ফটাঢোল

চাইড বিজিনেছ – দেৱজিত শইকীয়া

আমাৰ চুবুৰীৰ আটাইতকৈ টেলেণ্টেড ল’ৰাটোৰ কথা লিখিবলৈ লৈছোঁ৷ অন্নপ্ৰাসন্নত কিতাপ, কলম, মাটিৰ লডা আৰু পইচা দি ল’ৰা ভৱিষ্যতে ডাঙৰ হৈ কি হ’ব কৰা টেষ্টটোত সুখ্যাতিৰে সি এশ টকীয়া নোটখন লৈ ‘যি লাই বাঢ়ে দুপাততে চিন’ কথাষাৰক প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা তাৰ প্ৰতিভা ফাটি ফুটি বিকশিত হ’বলৈ ধৰে৷

একেবাৰে সৰু হৈ থাকোতে ১০, ২০ বা ১০০ টকীয়া নোট দি কোনখন লাগিব সুধিলে, বেটাই সদায় ১০০ টকীয়া নোটখনতে হাত দিছিল, খুচুৰা পইচা দিলে কেৰাহিকৈয়ো নাচায়। যেতিয়া অলপ জনাবুজা হ’ল সি ইমানেই টেলেণ্টেড হ’ল যে সিহঁতৰ ঘৰত তাৰ ভয়ত ভিক্ষাৰীও আহিবলৈ ভয় কৰা হ’ল, জানোচা ওলোটাই কিবা দি আহিবলগীয়া হয়৷

নেওতা শিকিয়ে পঢ়া শুনা বাদ দিলে। তাৰ জীৱনত জমা খৰছৰ অংক শিকাই নহ’ল পিচে এইটোও সত্য যে ‘জমা খৰছৰ’ অংক নিশিকিলেও তাৰ সকলো জমাৰ ঘৰতেই থাকে, খৰছ হয় দেউতাকৰ বা তাৰ লগৰ কেইজনৰহে। যি কি নহওক কিয়, চকুৰেই অংক কৰি লাভৰ হিচাপ উলিয়াই ল’ব পৰা টেটোনে আজিলৈকে কোনো ‘লাভ’ নোহোৱা কাম কৰি পোৱা নাই।

সিদিনাখন হঠাৎ মোৰ ওচৰত আহি সি উপস্থিত। হাতত এখন চান্দাৰ বহি আৰু এখন দীঘল লিষ্ট, মই কিবা কোৱাৰ আগতেই ৫০১ টকাৰ ৰচিদ এখন হাতত গুজি দি সি ক’লে বোলে দাদা এইবাৰ গাঁওৰ পূজা ভাগৰ মই সম্পাদক। চহৰত থকা গাঁওৰ সকলোৰে পৰা চান্দা উঠাব আহিছোঁ। মই বোলো তই ৰাজহুৱা কামত ধৰিলি যে, কিবা প্ৰফিট হয় জানো তোৰ? সেমেনা সেমেনিকৈ সি ক’লে দাদা ছোৱালীক বয়স আৰু পুৰুষক আৰ্জন সুধিব নাপাই তথাপি নিজৰ বুলি যোৱা বাৰ বিহুত বাইক এখন ল’লোঁ বুলি থোৰতে কৈ থলোঁ। মই বোলো সুন্দৰ।

তাৰ কথাৰ পৰা যি বুজিলোঁ গোটেই বছৰটো সি ‘চাইড বিজিনেচ’ ত লাগি থাকে। March-April ত ‘বিহু মেলা’, May-june লৈকে ‘বহাগী বিদায়’, July-August ত ‘জন্মাষ্টমী’, September-October ত ‘গনেশ-বিশ্বকৰ্মা-দূৰ্গা পূজা’, November December ত ‘কালি পূজা, মাঘৰ বিহু’ January February ‘সৰস্বতী পূজা’, তাৰ মাজতেই ডেঞ্চ কম্পিডিছন, নানা প্ৰকাৰৰ দিৱস উৎযাপন সমূহটো আছেই। মুঠতে ক’বলৈ গ’লে চাইড বিজিনেছ জিন্দাবাদ।

সুবিধা পাই মই সুধিলোঁ বোলো মানুহবোৰে দান-বৰঙণি ঠিকে ঠাকে দিয়ে জানো? সি বোলে দাদা আইডিয়া লাগিব। ধৰক, কোনোবা এজনক বিহুৰ কিবা এটা অনুষ্ঠানত সভাপতি পাতি দিলোঁ হাজাৰ টকীয়া চান্দা পাই গ’লোঁ, ক’ৰবাত খুড়ী, মাহী, পেহী বুলি ধুনীয়াকৈ সম্বোধন এটা দি কিবা কিবি গুণ গাই দিলোঁ, পাই গ’লোঁ ন’হয় ২০০ ৰ পৰা ৫০০ টকীয়া চান্দা।

কাৰোবাৰ পুতেক জীয়েকৰ গুণ গাই দিওঁ, ১০০-২০০ ৰ বাবে। আৰু অন ৰ’ড কালেকচন মানে ৰাস্তাত গাড়ী ৰখাই কৰা কালেকচন সমূহটো আছেই। আৰু আপোনাৰ দৰে চাকৰিয়াল সমূহৰ বাবে এখন বেলেগ লিষ্টটো আমি বনায়ে ল’ওঁ।

মই বোলো শেষত অ’ডিত কৰি জমা-খৰছৰ হিচাপ ৰাজহুৱা ক’ৰণে নাই? সি বোলে দাদা কি কয় আপুনি, ইয়াত সদায় লোকচানৰ ঘৰতে হিচাপ দিয়া যায় আৰু আপোনালোকৰ দৰে জনা শুনা মানুহ সকলেনো ক’ত আৰু সেইবোৰ হিচাপ ল’বলৈ যাব?

অনিচ্ছা স্বত্বেও শেষৰ প্ৰশ্নটো কৰিলোঁ, বোলো তই যে মোক সকলো গুমোৰফাঁক কৈ দিলি ইয়াৰ পাছত জানো তই মোৰ পৰা আৰু কিবা বৰঙণী পাম বুলি আশা কৰিবি? তামোলখন মুখত ভৰাই সি বোলে, দাদা আপুনি যে দিব মই খাটাং জানো, কাৰণ আপোনাৰ অফিছৰ টেবুলখনো ভাল আৰু আজিকালি মই RTI ও কৰোঁ নহয় ৷

পকেটৰ পৰা পাঁচশটকীয়া ন’টখন টপককৈ উলিয়াই দি বোলো তোৰ নেক্সট ‘বিজিনেচ’ জনসাধাৰণৰ প্ৰতিনিধি হ’বি, মই আজিয়েই ভৱিষ্যতবাণী কৰিলোঁ৷

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published.