ফটাঢোল

ঘোটাই ঘেদালা এখন শিৱপূজা : ৰঞ্জু শর্মা

বহুবছৰ আগতে মোৰ মামাৰ ঘৰত উদযাপন কৰা শিৱৰাত্রিৰ নিশা এটিৰ কথা৷ পূজা শেষ হৈ অন্তিম পর্য্যায় পাইছেগৈ, এতিয়া মাথো হোমখিনি শেষ হ’লেই ৰাইজে শান্তি লৈ মাহ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। পূজাৰ সমানে সমানে গোসাঁই ঘৰৰ কাষতে দুই তিনিটা  হেচক লাইটেৰে পোহৰাই থোৱা চোতালখনত সৰুকৈ নাম এভাগিও চলি আছে। গাঁৱৰে তিনি-চাৰিজন মতা মানুহ লগ লাগি পূজা বুলিয়েই তালযোৰ বজাই নামভাগি ধৰি দিছে। পূজাৰ শেষত আটায়ে মিলি বুট-মাহ, ঘোঁটা, ভাঙৰ লাড়ু ইত্যাদি খোৱাৰ পিছত খিচিৰি অকণেৰে মোখানি মাৰি ঘৰে ঘৰে যাবগৈ। মামাহঁতৰ ঘৰখনত বহুবছৰ ধৰি চলি অহা নিয়ম সেয়া।

সেই সময়ত ককা-আইতা দুয়ো পূৰ্ণৰূপে কার্য্যক্ষম। মামা-মামী, জেঠাইহঁতৰ গাত ঘৰ চলোৱাৰ ভাৰ পৰা নাই তেতিয়াও, লগতে আইতা হ’ল বুঢ়া হেডমাষ্টৰ টাইপ, সাংঘাতিক কাঢ়া৷ চৰুত বহোৱা চাউলৰ পৰা ঘোঁটাত দিয়া ভাঙৰ পৰিমাণলৈকে সকলো আইতাৰ কঠোৰ নিৰ্দেশনাৰ মাজত সমাপন হয়। আনকি ককাও এই ক্ষেত্ৰত আইতাৰ পৰম আজ্ঞাবাহী হৈ থাকে, আচলতে থাকিবলৈ বাধ্য হয়। শিৱপূজাৰ দিনাটো আৰু চণ্ডীক অসন্তুষ্ট কৰি লোৱা নাযায়! প্ৰতিবাৰেই শিৱপূজাৰ সন্ধিয়া লগৰ দুই-চাৰিজনে যেতিয়া  বৰপুখুৰীৰ পাৰৰ গণেশ ভাণ্ডাৰৰ দুৱাৰমুখত পাৰি থোৱা বাঁহৰ বেঞ্চত বহি বাবাৰ নামত পৰম সুখ টান মাৰি ৰঙীন হৈ থাকে সেই সময়ত আমাৰ ককা আইতাৰ শেনচকুৰ তলত লেতু-সেতু হৈ পূজাৰ বাবে নাৰিকলৰ বাকলি গুচাই থাকিব লগা হয়। দস্তুৰমত ককাৰ মনত বিদ্ৰোহৰ জুই একুৰা জ্বলি থকাটো স্বাভাৱিক কথা। কাজেই ভুক্তভোগী ককা থাকে প্ৰতিশোধৰ সন্ধানত।

সেইনিশা কি হ’ল, ৰাইজে ইতিমধ্যে পূজাৰ শান্তিজল মূৰত লৈ মাহ-প্ৰসাদ খাই আজৰি হ’ল। এতিয়া গৃহস্থই আমন্ত্ৰিত আলহীয়ে মিলি লগে-ভাগে খিচিৰিভোগ অকণ ধৰিব পাৰিলেই ঘৰলৈ যাব পৰা যায়। সেইসময়ত ককাহঁতৰ ঘৰৰ পিৰালিখন চোতাল সদৃশ আছিল, একেলগে ত্ৰিশজন মানুহে বহি আৰামেৰে এসাঁজ ধুনীয়াকৈ খাব পৰা। খিচিৰি  অহালৈ ভাতৰ পাততে বহি অলপ গপ কৰোঁ বুলি নিজে নিজে পীৰা পানী গোটাই লৈ ৰাইজ পিৰালিতে বহি পৰিল৷ ককাই আলহীক ইটো সিটো গোটাই দি নিজেও তেওঁলোকৰ লগতে শাৰী পূৰাই বহি ল’লে।

পূজাভাগ হৈ যোৱাৰ পিছত গোসাঁই ঘৰ চাফ চিকুণ কৰা দায়িত্ব সদায় আইতাৰ। আচলতে এইবোৰ কামৰ বাবে পৰিয়ালৰ দ্বিতীয় এজন মানুহ বিশ্বাসযোগ্য হ’ব বুলি আইতাই নাভাবেও। গতিকে তেওঁ নিশ্চিত যে মন্দিৰ সামৰি আহে মানে ডাঙৰ মামীয়ে আথেবেথে ৰাইজক সোধ-পোচ কৰি বিদায় দিব।

আইতা গোসাঁই ঘৰত সোমাই আছে, ৰাইজসকলেও এই খিচিৰি আহিব এই আহিব বুলি পিৰালিত বহি টাইম পাছ কৰি আছে। অমাবস্যাৰ নিশা, লাহে লাহে বাহিৰৰ অন্ধকাৰ গভীৰ হৈ গৈ আছে। ককাই বহি থকাৰ পৰাই এবাৰ চোতালৰ গোসাঁই ঘৰলৈ এবাৰ পাকঘৰলৈ ভুমুকিয়াই চাই আছে, নাই  পাকঘৰৰ পৰা মামী ওলাই নাহে হে নাহে।

গোসাঁই অটাই থাকিলেও পিচে আইতাই ধ্যান পাকঘৰলৈও ৰাখি থৈছে। বহুসময় ধৰি মামীৰ একো উমঘাম নাপায় অধৈর্য হৈ আইতাই চিঞৰিলে : ব’ৰী, ঐ ব’ৰী চৌকাতে সুমে গেলি নেকি?

এইবুলি গেঙেৰি মাৰি পাকঘৰলৈ সোমাই গৈ দেখে যে মামী তাত নাই। শীতল চৌকাত উঠি থকা ভাতৰ চৰুত চাউল, দালি চবজি নিজৰ নিজৰ ভাগে পানীত সাঁতুৰি আছে। ওচৰত ভাজিবলৈ বুলি কাটি ৰখা একাঁহী আলু। ঘটনাৰ ৰেহ ৰূপ দেখি আইতা হতবাক। আইতাৰ মাত শুনি এইফালে বৰঘৰৰ পৰা মামীৰ কান্দোন ভৰা মাত ভাঁহি আহিল : মাই ও মাই এফলে আহকচোন, মোক গোটাই নেই ইতা৷

আইতা দৌৰি গৈ বৰঘৰ পালে, মামী ইতিমধ্যে ককাৰ বিছনাৰ তলত কুচি-মুচি সোমাই আছে। মামীৰ ৰূপ দেখি আইতাই বুজিলে যে তেওঁ কিবাকৈ আউট আজি। এচাৰি এডাল জোকাৰি চৌধ্য পুৰুষ  উজাৰি বকি বকি তেওঁ মামীক মাতি আছে : ঐ মৰাণনোহোইটি ইত্তে ওলে আহ, আহ, কিহে নেই তোক, আহ আজি তোক দিম মচলা৷

: ও মাই, মাই ও মোক নিলাক আজি৷ মস্ত বতাহজাকে মোক উৰে নিবা ধৈচ্ছি৷ কিবাকে পিতিৰ বিছনাৰ খুটাত ধৰি নুৰাকে ৰৈছোঁ।

এইবুলি কৈ মামীয়ে হুৰাওৰাৱে কান্দোন জুৰে৷ এইফালে আইতাৰ খঙে মূৰৰ চুলিৰ আগ পাইছেগৈ। ভাতৰ পাতত এজাক মানুহ। এতিয়া কাক কি কয়, কাক বা কি খুৱাই! খিচিৰি চৌকাত উঠাই নাই। যেনেকে মৰা মৰ বুলি মামীক তাতেই এৰি আইতা আহি পিৰালি পালে। তেনেতে চোতালৰ বকুল জোপাৰ ওপৰৰ পৰা মাত এষাৰ আহিল : “খুৰী হা, ও খুৰী, মোৰ জীৱন ধৈন্য হৈ গেল হা, ইতা আৰ মই যাবা পাৰো, ইফালদি গেলি ডিৰেক্ট মহাদেৱক লগ পো যাব নহয়?”

এইবুলি সেইজন বকুল গছৰ ওপৰৰ ডাললৈ গৈ আছে গৈ আছে৷ আইতাৰ এইবাৰ খঙৰ কোবত নাকে কাণে ধোঁৱা ওলাওঁ ওলাওঁ। পূজাত দি ৰৈ যোৱা কুঁহিয়াৰ এডালকে দাঙি লৈ বকুল জোপালৈ খেদি গ’ল কি নগ’ল ঠিক তেনেতে আকৌ কেইটামান অট্টহাস্য। এইবাৰ উৎস গোহালিটো। কুঁহিয়াৰ ডাল তাতেই ঠেকেচা মাৰি থৈ লেমটো নি দেখে খেৰৰ দমটোৰ ওপৰত বহি তাতো দুটামানে হাঁহি হাঁহি খেলখন খেলি আছে৷ সুখনিদ্ৰাত হঠাৎ পৰা যতিৰ ফলত ওচৰত থকা গাই দুজনী ভয়ত পেপুৱা লগাদি লাগিছে। ভাতৰ পাতত বহি থকা একমাত্ৰ মানুহটো ককা। বাকী সব ছেদেলি-ভেদেলি। অৱশেষত ককালৈ চাই আইতাই আটাহ পাৰি উঠিল :

“হেৰি কি নো শুখনা কাঠৰ দৰে পৰি আছে হে? কিবা এটা নকৰে কিয়, এই পাগলা কিটাক কেনকে কি কৰোঁ মই?”

আইতা যিমানে বিব্ৰত হৈছে ককা সিমানে স্থিতপ্ৰজ্ঞ হৈ বহি আছে। ভাতৰ পাতৰ পৰা উঠিও অহা নাই, হঁহাও নাই কন্দাও নাই। মুঠতে নো এক্সপ্রেচন। আইতা নিশ্চিত হ’ল যে ককাও ইতিমধ্যে আউট। মুঠতে আজি ঘোঁটা আৰু লাড়ু খাই আটাইবোৰ ৰজা৷ ইতিমধ্যে নিশা চতুৰ্থ প্ৰহৰত সোমালেগৈ। ৰাতিপুৱাবলৈ এনেও বেছি পৰ নাছিল। মামীক বিচনাৰ তলত, কেইটামানক গোহালিত, এজনক বকুল গছত, আৰু ককাক ভাতৰ পাতত এৰি অৱশেষত আইতা খঙতে নিজৰ কোঠালৈ গৈ শুই থাকিল। শুই শুইও ভাৱি থাকিল… জুখি জুখি, বাচি বাচি, সম্পূৰ্ণ নিজৰ তত্ত্বাৱধানত ৰাখি পূজাৰ বাবে ভাঙৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ পিছতো ভুলটো ক’ত হ’লনো? পিছদিনাও ওৰেটো দিন আইতাই তাকে ভাৱি থাকিল, পৰিমাণটোৰ কেনেকৈ খেলিমেলি হ’ল। মুঠতে শিয়াল টেঙৰ বুলি নাম থকা আইতাৰ নিজৰ ওপৰতে সন্দেহ হ’ল৷

এইফালে আগদিনা ৰাতিৰ পৰা আৰম্ভ কৰি শিৱপূজাৰ দুই-তিনিদিন মান পিছলৈকে ককাৰ মুখত জান-নিজানকৈ এটি গোপন হাঁহি লাগি থাকিল। আইতাৰ চিন্তাক্লিষ্ট মুখখনলৈ চালেই গোপনে তেওঁৰ মুখত মিচিকিয়া হাঁহি এটি জিলিকি উঠে। সেই  হাঁহি যেন গৰ্বৰ হাঁহি, যুদ্ধজয়ৰ হাঁহি, ৰহস্যৰ হাঁহি। এখন গোপন যুদ্ধত এইবাৰ তেওঁ জয়ী হৈছে। নিজকে পৃথিৱীৰ আটাইতকৈ টেঙৰ বুলি ভৱা শত্রুক তেওঁ  কৌশলেৰে ধৰাশায়ী কৰি দিব পাৰিছে। আইতায়ো  শিৱপূজাৰ সেই নাটকখনৰ ৰহস্য উদ্ঘাটনৰ বাবে  মামাৰ কোঠালি খানাতালাচ কৰাৰ পৰা আৰম্ভ কৰি মনে মনে ককাৰ চুৰিয়াৰ পকেট ৰেইড মৰালৈকে  নিজৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা চলাই থাকিল৷ দিন ৰাতি এক কৰি কৰা ইমান চেষ্টাৰ পিছতো ভঁৰালৰ চুকৰ ধানৰ দুলিৰ ভিতৰত লুকুৱাই থোৱা ধতুৰাৰ গুটিবোৰ পিছে আইতাই কেতিয়াও নেদেখিলে।

☆ ★ ☆ ★ ☆

7 Comments

  • ইন্দ্ৰ মোহন বৰা

    ককাকে চাবা নে আইতাক…এক চে বড়কৰ এক।
    বঢ়িয়া

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • Sadananda Bhuyan

    ককা আইতা দুয়ো কম নহয় দেই ।

    Reply
  • পাপৰি ভাগৱতী নাথ

    তামাম

    Reply
  • HEMANTA KAKATI

    তামাম মজা লাগিল ৰঞ্জু৷ এইটো কেনেকৈ যে থাকি গৈছিল পঢ়়িবলৈ৷

    Reply

Leave a Reply

Your email address will not be published.