ফটাঢোল

চিটিকা : দুলুমণি গগৈ

দুখীয়া ঘৰৰ মৰমলগা কলেজীয়া ছোৱালীজনীক আহোঁতে যাওঁতে অকলে পাই ভৰত বৰাই জালখন পেলাওঁ বুলি ভাবিলে। একেখন বাছতে সদায় অহা-যোৱা কৰোঁতে কেতিয়াবা চকলেট, কেতিয়াবা মিঠা-পাণ দিবলৈ ল’লে।

এদিন তাইক লগ কৰিবলৈ বুলি আধাতে অফিচ এৰি থৈ আহিল তেওঁ। কথা দিয়া মতেই নিৰ্দিষ্ট ঠাইত এঘণ্টা খাপ পিটি ৰৈ থাকিল। পিচে দুয়ো একেলগে চাহ খাবলৈ হোটেলত সোমাওঁতেই বৰানীয়ে পালে।

: ব’লক ঘৰলৈ। আজি চাহ খুৱাম!

: মানে!

তেওঁ ইপিনে সেপ ঢুকি থাকোঁতেই বৰানীয়ে ছোৱালীজনীক দুহেজাৰটকীয়া নোট দিয়া দেখি বৰাই প্ৰমাদ গণিলে। বৰানীক হোটেলত চাহ খুৱাবলৈ নিনিয়াৰ ফল তেওঁ হাতে হাতে পালে।

বৰাৰ জালখন বৰানীৰ চিটিকাত একেবাৰেই লাগি ৰ’ল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.