ফটাঢোল

চকোলেট – ভনিতা শৰ্মা

বৰা বৰানীৰ সৰু সংসাৰ, সহজ সংসাৰ৷ ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈ বৰুৱাৰ প্ৰতিটো কথাৰ তন্ন তন্নকৈ খেয়াল ৰাখে বৰানীয়ে৷ ব্ৰেকফাষ্টত কি খাব, দিনৰ সাঁজত কিমান পৰিমানৰ আহাৰ কি সময়ত খাব, ডিনাৰৰ ৰুটি দুখনৰ আকাৰ আকৃতি কেনেকুৱা হ’ব; মুঠতে একো কথাই তেওঁৰ ধ্যানৰ বাহিৰত নাথাকে৷ চুগাৰ পেচেণ্ট বৰা৷ ইফালে ব্লাদ প্ৰেচাৰো উচ্চ(high)৷ সেয়েহে বৰানীৰ বৰাক লৈ সজাগতাৰ অভাৱ নাই। ছোৱালী দুজনী অসমৰ বাহিৰত থাকি পঢ়ে৷ পঢ়া শুনা, স্বভাৱ চৰিত্ৰ ভালেই সিহঁ‌তৰ৷ সিহঁ‌তক লৈ বৰানীৰ মূৰ ঘমাবলগীয়া একো নাই৷ ঘৰখনতো দুটিহে প্ৰানী৷ বৰা-বৰানী৷ পাৰ্ট টাইমাৰ দুগৰাকীকৈ আহে ঘৰুৱা কাম কাজবোৰত সহায় কৰিবলৈ৷ সেয়েহে ঘৰুৱা দায়িত্ব যিকন আছে সেইকন বাদ দি বৰানীৰ মাত্ৰ এটাই চিন্তা, সেয়া হ’ল বৰাৰ স্বাস্থ্য৷

বৰাই নিয়ম মাফিক জীৱনটো কটায়৷ বৰানীয়ে ডক্টৰৰ পৰামৰ্শ মতে বান্ধি দিয়া ৰুটিন মতেই খোবা বোৱা চলা ফিৰা কৰে৷ অযথা টেনচন মুঠেও নলয়৷ “চিন্তাই হেনো চিতা” বৰাই কথাষাৰ মানি চলে৷ সেয়েহে চুগাৰ, হাই প্ৰেচাৰ থাকিলেও বৰাৰ স্বাস্থ্য বেছ সতেজ৷ কেতিয়াবা কিটি পাৰ্টিবোৰত লগৰ শৰ্মানী, মহন্তনীয়ে যেতিয়া বৰানীক কয় “বৰাদেউক চকু দিব দেই বৰানী৷ এই পচপন্ন বছৰ বয়সতো বেছ দেখনিয়াৰ হৈ আছে।” তেতিয়া বৰানীৰ বুকু গৰ্বত ফুলি যায়৷ অলপ খঙো উঠে পেটে পেটে এইবুলি যে “এইকেইগৰাকীয়ে চকু দিবলৈ মোৰ মানুহজনহে পালে।”হাঁ‌হি এটা মাৰি কথাটো হজম কৰি থয় বৰানীয়ে৷

কেতিয়াবা গধুলি সান্ধ্য ভ্ৰমণৰপৰা ঘুৰি আহি বৰাই কয় “হেৰা শুনিছা, গলিটোৰ সিটো মূৰত যে নতুনকৈ আহিছে ৰহমান, তেওঁৰ পত্নীয়ে আজি নিজে আগবাঢ়ি আহি মোৰ লগত চিনাকি হ’ল বুজিছা৷ তেওঁ কি ক’লে জানা৷ চেহেৰা পাতিয়ে হেনো তেওঁ মোক তোমাৰ ভায়েক বুলিহে ভাবিছিল৷ হাঃ হাঃ হাঃ।” এইবোৰ শুনিলে বৰানীৰ মূৰত ভমককৈ জুই একুৰা জ্বলি আহে৷বকেতিয়াবা ভাবে “মানুহজনৰ যত্ন মই লওঁ‌, মোৰ যত্নত তেওঁ দেখনিয়াৰ হৈ আছে এই বয়সতো, মোক পিছে কোনেও কৃতিত্ব নিদিয়ে।” পিছত ভাবে নালাগে কাৰো বাঃ বাঃ। মানুহজন ভালে থাকিলেই হ’ল৷

কথাবোৰ ঠিকেই চলি আছিল৷ ঠিকেই চলি আছিল বৰা-বৰানীৰ সংসাৰো৷ সিদিনা শইকীয়া-শইকীয়ানীৰ ল’ৰাৰ বিয়ালৈ গৈহে কেনা লাগিল৷ বিয়াত কথাৰ মাজতে শৰ্মানীয়ে বৰানীক চুক এটালৈ মাতি লৈ গ’ল৷ ক’লে “আপোনাক সুধিবলৈ বেয়া লাগে৷ আপুনি জানেনে নাইবা কথাটো৷”

“কি কথা?”

“মানে মানুহে কোৱা কুই কৰা শুনিছোঁ‌হে৷ আমিও অৱশ্যে দেখা নাই৷”

“কি কথা খুলি কওকচোন।” বৰানীয়ে ক’লে৷

“আজিকালি হেনো বৰাই গধুলি হ’লেই সেই টাউনৰ চুকৰ কলিতাৰ দোকানৰপৰা চকোলেট এটাকৈ লয় আৰু আন্ধাৰত নেদেখা হৈ যায়৷ মানুহ কিছুমানে সন্দেহ কৰিছে বৰাদেউৰ হয়তো কাৰোবাৰ লগত পৰকীয়া প্ৰেম আৰম্ভ হৈছে৷ নহ’লেনো কালৈ সদায় চকোলেট কিনে?ঘৰতটো সৰু ল’ৰা ছোৱালীও নাই৷ আৰু আমি জানো নহয় যে বৰানী কিমান health concious!ঘৰত চকোলেট মিঠাইৰ প্ৰৱেশ নিষেধ৷” শৰ্মানীয়ে ক’লে৷

কথা শুনি বৰানীৰ মূৰ আচন্দ্ৰাই কৰিলে৷ ভৰিৰ তলৰ মাটি খহি পৰিল৷ কোনোমতে শইকীয়ানীক মাত এষাৰ লগাই কোবাকুবিকৈ আহি ঘৰ পালে৷ গধুলি হৈছিল৷ বৰা ঘৰত নাছিল৷ বেলকনিৰ চকীখনতে বহি বৰানী ফোপাবলৈ ধৰিলে৷ “হে ঈশ্বৰ! এই বয়সত কি শুনিছোঁ‌ এইবোৰ৷ সেয়েহে আজিকালি মানুহজন গধুলি হ’লেই ওলাই যাবলৈ উৎপাত লগায়৷ ঘূৰি আহোঁ‌তে সদায় সন্তুষ্টিৰ হাঁ‌হি লৈ ঘূৰি আহে৷ আজি শইকীয়াৰ ল’ৰাৰ বিয়ালৈ যাবলৈ লগ ধৰোঁ‌তেও evening walkৰ বাহানা দি বৰানীৰ লগত নগ’ল৷ কথাৰ গুৰি মানে কৰবাতহে।”

মুখ-হাত ধুই কানি-কাপোৰ সলাই বৰানী বৰা আহি পোৱালৈ অপেক্ষা কৰিলে৷ সময়বোৰ যেন আজি দীঘল৷ নাযায়হে নাযায়৷ ক্ৰিং ক্ৰিং, হঠাৎ কলিংবেল বাজিল৷ বৰানী উধাতু খোৱাদি গৈ দৰজা খুলিলে৷ গীতৰ কলি গুনগুনাই বৰা সোমাই আহিল৷ “বিয়া খালা” সোমাইয়ে বৰানীক সুধিলে বৰাই৷ বৰানী জাঙুৰ খাই উঠিল৷ মূৰৰ জুইকুৰা ভমককৈ জ্বলি উঠিল৷ “কত গৈছিল আপুনি? গধুলি হ’লেই ক’ত যায় আপুনি।” বৰা হতবাক “evening walk লৈ যাওঁ‌৷ তুমিচোন জানাই৷”

“সান্ধ্য ভ্ৰমন নে লিলিমাই কৰিব যায় আপুনি?”

“কি কথা সুধিছা? এই বয়সত মই..!”

“তাকেইতো৷ এই বয়সত এইবোৰ কি চলিছে৷ কলিতাৰ দোকানত চকোলেট কিনি সদায় কাক যাচে? কোন সেই মোৰ সতিনী? কওঁ‌ক৷”

বৰা মৌন৷

“কওক৷ মুখেৰে নামাতে কিয় এতিয়া? মোৰ ইমান যত্ন আদৰৰ পিছতো কাৰ লগত প্ৰেমৰ নাট মেলিছে আপুনি? লাজ নালাগে আপোনাৰ? ক’বনে নকয়?”

“মানে..!”

“কি মানে? কওক৷”

“মানে তুমিযে মোৰ মিঠাই চেনি সকলো বন্ধ কৰি দিছা, মোৰ জিভাখনে কিবা শান্তি নোপোৱা হৈছে অলপ দিনৰ পৰা৷ তোমাকো ক’ব নোৱাৰো যে মিঠা খাম বুলি৷ তুমি নামানিবা৷ সেয়েহে কলিতাৰ দোকানত চকোলেট কিনি গধুলি শিশু উদ্যানখনতে বহি চকোলেট খাওগৈ৷ সেয়েহে ঘূৰি আহোঁ‌তে মনটো ভাল লাগি আহে৷”

কথাখিনি শেষ কৰি বৰাই বৰানীলৈ চকু উঠাই চাই মানে বৰানী মূচকছ গৈ মজিয়াতে ঢলি পৰিল৷

☆★☆★☆

One comment

  • ৰাজীৱ শৰ্মা

    হাঃ হাঃ বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.