ফটাঢোল

 গ্ৰন্থ, গ্ৰন্থ অধ্যয়ন, গ্ৰন্থমেলা ইত্যাদি- অদিতি গোস্বামী

“পুথি অধ্যয়ন বিদ্যা অৰ্জনৰ ঘাই উপায়”, সাহিত্যিক সত্যনাথ বৰাদেৱৰ ‘পুথি অধ্যয়ন’ পাঠটি পঞ্চম শ্ৰেণীত পঢ়োঁতে এই কথাষাৰ পাইছিলোঁ। তাৰ আগতেই কিতাপ পঢ়াৰ এটা চখ আমাৰ ঘৰৰ পৰিবেশতে গঢ় লৈ উঠিছিল। মোৰ মায়ে দুপৰীয়া ভাত খাই আজৰি হৈ কিতাপ এখন হাতত নোলোৱাকৈ বিছনাত নপৰিছিল।

“শিক্ষাৰ ঘাই কঠিয়াতলী ঘৰখন” সেয়া নিজৰ ক্ষেত্ৰতে প্ৰমাণ হৈছিল।   মাক দেখি দেখি কিতাপ পঢ়াৰ আগ্ৰহ বাঢ়িছিল। বিছনালৈ যাওঁতে ময়ো সাধু কিতাপ এখন হাতত তুলি লৈছিলোঁ। ঘৰত থকা সাধু কিতাপ সকলো পঢ়ি শেষ কৰিছিলোঁ। দেউতাই চান্দমামা, সঁফুৰা, মৌচাক কিনি দিছিল। ওচৰতে থকা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয়ৰ পৰাও ছত্ৰপতি শিৱাজী, মহাৰাণা প্ৰতাপ সিং, ৰাণী পদ্মিণী, ধ্ৰুৱ  আদি সৰু সৰু কাহিনীৰ কাহিনীবোৰ এল পি স্কুলত থাকোঁতেই  পঢ়িছিলোঁ। এই কাহিনীবোৰ পঢ়ি এক সপোন ৰাজ্যত ঘূৰি ফুৰিছিলোঁ। যাদুকৰী ৰাজকুমাৰী, চিন্দ্ৰেলা আদি সাধুবোৰ পঢ়ি নিজকে তেনে ৰূপত কল্পনা কৰিছিলোঁ। অলপতে  মাৰ ঘৰৰ আলমাৰিটো খুলি ‘বৰাহ মিহিৰৰ কাহিনী’খন পালোঁ। কিতাপখন মেলিয়েই দেখিলোঁ, “মৰমৰ জুলৈ দুৰ্গা পূজাৰ উপহাৰ”— মৰমেৰে মা, ১০/১০/১৯৮২ চন। চকুপানী ওলাই গ’ল।

আমাৰ সৰুকালত গ্ৰন্থমেলা নহৈছিল। আমি শিৱৰাত্ৰিৰ মেলা বা দুৰ্গা পূজাৰ মেলাত কিতাপ কিনিছিলোঁ। খাৰু-মণিৰ লগতে তালিকাখনৰ ওপৰতে কিতাপ বুলি লিখিছিলোঁ। ভাললগা কিতাপকেইখন কিনি বৰ ফূৰ্তি পাইছিলোঁ। আহিয়েই প্ৰথমে কিতাপকেইখনহে চাইছিলোঁ।

মোৰ আইতাৰ ৯ বছৰ বয়সতে বিয়া হৈছিল, শান্তিবিয়া হোৱাৰ আগতে।বামুণৰ ছোৱালী শান্তি হোৱাৰ আগতেই বিয়া দিব লাগে। স্কুলত পঢ়িবলৈ সুযোগ পোৱা নাছিল। ঘৰৰ ডাঙৰৰ পৰাই আখৰকেইটাৰ লগত  চিনাকি হৈছিল। কিন্তু পঢ়াৰ প্ৰতি ধাউতি আছিল অসীম। আমি সৰুতে আইতাৰ চকুৰ অপাৰেচন হৈছিল। সেয়ে আমাৰ হতুৱাই গোঁসাইৰ নামৰ কিতাপ, শতনাম ডাঙৰ ডাঙৰ আখৰেৰে লিখাই হ’লেও পঢ়িছিল। ৰন্ধা-বঢ়াত পাকৈত আইতাই ৰন্ধন প্ৰকৰণৰ কিতাপ এখনো লিখি উলিয়াইছিল।

এনে এটা পৰিবেশত ডাঙৰ হৈ পঢ়াৰ অভ্যাসৰ লগতে এক প্ৰকাৰ নিচাৰ দৰে হৈছিল। সেই সময়ত আমাৰ মনোৰঞ্জনৰ বাবে ৰেডিঅ’ৰ বাহিৰে আজিকালিৰ দৰে আহিলা নাছিল। খেল, চিনেমা আদিৰ বিষয়েও কিতাপত পঢ়িছিলোঁ, বিশেষকৈ বিস্ময়, ৰহস্য আদিত। গানৰ কিতাপ চাই গান গাইছিলোঁ, লিখিছিলোঁ। ‘বোৱাৰী’ আৰু ‘আজলী নবৌ’ চিনেমাৰ গানৰ কিতাপ জনপ্ৰিয় হৈ পৰিছিল আমাৰ মাজত। কিতাপে আমাক মনোৰঞ্জন দিয়াৰ লগতে ধৈৰ্য আৰু বন্ধুৰ লগত সহৃদয়তা বঢ়াইছিল। কাৰণ আমাৰ মাজত কিতাপৰ আদান-প্ৰদান হৈছিল আৰু কিতাপখনৰ কাহিনীৰ ওপৰত আলোচনাও হৈছিল। সেই সময়ত কিতাপৰ মূল্য কম আছিল যদিও সেই মূল্য দিবলৈকে অসুবিধা হৈছিল। ‘National book trust’ৰ কিতাপৰ মূল্য কম আছিল। তেনে কিতাপ কিনি পঢ়িছিলোঁ। নতুন উপন্যাস এখন  দেখিলেই ৰ’ব নোৱাৰিছিলোঁ। ফুৰিবলৈ গ’লেও খুজি আনিছিলোঁ কিতাপ। এটা হেঁপাহ আছিল চাকৰি কৰি বহুত কিতাপ কিনি সজাই ৰাখিম। বেচৰকাৰী স্কুলত কৰি থাকোঁতে ভাবিলোঁ চৰকাৰী চাকৰি পালেই প্ৰতিমাহে এখনকৈ কিতাপ কিনিম। চাকৰি পাই প্ৰায় প্ৰতিমাহে নহ’লেও কিতাপ কিনিছিলোঁ। কিন্তু চাকৰি, সংসাৰৰ কামৰ হেঁচাত একান্তমনে পঢ়িব নোৱাৰা হ’লোঁ। আগতে গোটেই ৰাতি পাৰ কৰিছিলোঁ এখন উপন্যাস শেষ কৰিবলৈ। এতিয়া তেনেকৈ সময়ে নোপোৱা হ’লোঁ। সেয়ে গল্প বেছিকৈ পঢ়িবলৈ ল’লোঁ।

 “পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়।”(পুথি অধ্যয়ন)। এটা সভ্য জাতিৰ পৰিচয় পোৱা যায়  সেই  জাতিটো কিমান অধ্যয়নশীল সেই কথাৰ পৰা। United States ৰ’ Library of Congress বিশ্বৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল। ২০২০ চনৰ তথ্য মতে United Kingdom-ৰ ‘The British Library’ আটাইতকৈ ডাঙৰ পুথিভঁৰাল। এই দুখন দেশৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই।   সঁচাকৈয়ে গ্ৰন্থ অধ্যয়নে যি ধৈৰ্য্য, একাগ্ৰতা আৰু সহনশীলতাৰ লগতে সুক্ষ্ম অনুভৱ কৰিবপৰা ক্ষমতা   বঢ়ায় তাক একোৱে দিব নোৱাৰে বুলি বিশ্বাস কৰোঁ। পুথি অধ্যয়নৰ জৰিয়তে বিভিন্ন ঠাইৰ  সাহিত্য-কলা-সংস্কৃতি বা ইতিহাসৰ লগত আমাৰ পৰিচয় ঘটে। যি ঠাইলৈ যোৱা নাই বা যোৱা সম্ভৱ নহয়, যি ঘটনা আমি দেখা নাই বা আগতে ঘটি গৈছে— এই সকলো পুথি অধ্যয়নৰ জৰিয়তেহে জনাটো সম্ভৱ  হৈছিল আগতে। ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ ‘হৃদয় শিখৰত প্ৰতিধ্বনি’ পঢ়ি হাফলং ফুৰিবলৈ যোৱাৰ এটা তীব্ৰ হেঁপাহ জাগি উঠিছিল। ২০১৮ চনত হাফলঙলৈ গৈ মনৰ হেঁপাহ পূৰাইছিলোঁ। একেদৰে ‘বিগলিত কৰুণা জাহ্নবী যমুনা’ আৰু ‘মায়াবৃত্ত’ পঢ়িও সেইবোৰ ঠাইলৈ যাবলৈ বৰ মন গৈছিল। এতিয়াৰ দৰে আমাৰ দিনত যিকোনো কথা জানিবলৈ কিতাপৰ সহায় ল’ব লগা হৈছিল। এতিয়া সকলো তথ্য ইণ্টাৰনেটৰ সহায়তে পাব পাৰি। এটা কথা ঠিক, তথ্য সংগ্ৰহ আৰু অধ্যয়ন সম্পূৰ্ণ পৃথক। অধ্যয়নৰ সম্পূৰ্ণ ফল কিতাপ অধ্যয়নেহে দিব পাৰে। অলপতে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে এই কথা এটি সাক্ষাৎকাৰত কৈছিল। নৱ প্ৰজন্মৰ বাবে কিতাপ পঢ়াটো অতি প্ৰয়োজনীয়। তেওঁৰ মতে কিতাপ পঢ়িলেহে অনুভৱী মন এটাৰ জন্ম হয়, বিকাশ হয়। তেওঁ এতিয়াও সময় পালে কিতাপ পঢ়ে। নিজেও এই কথা অনুভৱ কৰোঁ।

এটা কথা সদায় অনুভৱ কৰোঁ যে, নৱ প্ৰজন্মৰ কিতাপৰ প্ৰতি ধাউতি বঢ়োৱাটো লেখক বা বুদ্ধিজীৱীসকলৰ দায়িত্ব। কাৰণ সেইসকল ব্যক্তি আমাৰ শ্ৰদ্ধাৰ আৰু পূজনীয়। তেওঁলোকে নৱ-প্ৰজন্মলৈ উপহাৰস্বৰূপে কিতাপ দিবলৈ ল’লে সেয়া তেওঁলোকৰ বাবে অমূল্য উপহাৰ হ’ব। মই  ব্যক্তিগতভাৱে শিশু বা ডাঙৰকো কিতাপহে উপহাৰ দিওঁ। মই নিজেও কিতাপ উপহাৰ পালে গৰ্বিত হওঁ। এল পি বৃত্তি পাওঁতে মোৰ সৰুমামাই ড৹ দীনেশ গোস্বামীৰ ‘সংযোগ’ নামৰ কিতাপখন উপহাৰ দিছিল। সেইখন কিতাপৰ পৰা জুইশলা বাকচেৰে টেলিফোন সাজি কথা পাতিছিলোঁ। বৰ ফূৰ্তি লাগিছিল। ওচৰৰ লগৰবোৰৰ লগত এইবোৰ খেল খেলিছিলোঁ। আচলতে শিশুৰ মনত যদি এবাৰ কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি তেওঁলোকে কিতাপ পঢ়িবই। মোৰ ভতিজী এজনীৰ জন্মদিনত এবাৰ কিতাপ উপহাৰ দিলোঁ। বৌৱে ফ’ন কৰিছে বোলে ভতিজীজনীয়ে কিতাপখন পঢ়ি ৰাতিয়েই শেষ কৰিলে। দাদাৰ লগত গৈ পিছদিনা আৰু তিনিখন সাধু কিতাপ কিনি আনিলে। মনটো বৰ ভাল লাগিল। আমি কেৱল নিজৰ লেখা বা সৃষ্টিতে গুৰুত্ব নিদি আমাৰ সমাজৰ বাবে এনেদৰে দায়িত্ব পালন কৰাটোও অতি প্ৰয়োজন। কেৱল শিশুসকলক দোষ দিলেই নহ’ব।

অলপতে ফেচবুকৰ ‘কিতাপ ‘ গোটটোত এজনে দিছে যে তেওঁ প্ৰতিমাহে তিনিজনক কিতাপ উপহাৰ দিব নাম ঠিকনা দিব লাগে। মই ফ’ন নম্বৰটো দিলোঁ। ৰাতিলৈ এজনী সৰু ছোৱালীয়ে ফ’ন কৰিছে-

: বাইদেউ আপোনাৰ ঘৰ ক’ত?

মই শিৱসাগৰত বুলি কোৱাত ক’লে,

: মই আপোনাৰ জন্মদিনত কিতাপ উপহাৰ দিম বুলি ভাবিছিলোঁ। কিন্তু আপুনি ইমান দূৰত থাকে যে।

কথাষাৰ শুনিয়েই মই আবেগিক হৈ পৰিলোঁ। ছোৱালীজনী এলিজা পাৰবেন, ঘৰ বৰপেটাত, উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত পঢ়ি আছে। কিতাপ পঢ়ি খুউব ভাল পায়। গোটটোলৈ কৃতজ্ঞতা জনালোঁ। তেনে বহু অভিজ্ঞতা হৈছে। গতিকে এনেদৰে আমি তেওঁলোকক অধ্যয়নশীল কৰি তুলিব পাৰোঁ।

লাহে লাহে গ্ৰন্থৰ আদৰ বঢ়াৰ চিন গ্ৰন্থমেলাত দেখিবলৈ পালোঁ। কিতাপৰ পাহাৰ, কিতাপৰ সুবাসৰ মাদকতাত গ্ৰন্থমেলাৰ দিনকেইটাত বুৰ গৈ থাকোঁ। অৱশ্যে গ্ৰন্থমেলাত পঢ়ুৱৈতকৈ এনেই চাবলৈ যোৱা মানুহ বেছি। তথাপিও ভাল লাগে। নৱ-প্ৰজন্মক আকৰ্ষিত কৰিবলৈ জুবিনৰ গানৰ দৰে  তেওঁলোকৰ মনে বিচৰা কিতাপ ৰচনাৰো প্ৰয়োজন। অভ্যাস হ’লে বেলেগ কিতাপো পঢ়িবলৈ মন কৰিব। এবাৰ গ্ৰন্থমেলাত চেতন ভগতৰ ‘Half girlfriend ‘ সকলোতকৈ বেছি বিক্ৰী  হ’ল। তেনেদৰে ৰুচি বঢ়াবলৈ চেষ্টা কৰিব পাৰি। গ্ৰন্থমেলাই বিখ্যাত আৰু জনপ্ৰিয় কবি সাহিত্যিকসকলক লগ পোৱাৰ বা কথা পাতিবলৈ সুবিধা কৰি দিয়ে। দেখাক দেখিও কিতাপ কিনাৰ প্ৰতি আগ্ৰহ বাঢ়ে। বৰ্তমান চ’ছিয়েল মিডিয়াৰ বিশেষকৈ ফে’চবুকে এই ক্ষেত্ৰত বহুখিনি সহায় কৰিছে বুলি ক’ব পাৰি। বিভিন্ন গোটবোৰে কিতাপৰ সমালোচনা আগবঢ়াই কিতাপখনৰ প্ৰতি আগ্ৰহী কৰি তোলে। “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”। এই বিদ্যা অৰ্জন কৰিবলৈ “আমি প্ৰত্যেকেই কিতাপ পঢ়িম, উপহাৰ দিম, চ’ৰাঘৰত সজাম” এনে মানসিকতাৰে আগবাঢ়িলেহে আমাৰ জাতিটোক আমি বিশ্বৰ আগত পৰিচয় কৰাব পাৰিম। নহ’লে প্ৰযুক্তিৰ আগ্ৰাসনে আমাৰ অনুভৱী মনটোক ধ্বংস কৰি কেৱল তথ্য সংগ্ৰহতে সীমিত ৰাখিব। অধ্যয়নপুষ্ট লিখনিয়ে দিব পৰা বিদ্যা তথ্যসংগ্ৰহে দিব নোৱাৰে, ই সৃষ্টিত সহায় কৰিব নোৱাৰে, পাঠকৰ হৃদয় জুৰাব নোৱাৰে। প্ৰযুক্তিবিদ্যাৰ  জটিলতাৰ মাজত উশাহ ল’বলৈ আমাক হৃদয় চুব পৰা সৃষ্টিৰ অতি প্ৰয়োজন হৈ পৰিছে। সেয়া সম্ভৱ কেৱল অধ্যয়নশীল মনৰ মাজত। কিতাপ অধ্যয়নৰ ফলত যি সৃষ্টি হয় সিহে আমাক শান্তি দিব পাৰে, দিব পাৰে অনুপ্ৰেৰণা, জীৱন যুঁজাৰ সাহস, জয়ী হোৱাৰ সাহস আৰু প্ৰেৰণা।

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.