ফটাঢোল

চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত কাতি মাহৰ পৰব সাঁহৰাই বা গৰয়া পূজা – কলচুম বিবি

অসম বিভিন্ন নৃগোষ্ঠীয় লোকৰ বাসভূমি৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ উৎসব-পাৰ্বন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাসে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰিছে৷ ইয়াৰ ভিতৰত চাহ জনগোষ্ঠীৰ লোকসকলে উল্লেখযোগ্য অবদান আগবঢ়াইছে৷ চাহ উৎপাদনত অসম সমগ্ৰ ভাৰততে অদ্বিতীয় আৰু এই চাহ উৎপাদনৰ লগত চাহ জনগোষ্ঠীৰ লোকসকল ওতপ্ৰোতভাবে জড়িত৷ অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই অসমীয়া জাতিৰ এটি অবিচ্ছেদ্য অংগ হৈছে এই জনগোষ্ঠীৰ লোকসকল৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন কৃষ্টি-সংস্কৃতিয়ে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছে৷ বিশেষকৈ ঝুমুৰ নৃত্য, টুচু পূজা, কৰম পূজা, গৰয়া পূজা আদি উল্লেখযোগ্য৷

দেৱালীৰ সময়ত চাহ-জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত এটি উৎসব হৈছে গৰয়া পূজা বা সাঁহৰাই পৰব৷ এই উৎসব কাতি মাহত অমাৱশ্যাৰ পাছত ন-জোন ওলোৱাৰ দিনা পালন কৰা হয়৷ সাঁহৰাই পৰব কোনো কোনোৱে পাঁচ বা সাত দিনতো পালন কৰে৷ এই পৰব কৃষিৰ লগত, বিশেষকৈ গো-পূজা আৰু গৰখীয়া জীৱনৰ লগত জড়িত৷ অতীতত কৃষি প্ৰধান লোকসমাজত গৰু আৰু গৰখীয়াৰ গুৰুত্ব বেছি আছিল, যাৰ বাবে লোকসমাজত গৰখীয়া জীৱনক লৈ বিভিন্ন ধৰণৰ লোকগীত, লোকগাঁথা প্ৰচলিত হৈ আহিছে৷ এই পৰবত চাহ জনগোষ্ঠীৰ লোকে গো-ধনৰ লগতে গৰখীয়াক যথাৰীতি সন্মান যাচে৷ ইয়াৰ লগত সমগ্ৰ অসমত পালন কৰা বহাগ বিহুৰ সাদৃশ্য থকা দেখা যায়৷

গৰখীয়াসকলে সেই কেইদিন নিশা ৰাইজৰ ঘৰে ঘৰে গৈ ঢোল-মাদল, তাল বাদ্যযন্ত্ৰ বজাই গীত গাই গৃহস্থসকলক আশীৰ্বাদ দিয়ে৷ এই গীতবোৰক জাহলী গীত বোলা হয়৷ জাহলী গীতক ৱাঁধনা পৰবৰ গীত বা কপিলা মঙ্গল গীত বুলিও কোৱা হয়৷ বহাগ বিহুত প্ৰচলিত হুচৰিৰ লগত ইয়াৰ সাদৃশ্য মনকৰিবলগীয়া৷

অহিৰে খজা খজাতে আলি

পচ্ছা পচ্ছাত হ অহিৰা

লছমী কা ঘৰ কতি দূৰা ৰে

লছমী কা ঘৰে ভালা

তুলসী কা পীড়া হ

ওপৰত ঘূৰে ৰাজ হাঁচা ৰে৷

গৰয়া পূজাত গৰুবোৰক গা-পা ধুৱাই, তেল-হালধি ঘঁহি, ৰুটী-পিঠা আদি খুৱাই গোহালিত মহাদেব, বাঘ, ধৰম দেৱতা,  গ্ৰাম দেৱতা, বন দেৱতা আদি পঞ্চ দেৱতাৰ নামত থাপনা পতা হয়৷ ইয়াৰ পিছত মূৰ্গী আদি বলি দি গো- লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়, গো জাতিৰ উন্নতি কামনা কৰা হয়৷ ইয়াৰ পিছত গৰুক ন-পঘা দি কটা ঘাঁহ খুওৱা হয়৷ গৃহস্থইও ন-সাজ পিন্ধি ব্ৰত ৰাখে, গো সেৱা কৰে৷ ইয়াৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত নাঙল, যুঁৱলি, মৈ আদি সঁজুলিসমূহ ধুই-ধাই তেল সেন্দূৰ আদিৰে ফোঁট দি চুমান বা আৰতি কৰে৷ তেওঁলোকে গোৱা গীতত এই পৰম্পৰা উল্লেখ থকা দেখা যায়৷

ক’ন শিংগে লেবেল বৰদা তেল সিন্দূৰ হ’

ক’ন শিংগে ঝঁকবে চুমান হ’

দাহিন শিংগে লেবে বৰদা তেল সিন্দূৰ হ’

বাঁৱা শিংগে ঝঁকবে চুমান হ’

সবু দিনেৰে বৰদা মাৰলি পিটলি

আজত কৰিব সুচাৰ

গঙ্গা গহলে বৰদা জাংগা জুৰি বঠব

কহব সুখ দুখ বাত৷

পূজাৰ দিনা পিঠাগুৰি, পূৰৈ শাক বা আকাশীলতা আদি একেলগে মিহি কৰি পানীৰ লগত মিহলাই গোহালিৰ পৰা গোটেই চোতালতে এবিধ ৰেখাপথ অংকন কৰে৷ সেই পথেদি গৰুবোৰক গোঁহালিলৈ আহ-যাহ কৰোৱা হয়৷ এই পৰব উপলক্ষে গৰুবোৰক বিভিন্ন ধৰণে সজোৱা দেখা যায়৷  গৰুবোৰৰ গাত চাউলৰ গুৰিৰে বিভিন্ন ছাব বা টাটু আঁকি দিয়া হয়৷ কোনো কোনোৱে গৰুৰ মূৰত গেঁৰ ওলোৱা ধানৰ ’কপালী’ পিন্ধাই দিয়ে৷ ইয়াৰ পিছত চৰাবলৈ নিয়ে৷ নতুন মাটিৰ মলাত জুইৰ আঙঠা লৈ ধূপ, দীপ, সৰিয়হ আদি পুৰি দুই বা ততোধিক আলি য’ত লগ লাগিছে তাত বদ-ব্যাধিসমূহ জুইত জাঁহ যোৱাৰ কামনা কৰি ’নিংচাই’ নামৰ এবিধ পৰ্বৰ সমাধা কৰে৷ গৰখীয়াসকলকো নিমন্ত্ৰণ কৰি আনি আপ্যায়িত কৰা হয়৷

সাঁহৰাই পৰব উপলক্ষে গোৱা জাহলী গীতসমূহ কেইবাপ্ৰকাৰৰ হোৱা দেখা যায়৷ প্ৰশ্নোত্তৰৰ জৰিয়তে গোৱা জাহলী গীত, ৰামায়ণ-মহাভাৰতৰ কাহিনী কোৱা জাহলী গীত আৰু হাস্য-ব্যংগাত্মক জাহলী গীত৷

ৰসিকতা কৰি গোৱা জাহলী গীতবোৰক চাঁচৈৰ বুলি কোৱা হয়৷

থড়া নাহি মাংগত বেছি নাহি মাংগত

মাংগত অহে বুচা হাড়ী হ’

ঠাটিকনে আহে ভালা আহে গায়া চাঁড়া হ’

অকে দিয়ে কৰত বিদায়ৰে৷ ৷

চাহ জনগোষ্ঠীৰ লোক কৃষ্টিসমূহ অতি মনোৰম, যাৰ বাবে ই লোকসমাজত অতি জনপ্ৰিয়৷ তেওঁলোকে অতীতৰে পৰা সাঁহৰাই পৰবত গো-জাতিক সেৱা-ভক্তি কৰি শ্ৰেষ্ঠ স্থান দি আহিছে৷ ইয়াৰ বাবে এই পৰব সকলোৰে বাবে অতি আদৰৰ৷ এই পৰব বা এই কৃষ্টি লোকসমাজত চিৰদিন প্ৰবাহিত হৈ থাকক৷ আমাৰ নবপ্ৰজন্মৰ মাজতো এই ভাবধাৰা বিয়পি পৰক৷

তথ্য : অসমীয়া লোকসাহিত্য

সম্পাদক : ড. প্ৰহ্লাদ কুমাৰ বৰুৱা

চাহ-বাগিছাৰ পূজা পৰব

শ্ৰী দেউৰাম তাছা

অসমীয়া লোকসাহিত্য আৰু লোককলা

সম্পাদনা : জয়া সেনাপতি

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.