ফটাঢোল

‘গৰুপাল’ গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱা এক সম্প্ৰীতিৰ পৰম্পৰা-ৰঞ্জিত মুক্তিয়াৰ

ভাৰতীয় পৰম্পৰাত গৰুপাল ৰখা প্ৰথা অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে। ভগৱান শ্ৰীকৃষ্ণয়ো শৈশৱ কালটো বৃন্দাবনত গৰু চৰায় পাৰ কৰা কথা ভাৰতীয় দৰ্শনত বিদ্যামান। অসমৰ সমাজ জীৱনতো গৰুপালে এক সম্প্ৰীতিৰ নিদৰ্শন তাহানিৰে পৰা ধৰি আহিছে। অসমৰ ডাকৰ বচনসমূহত গৰু কেন্দ্ৰ কৰিও বহুত বচন বিদ্যামান। যেনে “যাৰ নাই গৰু সি সবাতোকৈ সৰু,” সাতপুৰুষত নহ’ল গাই কঁৰিয়া লৈ খিৰাবলৈ যায়”। এই বচনসমূহে যেন অসমীয়া সমাজৰ এক চহকী পৰম্পৰাৰ কথাকে কৈ গৈছে। 

এসময়ত আমাৰ গাঁওবোৰত ঘৰে ঘৰে এগোহাঁলিকৈ গৰু আছিল। গৰুবোৰ গাঁৱৰ মানুহে পাল পাতি ৰখিছিল। এঘৰ বা দুঘৰ মানুহে এদিনকৈ গোটেই গাঁৱৰ গৰুবোৰ ৰখিছিলোঁ‌। এই ব্যৱস্থাই মানুহৰ কষ্ট লাঘৱ কৰাৰ লগতে গাঁৱৰ মানুহৰ মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল। আমি শৈশৱত দেখিছিলোঁ‌ যে, গাঁৱত কাৰোবাৰ ঘৰত বা নামঘৰত কিবা সকাম-নিকাম থাকিলে গৰু পলিয়ালৈ এখন প্ৰসাদৰ পাত, এখোল জলপান ৰখাৰ এক অঘোষিত নিয়ম আছিল।  

আৰ্থিক ভাবে দুৰ্বলসকলে, গাঁৱৰ মধ্যবিত্তৰ ঘৰত গৰুপাল ৰখি হাত খৰচ, পঢ়াৰ খৰচ উলিওৱাৰো অলেখ উদাহৰণ আছে। আন কিছুমানে গৰু পালত কিতাপ পঢ়াৰ এক পৰম্পৰাও গঢ়ি তুলিছিল। নৈ চাপৰিত গৰু এৰি দি গছৰ তলত কিতাপ পঢ়া আমেজেই আছিল সুকীয়া। 

গৰুপালৰ লগত গ্ৰাম্য সমাজত জড়িত হৈ থকা আন এক পৰম্পৰা হৈছে গৰখীয়া সবাহ। গাঁৱৰ গো-ধনৰ মংগল কামনাৰে গাঁৱৰ নামঘৰত ৰাজহুৱাকৈ আৰু ব্যক্তিবিশেষে নিজৰ গোহালিত গৰখীয়া সবাহ অনুষ্ঠিত কৰিছিল। আমাৰ শৈশৱত আমাৰ গাঁৱত এনে বহু গৰখীয়া সবাহ উপভোগ কৰা মনত আছে। গৰখীয়া সবাহৰ গোহালিত দিয়া ভোগৰ সোৱাদ আমাৰ জিভাত আজিও লাগি আছে। 

গৰুপালত চহা গাঁ‌ৱলীয়াৰ কিছুমানৰ সংস্কৃতিক চৰ্চা যে হৈছিল তাৰ উমান গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ “গৰখীয়া হে গৰখীয়া কি সুৰ বজালি দুপৰীয়া” এই গীতটোৰ পৰা উমান পাব পাৰি। আজিও আমাৰ মিছিং সমাজৰ গৰখীয়াসকলে নৈ পাৰত বাঁহীৰ যি সুৰ তোলে তাক নুশুনাসকলে কল্পনা কৰিব নোৱাৰে। পুৰণি দিনৰ পৰাই কিছুমান গৰখীয়া গীত মানুহৰ মুখে মুখে প্ৰচলন হৈ আহিছে। কিন্তু দুখৰ কথা এই গীতবোৰ আমাৰ সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে। অসমৰ সমাজ জীৱনত প্ৰভাৱ পেলোৱা ‘বনগীত’সমূহহেও চহা গ্ৰাম্য সমাজৰ বহু কথাই কৈ গৈছে। 

গৰুপালৰ বাবে গাঁৱৰ, ইঘৰ সিঘৰৰ মাজত মাজে মাজে দুই এখন কাজিয়াও নলগা নহয়। কাৰণ গৰুজাকবোৰত দুই তিনিটামান চোৰ গৰু প্ৰায়ে থাকে, সেইকেইটাই জাকৰ পৰা ফালৰি কাটি  প্ৰায় খেতি পথাৰত সোমাইছিল আৰু যাৰ খেতি নষ্ট কৰিছিল, তেওঁলোকে গৰুপলীয়াৰ লগতে গৰুৰ গিৰিহঁতৰ লগত এখুন্দা লাগিছিল। অৱশ্যে এইবোৰ কোনো দীৰ্যস্থায়ী নহয়, লাগে আৰু ভাগে। কেতিয়াবা গাঁ‌ৱত হাঁহিৰ খোৰাকহে জগাইছিল। 

গাঁ‌ওবোৰ বৰ্তমান চহৰলৈ পৰিণত হৈছে। গাঁওবোৰৰ পৰা যেন হেৰাই গৈছে তাহানিৰ সেই মিলা-প্ৰীতি, এই কথা আপুনি মই ওপৰে ওপৰে চালে দেখা নাপাম কিন্তু অলপ দ’কৈ যদি গাঁ‌ওবোৰক পৰ্য্যবেক্ষণ কৰে তেতিয়া দেখা যায় তাহানি গাঁও আৰু এতিয়াৰ গাঁওৰ মাজত এতিয়া আকাশ পাতালৰ পাৰ্থক্য।  আজিৰ গাঁওবোৰৰ বহুতো বস্তু হেৰাই যোৱাৰ দৰেই হেৰাই গৈছে সম্প্ৰতিৰ গৰু পালবোৰ। 

নেহেৰাব বা কিয়?  অসমীয়া সমাজলৈ, ‘ডাক’ নামৰ মহাপুৰুষজনে দি থৈ যোৱা বাণীসমূহৰ সাৰমৰ্ম এতিয়া অসমীয়াৰ হাতত নাই। “যাৰ নাই গৰু সি সবাতোকৈ সৰু।”  অসমীয়া মানুহবোৰ যেন এতিয়া সবাতোকৈ সৰু। কাৰণ একেৰাতি ভিতৰত গড় বান্ধিব পৰা অসমীয়াৰ শক্তি নাই, খেতি কৰিলৈয়ো গৰু ৰখিবলৈয়ো। এতিয়া এই ‘ডাকৰ’ বাণীসমূহ মানি চলিছে, কাহানিও গৰু বিহু নপতা কিছুমান মানুহে। গৰুক কেন্দ্ৰ কৰি গঢ়ি উঠা কোটি কোটি টকাৰ বজাৰ আজি অসমীয়াৰ হাতত নাই। ৰাজ্যখনত প্ৰয়োজনীয় গাখীৰৰ বাবে আমি বহিৰাগতৰ মুখলৈ বাট চাই থাকিব লগা হৈছে।  

কিছুবছৰৰ পৰা দেখা গৈছে অসমতো ক্ৰমে কৃষিত কৈ ৰাজনীতিৰ ক্ষেত্রতহে গৰুক বেছিকৈ ব্যৱহাৰ হ’বলৈ লৈছে। যিখন অসমত গাঁৱে গাঁৱে জাকে জাকে গৰু আছিল, সেই গৰুৰ জাকবোৰ ক্ৰমাৎ হেৰাই গৈছে। গৰুক কেন্দ্ৰ কৰি গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ ইমান সুবিধা থকাৰ পাছতো অসমীয়াই সেই সুবিধা ল’ব নোৱাৰিলে। সকলো এতিয়া আনৰ হাতত। এনেকৈ হৈ থাকিলে ‘ডাকে’ কৈ যোৱাৰ দৰে “সাতপুৰুষত নহ’ল গাই, কঁৰিয়া লৈ খীৰাবলৈ যায়” বচন ফাঁকি বাস্তৱত হ’বলৈ বেছি দিন নালাগিব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.