ফটাঢোল

চমৎকাৰ (Miracle) – অনুবাদ : ভাস্কৰজ্যোতি দাস (মূল : কাৰ্টাৰ সিং ডুগ্গল)

: তাৰ পাছতেই গুৰু এখন মুকলি জনশূন্য ঠাই পালেগৈ৷ প্ৰচণ্ড ৰ’দ আৰু গৰমে সকলোকে দহি গৈছিল৷ শিল-বালিবোৰ তপত হোৱাৰ লগতে সকলো গছৰে পাতবোৰ মৰহি গৈছিল৷ দূৰ-দূৰণিলৈকে ক’তো জীৱৰ চিন নাই৷ চৌদিশে মৰুভূমি হেন শূন্যতা৷

: মা, তাৰ পাছত?

গভীৰ উৎকণ্ঠাৰে মই সুধিলোঁ৷

: ভাবত বিভোৰ হৈ গুৰু গৈ থাকিল৷ তেওঁৰ শিষ্যজনৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল আৰু পানী খাবলৈ বিচাৰিছিল৷ কিন্তু তেনে ঠাইত পানী ক’ত পাব! গুৰুৱে কৈছিল,

“ধৈৰ্য ধৰা৷ আমি গাঁও এখন পালেই পানী খাবলৈ পাম৷”

কিন্তু শিষ্যজনেও যেন বুজনি মানিব নোৱাৰিছিল৷ শিষ্যৰ অৱস্থা দেখি গুৰু উদ্বিগ্নও হৈছিল৷ ক’তো পানীৰ উম-ঘাম নাই৷ চৌদিশে কেৱল শুকান মৰুভূমিহেন পৰিৱেশ আৰু চন পৰা মাটি৷ গুৰুৱে শিষ্যজনৰ স্বভাৱটোও ভালদৰেই জানে৷ কিবা অসুবিধাত পৰিলে শিষ্যজনে আটাইকে বিবুদ্ধিত পেলাইহে এৰে৷ তৎস্বত্বেও গুৰুৱে নিজৰ বুজনি দিয়া কামটো কৰিবলৈ এৰা নাই৷ শৰীৰৰ পানী ক্ৰমাৎ নাইকীয়া হ’বলৈ ধৰাত শিষ্যজন এপাকত বাগৰি পৰে৷ এইবাৰ গুৰু চকু মুদি ধ্যানত বহিল আৰু কিছুসময়ৰ মূৰত শিষ্যজনক ক’লে,

“এই যে পাহাৰটো দেখিছা, তাৰ ওপৰত এজন ফকীৰ থাকে৷ তেওঁক পানী অলপ খোজা কাৰণ গোটেই ঠাইখিনিৰ ভিতৰত এতিয়া তেঁওৰ কুঁৱাতহে পানী আছে৷”

শিষ্যজনে পানী খাবলৈ পালে নে নেপালে সেয়া জানিবলৈ মোৰ উৎকণ্ঠা বাঢ়িল বাবে মই সুধিলোঁ,

: তাৰ পাছত কি হ’ল মা!

: শিষ্যজনৰ ইমানেই অণ্ঠ-কণ্ঠ শুকাই গৈছিল যে তেওঁ পানীৰ নাম শুনাৰ লাগে দৌৰাদৌৰিকৈ পাহাৰটোৰ ওপৰলৈ উঠিবলৈ ধৰে৷ ভাগৰুৱা-তৃষ্ণাতুৰ দেহ-মন লৈ শিষ্যজন ফকীৰৰ ওচৰ পালেগৈ আৰু ফকীৰক পানী খাবলৈ বিচাৰিলে৷ ফকীৰে তেওঁৰ কুঁৱাটোলৈ আঙুলিয়াই দিলে৷ শিষ্যজন কুঁৱাটোৰ ফালে যাবলৈ ধৰোঁতেই ফকীৰৰ মনত কিবা এটা খেলালে আৰু তেওঁ সুধিলে,

“ক’ৰ পৰা আহিছা তুমি?”

শিষ্যজনে উত্তৰ দিলে,

“মই সৎগুৰুৰ শিচ৷ এই মুকলি ঠাইৰ মাজেৰে বহুদূৰ আহি থকাৰ পাছত তৃষ্ণাতুৰ হৈ পৰিছিলোঁ৷ ক’তো এটোপা পানী নাপালোঁ৷”

গুৰুৰ নাম শুনিয়েই ফকীৰৰ খং চুলিৰ আগ পালেগৈ আৰু শিষ্যজনক তেওঁৰ ঘৰৰপৰা খেদি দিলে৷ দুখে-ভাগৰে আধামৰা শিষ্যজনে যেনেতেনে তললৈ নামি আহি গুৰুক কথাখিনি ক’লে৷ গুৰুৱে মিচিকিয়াই হাঁহিলে আৰু শিষ্যজনক আকৌ এবাৰ ফকীৰৰ ওচৰলৈ যাবলৈ ক’লে আৰু নিজকে ফকীৰৰ দৰেই এজন দৰবাৰীৰ সংগী বুলি পৰিচয় দিবলৈ পৰামৰ্শ দিলে৷ শিষ্যজনে পুনৰ পাহাৰটো বগাই গুৰুৱে কোৱাৰ দৰে কথাখিনি ক’লে যদিও এইবাৰো,

“এটা পাষণ্ডৰ সংগীক মই অলপমানো পানী দিব নোৱাৰো…”

বুলি ফকীৰজনে পুনৰ শিষ্যজনক তললৈ খেদি দিলে৷ শিষ্যজন তললৈ কোনোমতে নামি আহি কথাখিনি কোৱাত গুৰুৱে তেওঁক পুনৰ ফকীৰ থকা পাহাৰটো বগাই তেওঁৰ ওচৰলৈ যাবলৈ ক’লে আৰু পুনৰবাৰ তৃষ্ণাতুৰক পানী খোৱাবলৈ কাকুতি কৰিবলৈ ক’লে৷ শিষ্যজনে ঘন উশাহেৰে বহু কষ্ট কৰি পাহাৰটো বগাই পুনৰ ফকীৰজনৰ ভৰিত পৰি পানী বিচাৰিবলৈ ধৰিলে৷ ফকীৰজনে,

“তোৰ গুৰুৱে নিজকে ধাৰ্মিক পুৰুষ বুলি যে জহাই, তোক পানী অকমান দিয়াৰ শক্তিও তেওঁৰ নাই নে!”

বুলি ঠাট্টা কৰিবলৈ ধৰে৷ এইবাৰ প্ৰাণবায়ু উলাই যোৱা অৱস্থা এটাৰে শিষ্যজন প্ৰায় চুঁচৰি আহে আৰু গুৰুৰ চৰণত মূৰ্চা যায়৷ পৰি থকা শিষ্যজনৰ পিঠিত নিজৰ হাতখন লাহেকৈ মোহাৰি গুৰুৱে তেওঁক সমুখত থকা শিল এচটা ডাঙি দিবলৈ কয়৷ শিলচটা আঁতৰাই দিয়াৰ লগে লগে মাটিৰপৰা পানীৰ ফোঁৱৰা এটা ওলাবলৈ ধৰে আৰু নিমিষতে ঠাইখন পানীৰে ভৰি পৰে৷
পাহাৰৰ ওপৰত থকা ফকীৰজনৰ পানীৰ প্ৰয়োজন হোৱাত তেওঁ কুঁৱাটোৰ ওচৰলৈ গৈ দেখে যে কুঁৱাটো শুকাই তলিখন ওলাই গৈছে৷ ফকীৰে তলত পানীৰ ফুঁৱৰাটো দেখিলে আৰু ওচৰতে গুৰু-শিষ্য বহি থকা দেখিলে৷ খঙত একো নাই হৈ ফকীৰে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি এটা প্ৰকাণ্ড গোলাকাৰ শিল গুৰু-শিষ্য বহি থকা স্থানলৈ ঠেলি দিলে৷ শিলটো বাগৰি অহা দেখি শিষ্যজনে ভয় খালে যদিও গুৰুৱে তেওঁক অভয় জ্ঞান দিলে আৰু ঈশ্বৰৰ নাম ল’বলৈ ক’লে৷ শিলটো প্ৰচণ্ড জোৰেৰে আহি গুৰুৰ ওচৰ পোৱাৰ লগে-লগে গুৰুৱে বহি থকাৰেপৰা এখন হাতেৰে শিলটো ঠাইতে ৰাখি দিলে৷ আজিও সেই শিলটোত গুৰুৰ হাতৰ চাপ আছে৷ বৰ্তমান তাত এটা গুৰুদ্বাৰ আছে আৰু পাঞ্জাচাহিব নামৰ ৰেল ষ্টেচনটোও তাৰ ওচৰতে আছে৷

সাধুটো শুনি মই বিভোৰ হৈ গৈছিলোঁ৷ পিচে, ইমান প্ৰকাণ্ড শিলটো গুৰুৱে এখন হাতৰ তলুৱাৰে কেনেকৈ ৰাখিব পাৰিলে! এয়া অসম্ভৱ কথা৷ তাতে আকৌ শিলটোত গুৰুৰ হাতৰ চাপটোও বহি যোৱা বুলি কৈছে৷ কথাবোৰ মোৰ বিশ্বাস নহ’ল৷ হাতৰ চাপটো সম্ভৱতঃ কোনোবাই পাছত কাটি দিছে৷ এই কথাবোৰক লৈ মাৰ লগত সৰু-সুৰা তৰ্কও কৰিলোঁ৷ শিলৰ তলত বাৰু নিজৰা আৱদ্ধ হৈ থাকিব পাৰে৷ কিন্তু, পাহাৰৰ পৰা বাগৰি অহা ইমান প্ৰকাণ্ড শিল এটা এজন মানুহে হাতৰ তলুৱাৰে কেনেকৈ ৰাখিব পাৰে৷

পাছলৈ মা মোৰ ফালে চাই নীৰৱ হৈ গ’ল৷ অসম্ভৱ কথা৷ মুঠতে পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিল এটা এজন মানুহে হাতৰ তলুৱাৰে ৰাখিব নোৱাৰে৷ এই কাহিনীটো আমাৰ গুৰুদ্বাৰাত বহুবাৰ শুনিছোঁ আৰু স্কুলত শিক্ষকে কওঁতেও মই তৰ্ক কৰিছিলোঁ৷ স্কুলৰ শিক্ষকে,

“ঈশ্বৰত বিশ্বাস ৰখা মানুহৰ বাবে অসম্ভৱ বুলি একো নাই৷”

বুলি মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও মই একো কোৱা নাছিলোঁ৷ এটা কথায়েই টেটুফালি চিঞৰি সুধিবলৈ মন গৈছিল,

“পাহাৰৰ পৰা বাগৰি অহা ইমান প্ৰকাণ্ড শিল এটা এজন মানুহে হাতৰ তলুৱাৰে কেনেকৈ ৰাখিব পাৰে?”

তাৰ কিছুদিন পাছত পাঞ্জাচাহিব গুৰুদ্বাৰাত এটা ঘটনা ঘটিল৷ এনেকুৱা ঘটনাৰ কথা প্ৰায়েই শুনা যায়৷ তেনে ঘটনা ঘটিলে আমাৰ চৌকাত জুই নজ্বলিছিল আৰু আমি বিচনা এৰি মজিয়াত শুব লাগিছিল৷ সেইদিনাৰ ঘটনাটো কি সেয়া আমি গম পোৱা নাছিলোঁ৷ মোৰ ভণ্টি, মা আৰু মই পাঞ্জাচাহিব গুৰুদ্বাৰাৰ ফালে দৌৰিছিলোঁ৷ মাৰ চকুপানী ওলাই থকা দেখিছিলোঁ যদিও ঘটনাটোনো কি সেয়া জনা নাছিলোঁ৷ গুৰুদ্বাৰা পাই আচৰিত কথা এটা শুনিলোঁ৷
ইয়াৰপৰা বহুত দূৰৰ নগৰ এখনত বগা চাহাবে নিৰস্ত্ৰ লোক এখিনিৰ ওপৰত গুলীবৰ্ষণ কৰিছিল৷ বহুত মানুহ মৰিছিল৷ বাকী জীয়াই থকা মানুহবোৰক ৰেলগাড়ী এখনত পাণ জপাদি জাপি আন এখন নগৰৰ কাৰাগাত বন্দী কৰি ৰাখিবলৈ পঠিয়াই দিয়া হৈছিল৷ ভোকাতুত, তৃষ্ণাতুৰ বন্দীসকল যাতে ক’তো নৰয় আৰু ৰেলগাড়ীখনো কোনো ঠাইত নোৰোৱাকৈ চিধা জেলৰ ওচৰৰ ষ্টেচনটোত ৰয়, তাৰে নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু পাঞ্জাচাহিব গুৰুদ্বাৰাৰ ওচৰেৰে এখিনি ভোকাতুৰ, তৃষ্ণাতুৰ আৰু আহত লোক পাৰ হৈ যাব! এয়া হ’ব নোৱাৰে! পাঞ্জাচাহিবৰ লোকসকলে ট্ৰেইনখন তাত ৰাখিবলৈ ষ্টেচন মাষ্টৰক অনুগ্ৰহ কৰিলে৷ কোনোবা ওপৰৰ অফিচাৰলৈ টেলিগ্ৰামো কৰিলে৷ পিচে একো লাভ নহ’ল৷ বগাচাহাৰ কথা,

“এই হুকুমৰ লৰচৰ নহ’ব৷ ট্ৰেইনখন ক’তো ৰাখিব নোৱাৰিব৷”

সেয়ে, পাঞ্জাচাহিবৰ লোকসকলে বেলেগ সিদ্ধান্ত এটা ল’লে৷ সেইমৰ্মে প্লেটফৰ্মত ৰুটিৰ দ’ম, ডাইল, হালোৱা আৰু পানী জমা কৰা হ’ল৷ ৰেলগাড়ী একোখন ধুমুহাৰ দৰে আহে আৰু ধুমুহাৰ দৰে অদৃশ্যও হৈ যায়৷ কোনোৱে ৰেলগাড়ী এখন ৰাখোঁ বুলি ৰাখিব নোৱাৰে৷

মাৰ বান্ধবী এজনীয়ে আমাক বাকী কাহিনীটো ক’লে,

“মোৰ মানুহজনেই ৰেলৰ চিৰিত প্ৰথমে শুই দিছিল৷ তেওঁৰ লগত তেওঁৰ লগৰবোৰ আৰু পাছলৈ আমি মহিলাসকল দীঘল দি পৰিলোঁ৷ পাগলৰ দৰে উকিয়াই ৰেলখন তীব্ৰগতিত আহিল আৰু গতি কিছু কমিল যদিও নিমিষতে সমুখৰ বহুখিনি মানুহ ৰেলৰ চকাই কাটি লৈ গ’ল৷ আমি সমস্বৰে ঈশ্বৰৰ নাম লৈ থাকিলোঁ-এক ঔমকাৰ “সৎশ্ৰী আকাল ৱাহে গুৰু৷”

ৰেলগাড়ীখন ৰৈ গ’ল৷ সকলোৱে নাম গাই গ’ল-“সৎশ্ৰী আকাল ৱাহে গুৰু!” এইবাৰ ৰেলখন পিছুৱাবলৈ ধৰে আৰু এবাৰ কটা মানুহখিনি আকৌ এবাৰ কটা গ’ল৷ চিৰিৰ কাষত ঠেক খালটো তেজেৰে ৰঙা হৈ পৰিল৷”

গল্পটো শুনি মোৰ মাত হেৰাই গ’ল৷ গোটেই দিনটোত মোৰ মুখৰপৰা এটাও মাত নোলাল৷ সেইদিনা গধূলি ঘৰলৈ উভতি অহাৰ পাছত মায়ে ভণ্টিক পাঞ্জাচাহিব গুৰুদ্বাৰাৰ কাহিনীটো ক’লে৷ কিদৰে শিষ্যজনক লৈ সৎগুৰু সেইফালে আহিছিল, শিষ্যজন পিয়াহত আতুৰ হৈছিল, ফকীৰে পানী নিদিছিল, গুৰুৱে শিলটো আঁতৰাবলৈ দিওঁতে পানীৰ ফোৱৰা ওলাইছিল, ফকীৰে খঙত প্ৰকাণ্ড শিল এটা পাহাৰৰ পৰা বাগৰাই দিছিল আৰু গুৰুৱে হাতৰ তলুৱাৰে প্ৰকাণ্ড শিলটো ৰাখিছিল আৰু হাতৰ চাপ শিলটোত বহি গৈছিল- এই সকলোবোৰ তাইক সুন্দৰকৈ বুজাই দিছিল৷

“কিন্তু, এজন মানুহে ইমান প্ৰকাণ্ড শিল এটা কেনেকৈ হাতৰ তলুৱাৰে ধৰি ৰাখিব পাৰিব?”

ভনীজনীয়ে আপত্তি কৰিলে৷ দিনটো নিমাত হৈ থকা মই এইবাৰ চিঞৰি উঠিলোঁ,

“কিয় নোৱাৰিব? ধুমুহাৰ বেগত অহা ৰেলগাড়ী এখন যদি ধৰি ৰাখিব পাৰি তেন্তে পাহাৰৰ পৰা বাগৰি অহা শিলটো কিয় ধৰি ৰাখিব নোৱাৰিব?”

মোৰ মাৰ দুয়োটা চকুত চকুপানী কিছু জিলিকি উঠিল৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.