ফটাঢোল

চকী- গীতিকা শইকীয়া

“ওস্তাডৰ খেল শেষ ৰাতিহে! সেয়ে ৰৈ চাই আছোঁ…!”—

 “ওস্তাডৰ খেল শেষ ৰাতিলৈহে দেখা পোৱা যায়। এনেকুৱা গুগলী মাৰিম, চব ধৰাশায়ী হৈ যাব!”

“ওস্তাডৰ খেল ৰাতি দেৰিকৈহে হয়! দেখিবা এই অমুকৰ কেনেকুৱা ডিমাগ..? চিঞৰি থকা চব ধুলি হৈ যাব!”

“ওস্তাডৰ খেল শেষতহে দিয়ে..! এনেকুৱা গেম খেলিছোঁ, চব বাজীমাৎ হৈ যাব…..!”

যোৱা কিছুদিন ধৰি এই “ওস্তাডৰ খেল শেষৰাতি খেলোৱা” ৰ একেটা অৰ্থৰ বেলেগ বেলেগ ধৰণেৰে কোৱা কথাষাৰ তেওঁৰ মগজুৰ ৰিমাইণ্ডাৰত চেভ হৈ গৈছে! কথাখিনি মনলৈ আহি তেওঁৰ মুখত মিচিকি হাঁহি এটাই লগেই নেৰা হৈছে।

ব্ৰেণ্ড নিউ ৰেইমণ্ডৰ চ্যুটযোৰ পিন্ধি লৈ আইনাৰ সন্মুখত তেওঁ নিজকে চাই ৰ’ল। গলাবন্ধা ডিজাইনৰ চ্যুট। বিখ্যাত ডিজাইনাৰজনে কৈছিল, এনে ডিজাইনৰ চ্যুটক যোধপুৰী ডিজাইন বুলি কোৱা হয়। নিজকে বেচ হেণ্ডচাম দেখিলে তেওঁ! ইমানদিনে ক’ত বা এই হেণ্ডচামনেছটো লুকাই আছিল?

হয়, হয়, মনত পৰিছে, এই নেতা-পালিনেতা নামৰ ভেড়াৰ জাকটোৰ মাজতেই তেওঁ নাপাত্তা হৈ আছিল।

অৱশ্যে নাপাত্তা হৈ থকাৰ বাবেই হয়তো আজি সবাতোকৈ অধিক পাত্তা পোৱা ব্যক্তি হৈ পৰিছে। মন গ’ল তেওঁৰ নিজৰ কান্ধতে থপৰিয়াই নিজকে চাব্বাচ দিয়াৰ! নাহ! থাকক।মোছ নাথাকিলেও মোছত টাউ দিয়াৰ লেখীয়াকৈ দুয়োহাতৰ আঙুলীৰে নাকৰ তলত মোছ পকোৱাৰ প’জ দি দি তেওঁ আইনাত নিজকে চাই হাঁহি থাকিল। ইয়াকে কয় লাক! ক’ৰ সেই বিধায়ক, নেতা, মন্ত্ৰীৰ আলধৰা, নেতাৰ ঘৈণীয়েকৰ বজাৰ কৰা, আৰু ক’ৰ এইয়া ৰাজ্যখনৰ চি এম? মামূলী কথা নেকি? মুঠেই নহয়।

কালিলৈকে কোনো বাতৰিতেই স্থান নোপোৱা তেওঁৰ নামটো আজি ৰাজ্যখনৰ ভৱিষ্যতৰ সোণালী দিনৰ ধ্বজাবাহী নেতা বুলি কাকত, নিউজ চেনেলত অহা বাতৰিবোৰ দেখি তেওঁৰ হাঁহিয়েই উঠি আছে। এই সাংবাদিকসকলেও ভাল প্ৰেডিক্ট কৰে দেই! অৱশ্যে মিছাও নহয়। এইবোৰ কৰিবলৈকে তেওঁ সৰুৰে পৰা অতগাল নাটক এনেয়ে কৰি আহিছেনে? গাঁৱৰ ধনী ঘৰৰ ল’ৰাবোৰৰ ধেমা ধৰা হৈ তেওঁ কলেজ পালে। ক্ষমতাশালী ছাত্ৰৰ লীডাৰ কেইটাৰ বাবে চিগাৰেট, মদ-ভাং অনা কৰিয়েই কলেজ, বিশ্ববিদ্যালয়ৰ সীমাও পাৰ হ’ল। কিন্তু সৰুৰে পৰা মনে মনে দেখা সপোন বাস্তৱ কৰিবলৈ কেৱল চৰকাৰী চাকৰি এটাৰে যথেষ্ট নহয় বুলি তেওঁ স্পষ্টভাৱেই বুজি পালে। সেয়ে চাকৰি এটা লোৱাতকৈ নেতা-পালিনেতাৰ পিচে পিচে ঘূৰি সুবিধাৰ সন্ধানতেই অগ্ৰসৰ হ’ল। এক বুজাব নোৱাৰা প্ৰত্যয়ৰে নিজকে বুজনি দি গ’ল যে এদিন সময় আহিব। অপনা ভী টাইম আয়েগা!

তেওঁ পুনৰ নিজকে আইনাত চালে। আইনাখনো কিছু বিয়াগোম দেই! হাঁহি উঠি গ’ল তেওঁৰ।মাকৰ যৌতুকত অনা, ইতিমধ্যেই ভাঙি এটুকুৰাহে ৰোৱা ভঙা আইনা চাওঁতেই গ’ল। ভঙা আইনাত মুখ চাব নেপায় বুলি গাঁৱৰ মানুহে কয়। কিন্তু তেওঁ সৰুৰে পৰা সেই ভঙা আইনাতেই চাই থাকি নিজকে বুজাইছিল যে এদিন তেৱোঁ ভৰিৰ পৰা মূৰলৈ চাব পৰা এখন ডাঙৰ আইনা ল’ব। কিবা লাইফ চাইজ বুলি কয় হেনু!

আইনাত নিজকে চাই তেওঁৰ অনুভৱ হ’ল যে তেওঁক এই কাপোৰযোৰে শুৱাই তুলিছে। এতিয়া অভিনেত্ৰী, গায়িকাৰ পৰা কলেজ-ইউনিভাৰ্ছিটিৰ ধুনীয়া ছোৱালীমখা চগাৰ দৰে তেওঁৰ চাৰিওফালে উৰিবলৈ লৈছে। কালিলৈকে কেঁৰাহীকৈয়ো নোচোৱা সুন্দৰী অভিনেত্ৰী, গায়িকাই দিয়া পাত্তাত তেওঁ মিলমিলিয়াকৈ মিচিকি হাঁহিয়েই মাৰি আছে। আফটাৰ অল ইয়ং চিএম হয় তেওঁ!

তেওঁ পিন্ধি থকা চ্যুটযোৰত হাত বুলাই চালে।বৰ মষৃণ কাপোৰটো! হ’বই আকৌ! ৰেইমণ্ডৰো একেবাৰে হাইক্লাছ কাপোৰ বুলি ডিজাইনাৰজনে কৈছে।

যি নহওঁক, এতিয়া চিএম হৈ অলপ ’স্বেগ ’দেখুওৱাৰো প্ৰয়োজন আহি পৰিছে। কালিলৈকে অৰ্ডাৰ লৈ থকা সকলৰ আগত অলপ গহীন হৈ দেখাব লাগিব।

অলপ পিছতেই সম্পূৰ্ণ সুৰক্ষা বেষ্টনীৰে ভিভিআইপি গাড়ীৰে তেওঁক চিএমৰ অফিচলৈ লৈ যোৱা হ’ব। দুদিনৰ আগলৈকে বিধায়কৰ চকীতো বহিবলৈ আগবাঢ়িব নোৱাৰা তেওঁ এতিয়া একেকোবে চিএমৰ চকীতে বহিবগৈ! মহা ওস্তাডৰ খেল এইয়া!

এই মহা ওস্তাডী খটুৱায়েই তেওঁৰ এই চিএম হৈ থকাৰ পথ ক্লিয়াৰ কৰি থব লাগিব। কাৰণ তেওঁ কিবা এবাৰলৈহে জানো চিএম হ’ব! আন্দোলন হৈয়েই থাকিব যেতিয়া চিএমো তেওঁ হৈয়েই থাকিব পাৰিব।

এনেকৈয়ে এদিন দেশৰ বাবে এজন যোগ্য নেতা বুলি কেনেবাকৈ তেওঁ পিএমৰ চকীতো বহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

চকী! হয় চকীয়েই হয়। পিএমৰ চকী, চিএমৰ চকী, মিনিষ্টাৰৰ চকী, বিধায়কৰ চকী, ব্লক মেম্বাৰৰ চকী, আয়োগবিলাকৰ চকী, আৰু যে কত কি চকী? ৰাজনীতিৰ চকী এইবোৰেই!

এই চকী ৰাজনীতিত থকা সকলোৰে প্ৰিয়। অতিকে প্ৰিয়। কিন্তু পিএম বা চিএমৰ চকী যে এখনেই থাকে। সেয়েহে এজনেহে যেতিয়া সেইখন চকী পোৱাটো নিশ্চিত হৈ যায়, তেতিয়া আনসকলে কেবিনেট মিনিষ্টাৰ, মিনিষ্টাৰ, বিধায়ক, ব্লকৰ মেম্বাৰ, আয়োগৰ কমিছনাৰ আদি চকীবোৰ সাৱতিবলৈ লপা-থপা কৰে।

কালিলৈকে ভাল-বেয়া সকলো কমাণ্ড ’ইয়েচ চাৰ’ বুলি যিজনক মানিছিল সেইজন নেতাই পুৱাতেই আহি তেওঁক কৈ, মানে ’ইন্সট্ৰাকছন ’দি গৈছে যে তেওঁ হেনো ল’ৰা ৰজাহে! আচল উঠি ৰজা বহি ৰজা সেই নেতাজনহে! গতিকে তেখেতক হোম আৰু ফাইনেন্স বিভাগটো দিবই লাগিব। নহ’লে আজি আসনত উঠোৱা চিএমক কাইলৈ তললৈ নমাবলৈ তেখেতৰ বোলে বৰ এটা অসুবিধা নহ’ব!

মিহিকৈ ধমকিয়েই আছিল সেইয়া। নতুন চিএম এ সেই একেই মোছত টাও দিয়াৰ দৰে মিচিকি হাঁহি এটা মাৰিলে। হওঁতে কথাটো মিছা নহয় বাৰু! কিন্তু নেতাই তেনেদৰে তেওঁক চিএম পাতিবলৈ কৰা ঘোষণাও যে তেওঁৰে ষড়যন্ত্ৰ সেইটো বুজিবলৈ নেতাক আৰু এটা জনম লাগিব। তেওঁ মিচিকিয়াই হাঁহি ভাৱিলে,-

“কোৱা যি মন যায়, যিমান যি কল্পনা কৰা কৰি থাকা। কিমান কষ্টেৰে নিজক কন্ট্ৰো’ল কৰি নিমাতে বহি, শুনি, আদেশ মানি আজি চিএম হ’বলৈ পাইছোঁ মইহে জানোঁ। এবাৰ পোৱা এই চকীৰ লোভ কোনেও সহজে এৰিব নোখোজে! তেনেস্থলত এই শিয়ালমখাৰ কথামতে কাম কৰিবলৈ গ’লে সঁচা-সঁচিকৈয়ে ল’ৰাৰজাৰ নাম হৈ যাব। নাই, নোৱাৰি, ইমানদিনে কিবা এনেয়ে কাণ ঘোলা হৈ যোৱাকৈ শুনি আছিল নেকি যে ওস্তাডৰ খেল শেষ ৰাতি বুলি! “

দুদিনৰ আগতে ৰাজ্যখনৰ নেতা-পালিনেতা, মন্ত্ৰী, বিধায়ক, সুবিধাবাদী, তোষামোদকাৰী, আন্দোলনকাৰী, শিল্পী-সাহিত্যিক, সাংবাদিক আদিৰ লীডাৰসকলৰ মাজত হোৱা গোপন বৈঠকত উপস্থিত সকলোৰে মুখবোৰ চাবলগীয়া হৈছিল। সকলোৰে কিবা নহয় কিবা কেলেংকাৰী। চলে-বলে কৌশলে শাসনত থাকিবৰ বাবেই খেলা কৰা সকলোৰে কেৰিয়াৰৰ ক’ৰবাত নহয় ক’ৰবাত তেজৰ ফাঁকু খেলা কাম তথা কিবা কেলেংকাৰী আছেই! কোনোবা চকুচৰহাই ৰাখি যোৱা প্ৰমাণবোৰেই এতিয়া আন্দোলনৰ যহতে খবৰ হৈ ঘূৰি ফুৰিছে।

গতিকে কোনো এজনকেই চিএমৰ চকীত সদ্যহতে বহুৱাব নোৱাৰি। সেয়ে নিমাতে, নিৰৱে কেৱল দলীয় কৰ্মী, নেতা-পালিনেতাৰ উপদেশ, আদেশ শুনা এগৰাকী নিকা চৰিত্ৰৰ মানুহ হিচাবে পৰিগণিত হোৱা তেওঁকে সকলোৱে’চেফ বেইট’ বুলি চি এম পদৰ বাবে মনোনীত কৰিলে।

বহুদিনৰ পৰাই সুবিধাৰ সন্ধানত ব্যস্ত আছিল এইসকল লোক। হঠাতে এক জন-জাগৰণ আৰম্ভ হোৱাৰ উপক্ৰম হৈছিল। সমুখত আহি পৰা পৰিস্থিতিৰ বিপক্ষে জনসাধাৰণ ৰাজপথত নামি পৰিছিল। তাৰেই গইনা লৈ ছল চাই কঁঠিয়া সিঁচিবলৈ আগবাঢ়ি আহি গ’ল এই সুবিধাবাদীসকল। বিৰোধী দলৰ নেতাজনে এইক্ষেত্ৰত আগভাগ ল’লে। অৱশ্যে নেতাই নিজে চিএম নহয় বুলি কৈ আছে যদিও চিএমৰ চকীৰ বাবে নেতাৰ লোভৰ কথা সকলোৰে জনা আছে।

নেতাৰ পত্নীয়ে প্ৰায়েই তেওঁক চিএম নোহোৱাৰ বাবে ভৎসনা কৰি থাকে। ঘৰত পত্নীৰ ঠাট্টা-মস্কৰা শুনি শুনি নেতাৰ আইধাই পৰিছে।

এতিয়া আন্দোলনৰ কথা শুনি নেতাৰ পত্নীৰ মিছেছ চিএম হোৱাৰ সপোনটোৱে উঁকি মাৰি উঠিল,-

“হেৰা! এইবাৰ চিএমৰ ৰেছিডেন্সটো আমাৰ এড্ৰেছ হ’বগৈ নে বাৰু  ? “

যথেষ্ট উৎসাহিত হৈ নেতাই কৈ উঠিল,-

“মাই চুইটি, দিন-ৰাত এক কৰি কিবা এনেয়েহে মছলা মাৰি আছোঁ নেকি? আন্দোলনটোনো হঠাতেই ক’ৰ পৰা হ’ল বাৰু? কিবা বুজি পাইছানে? এনেয়ে মানুহক ৰাস্তালৈ উলিয়াই আনিব পাৰি নেকি? ঘৰতে বহি বকি থাকিলেই নহ’ব, বুজিছা। এইবাৰ এনে দাউ খেলিছোঁ যে মহাভাৰতৰ শকুণি জীয়াই থকা হ’লেও নাৰ্ভাছ ফিল কৰিলেহেঁতেন! চাই থাকা, এই ওস্তাড এইবাৰ হাৰি নেযায়। জানা নহয়, যে ওস্তাডৰ খেলা শেষৰাতিহে হয়।“

“এহ থোৱা হে! কি আজে বাজে ডায়লগ মাৰি আছা। কম একেবাৰে ওস্তাড ওলাইছে!এইফালে নিজকে ওস্তাড বুলি ফিটাহী মাৰি থাকোঁতেই সিফালে সেই সকলোতে ইমেজ বনাই ভাল পোৱাজনে লুটি-পুতি খাই আইধা কৰিবগৈ! কিট্টি পাৰ্টিবোৰত সেইজনৰ মিচেছৰ কি বাহাদুৰী! দেশত ভৰি নথয়েই! ফ‘ৰেইনহে যায়। ঘৰত পাৰ্টি দিলেতো কথাই নাই। ৱালৰ ৰং, পৰ্দাৰ পৰা ডিনাৰ ছেটলৈকে ফ‘ৰেইনৰ পৰা অনা বুলিহে অহংকাৰ কৰে। যিটো হাৰত সেইজনৰ পপুলেৰিটি বাঢ়িছে, কোনদিনা চিএম হয় ঠিক নাই। সেইজনীৰ এতিয়াই ইমান অহংকাৰ, মিছেচ চিএম হৈ গ‘লেতো আমাক মানুহ বুলিয়েই গণ্য নকৰিব। কি যে ফুটা কঁপাল লৈ আহিলোঁ। এনেনো ফোপজহী এটাক বিয়া পাতিলোঁ! মই নিশিকালে এক্কো এটা কৰিবই নোৱাৰে।“ —নেতাৰ মিচেছে খঙেৰে কৈ উঠিল।

নেতাই ভেকাহি মাৰি উঠিল,-

“এহ কিনো কেনকেনাই থাকা হে! চিএম হ‘বলৈকে কি কি পাপৰ বেলি আছোঁ মইহে জানোঁ! কেৱল চিএম হ‘ম বুলিয়ে বাৰে-ভচহু কথাৰে এই ফিল্ডত নামি পৰা সকলোকে ফুলাই ফুলাই গংগাটোপ বনাই আছোঁ। সিহঁতক দেখুৱাবলৈকে চিএম নহওঁ বুলিতো ক’বই লাগিব!”

“আৰু কি মোক তুমি শিকাই কৰা বুলি কৈছা?মই নেজানো জানো ছাত্ৰনেতা হৈ থাকোঁতে তুমিহে মোৰ আৰু ৰুমীৰ মাজত আহিছিলা! মোৰ লগত ফিউচাৰ ভাল হ‘ব বুলিয়েইতো ৰুমীক ছলে-বলে আঁতৰাইছিলা। ছাত্ৰনেতাৰ প্ৰেমিকা, ৱাৰ্ড মেম্বাৰৰ ৱাইফ, বিধায়কৰ ৱাইফ, মন্ত্ৰীৰ ৱাইফ ইমানগালত মেডাম বুলি প্ৰেষ্টিজ পোৱাৰ পিছতো মোক ব্লেম কৰা! আৰু কোন চিএম হ‘ব বুলি ক‘লা? পপুলেৰিটিয়েই চব নহয়। খেলতো মইহে খেলি আছোঁ, মানে খেলুৱাই আছোঁ। ইমান মাথা এনেয়ে মাৰি থকা নাই। চাবা ওস্তাডৰ শেষ হাঁহিটো ময়েই মাৰিম। মিছেচ চিএম তুমি হ‘বাই হ‘বা।“

আন্দোলনক সমৰ্থন কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব খোজাসকলে এইবাবেই মিলিত হৈছিল। সততেই ইজনে সিজনৰ বদনাম কৰাৰ সুৰুঙা বিচাৰি থকা আটাইবোৰে আন্দোলনৰ মিঠা ফলৰ আশাত ইজনে সিজনক প্ৰশংসাৰ বাণীৰে ভৰাই তুলিছিল। নেতাই বুজি উঠিছিল যে আন্দোলনটোক বৰ্তাই ৰখাৰ প্ৰয়োজন আছে। সেয়ে ছাত্ৰনেতাকেইজনৰো নেতাজনক উদ্দেশ্য কৰি নেতাই কৈ উঠিছিল,-

“আপোনাৰ প্ৰভাৱ ছাত্ৰ সমাজত বহুত বেছি। আপুনি বিষয়টোত আগভাগ লওক। জুই জ্বলিব লাগে ৰাজ্যজুৰি। ছাত্ৰৰ মাজত আপোনাৰ ইমেজ সাংঘাতিক ভাল। আপুনি আহ্বান দিলেই হ’ল। ক্লাছ-ফ্লাছ এৰি দৌৰি আহিব ৰাজপথলৈ! মনত ৰাখিব এই সকলোখিনি আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছে। আমি আপোনাৰ পৰা বহুত আশা কৰিছোঁ। শুনিবলৈ বেয়া শুনি যদিও ক‘ ব খোঁজো যদি কিবাকে এই আন্দোলনকাৰীসকলৰ দুই এজন কিবা হতাহতিত আঘাতপ্ৰাপ্ত হয় তেন্তেতো আৰু ভাল লাইম-লাইট পোৱা যাব। ভগৱানে কৰিলে যদি, মানে মৰিও যায়…., এহ থাকক এতিয়া।“

তেনেকৈ কৈ উঠি নেতাই মনে মনে ভাৱিও থাকিল,-

“ছাত্ৰসমাজক ৰাজপথলৈ অনাব পাৰিলে চিন্তাই নাই। এই আন্দোলনে আটাইতকৈ বেছি সহায় কৰিব আমাৰ দলটোক। চৰকাৰ ভংগ হোৱালৈহে বাট চাব লাগিব। তাৰপিছত চিএমৰ চকীখনৰ পৰা মোক কোনেও ৰখাব নোৱাৰে। এইজনাক পিছত কিবা মিনিষ্ট্ৰী দি থব পৰা যাব।“

বিৰোধী নেতাৰ কথাখিনি শেষ হোৱাৰ লগে লগে উপস্থিত সকলোৱেই ‘হয় হয়’ কৈ চিঞৰি উঠিল।

“হওঁতে বাৰু কিছু প্ৰভাৱ আছে এতিয়ালৈকে…! “ – গলখেঁকাৰী দুটামান মাৰি ডিঙিটো পৰিষ্কাৰ কৰি ইতিমধ্যে নিজৰ প্ৰশংসা শুনি ফুলি গংগাটোপ হোৱা মানুহজনে কৈ উঠিল,-

“তথাপিতো কিছু ডাউট আছে। মানে নতুনকৈ অহা ছাত্ৰ নেতাবোৰৰ কিছুৱে আজি-কালি আপত্তি কৰি থাকে। তাতে চ’চিয়েল মিডিয়াত আমাৰ বিষয়ে বৰ বেয়াকৈ আলোচনা কৰা দেখা যায়। সেয়েহে বৰ বেছি লাইম-লাইটলৈ যাব খোজা নাই।“

“কি কয় হে! আপুনি সমালোচনাৰ ভয়ত যাব খোজা নাই? আপুনি আচলতে আপোনাৰ নিজৰ নামটোৰ শক্তিৰ কথা বুজাই নাই। চব চিন্তা বাদ দি যিটো কামত আপুনি পাকৈত সেই কামটোত লাগক। চাওক, মোৰ আৰু তেনে কোনো আশা-আকাংক্ষা নাই। বয়সো হ’ল। কিন্তু আমাৰ দলৰ কোনোবা এজনক চিএমৰ চকী দিয়াতকৈ আপোনাৰ দৰে নিষ্ঠাৱান ছাত্ৰ নেতাক দেশৰ শাসনভাৰ দিবলৈ বিচাৰোঁ। আমি আপোনাৰ বেকত থাকিম। মইনো কৰিম কি এই বয়সত চিএম হৈ! তাতে এই কঁকালৰ বিষটোৱে মোক চকীখনত বহিবলৈ দিব জানো? হেঃ হেঃ হেঃ… তাতকৈ ডেকা মানুহ এজন হ’লে ভাল হয় দিয়কচোন! আপোনাৰ দৰে ইমান নিকা, স্বচ্ছ ইমেজৰ মানুহ কিমান আছে?”

“অৱশ্যে সামান্যকে এটা অনুৰোধ আছে। আপোনাক তথা বাকী ছাত্ৰনেতাবোৰক যে আমিবোৰে সময়ে সময়ে চান্দা দি থাকোঁ সেইটো কিন্তু চিএম হ’লে বন্ধ কৰিব লাগিব। তেতিয়া দুয়োহাতে ঘীঁ বুটলি থাকিব পাৰিব। সৰু সৰু এমাউণ্টৰ বাবে কাৰো ওচৰত হাত পাতিব নেলাগিব। হাঃ হাঃ হাঃ….!”

উপস্থিত কিছু লোক অলপ ক্ষুন্ন হোৱাৰ দৰে লাগিল। দুজনমানে কিবা ক’বলৈ খুজিছিল। নেতাৰ ইংগিতত মনে মনে থাকিল।

তেওঁলোকলৈ চাই নেতাই ভাৱিলে,-“এতিয়ালৈকে তেওঁ দিয়া গুগলীয়ে ঠিক জেগাতেই পৰিছে যেন লাগিছে। এনেদৰেই এই শিয়ালবোৰক হাতৰ মুঠিত ৰাখিব লাগিব।“

নেতাৰ সদায়েই ছাঁ হৈ থকা নিমাখিত যেন লগা তেওঁ ঠিকেই বুজি পালে। সেয়ে নেতাক বুজালে যে নেতাই অকলেই সকলোকে বুজাবলৈ গ‘লে সন্দেহ হ‘ব পাৰে। গতিকে দলৰে আন নেতা আৰু বেলেগ দল-সংগঠনৰ নেতা কিছুমানকো ইজনে সিজনক বুজাবলৈ, গংগাটোপ বনাবলৈ কোৱা উচিত।

নেতাই তেওঁৰ বাহুত থপৰিয়াই কৈ উঠিল,-“মোৰ লগত থকাৰ কিমান সুবিধা চোৱা! তুমিও মোৰ দৰেই চিন্তা কৰিব পাৰিছা।“

তেওঁ মনতেই হাঁহি এটা মাৰি থলে। কত দিনৰ পৰাই মনৰ মাজতে পাগুলি আছে তেওঁ কথাবোৰ! কাৰোবাক সন্মুখত আগবঢ়াই দি বলীৰ পাঠা বনাই নিজে ঘীঁ খাবৰ পথ সুগম কৰাৰ টেকনিক তেওঁ ইতিমধ্যেই শিকি পেলাইছে।

পিছে ফিল্ডত নামাসকলে কিছুদিনৰ ভিতৰতেই নিজৰ নিজৰ পপুলেৰিটিৰ উমান পালে।

জনপ্ৰিয় গায়িকাগৰাকীৰ যোৱা কেইবছৰমানৰ পৰা বৰ ভেম। ৰাজ্যৰ চিএমকে ধৰি পাৱালফুল মন্ত্ৰী, নেতা কেইবাজনৰো লগত ভাল। গতিকে গায়িকাৰ গান শুনি বলীয়া হোৱা সাধাৰণ ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ ব্ৰজকণ্ঠে আহ্বান কৰিবলৈ গায়িকাক কোৱা হ‘ল। পিছত নতুন মন্ত্ৰীসভাত সাংস্কৃতিক মন্ত্ৰী বনাব বুলিও লোভ দেখুওৱা হ‘ল।

গায়িকাৰ আহ্বানত ৰাজপথলৈ ওলাই অহা অগণন জনতাক দেখি গায়িকাৰ আশে-পাশে সুবিধা ল‘বলৈ বিচাৰি থকা কোনোৱে গায়িকাৰ মনত সোমোৱাই দিলে বোলে গায়িকা চিএম হ‘বৰেই যোগ্য। তেন্তে মন্ত্ৰী কিয় হ‘ব….?

কালিলৈকে আনৰ গাত ভেজা দি আকাশীলতা হৈ থকা গায়িকাই নিজকে চিএমৰ ৰেচত নমোৱাব বিচৰাটো জানিব পাৰি নেতাসকলৰ কেইবাজনৰো গায়িকাৰ স‘তে কিছু থৈয়া-নথৈয়া লাগিল। গায়িকা নাচোৰবান্দা, যদি গায়িকাৰ আহ্বানত শ-শ মানুহ ৰাজপথলৈ ওলাই আহিব পাৰে, তেন্তে ৰাইজে গায়িকাক ৰাজ্যৰ চিএমৰূপেও বিচৰাটো নুই কৰিব নোৱাৰি।

নেতাই খঙতে অবাইচ মাত দুটামান মাতি গায়িকাক গালি পাৰি থৈ আহিল।

ইফালে জনপ্ৰিয় অভিনেতাজনৰো দেখোন একেই মনোভাৱ। প্ৰতিবাদতকৈ অভিনেতাজনক চাবলৈকে ৰাইজখন ৰাজপথত উবুৰি খাই পৰিছেহি! সেয়ে অভিনেতাজন চিএম হ‘লে ৰাইজে আপত্তি কৰাৰ থল নেথাকো।

বিধানসভা নিৰ্মাচনবোৰত ক্ৰমে ক্ৰমে অৰ্ধ সংখ্যা গৰিষ্ঠতা লাভ কৰা, ধৰ্মভিত্তিত গঠন হোৱা দলটোৰ নেতাজনৰো ওলোটা খৰ দেখা পোৱা গ‘ল। যিহেতু আধা ভোট সেই দলৰে, গতিকে চিএম হোৱাত কি বাধা? নেতাজনে মনতে সপোন দেখি থাকে যে যিদিনাখন সংখ্যাগৰিষ্ঠ আসন সিহঁতে লাভ কৰিব তেতিয়া দেখুৱাই দিব যে সিহঁত পাৰাচাইটতকৈ অধিক শক্তিশালী।

ইফালে ৰাজ্যজুৰি ছাত্ৰসকল ওলাই অহালৈ চাই ছাত্ৰনেতাসকলৰ মাজতো চিএম কোন হ‘ব সেই লৈ খোৱা-কামোৰা চলিবলৈ লৈছে।

গণতন্ত্ৰৰ চতূৰ্থ স্তম্ভৰ প্ৰতিনিধি কেইজনৰো নিজৰ নিজৰ ধাৰণা যে তেওঁলোকে কাকত, আলোচনী, নিউজ চেনেলত যি লিখে তাকেই ৰাইজে বিশ্বাস কৰে। গতিকে সেইকেইজনেও নিজকে চিএম পদৰ দাবীদাৰ বুলি ভাৱিবলৈ ল‘লে।

এই সকলোৰে ডিমাণ্ডবোৰ দেখি ৰাতি ৰাতি লেডীজৰ ফেচবুকৰ মেছেঞ্জাৰত চুইট মেছেজ একচেঞ্জ কৰি “চুইট ডাৰ্লিং” বুলি পপুলাৰ হোৱাজনে নেতাক আশ্বস্ত কৰিবলৈ ক‘লে যে কেৱল তেওঁৰহে চিএমৰ চকীৰ প্ৰতি কোনো লোভ নাই।

“তাৰবাবে সময়ো লাগিব যে! লেডীজৰ মেছেঞ্জাৰত মেছেজ দি শেষত হোটেলত লগ কৰি ফুৰা চুইট ডাৰ্লিঙৰ বাবে বেলেগ কিবাৰ বাবে সময় ক‘ত?” –বিজ্ঞৰ ভাও দিয়া স্তম্ভ লেখক তথা সাংবাদিকগৰাকীয়ে হাঁহি হাঁহি ক‘লে।

তাকে শুনি চুইট ডাৰ্লিং বোলাজনে কৈ উঠিল,-

“আপুনি পিছে পাৰ্লাৰত গৈ যে মাছাজ কৰাই যে থাকে সেইয়া কিবা লুডু খেল নেকি? মুখ আমাৰো খুলিব পাৰে, প্ৰমাণ আমিও গোটাই যাব পাৰোঁ। আৰু এইখন চৰকাৰে আপোনাক প্ৰেছ এডভাইজাৰ নকৰাৰ বাবেহে আপুনি এতিয়া চৰকাৰ ওফৰাবলৈ উঠি-পৰি লাগিছে! যদি প্ৰেছ এডভাইজৰেই লাগে, তেন্তে চিএম হ‘বলৈ কিয় লোভ কৰিছে?”

আন এজন সাংবাদিকে কৈ উঠিল,-

“ফেচবুক বোলোঁতেই মনলৈ আহিছে। এটা কথা ঠিক যে আমাৰ সকলোৰে বাবে ফেচবুকতেই এচামে আন্দোলন কৰি আছে। সপক্ষে বিপক্ষে দুয়োফালে সজোৰে চৰ্চা হৈ আছে। ফেচবুকৰ চৰ্চাবোৰ পঢ়িলে এনে লাগে যেন তেওঁলোকে ফেচবুকতে আলোচনা কৰিয়েই আমাক মন্ত্ৰী, এমএলএ, চিএমৰ চকীত বহুৱায়েইহে এৰিব! অথবা সেই চকীৰ পৰা উঠোৱাইহে এৰিব। হাঃ হা- হাঃ… সেয়ে মই এটা ইউনিক আইডিয়া লৈছোঁ। ফেচবুকত হোৱা চৰ্চাবোৰৰ ওপৰত মোৰ নিউজ চেনেলত এটা প্ৰো’গ্ৰাম কৰাইছোঁ। বহুত ইমপেক্ট হৈছে। অৱশ্যে মই লোভীয়া নহয় দেই! জাতিৰ স্বাৰ্থতহে কৰিছোঁ। নতুন চৰকাৰত প্ৰেছ এডভাইজাৰৰ চকীখনত অৱশ্যে বহিব খোঁজো।“

সকলোৰে খোৱা-কামোৰাৰ যুঁজখন দেখি নেতাই ভাৱিলে, ইতিমধ্যে এই সকলোৰে বিৰুদ্ধে অতবছৰে গোটাই যোৱা অনৈতিক কামবোৰৰ স্কেণ্ডেলবোৰ উলিওৱাৰ সময় হৈ গৈছে।

অৱশ্যে নেতাই ডাইৰেক্ট সেইবোৰ সাংবাদিককেইজনক দিলে তেওঁলোকে বুজি যাব যে কোনোবা দিনা সেই সাংবাদিকসকলৰ বিৰুদ্ধেও কেলেংকাৰীৰ প্ৰমাণ নেতাই ফাদিল কৰিব পাৰে। গতিকে নেতাই তেওঁৰ বিশ্বস্ত সহযোগী নিমাখিত তেওঁক সেই দিশটো মেনেজ কৰিবলৈ দিলে।

ইমান বছৰৰ সহযোগী হৈ সেইখিনিও কৰিব নোৱাৰেনে? তেওঁ খুব সাৱধানতাৰেই সেই কাম কৰিলে! লগতে ইমান বছৰে কাম কৰা নেতাজনৰো কেলেংকাৰী, পত্নীৰ অবৈধ সম্পৰ্কৰ জনম কুণ্ডলী বাতৰি হিচাবে ফাদিল হৈ গ‘ল।

উচপ খাই উঠা নেতাক তেওঁ বিশ্বাস জন্মালে যে সেইয়া নেতাৰ পপুলেৰিটিত জ্বলি গৈ বিৰোধীয়ে কৰিছে।

নেতাৰ ৰ‘বলৈ সময় নাই। চৰকাৰ ভংগ হৈছে। বেলেগ কোনোবা চিএম হৈ যোৱাৰ আগতেই নেতাই নিজৰ বিশ্বস্ত সহযোগী নিমাখিত তেওঁক চিএমৰ কেণ্ডিডেট ঘোষণা কৰাৰ কথা ভাৱিলে। তেওঁ যি আজ্ঞা বুলি নিমাতে থাকিল।

নেতাই ভাৱিলে,- “ইয়াক ল‘ৰা ৰজা পাতি চিএমৰ চকীৰ আচল ঘীঁখিনি ময়েই খাই থাকিম।“

বিভিন্নজনক বিভিন্ন কথাৰে মান্তি কৰোৱা হ‘ল। তেনেদৰেই নিমাখিত তেওঁ ৰাতিটোৰ ভিতৰতে চিএম হ‘ল। নিজ স্বাৰ্থ পূৰণৰ বাবে তেওঁক চিএমৰ চকীলৈ আগবঢ়াই দি সকলোৱে অপেক্ষা কৰি থাকিল কেনেকৈ সুবিধা ল‘ব পাৰি।

ছাত্ৰনেতাই ভাৱিলে যি হ‘ল হৈ গ‘ল, এতিয়া কেবিনেট মিনিষ্ট্ৰী যেনেতেনে ল‘বই লাগিব।

গায়িকাই ভাৱিলে, চিএম নহ‘লোঁ কি হ‘ল, কালচাৰেল মিনিষ্ট্ৰি পালেও লাভতেই থাকিব। কোনে জানে ভৱিষ্যতে চিএমৰ চকীখন পায়েই কিজানি!

অভিনেতাই ভাৱিলে, সংস্কৃতিৰ ধ্বজাবাহক হিচাবে তেওঁৱেই কালচাৰেল মিনিষ্ট্ৰি পাব লাগে। অৱশ্যে গায়িকা আছে লাইনত। গায়িকাই সেইটো পাবলৈ যিকোনো কাম কৰিব পাৰে বুলিও অভিনেতাই জানে। কিন্তু মিত্ৰজোঁটৰ ট্ৰেডমাৰ্ক ষ্টাৰ কেম্পেইনাৰ হিচাবে অভিনেতাৰে কদৰ বেছি হ‘ব লাগে।

নিমাখিত তেওঁক চিএম বনোৱা নেতাজনে ভাৱি থাকিল, হোম আৰু ফাইনেন্স যেনেতেনে ল‘বই লাগিব। লগতে এই নিমাখিত মানুহটোৱে নেতাৰ কথামতেই সকলো কাম কৰিব। গতিকে চিএমৰ চকীখন নেতাৰেই বুলিব পাৰি। যিনহওক, সকলোকে উঠাই দি আন্দোলন কৰোৱাই শেষত বিজয়ৰ হাঁহিটো নেতাৰেই থাকিল বুলি মনে মনে নিজকে ওস্তাড বুলি ভাৱা নেতাই মিচিকি হাঁহি মাৰি থাকিল। মনত অটল বিশ্বাস যে নিমাখিত মানুহটোৱে চিএম হৈও নেতাৰ মতেই চলিব।

ধৰ্মভিত্তিৰ পলিটিকেল দলটোৰ নেতাজনে অলপ বেলেগকৈ সমীকৰণ কৰাত লাগিল। এতিয়া মিনিষ্ট্ৰি পালে ভাল, নেপালেও পিছৰ নিৰ্বাচনত যাতে এই ধৰ্মৰ দলটোৱে সংখ্যাগৰিষ্ঠতা পায় তাৰ বাবে এতিয়াৰ পৰাই কামত লাগিবৰ হ‘ল। ৰাজনীতিৰ চকীখনৰ বাবে খোৱা-কামোৰা কৰি লাভ নাই। এই চকীৰ যুঁজ ইহঁতবোৰেই কৰি থাকক। যিমান পাৰি ৰাজ্যখনৰ য‘তে ত‘তে নিজ ধৰ্মৰ মানুহখিনিক পাৰাচাইটৰ দৰে বঢ়োৱাই নিবলৈ নেতা বদ্ধপৰিকৰ হ‘ল। তেতিয়া এই চকী অ’ট’মেটিকেলি হাতলৈ আহিয়েই যাব।

চিএমৰ অফিচিয়েল ৰূমত বহি আছে তেওঁ। বিষয়ববীয়াসকলে আহি অভিবাদন জনাই চৰকাৰী কাম-কাজবোৰৰ খতিয়ান দিছে। ফাইলবোৰৰ বিষয়ে আলোচনা কৰাৰ বাবে সময় বিচাৰিছে। পুৱাৰে পৰা আবেলি হ‘লগৈ! যিমান পাৰি বিষয়বোৰ বুজি লৈছে। প্ৰথমদিনাই চিএমৰ এই ব্যস্ততাই বিষয়াসকলক হতবাক কৰিছে।

সন্ধিয়াৰ ফালে চিএমক লগ কৰিবলৈ অহা মানুহ কমি যোৱাত তেওঁ কিছু আৰামকৈ বহি ল‘লে। আচল কামবোৰ কৰিবলৈ এতিয়াও বাকী আছে। খন্তেকৰ বাবে কেলেংকাৰী ফাদিল কৰি এই চকীৰ লোভীয়াবোৰক বশ কৰিব নোৱাৰি। সেয়ে বছৰজোৰা গোটাই যোৱা বাঘা বাঘা কেলেংকাৰীৰ প্ৰমাণবোৰ এতিয়া উলিয়াবৰ হ‘ল। নেতা, ছাত্ৰ নেতা, অভিনেতা-গায়িকা, ধৰ্মীয় দলৰ নেতা সকলোৰে কেলেংকাৰীবোৰ মুকলিকৈ ৰাইজক জনালেহে তেওঁৰ এই চকীত বহাটো স্থায়ীভাৱে নিষ্কণ্টক হ‘ব।

চিন্তা কৰি কৰি টেবুলতে থকা পানীগিলাছ খাওঁতে অলপ পানী তেওঁ পিন্ধি থকা ৰেইমণ্ডৰ চ্যুটযোৰতে পৰিল। তেওঁ ধৰফৰাই উঠিল,-ধেইত! ইমান দামী চ্যুট! পানী পৰি নষ্টই হ‘ল।

তেনেতে তেওঁৰ মনত পৰিল, ধেই! এনেয়ে ইমান মাথা মাৰিছে। এনেকুৱা কিবা এযোৰেই চ্যুট নেকি? এতিয়াৰ পৰা এনে কিমানযোৰ দামী চ্যুট আহিব! অকল চ্যুটেই নে? আৰু যে কিমান ঐশ্বৰ্যই তেওঁলৈকে কেৱল মুখ মেলি বাট চাই আছে….!

তেওঁ আকৌ মোছত টাও দিয়াৰ দৰে কৰি চালে। সৰুফুটিয়া হোৱা বাবে এনেয়ো তেওঁক বয়সতকৈ সৰু যেনেই লাগে। ধেইত! এতিয়াহে অনুভৱ হৈছে যে তেওঁ মোছ ৰাখিব লাগিছিল। সঁচাকৈয়ে মোছত টাও দিব পাৰিলেহেঁতেন! সাধাৰণতে চাৰ্কাছৰ ওস্তাডবিলাকৰ মোছ থাকে। মোছ থকা হ’লে তেওঁকো দেখাত অলপ বয়সস্থ যেন লাগিলহেঁতেন!

হঠাতে ভূমিকম্প হোৱা যেন লাগিল। সকলোবোৰ থৰথৰকৈ কঁপি হালি-জালি আছে যেন বোধ হ’ল। নিজকে বচাবলৈ নতুন চিএমে কাষতে পোৱা কিবা এটাতে জোৰকৈ সাৱতি ধৰিলে। তেনেতে এক ককৰ্ষ মাতেৰে কোনোবাই কিবা কোৱা যেন লাগিল,-

“হাত এৰা তুমি! কোনখন দুনীয়াত আছা? দিন-দুপৰতে সপোনেই দেখি থাকা কেৱল! দিঠকত কেৱল আক ইয়েচ চাৰ, তাক ইয়েক চাৰ কৈয়েই নেতাগিৰি দেখুৱাই থাকা! হুহ, নিজকে ওস্তাডৰ ওস্তাড কয়। লাভৰ মূৰকত সেইখনহে হ’লগৈ! আন্দোলনৰ নামত মোৰ ঘৰত ৰাতি ৰাতি মিটিং পাতি চাহ-ভাতৰ বাবে হোৱা খৰচ কোনটো ওস্তাডে দিব ক’ব পাৰিবানে? লোভীয়া শিয়ালবোৰ! হুহ! সিহঁত চব চকীত বহিবলৈ যায়। তাকো এলাপেচা চকী নহয়। খোদ চিএমৰ চকী।!“

পত্নীৰ ধমকিত সাৰ পোৱা নিমাখিত মানুহজনৰ পিছে সপোনটো বেয়া নেলাগিল। এইবাৰ নহ‘ল কি হ‘ল? অন্ততঃ আন্দোলনৰ ৱেভটোক কোনদিশে নিব লাগে সেইটোৰ আইডিয়া পাই গ‘ল। এতিয়া আকৌ এটা আন্দোলনৰ বাবে বাট চালেই হ‘ল। এই আন্দোলনবোৰ হ‘বলৈনো কেইপৰ? ৰাইজৰ আৱেগৰো কিবা অভাৱ আছে নেকি? আৱেগ উঠলি উঠিলেই আন্দোলনে ঠন ধৰি উঠে। চিটুৱেচন ক্ৰিয়েট কৰিলেই হ’ল! গতিকে হতাশ হোৱাৰ প্ৰয়োজন নাই।

পত্নীয়ে যৌতুকত অনা আইনাখনত তেওঁ নিজকে চালে। এতিয়াৰ পৰা মোছ ৰাখিব লাগিব। কোনে জানে এনেকৈয়ে প্লেনিং কৰি এদিন তেওঁ চিএমৰ চকীত বহিবগৈ পাৰিব। তেওঁ বুজি গৈছে যে ওস্তাডৰো ওস্তাড মহা ওস্তাডেহে ৰাজনীতিৰ চকীৰ প্ৰৱল দাবীদাৰ হ‘ব পাৰে।

☆ ★ ☆ ★ ☆

10 Comments

  • জাহ্নৱী

    তামাম

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ। এনেই কিবা এটা ভাৱি লিখিলোঁ।

      Reply
  • Ronjon Baruoh

    সুন্দৰ গল্প এটি উপহাৰ দিয়াৰ বাবে কৃতজ্ঞতা জনাইছো 🙂

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ তোমাকহে দিছোঁ। বাৰে বাৰে মনত পেলায় আছিলা ব্যস্ততা আছিল যদিও তোমাৰ এই আগ্ৰহক না কৰিব নোৱাৰিলোঁ।

      Reply
  • নীলাক্ষি দেৱী ডেকা।

    সাংঘাতিক লিখিলা গীতিকা। একেলগে দুবাৰ পঢ়িলোঁ।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ নীলা! তুমি ভাল পাইছা বুলি জানি সঁচাকৈয়ে ভাল লাগিছে।

      Reply
  • মানসী বৰা

    বৰ ভাল লাগিল বা..

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই!

      Reply
  • ঈশান

    ৰাজনৈতিক পটভূমিত লিখা হৈছে যদিও ইংগিতধৰ্মিতাহে গল্পটোৰ অন্যতম দিশ । উপস্থাপনো আকৰ্ষণীয় ।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ ঈশান। বৰ্তমানৰ পৰিবেশক লৈ চেষ্টা এটা কৰিলোঁ।

      Reply

Leave a Reply

Your email address will not be published.