি যিবোৰে সেই কথা জানিছিলোঁ এই ক্ষেত্ৰত কেতিয়াও কৃপণালী কৰা নাছিলোঁ। ফেচবুকত তেওঁৰ দীঘলীয়া কাহিনীবোৰ প্ৰকাশৰ এক মিনিট নৌহওতেই একাধিক ‘লাভ’ ৰিয়েকচন পৰিছিল। এতিয়া সেই সকলোবোৰ ৰচনাক একেলগে থুপ খোৱাই এইখন গল্প পুথি।

এসময়ত বিত্তীয় কথা-বাৰ্তা লিখিছিল মানুহটোৱে। বেয়া নেলাগিছিল পঢ়ি। দুটা নতুন কথা জানিছিলোঁ। ফেচবুকত সেইবোৰ পঢ়ি ভাল পাই ফ্ৰেণ্ড ৰিকুৱেষ্ট বাৰু ময়ে পঠাইছিলোঁ তেওঁলৈ। কেনেকৈ পাহৰিম? তিনিমাহমান পেলাই থোৱাৰ পাচত ৰিকুৱেষ্টটো একচেপ্ট কৰিছিল। কিন্তু গল্প লিখিবলৈ লোৱাৰেপৰা মানুহটো যেন আগৰজনৰ হৈ নাথাকিল। তেওঁ সক্ৰিয় হৈ থকা গ্ৰুপকেইটাত কোনো নতুন সদস্য দেখিলেই নিজেই ৰিকুৱেষ্ট পঠাই বুলি বদনাম এটা মেচেঞ্জাৰ, হোৱাটছ এপৰ মাধ্যমেৰে বিয়পি পৰিছিল। আৰু যিদিনাৰপৰা কিতাপ উলিওৱাৰ পৰিকল্পনাটোৰ প্ৰচাৰ নিজে কৰিছিল, বাপৰে বাপ! সেই অধ্যায়ৰ মই নিজেই সাক্ষী।

সঁচা কথা ক’বলৈ গ’লে আগৰ দিন হোৱা হ’লে মুঠেও চিন্তাই নকৰিলোঁহেঁতেন। বিক্ৰী কৰিব নোৱাৰিলে নিজেই ৰাখি দিলোঁহেঁতেন। কিন্তু কি কৰিম! এই ‘অচ্ছে দিন’বোৰ আগৰ ‘বুৰে দিন’বোৰতকৈ বেয়াহে হ’ল। কেতিয়া চাকৰি যায় একো ঠিক নাই। ইনক্ৰিমেণ্টৰ কথা ভবাও নাযায়। কোম্পানীকো নোদোষো। এই টেলিকম চেক্টৰত কোম্পানী নিজেই কোনদিনা উৰি যাব তাৰে নিশ্চয়তা এতিয়া নাই। তাৰ মাজতো মৃতপ্ৰায় অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কথা চিন্তা চৰ্চা কৰা সচেতন অসমীয়াৰ ভূমিকাত অৱতীৰ্ণ হৈ মাল্টিপ্লেক্সত বহুকেইটা টকা দিলোঁ বিগত কিছুদিনত। অৱশ্যে নিজৰ অস্তিত্ব জাহিৰ কৰি ফেচবুকত লেখা-মেলা কৰি টিকি থাকিবলৈকে সেইখিনিৰ আৱশ্যক আছিল। এতিয়া মোৰ এইমাহৰ মনোৰঞ্জনৰ বাবে আচুতীয়া পুঁজিটো প্ৰায় উদং। তথাপি গ্ৰন্থ উদ্যোগটো জীয়াই ৰাখিবলৈকে কেইদিনমানৰ আগত এইখন গ্ৰ্ন্থমেলালৈকে আহি ভালেকেইখন কিতাপ কিনি উভতিছোঁ। ফেচবুক সাক্ষী আছে। আজিও কেইখনমান কিনাৰ পৰিকল্পনা নথকা নহয়। তাৰে দুখনমান ‘অনুপ্ৰেৰণা’ শিতানৰ হ’লেও আপত্তি নাই। কিন্তু সেই বুলি ভাস্কৰ জ্যোতি বৰুৱাৰ গল্প সংকলনৰ বিশটা কপি! নাঃ, নোৱাৰি। ভাস্কৰদাক বিক্ৰী কৰিব নোৱাৰিলোঁ বুলি কৈ কিতাপবোৰ উভতাই ফেচবুকত ব্লক হ’বলৈ মন নাই।

খুক খুক খুক… সৌজনক চোৱা, নোৱাৰাত পৰি হাঁহিছে নীৰজ কলিতাই। দেখিলেই ধৰিব পাৰি। দুহাতেৰে বুকুৰ সন্মুখত ধৰিছে এইমাত্ৰ ভাস্কৰদাই তুলি দিয়া কিতাপখন। নিশ্চয় গল্প সংকলনখনেই হ’ব। চেল্ফি ল’বলৈ বাওঁহাতখনত ম’বাইলটো ওপৰলৈ তুলি ধৰিছে ভাস্কৰদাই। মুখত হাঁহি থাকিলেও কিতাপখনৰ সৈতে নীৰজ কলিতাক বুকুত পৰিচয় ফলকখন লৈ ফটো উঠা অপৰাধীৰ দৰে মোৰ কিয় লাগিছে, ক’ব নোৱাৰো। তুলনাৰ কোনো সামঞ্জস্য নাই। এইবোৰ যিয়েই নহওক কিয়, মোৰ বাবে সৰকিবলৈ এয়াই সুবৰ্ণ সুযোগ। খোজ দিবলৈ উদ্যত হওঁতেই পাছফালৰপৰা এখন হাত সোঁকান্ধত পৰিল। বুকুখন চিৰিংকৈ মাৰিলে। মূৰ ঘূৰালোঁ। মুখত এমোকোৰা হাঁহি লৈ ফেচবুকীয়া গ্ৰুপ ফটাঢোলৰ জনপ্ৰিয় সদস্য বীৰেন। মানে আমাৰ বীৰেন। গ্ৰুপৰ বাবে জীৱন্ত কিম্বদন্তী। ঠিক যেন টিংকলৰ সুপন্দি।

: কাৰপৰা লুকাইছেনো?

মই আঙুলিয়ালোঁ।

: অঁ।

সকলো কথা বুজি পাই গ’ল বীৰেনে। বুজন ল’ৰা।

: কেতিয়া আহিলা গুৱাহাটীলৈ?

: কালি দাদা। পিছে ইয়াৰপৰা আঁতৰি নগৈ কিয় জুপাজুপিখন কৰি আছে?

: আলোচনা চক্ৰখন শুনিবলৈ বৰ মন আছিল হে।
প্ৰেক্ষাগৃহটোলৈ আঙুলিয়াই দেখুৱালো বীৰেনক।

: বিষয়?

: সাম্প্ৰতিক অসমীয়া চুটি গল্প।

: ভাস্কৰদাই এইবোৰ নুশুনে নেকি? মাত্ৰ লিখেহে যেন পাইছোঁ।

মই একো নক’লোঁ।

: ব’লক, একো নহয় মই আছোঁ নহয়।

: তোমাকোতো গ্ৰুপতে ২০ কপিৰ কথা কৈছিল। অলপো ভয় নাই?

এটা বেঁকা হাঁহি মাৰিলে বীৰেনে। “চিন্তা নকৰিব, ব’লক। তেওঁকে প্ৰথমে মাত এষাৰ দিওঁগৈ।”

পুনৰ বীৰেনৰ মুখৰ ফালে চকু ঘূৰালোঁ। মানুহ কেনেকৈ ইমান সাহসী হ’ব পাৰে!

বীৰেনৰ সাহসত ভাস্কৰদাহঁতৰ ফালে আগুৱালোঁ।
দুখোজমান দিওঁতেই ভাস্কৰদাৰ চকুত আমি পাৰিলোঁ। মানুহটোৱে হাঁহি এটা মাৰিলে। কিন্তু আচৰিত ধৰণে সেই হাঁহি অলপ আগলৈকে মাৰি থকা কেইটাৰ দৰে নহয়। ঠিক যেন নীৰজ কলিতাৰ হাঁহিটোহে ধাৰলৈহে ল’লে।

: দাদা, অভিনন্দন!
ওচৰ পায়েই কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই দিলে বীৰেনে।

: তোমাকো অভিনন্দন বীৰেন, কাকো গম নিদিয়াকৈ কামটো কৰিলা যে।
কৰমৰ্দনৰত অৱস্থাতেই ভাস্কৰদাই ক’লে।

ই বিয়া-চিয়া পাতিলে নেকি বাৰু? মই বীৰেনৰ ফালে মূৰ ঘূৰালোঁ। তাৰ চকুৱে মুখে গৌৰৱময় পৰিতৃপ্তিৰ আভা। কিন্তু ফেচবুকত আপডেট এটা নিদিয়াকৈ অভিনন্দন পাব পৰা উল্লেখযোগ্য কাম ই কেতিয়াৰপৰা কৰিব পৰা হ’ল?

: আচ্ছা, তোমালোক দুটা আছা নহয় অলপ দেৰি। মই আহি আছোঁ।’

সাময়িকভাৱে (?) বিদায় ল’বলৈ পুনৰ সোঁহাতখন বীৰেনৰ ফালে ভাস্কৰদাই আগ বঢ়াই দিলে। তাৰ পাছত মোলৈ আৰু শেষত নীৰজ কলিতাৰ ফালে। খোজ আৰম্ভ কৰিয়েই সোঁহাতৰ তৰ্জ্জনী আঙুলিটো আমি থিয় হৈ থকা ঠাইখিনিলৈ টোঁৱাই মোৰ চকুত চকু ৰাখি ভাস্কৰদাৰ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ – ‘কথা পাতিম’। আচ্ছা, এইখিনিলৈ তাৰমানে উভতি আহিব নোৱাৰি।
এটা দীঘল হুমুনিয়াহ এৰিলে নীৰজ কলিতাই। স্বস্তিৰ? আমাক সৌজন্যতাৰ মাতষাৰ দি তেখেতে নিজৰ বিপণীৰ ভিতৰলৈ বুলি উভতি খোজ ললে। অভাৱনীয়! এনে কি যাদুৰ দণ্ড হাতত পালে বীৰেনে? ই ভাস্কৰদাক টকা ধাৰলৈ খোজা নাছিলতো?

: কেনে পালে?
বীৰেনৰ মুখত আকৌ সেই বেঁকা হাঁহিটো।

: কিন্তু কেনেকৈ?
ৰহস্যটো বুজিবলৈ মই উদ্গ্ৰীৱ হৈ উঠিলোঁ।

: বিশেষ একো নহয়। মোৰ ফেচবুকত সিঁচৰতি হৈ থকা কবিতাবোৰ গোট খুৱাই এখন সংকলন উলিওৱা বুলি জনাইছিলোঁ ভাস্কৰদাক। সেইখনৰ ৫০ কপি গুৱাহাটীত বিক্ৰী কৰি দিব লাগিব বুলি মেচেঞ্জাৰত কৈছিলোঁ।

: টুপী দিলা ন?
মোৰ মুখেৰে এটা খোলা হাঁহি ওলাই গ’ল।

: নাই ৰে, ক’ত টুপী? এটা গাহৰি আৰু এটা খাহি ছাগলী বিক্ৰী কৰি পোৱা নগদ ধন পুৰা ইনভেষ্ট কৰি দিলোঁ। এইখন চাওক।
কান্ধত লৈ থকা কাপোৰৰ মোনাটোৰ পৰা এখন কিতাপ মোলৈ আগবঢ়াই দিলে বীৰেনে।

হাত পাতি ল’লোঁ। ‘যুদ্ধক্ষেত্ৰৰ পৰা’। নামটো আকৰ্ষণীয়। যথেষ্ট শকত, মেটমৰা। বেটুপাতৰ ছবিয়েও ৰণাংগণৰ কাহিনীকে কয়। যাদৃচ্ছিকভাৱে মাজৰ পৃষ্ঠা এটা খুলিলোঁ। কবিতাটো দীঘল। দুটা পৃষ্ঠাতো শেষ হোৱা নাই। নতুন কিতাপৰ ভাহি অহা ফুৰফুৰীয়া গোন্ধটো বাৰুদৰ যেন লাগিল।

: ব’লক, এতিয়া আলোচনা চক্ৰ শুনিবলৈ যাওঁ।
সোঁহাতেৰে মোৰ পিঠিত টান এটা দি বীৰেন গতিশীল হ’ল।

কিতাপখন মোৰ হাততে ৰাখি ময়ো বীৰেনৰ সমানে সমানে খোজ দিলোঁ। এইখন ঘূৰাই নিদিওঁ বাৰু। মূল্যটোও নিশ্চয় দিম। কিন্তু খন্তেক আগতে উজ্জীৱিত হৈ পৰা মোৰ মনটো পুনৰ গধুৰ হৈ পৰিল। বিশৃংখল ভাৱনা কিছুমানৰ মাজেৰে উঠি অহা এটা প্ৰশ্নই যেন মগজুটো অধিগ্ৰহণহে কৰিলে – এতিয়া কেনেকৈ উমান লোৱা যায়, বীৰেনৰ কাষত মই কিমান নিৰাপদ?

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.