ফটাঢোল

চাবস্ক্ৰাইবাৰ্ছ -ড° সমাদৃতা গোস্বামী

পৰীয়ে বেজী ল’বলৈ এতিয়া নাযায়৷ নাযায় মানে নাযায়েই৷ ভেক্সিনৰ নামেই নুশুনে৷ চল্লিছৰ ওপৰৰখিনিক দিয়া আৰম্ভ হোৱাৰে পৰা মই তাইক আজি ব’লা, কালি ব’লাকৈ সোঁৱৰাই আছোঁ৷ কিন্তু তাইৰ কাণষাৰ নাই৷ আজি অতবছৰে তাইক মই বেজী ল’বলৈ বুলি ভয় খোৱা দেখা নাই৷ হাতে ভৰিয়ে কিমান দুখ পাই থাকে অথচ অকণো কেট-কুটেই নকৰা পৰীৰ এইবাৰ হ’ল কি?

ল’ৰা-ছোৱালীও হালেই চিজাৰিয়ানতে হৈছে৷ তাৰোপৰি ছোৱালীতে তাইৰ গ’ল্ড ব্লাডাৰৰ অপাৰেচনো হৈছে৷ আজিলৈকে কিমান চেলাইনৰ খোঁচ খালে তাৰ হিচাপ নাই৷ এইবাৰ হ’ল কি?

“বেজীৰ কথা নহয়৷ বেজীৰ কথা নহয়”।

 বেজীৰ খোঁচলৈ ভয় খোৱা নতুন বেমাৰ হ’ল নেকি বুলি মই সোধোঁতে একে আষাৰে না কৰিলে পৰীয়ে৷

তেন্তে? পৰীৰ মাকেও পৰীৰ পেটৰ পৰা কথাটো উলিয়াব পৰা নাই৷ মই সেইদিনা ক’ভিডৰ ওপৰত বৃহৎ ভাষণ এটাও দি চালোঁ৷ ভেক্সিন দিয়া মানেনো কি? কৰ’ণা ভাইৰাছকে কম পৰিমাণত গাত ভৰাই দিয়ে যাতে শৰীৰত ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এণ্টিব’ডি নামৰ সৈন্য-সামন্তৰ সৃষ্টি হয়৷ এতিয়া মই ভেক্সিন লোৱা মানে মোৰ গাত সৈন্য-সামন্ত আছে যাতে ক’ভিড বেমাৰ হ’লে বেমাৰৰ বিপক্ষে যুঁজিব পাৰে৷ কিন্তু তুমি যদি ভেক্সিন নোলোৱা, তোমাৰ সৈন্য-সামন্ত নাই, গতিকে ক’ভিড বেমাৰ হ’লে শৰীৰটোৱে যুঁজিবলৈ ক’ৰপৰা সৈন্য-সামন্ত পঠাব?
ইমানখিনি কোৱাৰ পিছতো পৰী নিৰুত্তৰ৷

“মৰিলে মৰিবি৷ মোৰ কি আহে যায়” বুলি মই ভেঁকাহিও মাৰি চালোঁ৷ নাই, পৰীৰ মুখত মাত-কথা নাই৷ আইনাখনত চাই চাই নিজেই নিজৰ পকা চুলি উভলাত ব্যস্ত৷

“হেৰৌ কৰ’ণাই ক’লা-বগাৰ হিচাপ নকৰে৷ মৰিলে সেই ক’লাখিনিও যাব৷”

বুলি ভোৰভোৰাই ভোৰভোৰাই মই মোৰ নিজৰ কামত ধৰিলোঁহি৷ এইবোৰক বুজোঁৱা আৰু ঢেৰুৱা ঠাৰি সিজোঁৱা একেই কথা৷ অপদাৰ্থ সব৷ নিজেতো মৰিবই, আনকো মাৰিব৷

পৰীৰ এটা ইউটিউব চেনেল আছে৷ এক লাখ চাবস্ক্ৰাইবাৰ্ছ৷ ফেমাচ মানুহ৷ শুই উঠাৰ পৰা দিনটো কি কৰিলে নকৰিলে আৰু লগতে কিবাকিবি ৰেচিপি লাইভ কৰি দিয়ে৷ কেতিয়াবা গৃহসজ্জাও দেখুৱায়৷ কেতিয়াবা ফাঁকতে মোকো উলিয়ায়৷ মোৰো বেয়া নালাগে৷ ইমান জনপ্ৰিয় মানুহ এজনীক পৰিবাৰ হিচাপে পোৱাটো ভাগ্যৰে কথা৷ ময়ো আজিকালি ঘৰত হাফপেণ্টটো পিন্ধি নথকা হ’লোঁ৷ গা-পা ধুই চিধাই বাহিৰলৈ গৈ তাৱেলখন বাহিৰৰ ডাঁৰত মেলিহে ঘৰ সোমাওঁ৷ ক’বতো নোৱাৰি কেতিয়াবা বিছনাত পেলাই থোৱা তিতা তাৱেল আৰু মোক লাইভ কৰি দেখুৱাই কৈ দিব- “চাওক, এয়াই পুৰুষৰ স্বভাৱ”৷ গতিকে আগতীয়াকৈ আমি সাৱধান৷ মাকো কৈছোঁ বোলো পিন্ধি আৰাম লাগিলেও ফটা-পঁচাবোৰ এৰ৷ গোটেই অসমে আমাক দেখি থাকে৷ মায়েও আজিকালি সপ্তাহে সপ্তাহে হেনা কৰে৷ চেলাউৰিও থ্ৰেদিং কৰে৷ পৰীয়েই কৰি দিয়ে৷ দেউতা বাৰু নাই, ঢুকাল৷ থকাহ’লে মোছত তাও দি লাইভত ওলাই থাকিলেহেঁতেন৷ চোফাত বহি থাকি উঠি আহোঁতেই সেইখন হাতেৰে আকৌ ফিট-ফাট কৰি থৈ আহিব লাগে৷ মই ইমানখন কৰি থাকিব নোৱাৰোঁ৷ আজিকালি মই সেইকাৰণে মজিয়াতে বহোঁ৷ বাতৰি কাকতখনো পঢ়ি জাপে জাপে ৰাখিব লাগে৷ কোনে সেইবোৰ কৰিব? বাতৰি কাকত মই মোবাইলতে অনলাইন পঢ়া হ’লোঁ৷ পৰ্দাত মুখ-হাত মচিলে পৰ্দা লেতেৰা হয়৷ গৃহসজ্জাৰ ভিদিঅ’ত লেতেৰা পৰ্দা কেনেকৈ দেখুৱাই তাই?

আজিকালি মূৰটো সোঁ-বাওঁ কৰি কান্ধখন দাঙি গাৰ চোলাতে মুখ মচোঁ৷ তিতা হাতো কঁকালতে মচোঁ৷ এনেকৈ চলি আছোঁ আৰু! উপায়তো নাই! পৰীয়ে গাৰুৰ তলতে লিপষ্টিক-কাজল ৰাখে৷ ওচৰতে মোবাইল আৰু মোবাইলৰ ট্ৰাইপদডাল৷ সাৰ পায়েই কেতিয়াবা মুখ-হাত নোধোৱাকৈও ভিদিঅ’ বনায়৷ ৰাতি শোৱাৰ পৰত দিনৰ ভিদিঅ’ক লৈ আমাৰ দুয়োটাৰে আলোচনা চলে৷ ময়ো কিছুমান আইডিয়া দিওঁ৷ মই বিৰাটেই চাপোৰ্টিভ হাচবেণ্ড৷ বোলোঁ, অকল খোপা কেনেকৈ বান্ধে বা বুট দাইল-অমিতাৰ খাৰ কেনেকৈ ৰান্ধে এইবোৰ লাইভ কৰাৰ মাজে মাজে কেতিয়াবা কিতাপ এখন লৈ পঢ়ি থাকিবা৷ কাহিনীটো বা কিতাপৰ সাৰমৰ্ম ক’বা৷ মানুহে অন্ততঃ কিতাপ পঢ়িবলৈ মন কৰিব৷ এক লাখ চাবস্ক্ৰাইবাৰ্ছক তুমি ভাল কথা এটা শিকালে কিমান মহৎ কাম কৰা হয়, ভাবাচোন৷ এবাৰ মোৰ কথামতে ‘অসীমত যাৰ হেৰাল সীমা’খন লৈ চম্পা, চন্দন-গৌৰীৰ কথাবোৰ কৈছিল তাই৷ কিন্তু ভিদিঅ’টোত মাত্ৰ এশ লাইক হে হ’ল৷ সেইদিনা পৰী মৰ্মাহত৷ সন্ধিয়া পাকঘৰলৈও নগ’ল৷ চাহকাপো মইহে বনাব লগা হ’ল৷ আগফালে চকী এখন পাৰি সন্ধিয়াৰ পৰা ৰাতিলৈকে চিন্তাত মগ্ন হৈ পৰী বাহিৰতে বহি থাকিল৷ মই আৰু মায়ে লাগি-ভাগি যেনে-তেনে ৰান্ধি-বাঢ়ি দিয়া ভাতখিনিও লিৰিকি-বিদাৰি বহিহে থাকিল৷ তাৰপিছতে কোঁ-কোঁকৈ শোৱা কোঠালৈ আহি মোলৈ চাই গৰগৰাই ক’লে-

: এনেকৈ নহ’ব আৰু৷ তোমাৰ চক্ৰান্তত পৰি মই ভিউৱাৰ্ছ হেৰুৱাব নোৱাৰোঁ৷ চাবা৷ কাইলৈৰ ভিদিঅ’ই যদি হাজাৰ ক্ৰছ নকৰে৷

পিছদিনাই “পয়ত্ৰিশত কেনেকৈ হৈ থাকিব বিশৰ দৰে” বুলি মুখত মচুৰ দাইল এসোপাৰ লেপন লৈ তাত আৰু কিবা চিক্ৰেট বস্তু এটা দিছে কৈ এটা ভিদিঅ’ দিয়াত দুদিনতে এক লাখ ভিউৱাৰ্ছ হ’ল৷ কমেণ্টত ৰাইজৰ চিক্ৰেট বস্তুৰ নাম বিচাৰি হাঁহাকাৰ৷ সেইদিনা আমাৰ ঘৰত হাঁহৰ মাংসৰে পাৰ্টী চলিল৷ ৰাতিলৈ মই বোলোঁ-

: তোমাৰচোন একচল্লিশ হ’ল৷ পয়ত্ৰিশ বুলিনো কিয় ক’লা?

পৰীৰ টেলেকা চকুকেইটা অন্ধকাৰত কুকুৰ-মেকুৰীৰ চকুৰ দৰে জ্বলি উঠা দেখি ময়ো বিনা বাক্যব্যয়েৰে তাইৰ বয়স পয়ত্ৰিশ বুলি মানি ল’লোঁ৷ এৰা৷ মাকৰ গৰ্ভত থাকোঁতেই পৰী প্ৰথম শ্ৰেণীত! চিক্ৰেট বস্তুটোনো কি সেয়া জনাৰ হেঁপাহকণো মোৰ হেঁপাহ হৈয়েই আছে৷

আমি দুয়োটা এল পি স্কুলৰে পৰা একেলগে পঢ়া৷ বয়সো আমাৰ একেই৷ কিন্তু মোতকৈ পৰী বহুত সাহসী৷ পিছফালৰ বাৰীতে আমাৰ এজোপা ডাঙৰ নেমুটেঙা গছ আছে৷ জহৰ গেলা গৰমতো সাপ-বেঙলৈ অকণো ভয় নকৰাকৈ তাই সেই ঘন-ঘোৰ টেঙা গছৰ পৰা টেঙা ছিঙি আনে৷ প্ৰায়ে হাত-ভৰিত কাঁইটৰ দাগ বহে৷ মই নিজেই মন নকৰিলে সেইবোৰ গমেই নাপাওঁ৷ ইমান টান জীৱটোৰ আকৌ ভেক্সিন ল’বলৈ ভয়৷

আমাৰ লগৰ সবেই ভেকচিন ল’লে৷  পৰীৰ ভেকচিনলৈ অকণোৱেই আগ্ৰহ নেদেখি মাক বোলোঁ ব’লা, মহাৰাণীলৈ ৰৈ থাকিলে আমিও ভেকচিন নাপামগৈ৷ ইতিমধ্যে ভেকচিনবোৰ শেষ হৈছে৷ বহুতে গৈ গৈ ল’বলৈ নাপাই উভতি আহিছে৷ মাস্ক পিন্ধি গাত গা লগাই দীঘলীয়া শাৰীৰ মাজত আমাক ৰৈ থকা দেখি ভবেন ডাক্তৰে মেনেজ কৰি দিয়াতহে যেন-তেন ভেক্সিন ল’ব পাৰিলোঁ আজি৷  আহি দেখোঁ ঘৰত একেবাৰে মানুহ মৰাৰ দৰে পৰিৱেশ৷

শ্বোলেৰ “ইটনা চান্নাতা কিউ হে ভাই?” ৰ দৰে মায়ে নিজৰ থুঁতৰিটো আগলৈ জোকাৰি চেলাউৰি দুডাল ওপৰলৈ কৰি মোলৈ চাই  ইংগিতেৰে সুধিলে৷

পৰীয়ে কান্দি আছে৷ দুয়োটা হোষ্টেলৰ পৰা ৱাৰ্ডেনৰ ফোন আহিছে৷ মমী-নীড়হঁতক কাইলৈৰ ভিতৰত হোষ্টেল খালী কৰিবলৈ অৰ্ডাৰ আহিছে৷ কৰ’ণা বাঢ়িছে৷ গতিকে সব ল’ৰা-ছোৱালীকে তৎক্ষণাত হোষ্টেল খালী কৰাৰ নিৰ্দেশ৷ দুয়োটা কাইলৈ আহিব৷

: এতিয়া গৈ ল’বগৈ পাৰিমনে বেজী? কাইলৈ ইহঁত আহিবই৷

পৰীয়ে উচুপি উচুপি মোলৈ চাই সুধিলে৷

ময়ো থৰ লাগিলোঁ৷ এতিয়া কি কৰা কৰা৷

: অতদিনেতো চিঞৰিয়েই আছিলোঁ৷ আমিও আজি যেনে-তেনেহে পাইছোঁ৷ ৰ’ব লাগিব৷ ওঁঠৰৰ ওপৰবোৰক দিয়াটোলৈ ৰোৱা৷ তাতে মিলাব লাগিব৷ উপায়তো নাই৷

পৰীয়ে হুকহুকাই কান্দি পেলালে৷

: কি ভুল কৰিলোঁ মই? মোৰ কৰ’ণা হ’লে কি হ’ব? মমীহঁতো আহি আছে৷ মোৰ পৰা সিহঁতৰ হ’লে মই কোন সতে জীয়াই থাকিম? হে ভগৱান৷ ক’ত পাম মই ভেকচিন?

মায়ে জানো কালৈ ফোন লগালে৷

: যা যা লৈ আহ৷ ইহঁত অহাৰ আগতে ভেকচিন লোৱা ভাল৷ মই ভবেন ডাক্তৰক ক’লোঁ৷ তোলৈ মিলাই দিব৷ এতিয়াই যা, দেৰি নকৰ৷ তোৰ ইউটিউব ডাক্তৰৰ ঘৈণীয়েকেও চাই নহয়৷ ভেকচিন পাবি তই৷ সবেই তোক চিনি পায়৷ চিন্তা নকৰ৷

পৰীক বাইকৰ পিছফালে বহাই সাউতকৈ ভবেন ডাক্তৰৰ ওচৰ পালোঁগৈ৷ বাহিৰতে তিনিজনীমান মহিলাই আহি পৰীৰ সৈতে চেল্ফি তুলিলে৷ মচুৰ দাইলৰ লেপনত দিয়া চিক্ৰেট বস্তুটোৰ কথাও সুধিলে৷ মই কাণ উনাই শুনিবলৈ চালোঁ কি বস্তু বা দিছিল! “ক’ম ক’ম মোৰ চেনেলতে” বুলি পৰীয়ে হাঁহি এটাহে মাৰিলে৷ দুগৰাকী মানে পৰীক ভেকচিন লোৱাৰ লাইভো কৰিবলৈ ক’লে৷

: আপোনাক দেখিলে ইমান বয়স হৈছে যেন নালাগেই৷

পৰীয়ে ওঁ ওঁ কৈ শলাগি থাকিল৷ মুখত মাত-কথা নাই৷

তাইৰ মোবাইল মোৰ পকেটতে আছে৷ এবাৰলৈও তাই মোক মোবাইলটো নিবিচাৰিলে৷ আচৰিত!

ল’ৰা-ছোৱালীহালে পঢ়া ক্ষতি কৰি হঠাতে ঘৰলৈ আহিবলগা হোৱাৰ কাৰণেই তাইৰ মন-চন বেয়া চাগে দেহি৷ ময়ো জোৰ নকৰিলোঁ৷ উভতি আহোঁতে পৰীৰ মনটো একেবাৰে মৰা৷ কি বা হ’ল?

ৰাতি বিছনাত পৰিও পৰীয়ে উচুপি থাকিল৷ মই বোলোঁ-

: তোমাৰ হৈছে কি হে,

পৰীয়ে গাটো আধা ডাঙি মোলৈ পোনে পোনে চাই ক’লে-

: ডাক্তৰৰ ঘৈণীয়েকো চাবস্ক্ৰাইবাৰ?

: অঁ৷ তাতেনো কি হ’ল৷ ভালহে৷ মইতো আগতে জনা হ’লে শাৰী নাপাতোঁগৈয়ে৷ মাকো ডাক্তৰে কওঁতেহে মায়ে গম পাইছে, ঘৈণীয়েকেও তোমাৰ ভিদিঅ’বোৰ চোৱাৰ কথা৷

: দেখা নাই আজি কিমান সোপাই চেল্ফি ল’লে৷

: অঁ৷ তুমি ফূৰ্তিহে কৰিব লাগে৷ ইমানবোৰ মানুহে চিনি পায়৷

এইবাৰ পৰীয়ে ওপৰলৈ মূৰ কৰি চিধাহৈ শুলে৷ হুমুনিয়াহ এটা কাঢ়ি ক’লে-

: তুমি নুবুজিবা৷

: মই নুবুজিব লগীয়াকৈনো ইয়াত আছে কি?

মোৰ কৰ্কষ মাতক নেওঁচি পৰীয়ে চিঞৰি উঠিল।

: চিক্ৰেট বস্তু একো দিয়া নাছিলোঁ মই৷

: অঁ৷ একো নহয়৷ হালধী-চালধী কিবা এটা কৈ দিবা আৰু!

পৰী শান্ত হ’ল৷

: তাতকৈও যে ডাঙৰ কথা এটা হ’ল-

: আকৌ কি?

: বয়সটোযে চল্লিশৰ ওপৰ বুলি সবেই গম পাই গ’ল৷

কৈ তাই আকৌ কান্দি পেলালে৷ উচুপনি গৈ হুকহুকনি হৈ বিছনা লৰাই পেলালে৷

হাঁহিটো যেনেতেনে ৰখাই “এৰা” বুলি দীঘলীয়াকৈ কৈ মই সিফালে মূৰ কৰি শোৱাৰ ভাও জুৰি মুখ টিপি পৰি থাকিলোঁ৷

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.