ফটাঢোল

চিকটা পুৰাণ – দেবজিত শইকীয়া

:: হে হৰি মানুহটোৰ কি হ’ল? লেঙেৰীয়াই আহিছে যে? অ’ কণাগোঁসাই মই ক’তে মৰোঁ৷
:: ধেৎ এইজনী৷ ইমান টেঁটুফালি এনাৰ্জী লছ কৰিছ কিয়? বহুদূৰ খোজ কাঢ়িলোঁ যে, সেয়ে এটা ভৰিক ৰেষ্ট দিছোঁ৷ অলপ হ’লেওটো এনাৰ্জী বাচিব৷ চৰাইবোৰক গছৰ ডালত বহিলে এটা ঠেঙত বহি ইটো ঠেঙক ৰেষ্ট দিয়া দেখা নাই হ’বলা? অলপ প্ৰকৃতিৰ পৰা শিকিবিচোন হেৰৌ৷
:: ইমান দূৰৈৰ গাঁৱৰ নামঘৰলৈনো কিয় যাব লাগে নিজৰ গাঁৱতে থাকোঁতে৷
:: হেৰৌ আজিকালি মানুহবোৰ বৰ কৰাইছ হ’ল৷ গাইপতি ঘৰমূৰি প্ৰসাদ নিদিয়ে৷ সেয়ে আমি যদি একেটা নামঘৰতে যাওঁ ঘৰমূৰি প্ৰসাদৰ পাত এখন হে পাম৷ তই মই বেলেগে যোৱা বাবে দুখনকৈ পাইছোঁ৷ এনেকৈ গোটেই ভাদমাহটোত কমেও ২০ কেজি বুট শুকুৱাই থৈ বছৰটোলৈ খাব পাৰিম৷ এনেও ভাদ আহিন কাতি মহীয়া বেলিৰ তাপ বেচি৷ কুমলোৱা বুট এৰা আকৌ দোকানৰ শুকান বুট লেখিয়া শুকাই যাব৷
এইটো ল’ প্ৰসাদৰ টোপোলা আৰু এইটো টোপোলাত মাহৰ চোকোৰা আছে৷ প্ৰসাদ ধুব দিওঁতে ছাগলীক দিম বুলি কৈ লৈ আনিছোঁ৷
আজি প্ৰসাদত দিয়া টিয়হৰ ভাজি এখন বনা, কালিলৈ চোকোৰাখিনিৰে বৰ বনাবি৷
:: বৰ বনাবলৈ দেখোন বহুত তেল লাগিব?
:: মৰতি, ইটো পলিথিন চাচোন, প্ৰসাদত দিবলৈ অনা নাৰিকলৰ বেয়া হৈ যোৱা কেইটা পেলাই দিবলৈ ওলাইছিল৷ মই লৈ আনিলোঁ৷ এৰা, অলপ গৰম কৰি দিলেই আধা লিটাৰমান নাৰিকল তেল ওলাব৷ খাবও পাৰিবি, ছুলিত সানিবও পাৰিবি৷ কেৰেলাৰ মানুহবোৰে দেখোন নাৰিকল তেলতে ভাজি খায়৷
:: ইল্লে…..মই ভবাই নাছিলোঁ৷ আপুনি ইমান ইচমাৰ্ট৷
:: হ’ব৷ আৰু শুন, গোটেইখিনি বুট শুকুৱাই নেপেলাবি৷ কালিলৈ দিনত বহি আধাখিনি বুটৰ বাকলি গুছাম দুইটাই৷ সেইখিনিৰে বুটৰ দাইল বনাম আৰু বাকলিখিনিৰে দুদিনমান পটাত পিছি চাতনি বনাই খাম৷
:: বাৰু হ’ব৷ আপুনি এতিয়া প্ৰসাদৰ পৰা নাৰিকলৰ টুকুৰাবোৰ বাচি দিয়ক, মই খুন্দি নাৰিকল গাখীৰৰে চাহ একাপ বনাওঁ আৰু খুন্দাখিনিৰে কালিলৈ লাডু কেইটামান বনাম৷ আপুনি কেৱল দুৰ্গা বাবুৰ হোটেলৰ পৰা ৰসগোল্লাৰ ৰস অলপ আনিবলৈ নাপাহৰিব৷
:: পিচে এতিয়া চাহৰ লগত কি খাম?
:: ৰ’বচোন চিন্তা নকৰিব৷ প্ৰসাদত দিয়া কুমলি থকা চাউলখিনি বাচি ঢেঁকীটোতে খুন্দি পিঠাগুড়ি কৰি দিওঁ৷ প্ৰসাদৰ কল আছেই৷
:: দে দে তই ঢেঁকী দিয় মানে মই প্ৰসাদত দিয়া আদাখিনি বাচোঁ৷ কালিলৈ ৰ’দত শুকুৱাই বটল এটাত ভৰাই থ’ম৷ কেতিযাবা পেট বেয়া কৰিলে খাবলৈ হ’ব৷
:: বাৰু বাচি লওঁক৷ পিচে কলপাত কেইখন পেলাই নিদিব৷ ৰাতিলৈ ভাত খাওঁতে বাচন লেতিয়াই এনাৰ্জী লছ
নকৰোঁ৷ কলপাত কেইখনতে খাম৷ তাৰ পিছত ছাগলীক দিব৷
:: হ’ব বাৰু দে৷ পিচে, কথা এটা মন দি শুন৷ ঘৰমূৰি প্ৰসাদৰ বাবে সেই আধাকেজি ধৰা পলিথিনটো আগবঢ়াই নিদিবি৷ কাপোৰৰ দোকানত দিয়া ডাঙৰ পলিথিনটো নিবি৷ ডাঙৰ পলিথিনত যিমান প্ৰসাদ দিলেও অলপযেন দেখি গতিকে দুবাৰ বেচিকৈ দিব৷
আৰু এই ৰ’বাব টেঙাকন খুজি তোলৈ বেলেগেকৈ আনিছোঁ৷ তই টেঙা খাই ভাল পাৱ যে, খাই ল’৷ কেৱল গুটি কেইটা শুকুৱাই থ’বি৷ পেলুৰ মহৌষধ আকৌ৷
:: হ’ব দিয়ক মোলৈ দিয়া প্ৰসাদৰ তামোলখনো আপোনালৈ টিপতে লৈ আহিছোঁ৷ চাহকাপ খাই খাই ল’ব৷
:: অ’ তোক কথা এটা কোৱাই নাই নহয়৷
:: কওক আকৌ৷
:: আ লা ভিউ………
:: যাহ দুষ্টটো৷ চিকটাটোৱে সেইটোও সম্পূৰ্ণকে নকয় ঔ!

☆ ★ ☆ ★ ☆

4 Comments

  • এইজন দেখোন মস্ত চিকটা, বাক্যটোও সম্পূৰ্ণকৈ নকয়।

    Reply
  • ঈশ্বৰ

    এইজনৰ নামটো দ ৰে আৰম্ভ হয়।।।।।

    Reply
  • হেমন্ত কাকতি

    বাপ্পাঐ, মেড ফৰ ইটচ আদাৰ কাপোল দেই!

    তামাম জমনি৷ প্ৰসাদত যে ইমান বস্তু আছে আজিহে ৰিয়েলাইজ কৰিছোঁ৷

    Reply
  • মানসী বৰা

    প্রসাদৰ চাউলকেইটাইও বাদ নপৰিল অ’।মানে ব্রহ্ম চিকটা ।

    Reply

Leave a Reply

Your email address will not be published.