ফটাঢোল

ঘৰুৱা উপাখ্যান – বন্দনা দত্ত মজুমদাৰ

ৰাতি শুবৰ সময়ত ককায়েক-ভনীয়েকৰ বিভিন্ন কথা ওলায়৷ সাধু কোৱাৰ সময়খিনি বেছি আমোদজনক৷ এভেঞ্জাৰপৰা আৰম্ভ কৰি ৰজা, ৰাণী, বাৰ্বী, চিন্দ্ৰেলা, তেজীমলা সকলো চৰিত্ৰ সোমায় পৰে৷ ল’লাৰ প্ৰশ্নবাণত পাবলোৱে কেতিয়াবা চাৰেণ্ডাৰ কৰি শুই যায়৷ কালি কি সাধু কৈ আছিল নাজানো৷ বেডৰূমত ল’লাৰ চিঞৰ শুনি বাচন ধোৱা আধাতে এৰি মই গ’লো৷ পাবলোৰ লগত তাইৰ কাজিয়া, মতবিৰোধ৷

কাৰণটো?

মোক দেখিয়েই উত্তেজিত হৈ ক’লে“ মা, মা, পাবলো দাই কৈছে তুমি হেনো দেতাৰ wife!”

মই ক’লো”অ, তাতে ইমান চিঞৰিব লগা কি হৈছে?”

দুখমনে তাই ক’লে”তুমি মোৰ মা হে, wife বুলি নাজানো নহ’য়! মোক নোকোৱাকৈ তুমি আকৌ দেতাৰ wife কেতিয়াৰ পৰা হ’লা?”

উফফফ

হতভম্ব মই

**

ৰাতিপুৱাৰ পৰা দৌৰাদৌৰি কৰি দুপৰীয়া বিছনাত অলপ শুম ভাবিলেও ল’লাৰ প্ৰশ্নবাণত থকাসৰকা হৈ কেতিয়াবাহে ভাগ্যুৰ বলত চকু দুটা মুদিবলৈ পাওঁ৷ সেইদিনা দুপৰীয়া ভাগৰুৱা হৈ শুবলৈ লওঁতেই এপাকত পিঠিত এটা মৃদু কম্পন অনুভৱ কৰিলোঁ৷ সেয়া ল’লাৰ ভৰি, কিক মাৰি আছে, কাষতে পথালিকৈ শুই৷ তাই মোক মাতিলে“ মা মা, শুনাচোন; মোক দাদা-চাদা নালাগে বুুজিছা৷ ব’ৰ লাগিছে আৰু এনেকৈ পাবলোৰ ভণ্টি হৈ থাকি৷ মোৰ এইবাৰ বা হ’বৰ মন গৈছে৷ মোক এজনী ভণ্টি লাগে৷”

মই প্ৰশ্ন সোধাৰ ধৰণতে ভয় খালো৷ তথাপি ক’লো“বিচাৰিলেই চব বস্তু চবেই নাপায়৷ তোমাৰ ওচৰত থকাটো বেলেগৰ নাথাকিব পাৰে বা বেলেগৰ থকা বস্তু তোমাৰ নাথাকিব পাৰে৷” (এনেকুৱা দাৰ্শনিকৰ উত্তৰত নাজানো কি বুজিলে তাই! )

আকৌ ক’লে“ কিয় দৰ্শিনী, প্ৰাচীহঁতে দেখোন পাইছে ক্লাছ ওৱানতে৷ মই কিয় নাপাম!”

খং উঠি আহিছেই লাহেকৈ মোৰ৷ দুপৰীয়া শুৱাৰ মুদেই শেষ কৰিলে তাই এনেকুৱা পাকলগা প্ৰশ্ন সুধি৷

আকৌ ক’লে”মোৰ ফ্ৰেইণ্ডে যদি পাইছে, মই কিয় নাপাম!”

এইবাৰ ভাবিলোঁ এইটো কিচ্চা আজিয়েই শেষ কৰিব লাগিব৷ কেনেকৈ কৰোঁ! ইতিমধ্যে কেইবাদিনো এইটো প্ৰসংগ উত্থাপন কৰিছে তাই৷

খঙটো সামৰি কষ্টেৰে মৰমেৰে তাইক ক’লো“চোৱা, তোমাৰ যে এটা পাবলো দাদা আছে, এতিয়া তুমি ভণ্টি আনিবলৈ ক’লেও আকৌ পাবলো দাদায়ে আহিব৷ লাগে নেকি আৰু এটা পাবলো দাদা?”

মোলৈ বিশ্বাস-অবিশ্বাসৰ অদ্ভুত চাৱনি এটা দি এইবাৰ ল’লা হতভম্ব৷

পাকলগা প্ৰশ্নৰ পাকলগা উত্তৰ

উফফফ!

সেইদিনাৰ পৰা এইটো বিষয় আৰু আজিলৈ ওলোৱা নাই৷

Thank God …

**

গৰম বন্ধ চলি আছে৷ নিজৰ ইচ্ছা মতে খোৱা, শোৱা, খেলা-ফুৰাৰ এটা মাহ ইহঁতৰ কাৰণে৷ ৰাতিপুৱা দেৰিলৈকে শুৱাটো যে কি চখ৷ ল’লাই সাৰ পালেও ৰাতি মোৰ টোপনিয়েই নহ’ল এনেকুৱা কথা কৈ শুই থাকে দেৰিলৈকে৷ মাজে মাজে উঠি গৈ নিজৰ কিছুমান সৰু পুতলা আনি লৈ আকৌ বিছনাত৷ সেইদিনা মনে মনে উঠি খেলা বস্তু আনিবলৈ যাওঁতে ককাকে নিজৰ ৰূমৰ পৰাই চিঞৰি কলে” উঠিলানে, গুড মৰ্ণিং ল’লা৷”

নাই তাই মাত নিদিয়ে৷ ফোফোৱাই গৈ পানী খায় হাতত কিবা পকেমনৰ পুতলা লৈ নিজৰ ৰূমলৈ আহি আছে৷

ককাকে আকৌ মাত দিলে “কি ছোৱালী ঔ, মাতেই নিদিয়ে৷ মই গুড মৰ্ণি দি আছো!”

ল’লাই এইবাৰ মাত দিলে“হেই ৰ’বাচোন, তোমাক গুড মৰ্ণিং দিবলৈ মই এতিয়াও শোৱাৰ পৰা উঠা নাই নহয়! আকৌ শুম৷ যেতিয়া উঠিম তেতিয়া গুড মৰ্ণিং দিম৷”

উফফফ

ককাক হতবাক৷

☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ বৰ ভাল লাগিল দেই৷ লৰাছোৱালী সৰুকালৰ এই সময়খিনি বৰ অবিস্মৰনীয় হৈ থাকি যায় ওৰেটো জীৱন৷ আমাৰ লৰা ছোৱালী ডাঙৰ হল যদিও এনে সময়বোৰ এতিয়াও মনত সজীৱ হৈ আছে৷

    Reply
  • Dwijen Tamuli

    ভাল লাগিল সজীৱ স্মৃতি

    Reply
  • Gitimoni Puri

    একেই অৱস্থা ।

    Reply

Leave a Reply

Your email address will not be published.